ভেনিচৰ সাওদ/প্ৰথম অধ্যায়
[ ১ ]
ভেনিচৰ সাওদ
⸻:o:⸻
প্ৰথম অধ্যায়।
ভেনিচ চহৰত এণ্টোনিও আৰু বাচানিও নামে দুই বন্ধু বাস কৰিছিল। তেওঁলোকৰ ভিতৰত এনে সদ্ভাৱ আছিল যে, তেনে সদ্ভাৱ প্ৰায়েই দুজন মানুহৰ ভিতৰত থকা দেখা নেযায়। বন্ধুতা কি, — এণ্টোনিও আৰু বাচানিওৰপৰা আমাৰ শিকিব লগীয়া। এণ্টোনিও ভেনিচ চহৰৰ সাওদ আছিল। ভিন ভিন দেশৰ বস্তু ভেনিচত বেচা আৰু ভেনিচৰ বস্তু ভিন ভিন দেশত বেচাই তেওঁৰ কাম আছিল। যিখিনি ঠাইত কাৰবাৰৰ বেছি ধূম, সেইখিনি ঠাইক ভেনিচত ৰিয়াণ্টো বুলি কয়। ৰিয়াণ্টোত এণ্টোনিওৰ বৰ নাম আছিল। তেওঁৰ নাম শুনিলেই আন আন বেপাৰী সদাগৰসকলে সসম্ভ্ৰমে তেওঁৰ বন্ধু আন বেপাৰী মুদৈ সদাগৰসকলৰ সৈতে কাৰবাৰ কৰিছিল।
এদিন বাটত তেওঁ তেওঁৰ বন্ধু চালাৰিনো আৰু চালানিওৰে সৈতে দুখ-সুখৰ, বেহা-বেপাৰৰ কথা-বাৰ্ত্তা পাতি থাকোঁতে বাচানিও লৰেঞ্জো [ ২ ] আৰু গ্ৰেটিয়ানো লগ লাগিলহি। লৰেঞ্জোৰ বিষয়ে পাছে কোৱা যাব। গ্ৰেটিয়ানো, এণ্টোনিও আৰু বাচানিওৰ বন্ধুসকলৰ ভিতৰত আটাইতকৈ ৰং ধেমালি ভাল পোৱা ডেকা। তেওঁৰ মনৰ ভাব আছিল যে যিমান দিন জীয়াই থকা যায়, ৰং ধেমালিৰেই কটোৱা ভাল; বুঢ়া বয়সক ৰং ধেমালি কৰি মনৰ আনন্দেৰেই সাদৰ কৰি অনা ভাল; মিছাকৈয়ে দুখ বেজাৰ কৰা নিষ্প্ৰয়োজন।
নানান্ কথা-বতৰাৰ পাছত, ৰাতিকৈ ভোজত এণ্টোনিও আৰু বাচনিওৰে সৈতে দেখা হব বুলি তেওঁলোেক দুজনক তাতে একেলগে এৰি আনসকল দিহাদিহি নিজৰ নিজৰ কামলৈ গল।
এণ্টোনিও আৰু বাচানিও দুয়ো কথা পাতিবলৈ ধৰিলে,⸺
এণ্টোনিও—“বন্ধো বাচানিও, তুমি যে মোক আজি কম বুলি কৈছিলা, কোৱাঁচোন বাৰু, কোন সুন্দৰীক নো মনে মনে চাবলৈ যাম বুলি ভাবিছা?”
বাচানিও—“তুমি জানা এণ্টোনিও, মোৰ আৰ্থিক অৱস্থা এতিয়া কেনে?”
“তোমাক মই সকলোতকৈ বেছি দিব লগীয়া। তোমাৰ মৰম মই বহুতো পাওঁ আৰু টকাও তোমাক বহুতো দিব লাগে। সেই দেখি আকৌ যে টকা খুজিম, ই মোৰ ভাল নেলাগে। তুমি মোৰ বন্ধু সেই দেখি তোমাক মই মোৰ সুখ দুখৰ কথা নকৈ কাক কম? সৰুতে কাঁড় ধনুৰ খেল খেলোঁতে যেতিয়া এপাত কাঁড় হেৰুৱাইছিলোঁ, আৰু এপাত কাঁড় সন্ধান কৰি ঠিক সেই ফালেই মাৰি পঠিয়াইছিলো—সৰহ বাৰতে দুই পাত কাঁড়কে পাইছিলোঁ। এতিয়াও এণ্টোনিও, সেই তাকে কৰিব খোজোঁ। বেলমণ্ট চহৰত অনুপমা সুন্দৰী মহিলা এজনী আছে। তেওঁৰ যেনে ৰূপ, তেনে গুণ, তেনে ধন। তেওঁৰ নাম পোৰ্শ্বিয়া। [ ৩ ] পৃথিবীৰ চাৰিউপিনৰপৰা ৰজা মহাৰজা আৰু আন আন বিখ্যাত মানুহ তেওঁৰ পাণিগ্ৰহণ কৰিবৰ বাবে বেলমণ্টলৈ আহে। মই যেতিয়া বেলমণ্টলৈ গৈছিলোঁ তেওঁৰ দৃষ্টি, ভাব চাই মোৰো মনত হৈছিল যে, ময়ো যদি তেওঁলোকৰ দৰে পাণিগ্ৰহণেচ্ছু হওঁ, মোৰ কৃতকাৰ্য্য হবৰ আশা আছে। সেই দেখি বন্ধো, তোমাক কওঁ, মোৰ যদি অৰ্থৰ বল থাকিলহেঁতেন, ময়ো চেষ্টা কৰি চালোঁহেঁতেন।”
এণ্টো—“তুমি জানা মোৰ সৰ্বস্ব এতিয়া বিদেশত বেপাৰত লগাইছোঁ। এতিয়া মোৰ হাতত এনে কোনো সম্পত্তি নাই, যাক দি তোমাক সাহায্য কৰিব পাৰোঁ। সেই দেখি বন্ধো, যোৱাঁ ভেনিচৰ বজাৰত মোৰ নামৰ ওপৰত তুমি যদি টকা লব পাৰা চেষ্টা কৰাগৈ। ময়ো চেষ্টা কৰোঁগৈ। মোৰ নামে যদি পাৰে, তুমি বেলমণ্টৰ দেবী পোৰ্শ্বিয়াৰ ওচৰলৈ নিশ্চয় যাবা। আহাঁ বন্ধো! দুয়ো যাওঁ।”
⸻:o:⸻