পৃষ্ঠা:ভাষণ.djvu/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[৮১]

পক্ষে বেচি অনুকুল। এই কথা অনেক ডাঙৰ ডাঙৰ বিদ্বান লোকে মুক্তকণ্ঠে স্বীকাৰ কৰিছে। এই বাবেই আজি অসমৰ বাহিৰে ভাৰতৰ প্ৰায় সকলো দেশতেই আয়ুৰ্ব্বেদীয় চিকিৎসা পদ্ধতি গৱৰ্ণমেণ্টে অনুমোদন কৰিছে আৰু ইয়াৰ উন্নতিৰ ব্যৱস্থা কৰিব ধৰিছে।

 আজি কবিৰাজী চিকিৎসা বন্ধ কৰি দিলে ভাৰতৰ সৰহ ভাগ মানুহে কোনো প্ৰকাৰ চিকিৎসাই নাপাব। ভাৰতৰ প্ৰত্যেক মানুহেই ডাক্তৰী চিকিৎসা পাব পৰাকৈ ডাক্তৰ ওলাবলৈ এতিয়াও বহুদিন বাকী।

 আয়ুৰ্ব্বেদ বিষয়ত ভাৰতৰ অইন ঠাই অসমৰ অলপ ভিন্নতা আছে। অসমত মুছলমান প্ৰভাৱ বিস্তাৰৰ সুবিধা হোৱা নাছিল। পাশাত্য চিকিৎসাও অসমত প্ৰৱেশ কৰাৰ সৰহ দিন হোৱা নাই। প্ৰকৃতিয়ে অসম দেশখন আয়ুৰ্ব্বেদৰ এখন বিশেষ ক্ষেত্ৰ কৰি ৰাখিছে। অসমৰ হাবি-বননি পৰ্ব্বত, পাহাৰ বনৌষধিৰে পৰিপূৰ্ণ। এই বিষয়ৰ খবৰ ৰাখোতা সকলৰ মতে— একেখন প্ৰদেশতে ইমান বনৌষধি ভাৰতৰ অইন কতো নাই। ইয়াত নোহোৱা বহুতো বনৌষধি চেষ্টা কৰিলে উৎপন্ন কৰিব পাৰি।

 আমাৰ আহোম ৰজা সকলে এই দেশৰ বৈদ্য সকলক কেৱল আয়ুৰ্ব্বেদ চৰ্চ্ছাৰ সুবিধাৰ অৰ্থে অৰ্থ আৰু অল্প চিন্তাগ্ৰস্ত হব নলগীয়াকৈ ৰাখিছিল। এইবাৰেই আজিও অসমৰ পূৰণা কবিৰাজ সকলৰ ঘৰত এনে কিছুমান মূল্যবান পুথি আছে,

ভাষণ—৬