পৃষ্ঠা:ভাষণ.djvu/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[৮৫]

হৈছে। এই প্ৰাপ্তিস্থান বোৰৰ কিছুমান সম্পূৰ্ণৰূপে প্ৰাদেশিক গবৰ্ণমেণ্টে চলায়, কিছুমান কৰ্পোৰেশন, মিউনিচিপ্যাল বোৰ্ড আৰু ডিষ্ট্ৰিক্ট বোৰ্ডে চলায়। ৰাইজ আৰু ধনী মানী লোকৰ দ্বাৰা প্ৰতিস্থিত বহুতো অনুস্থান গবৰ্ণমেণ্ট আৰু বোৰ্ড সমূহৰ পৰা যথেষ্ট আৰ্থিক সাহায্য আৰু উৎসাহ পায়।

 সংযুক্ত প্ৰদেশ আৰু মাদ্ৰাজত গবৰ্ণমেণ্টে আইন কৰি অযোগ্য লোকক আয়ুৰ্বেদীয় চিকিৎসাৰ পৰা নিবৃত্ত কৰি— আয়ুৰ্বেদৰ কলঙ্ক দূৰ কৰাৰ ব্যৱস্থা কৰিছে। বৰ্ত্তমান এই ব্যৱস্থা মধ্য প্ৰাদেশ, বম্বেতো প্ৰবৰ্তন কৰা হৈছে। অইন প্ৰদেশ বোৰতো এনে ব্যৱস্থা কৰাৰ আয়োজন হব ধৰিছে।

 অইন ঠাইৰ দৰে আমাৰ দেশতো লব্ধ প্ৰতিষ্ঠ ডাক্তৰ কবিৰাজ সকলে, গন্য মান্য লোক সকলে আৰু ৰাইজে মন কৰিলে তেনে বিলাক অনুষ্ঠান আৰু ব্যৱস্থা হব পাৰে। অইন ঠাইত কি হৈছে দেখুৱাই দিলে, আমাৰ গবৰ্ণমেণ্ট আৰু বোৰ্ড বোৰেও তেনেবোৰ কাম হাতত লবলৈ বাধ্য। আমাৰ বোৰ্ডবোৰ আৰু গবৰ্ণমেণ্টে অইন প্ৰদেশৰ নিচিনা চহকী নহলেও, অইন প্ৰদেশে আয়ুৰ্বেদ চৰ্চ্ছাৰ বাবে যিমান খৰছ কৰে তাৰ দহভাগৰ এভাগ খৰছ কৰিব পাৰে।

 আমাৰ ইয়াত অন্তঃত এখন, কাশীহিন্দু বিশ্ববিদ্যালয়, নিচিনা আয়ুৰ্বেদ কলেজ বা মাদ্ৰাজৰ Govt. School of Indian medicine ৰ নিচিনা বিদ্যালয় হোৱা আৱশ্যক। অন্ততঃ প্ৰতি নগৰতে এখন আৰু প্ৰতি মৌজাতে এখনকৈ