পৃষ্ঠা:ভাষণ.djvu/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[৮০]

চিকিৎসালয় স্থাপন কৰা আৰু সিংহল আদি ঠাইলৈ আয়ুৰ্বেদ প্ৰচাৰক পঠিওৱা প্ৰমাণ পোৱা যায়। সম্ভৱতঃ সেই সময়ৰ পৰাই কেইটামান অঙ্গৰ চৰ্চ্চা কমি আহিল। কিন্তু কায় চিকিৎসা আদিৰ কোনো ক্ষতি হোৱা নাছিল।

 কোনো সভ্যতা, কৃষ্টি বা বিজ্ঞান সুপ্ৰতিষ্ঠিত হৈ তিস্থি থাকিবলৈ ৰাজকীয় পৃষ্ঠপোষকতাৰ বিশেষ আৱশ্যক। মুছলমান সকল ভাৰতৰ অধীশ্বৰ হোৱাৰ পাছৰ পৰাই আয়ুৰ্ব্বেদে এই পৃষ্ঠপোষকতা অভাৱতে কিছু পৰিমাণে হেৰুৱালে। সেই সময়ত ৰজানুমোদিত চিকিৎসা প্ৰণালী আছিল হেকিমি আৰু ইউনানি। তাৰ পিচতেই ইংৰাজ আমোলত আহিল ডাক্তৰী বা চিকিৎসাৰ দিন। পাশ্চাত্য ৰাজানুমোদিত নোহোৱা বাবে স্বভাৱতঃ দেশৰ কৃতী লোকসকলে আয়ুৰ্ব্বেদিৰ প্ৰতি আওকান কৰিলে। এই সুযোগতে অৰ্থলোভী, অযোগ্য লোক এই ব্যৱসায় প্ৰবেশ কৰি আয়ুৰ্বেদৰ প্ৰতি জনসাধাৰণৰ বিশ্বাস আৰু আস্থা হ্ৰাস কৰিলে, লগে লগে বিদেশী চিকিৎসাৰ প্ৰতিপত্তি বিশেষ ৰূপে বৰ্দ্ধিত হোৱাৰ সুবিধা হল। এই দৰে আজি কেবা শ বছৰে আয়ুৰ্বেদৰ প্ৰতি আস্থা আৰু বিশ্বাস কমি অহাৰ ফলত উনৈশ শতিকাৰ শেষ ভাগত এই চিকিৎসা প্ৰায় লুপ্ত হৈছিল।

 আমাৰ দেশীয় চিকিৎসা, দেশীয় ঔষধ আমাৰ শৰীৰৰ ধাতু। আমাৰ দেশৰ জলবায়ু, আমাৰ আহাৰ-বিহাৰৰ