পৃষ্ঠা:ভাষণ.djvu/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[৮৬]

আয়ুৰ্ব্বেদীয় দাতব্য ঔষধালয় লাগে। ডাক্তৰ সকলৰ ৰেজিষ্ট্ৰেচন কৰাৰ দৰে কবিৰাজৰো ৰেজিষ্ট্ৰেচনৰ ব্যৱস্থা হব লাগে। আৰু আইন কৰি অশিক্ষিত লোকক এই ব্যৱসায়ৰ পৰা বিৰত ৰাখিব লাগে।

 কিন্তু এইবোৰ একোৱেই নহয়, অইন ঠাইতো আপোনা আপুনি হোৱা নাই। যদি সচাকৈয়ে আমি আয়ুৰ্ব্বেদৰ পূৰ্ব্ব গৌৰৱ ঘুৰাই আনিব খোজো তেনে হলে মনৰ সংকীৰ্ণতা এৰি, ত্যাগ স্বীকাৰ কৰি চেষ্টা কৰিব লাগিব। অইন ঠাই লোকে উপলব্ধি কৰক, অসমতো আয়ুৰ্ব্বেদৰ উন্নত চৰ্চ্ছাৰ ব্যৱস্থা আছে।

 

——× ——

 

 নলবাৰীত অনুষ্ঠিত “অসম আয়ুৰ্ব্বেদ মহাসভাৰ” দ্বিতীয় অধিবেশনত সভাপতিৰূপে দিয়া ভাষণ।

২৬।১২।৩৯

 

 * বৰ্তমান অসম চৰকাৰে গুৱাহাটীতে “অসম আয়ুৰ্ব্বেদ কলেজ স্থাপনৰ যো জা কৰিছে। আৰু অইন প্ৰদেশৰ আয়ুৰ্ব্বেদ কলেজবোৰ চাই অভিজ্ঞ লোকৰ দ্বাৰা আঁচনি প্ৰস্তুত কৰিছে। আয়ুৰ্ব্বেদ কলেজৰ অধক্ষও নিযুক্ত হৈছে।

১৪।৩।৪৮