পৃষ্ঠা:ভাষণ.djvu/৯০

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[৮৪]

কথা নহয়। অৱশ্যে এইবোৰ কৰিবলৈ যোৱাৰ আগতে উপযুক্ত শিক্ষাৰ অৱশ্যক।

 যি কোনো চিকিতৎসাই নহক, প্ৰত্যক্ষ ফল দেখিলে মানুহৰ তাৰ প্ৰতি আস্থা নোহোৱাকৈ নাথাকে। মোৰ দৃঢ় বিশ্বাস— উপযুক্ত আয়ুৰ্বেদীয় চিকিৎসাই মানুহৰ আস্থা আকৰ্ষণ কৰিব পাৰে।

 আয়ুৰ্বেদীয় চিকিৎসাৰ অৱনতিৰ কাৰণ,— প্ৰাচীন কবিৰাজসকলক বাদ দি— নতুনকৈ কোনো শিক্ষিত লোকে এই বিষয়ত একানপতীয়া ভাৱে মন দিয়া নাই। নতুনকৈ যি দুই এজন ডেকালৰাই অলপ ভালদৰে পঢ়ি শুনি আহিছে তেওঁলোকে বৈদ্য সমাজৰ পৰা আৰু ৰাইজৰ পৰা কোনো প্ৰকাৰ সহানুভুতি বা উৎসাহ পোৱা নাই।

 অইন ঠাইৰ বিজ্ঞ ডাক্তৰ সকলে আয়ুৰ্ব্বেদক অৱজ্ঞাৰ চকুৰে নাচায়। প্ৰায় ডাক্তৰেই ডাক্তৰি পঢ়ি উঠি আয়ুৰ্ব্বেদত কি আছে জানিবলৈ চেষ্টা কৰে। ভাৰতৰ বহুতো সুশিক্ষিত ডাক্তৰে ডাক্তৰীতকৈ কবিৰাজিৰ ওপৰত বেছি মূল্য দিয়ে, আনকি তেওঁলোকে নিজেও কবিৰাজি চিকিৎসাহে কৰে। তেওঁলোকে নানা চেষ্টা কৰি নিজৰ নিজৰ প্ৰদেশত আধুনিক প্ৰণালীত আয়ুৰ্ব্বেদীয় বিদ্যালয় আৰু সিকিৎসালয় স্থাপন কৰি আয়ুৰ্ব্বেদৰ অষ্টাঙ্গ পুনঃ প্ৰবৰ্ত্তনৰ ব্যৱস্থা কৰিব ধৰিছে।

 সংযুক্ত প্ৰদেশ, মাদ্ৰাজ, বম্বে মধ্যপ্ৰদেশ বিহাৰ আদিত বহুতো আয়ুৰ্ব্বেদীয় দাতব্য ঔষধালয় আৰু বিদ্যালয় স্থাপিত