বুৰঞ্জীবোধ/ছুটীয়া ৰজাৰ কথা
[ ৭২ ]
৯। পাঠ।লক্ষীম্পুৰ জিলাৰ উত্তৰ-পূব চুকত সোণগিৰি নামে এখন সৰু ৰাজ্য আছিল। তাহানিৰ বিদৰ্ভ নগৰ তাৰে ৰাজধানী। এতিয়া তাৰ নাম শদিয়া হৈছে। সোণগিৰিৰ আদিবাসীবিলাককে ছুটীয়া বোলে। সেই ছুটীয়া বংশৰ বীৰবল নামে এটা নিচেই টোকোনা মানুহ আছিল। তাৰ বৰ দুখ। ভাত-কপোৰৰ নাটনিত সি [ ৭৩ ] এদিনো মুখেৰে দিন নিয়াব নোৱাৰিছিল। সেই বাবে তাৰ পৰিয়ালত সুখ-শান্তি নাছিল। তাৰ বেজাৰতে বীৰবলৰ ৰাতিও টোপনি নাহে। পিচে, এদিন সি এটা সমাজিক দেখিলে। সেই সমাজিক মতে এজোপা গছৰ তলত সি ভালেমান ধন-সোণ পালে। তাৰ লগতে সি এখন ঢাল, এখন তৰোৱাল আৰু এটা সোণৰ মেকুৰিও পালে। সেই সম্পত্তি পোৱাৰ পাচত বীৰবলৰ দুখ গুচি সুখ হবলৈ ধৰিলে। তাৰ বলতে তেওঁ ছুটীয়া বংশৰ ভিতৰত এজন আঢ্যৱন্ত লোক হৈ উঠিল। সেই দেখি, সেই সম্পত্তি কুবেৰে দিয়া সম্পত্তি বুলি কোৱা হৈছিল।
বীৰবলৰ সন্তান বুলিবলৈ এটি লৰা আছিল। লৰাটি বৰ ৰূপহ। তাৰ স্বভাৱ-চৰিত্ৰও বৰ ভাল। সেই দেখি, ৰূপে-গুণে ৰজিতা খুৱাই লৰাৰ নাম গৌৰনাৰায়ণ ৰখা হয়। গৌৰনাৰায়ণ ৰূপ-গুণত যেনেকৈ জিলিকিছিল, বুদ্ধি-পৰিশ্ৰমৰ বলতো তেওঁ তেনেকৈ উধাব পাৰিছিল। পিতাক ঢুকুৱাৰ পাচত, তেওঁ সেই “কুবেৰে দিয়া সম্পত্তি”ৰ গৰাকী হল। কিন্তু, সেই বুলি গৌৰনাৰায়ণ উধত্ নহল। তেওঁ ভাবি-চিন্তি ধীৰে-শাঁতে সেই সম্পত্তিৰ সজ ব্যৱহাৰ কৰিবলৈ ধৰিলে। তেনেকুৱা চলনৰ গুণতে তেওঁ ছুটীয়াৰ মাজত এজন অতি গণ্য-মান্য লোক হৈ উঠিল। আন কি, ছুটীয়াবিলাকে পাচলৈ তেওঁক ৰজা বুলি মানিবলৈ ধৰিলে। ১২২৩ খ্ৰষ্টাব্দত সঁচাসচিকৈয়ে ৰজা হৈ গৌৰনাৰায়ণে ছুটীয়া ৰাজ্যত ৰত্নপুৰ নামে এখন ৰাজধানী পাতিলে। তাৰ পাচত, তেওঁ ৰত্নধ্বজপাল নাম লৈ মহা সুখে ৰাজপাট খাবলৈ ধৰিলে। [ ৭৪ ] ৰত্নধ্বজৰ পাচত, ১২৬২ খ্ৰীষ্টাব্দত তেওঁৰ পুতেক বিজয়ধ্বজপাল ৰজা হয়। এই জনা ছুটীয়া ৰজাই কমতাপুৰৰ নীলধ্বজ ৰজাৰ জীয়েকক বিয়া কৰাই খেন বংশী ৰজাৰে সৈতে মিতিৰ পাতিছিল। বিজয়ধ্বজৰ পাচত, খ্ৰীঃ ১৩০৩ চনৰপৰা ১৪৫৩ চনলৈকে এই ডেৰ-শ বছৰৰ ভিতৰত সাত জন ৰজা হয়। তাৰ পাচত, ধৰ্ম্মধ্বজপাল ছুটীয়া ৰাজপাটত উঠে। তেওঁ এজন বৰ জ্ঞানী আৰু ধাৰ্মিক ৰজা আছিল। তেওঁৰ দিনত ছুটীয়া ৰাজ্যত চাৰিওফালে সুখ-শান্তি বাঢ়িছিল, আৰু প্ৰজা বৰ সুখেৰে আছিল।
ধৰ্ম্মধ্বজৰ ৰাজকাৰ্যত খ্যাতি আছিল যদিও, মনত শান্তি নাছিল। কাৰণ, তেওঁৰ সন্তান নাছিল। বুঢ়া কাললৈকে তেওঁৰ লৰা-ছোৱালী নহল, সেই কাৰণে তেওঁৰ মনত বেজাৰ। পিছে, অনেক পূজা-সেৱা, যাগ-যজ্ঞ আদিৰে সৈতে বহু সাধনা কৰাৰ পাচত, তেওঁৰ এটি কন্যা লাভ হয়। বহু সাধনাৰ বলত লাভ হোৱাৰ কাৰণে, ছোৱালীটিৰ নাম সাধনী ৰখা হয়।
সাধনী বৰ ৰূপহী আৰু গুণৱতী ছোৱালী আছিল। তেওঁ পিতৃ-মাতৃ আৰু গুৰুজনক বৰ ভক্তি কৰিছিল। গৃহ-নীতিৰ লগে লগে তেওঁ ৰাজনীতিও শিকিছিল। বয়সৰ লগে লগে সাধনীৰ ৰূপ- গুণৰ জেউতি চৰিবলৈ ধৰিলে। তেওঁৰ ৰূপ আৰু গুণৰ কথা দেশে-বিদেশে বিয়পি পৰিল। পিচে, সাধনী যুৱতী হলত পিতাকে তেওঁৰ সয়ম্বৰ পাতিলে। সয়ম্বৰৰ এই পণ আছিল যে, যেয়ে একেপাত কাঁড়েৰে পাল-শ-দিয়া মৈদামৰ ওপৰত খৰ্তকীয়াকৈ লৰি ফুৰা কেৰ্কেটুৱা এটা শালি মাটিত পেলাবহি, তেওঁকে সাধনীয়ে [ ৭৫ ] স্বামী বৰণ কৰিব। নান ঠাইৰপৰা অনেক ৰজা, ৰাজকোঁৱৰ, বিষয়া, বীৰ আদি সয়ম্বৰত উপস্থিত হলহি; কিন্তু কেৱে কৃতকাৰ্য্য হব নোৱাৰিলে। শেহান্তৰত নিতাই নামে টোকোনা ছুটীয়া লৰা এটাই সয়ম্বৰৰ পণমতে কেৰ্কেটুৱাটো একেপাত কাঁড়েৰে শালি মাটিত পেলালে। সকলোৱে দেখি বিস্ময় মানিলে। সকলোৱে মুখে মুখে কবলৈ ধৰিলে যে, ধৰ্ম্মধ্বজ ৰজাৰ পণ অথলে গল! সাধনী হেন ৰজাৰ জীয়াৰীয়ে টোকোনা ছুটীয়া লৰাক কেতিয়াও স্বামী বৰণ নকৰে। ধৰ্ম্মধ্বজ ৰজাও সেই আশঙ্কাত বিমোৰ হল। কিন্তু, সাধনীয়ে তেনেবোৰ ভাব মনলৈকে নানিলে। পিতৃৰ প্ৰতিজ্ঞা কেনেকৈ ৰক্ষা পৰিব, তেওঁ তালৈহে চালে। তেওঁ হৰিষ চিতেৰে সেই ছুটীয়া লৰাক বৰ-মালা পিন্ধাই স্বামী বৰণ কৰিলে। সাধনীৰ এনে অসাধাৰণ পিতৃভক্তি দেখি সকলোৱে ধন্য ধন্য কৰিবলৈ ধৰিলে। ধৰ্ম্মধ্বজ ৰজাও জীয়েকৰ পিতৃভক্তিত মোহিত হল। তেওঁ সেই সয়ম্বৰ-সভাতে নিজে নিজৰ মূৰৰপৰা মুকুট খহাই জোৱাঁয়েকৰ মূৰত পিন্ধাই দিলে! আৰু, সেই বিৰাট সভাৰ আগত তেওঁ ঘোষণা কৰিলে যে, সেই দিনাৰপৰা তেওঁ ৰজা ভাগিল, ছুটীয়াৰ ৰাজপাটত তেওঁৰ জোৱাঁয়েক সাধনীৰ স্বামীৰহে অধিকাৰ হল। তাৰ পাচত, সেই ছুটিয়া লৰা নীতিপাল নামে ছুটীয়া ৰাজ্যৰ ৰজা হল।
ৰজা হৈ নীতিপালে আগৰ সমনীয়া সামান্য মানুহবিলাকক ৰজাঘৰীয়া বিষয়া পাতিবলৈ ধৰিলে। আৰু সিহঁতৰ সঙ্গত পৰি তেওঁ নানা অনীতি-ধৰম কৰিবলৈ ধৰিলে। পাচলৈ তেওঁৰ [ ৭৬ ] সেই আচৰণত প্ৰজাৰ হাহাকাৰ লাগি উঠিল। সাধনী ৰাণীয়ে বহু প্ৰবন্ধেও নীতিপালক সজ বাটলৈ আনিব নোৱাৰিলে। পিছে, ৰজাৰ অন্যায় আচৰণত যে ছুটীয়া ৰাজ্যৰ দুৰৱস্থা হৈছে, এই কথা আহোম ৰজাৰ কাণত পৰিলগৈ। তেতিয়া আহোম ৰাজপাটত স্বৰ্গনাৰায়ণ ৰজা আছিল। সেই ছেগতে স্বৰ্গদেৱে ১৫০০ খ্ৰীষ্টাব্দ কন্চেং বৰপাত্ৰগোহাঞি ডাঙ্গৰীয়াক সৈন্য-সামন্তৰে সৈতে পঠিয়াই ছুটীয়া ৰাজ্য আক্ৰমণ কৰালে। দুয়োপক্ষৰ মাজত তয়াময় ৰণ লাগিল। শেহত নীতিপাল ৰণত পৰিল। সাধনী ৰাণীয়ে শত্ৰুৰ হাতত বন্দী হোৱাৰ আশঙ্কাত আপোনা-আপুনি দেহত্যাগ কৰিলে। ইমানতে ছুটীয়াৰ দিন অন্ত পৰিল। ছুটীয়া ৰাজ্য আহোম ৰাজ্যৰ লগত মিল হল।
মুঠ্-কথা।—ছুটীয়া জাতি লক্ষীমপুৰ জিলাৰ আদিবাসী মানুহ। ইবিলাকৰ সুকীয়া ভাষা আছিল। সেই ভাষাক এতিয়া দেউৰী ভাষা বোলে। সাধনী ৰাণী এগৰাকী আদৰ্শ সতী আছিল। তেওঁৰ যশস্যা এতিয়াও ৰৈ-বৈ আছে। বীৰবল ছুটীয়া ৰজাৰ আদিপুৰুষ। নীতিপাল ছুটীয়াৰ শেহ ৰজা। ছুটীয়া তিনিবিধ;— আহোম-ছুটীয়া, হিন্দু ছুটীয়া আৰু মিৰি-ছুটীয়া। ছুটীয়া ৰাজ্য আহোম ৰজাই দখল কৰাৰ পাচত, সেই জাতি সৌমাৰ আৰু স্বৰ্ণ- পীঠত সিচঁৰিত হৈ পৰিল। তাৰে ঘাই ঠাল এটা কলিয়াবৰৰ পোন্ ধৰি উত্তৰ পাৰে সেই কালৰ আহোম শাসনকৰ্তা সলাল গোহাঞিৰ অধীনত থিতাপি কৰোৱা হয়। সেই ছুটীয়া ঠালৰ নাম অনুসৰি এতিয়াৰ তেজপুৰৰ অন্তৰ্গত ছতিয়া মোজাৰ নাম হৈছে।