পৃষ্ঠা:বুৰঞ্জীবোধ.djvu/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭০
বুৰঞ্জীবোধ।

তলাতল ঘৰ পৃথিবীৰ ভিতৰত এটা আচৰিত বস্তুৰ লেখত লব পাৰি; ইয়াৰ মাটিৰ তলৰ তৃতীয় তলৰপৰা যি সুৰুঙ্গা-বাট দিখৌ আৰু গড়গাওঁ নগৰত ওলাইছিলগৈ, সি ইংলণ্ডৰ টেম্‌চ্‌ নৈৰ তলৰ সুৰুঙ্গা-বাটতকৈও অধিক বিস্ময়জনক আছিল। সেইবোৰৰ এতিয়া যি চিন্‌-মোকাম ৰৈছে, সি আহোমৰাজৰ সভ্যতাৰ এতিয়াও ফট্‌ফটীয়া চিনাকি দিব লাগিছে।

 মুঠ্‌-কথা।—আগৰ দিনত অসমদেশ গোটেই ভাৰতবৰ্ষৰ এখন সৰু আৰ্হি আছিল। ইয়াত ভালেমান সৰু সৰু ৰজাই ৰাজত্ব কৰিছিল। সেইবিলাকৰ ওপৰত আহোম ৰজাৰ এক্তিয়াৰ চলিছিল। সেই কাৰণে, আহোমৰাজ অসমৰ সম্ৰাট আছিল। আহোমৰ শাসন-প্ৰণালী, ৰাজকীয় কাৰ্যবিধি আৰু যুগমীয়া কাৰুকাৰ্যাদি অতি ওখ খাপৰ আছিল।



৯। পাঠ।
ছুটীয়া ৰজাৰ কথা।

 লক্ষীম্‌পুৰ জিলাৰ উত্তৰ-পূব চুকত সোণগিৰি নামে এখন সৰু ৰাজ্য আছিল। তাহানিৰ বিদৰ্ভ নগৰ তাৰে ৰাজধানী। এতিয়া তাৰ নাম শদিয়া হৈছে। সোণগিৰিৰ আদিবাসীবিলাককে ছুটীয়া বোলে। সেই ছুটীয়া বংশৰ বীৰবল নামে এটা নিচেই টোকোনা মানুহ আছিল। তাৰ বৰ দুখ। ভাত-কপোৰৰ নাটনিত সি