সেই আচৰণত প্ৰজাৰ হাহাকাৰ লাগি উঠিল। সাধনী ৰাণীয়ে বহু প্ৰবন্ধেও নীতিপালক সজ বাটলৈ আনিব নোৱাৰিলে। পিছে, ৰজাৰ অন্যায় আচৰণত যে ছুটীয়া ৰাজ্যৰ দুৰৱস্থা হৈছে, এই কথা আহোম ৰজাৰ কাণত পৰিলগৈ। তেতিয়া আহোম ৰাজপাটত স্বৰ্গনাৰায়ণ ৰজা আছিল। সেই ছেগতে স্বৰ্গদেৱে ১৫০০ খ্ৰীষ্টাব্দ কন্চেং বৰপাত্ৰগোহাঞি ডাঙ্গৰীয়াক সৈন্য-সামন্তৰে সৈতে পঠিয়াই ছুটীয়া ৰাজ্য আক্ৰমণ কৰালে। দুয়োপক্ষৰ মাজত তয়াময় ৰণ লাগিল। শেহত নীতিপাল ৰণত পৰিল। সাধনী ৰাণীয়ে শত্ৰুৰ হাতত বন্দী হোৱাৰ আশঙ্কাত আপোনা-আপুনি দেহত্যাগ কৰিলে। ইমানতে ছুটীয়াৰ দিন অন্ত পৰিল। ছুটীয়া ৰাজ্য আহোম ৰাজ্যৰ লগত মিল হল।
মুঠ্-কথা।—ছুটীয়া জাতি লক্ষীমপুৰ জিলাৰ আদিবাসী মানুহ। ইবিলাকৰ সুকীয়া ভাষা আছিল। সেই ভাষাক এতিয়া দেউৰী ভাষা বোলে। সাধনী ৰাণী এগৰাকী আদৰ্শ সতী আছিল। তেওঁৰ যশস্যা এতিয়াও ৰৈ-বৈ আছে। বীৰবল ছুটীয়া ৰজাৰ আদিপুৰুষ। নীতিপাল ছুটীয়াৰ শেহ ৰজা। ছুটীয়া তিনিবিধ;— আহোম-ছুটীয়া, হিন্দু ছুটীয়া আৰু মিৰি-ছুটীয়া। ছুটীয়া ৰাজ্য আহোম ৰজাই দখল কৰাৰ পাচত, সেই জাতি সৌমাৰ আৰু স্বৰ্ণ- পীঠত সিচঁৰিত হৈ পৰিল। তাৰে ঘাই ঠাল এটা কলিয়াবৰৰ পোন্ ধৰি উত্তৰ পাৰে সেই কালৰ আহোম শাসনকৰ্তা সলাল গোহাঞিৰ অধীনত থিতাপি কৰোৱা হয়। সেই ছুটীয়া ঠালৰ নাম অনুসৰি এতিয়াৰ তেজপুৰৰ অন্তৰ্গত ছতিয়া মোজাৰ নাম হৈছে।