স্বামী বৰণ কৰিব। নান ঠাইৰপৰা অনেক ৰজা, ৰাজকোঁৱৰ, বিষয়া, বীৰ আদি সয়ম্বৰত উপস্থিত হলহি; কিন্তু কেৱে কৃতকাৰ্য্য হব নোৱাৰিলে। শেহান্তৰত নিতাই নামে টোকোনা ছুটীয়া লৰা এটাই সয়ম্বৰৰ পণমতে কেৰ্কেটুৱাটো একেপাত কাঁড়েৰে শালি মাটিত পেলালে। সকলোৱে দেখি বিস্ময় মানিলে। সকলোৱে মুখে মুখে কবলৈ ধৰিলে যে, ধৰ্ম্মধ্বজ ৰজাৰ পণ অথলে গল! সাধনী হেন ৰজাৰ জীয়াৰীয়ে টোকোনা ছুটীয়া লৰাক কেতিয়াও স্বামী বৰণ নকৰে। ধৰ্ম্মধ্বজ ৰজাও সেই আশঙ্কাত বিমোৰ হল। কিন্তু, সাধনীয়ে তেনেবোৰ ভাব মনলৈকে নানিলে। পিতৃৰ প্ৰতিজ্ঞা কেনেকৈ ৰক্ষা পৰিব, তেওঁ তালৈহে চালে। তেওঁ হৰিষ চিতেৰে সেই ছুটীয়া লৰাক বৰ-মালা পিন্ধাই স্বামী বৰণ কৰিলে। সাধনীৰ এনে অসাধাৰণ পিতৃভক্তি দেখি সকলোৱে ধন্য ধন্য কৰিবলৈ ধৰিলে। ধৰ্ম্মধ্বজ ৰজাও জীয়েকৰ পিতৃভক্তিত মোহিত হল। তেওঁ সেই সয়ম্বৰ-সভাতে নিজে নিজৰ মূৰৰপৰা মুকুট খহাই জোৱাঁয়েকৰ মূৰত পিন্ধাই দিলে! আৰু, সেই বিৰাট সভাৰ আগত তেওঁ ঘোষণা কৰিলে যে, সেই দিনাৰপৰা তেওঁ ৰজা ভাগিল, ছুটীয়াৰ ৰাজপাটত তেওঁৰ জোৱাঁয়েক সাধনীৰ স্বামীৰহে অধিকাৰ হল। তাৰ পাচত, সেই ছুটিয়া লৰা নীতিপাল নামে ছুটীয়া ৰাজ্যৰ ৰজা হল।
ৰজা হৈ নীতিপালে আগৰ সমনীয়া সামান্য মানুহবিলাকক ৰজাঘৰীয়া বিষয়া পাতিবলৈ ধৰিলে। আৰু সিহঁতৰ সঙ্গত পৰি তেওঁ নানা অনীতি-ধৰম কৰিবলৈ ধৰিলে। পাচলৈ তেওঁৰ