পৃষ্ঠা:বুৰঞ্জীবোধ.djvu/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 ৰত্নধ্বজৰ পাচত, ১২৬২ খ্ৰীষ্টাব্দত তেওঁৰ পুতেক বিজয়ধ্বজপাল ৰজা হয়। এই জনা ছুটীয়া ৰজাই কমতাপুৰৰ নীলধ্বজ ৰজাৰ জীয়েকক বিয়া কৰাই খেন বংশী ৰজাৰে সৈতে মিতিৰ পাতিছিল। বিজয়ধ্বজৰ পাচত, খ্ৰীঃ ১৩০৩ চনৰপৰা ১৪৫৩ চনলৈকে এই ডেৰ-শ বছৰৰ ভিতৰত সাত জন ৰজা হয়। তাৰ পাচত, ধৰ্ম্মধ্বজপাল ছুটীয়া ৰাজপাটত উঠে। তেওঁ এজন বৰ জ্ঞানী আৰু ধাৰ্মিক ৰজা আছিল। তেওঁৰ দিনত ছুটীয়া ৰাজ্যত চাৰিওফালে সুখ-শান্তি বাঢ়িছিল, আৰু প্ৰজা বৰ সুখেৰে আছিল।

 ধৰ্ম্মধ্বজৰ ৰাজকাৰ্যত খ্যাতি আছিল যদিও, মনত শান্তি নাছিল। কাৰণ, তেওঁৰ সন্তান নাছিল। বুঢ়া কাললৈকে তেওঁৰ লৰা-ছোৱালী নহল, সেই কাৰণে তেওঁৰ মনত বেজাৰ। পিছে, অনেক পূজা-সেৱা, যাগ-যজ্ঞ আদিৰে সৈতে বহু সাধনা কৰাৰ পাচত, তেওঁৰ এটি কন্যা লাভ হয়। বহু সাধনাৰ বলত লাভ হোৱাৰ কাৰণে, ছোৱালীটিৰ নাম সাধনী ৰখা হয়।

 সাধনী বৰ ৰূপহী আৰু গুণৱতী ছোৱালী আছিল। তেওঁ পিতৃ-মাতৃ আৰু গুৰুজনক বৰ ভক্তি কৰিছিল। গৃহ-নীতিৰ লগে লগে তেওঁ ৰাজনীতিও শিকিছিল। বয়সৰ লগে লগে সাধনীৰ ৰূপ- গুণৰ জেউতি চৰিবলৈ ধৰিলে। তেওঁৰ ৰূপ আৰু গুণৰ কথা দেশে-বিদেশে বিয়পি পৰিল। পিচে, সাধনী যুৱতী হলত পিতাকে তেওঁৰ সয়ম্বৰ পাতিলে। সয়ম্বৰৰ এই পণ আছিল যে, যেয়ে একেপাত কাঁড়েৰে পাল-শ-দিয়া মৈদামৰ ওপৰত খৰ্‌তকীয়াকৈ লৰি ফুৰা কেৰ্কেটুৱা এটা শালি মাটিত পেলাবহি, তেওঁকে সাধনীয়ে