বুৰঞ্জীবোধ/আৰিমত্ত ৰজাৰ কথা

ৱিকিউৎসৰ পৰা

[  ]

২। পাঠ।
—৹—
আৰিমত্ত ৰজাৰ কথা।

 দানৱ আৰু অসুৰ বংশৰ পাচত, এই দেশত আন কেইবাটাও বংশৰ ৰজা হৈছিল। সেইবিলাকৰ ভিতৰত দেবেশ্বৰ, নৰশঙ্কৰ, সঙ্কল, কুমাৰ ভাস্কৰ বৰ্মা এই কেইজন ৰজা প্ৰধান আৰু প্ৰখ্যাত। [  ] দেবেশ্বৰ এজন শূদ্ৰ ৰজা। নৱশঙ্কৰ লোহিত্যপুৰৰ ৰজা আছিল। তেজপুৰ বিশ্বনাথৰ ওচৰত প্ৰতাপগড় নামে ঠাইত যি নাগশঙ্কৰ দেৱালয় আছে, সেই দেৱালয় নৰশঙ্কৰেই সজাইছিল। তেওঁ দান কৰা দেৱোত্তৰ মাটি নাগশঙ্কৰ দেৱালয়ৰ নামে এতিয়াও আছে। সঙ্কল ৰজা এই দেশৰ আদিবাসী লোক আছিল। তেওঁ নিজ বাহুবলেৰে নানা ফালে দেশ জয় কৰি ফুৰিছিল। ভাস্কৰ বৰ্ম্মা কুমাৰ-বংশী ৰজা। তেওঁৰ দিনতে হিয়ণচাং নামে চীন দেশৰ প্ৰখ্যাত পৰিব্ৰাজক এজন এই দেশলৈ আহিছিল।

 ৰামচন্দ্ৰ।— তাৰ পাচত, এই দেশত জীতাৰি বংশৰ ধৰ্ম্মপাল নামে এজন ৰজা হয়। তেওঁ জাতত ক্ষত্ৰিয় আছিল। তেওঁ ৰজা হৈয়ে পছিমৰপৰা কেইঘৰমান বামুণ আনি এই দেশত পাতিলে। এই দেশলৈ বামুণ অহাৰ সেয়ে সূত্ৰপাত। ধৰ্ম্মপালৰ পাচত আৰু ভালেমান ৰজা হৈ গল। তাৰ পাচত, সেই বংশৰে ৰামচন্দ্ৰ নামে এজন ৰজা প্ৰখ্যাত হৈ উঠিল। তেওঁৰ আন এটা নাম প্ৰতাপচন্দ্ৰ। আৰু তেওঁৰ সেই নাম অনুসাৰেই বিশ্বনাথৰ অন্তৰ্গত প্ৰতাপগড়ৰ নাম হৈছে। তেওঁৰ ৰাজ্য লুইত আৰু ব্ৰহ্মপুত্ৰৰ মাজৰ মাজুলীলৈকে বাঢ়িছিল। মাজুলীত ৰত্নপুৰ নামে তেওঁৰ ৰাজধানী আছিল। প্ৰখ্যাত আৰিমত্ত ৰজা সেই ৰামচন্দ্ৰ ৰজাৰে পুতেক।

 আৰিমত্ত।—এওঁৰ কাহিনীত ভালেমান আচৰিত কথা আছে। এসময়ত ৰামচন্দ্ৰই ৰাজযজ্ঞ পাতি নিজৰ মহিষীক ব্ৰহ্মপুত্ৰত উছৰ্গা কৰি ভুৰত তুলি উটুৱাই দিছিল। তেতিয়া ৰাণী [  ] গৰ্ব্ভাৱতী আছিল। কালত ৰাণীৰ এটি লৰা হয়। লৰাটি আৰিমূৰীয়া আছিল। গতিকে, তেওঁৰ নাম আৰিমত্ত ৰখা হয়।

 উত্তৰপাৰে উজনিত ৰামচন্দ্ৰ ৰজা হৈ থাকোতেই, দক্ষিণপাৰে নামনিত আৰিমত্ত ৰজা হয়। কালত আৰিমত্ত এজন প্ৰতাপী ৰজা হৈ উঠিল। তেওঁ চাৰিওফালে দেশ জয় কৰি ফুৰি ফুৰি, অৱশেষত ৰামচন্দ্ৰৰ ৰাজ্য আক্ৰমণ কৰিলেগৈ। সেই আপাহতে, দুই ৰজাৰ মাজত এখন ৰণ লাগিল। ৰণত ৰামচন্দ্ৰ হাৰিল, আৰু আৰিমত্তই তেওঁক নিজ হাতে বধ কৰিলে। তেতিয়ালৈকে ৰামচন্দ্ৰৰ আঁতি- গুৰিৰ কথা আৰিমত্তই একো জনা নাছিল। পিচে, যেতিয়া তেওঁ মাকৰ মুখে সমুদায় বৃত্তান্ত শুনিলে, তেতিয়া আৰিমত্ত শোকত বিহ্বল হল, আৰু তেওঁ পিতৃবধ-পাপ খণ্ডাবৰ অৰ্থে যাগ-যজ্ঞ পাতি দান-দক্ষিণাদি দিয়াৰ দিহা কৰিলে। কিন্তু, সেই দান-দক্ষিণা কেৱে গ্ৰহণ নকৰিলে। শেহান্তৰত তেওঁ সেই দান-বস্তুবোৰ নৈত অৰ্পণ কৰিলে। এনে প্ৰবাদ আছে যে, নৈয়েও হেনো সেই পাপৰ দান-দক্ষিণা গ্ৰহণ নকৰি ঢৌৰ কোবত পাৰলৈ দলিয়াই পেলালে, আৰু কোনো কোনো নৈয়ে দলিয়াই পেলাব নোৱাৰি নিজৰ গতিকে সলালে; শিৱসাগৰৰ মৰিদিখৌ বলে তাৰে এটা প্ৰমাণ হৈ আছে। অন্তত্‌‌‌‌, তেওঁ হতাশ হৈ ৰাজভোগ এৰি ব্ৰহ্মপুত্ৰৰ দাঁতিত তপস্যা কৰিবলৈ ধৰিলে। আৰু, তাতে ঘটনাক্ৰমে নিজৰ পুতেক জোঙ্গালৰ হাতত তেওঁৰ মৰণ মিলিল।

 ৰত্নসিংহ আৰু জোঙ্গাল-বলহু নামে আৰিমত্ত ৰজাৰ দুজন পুতেক আছিল। ৰজা ভাগিবৰ সময়ত আৰিমত্তই তেওঁৰ ৰাজ্য [  ] দুই পুতেকৰ মাজত ভগাই দি যায়। তেওঁৰ দিহা মতেই তেওঁৰ ৰাজ্যৰ পছিম ভাগত ৰত্নসিংহ আৰু পূব ভাগত জোঙ্গাল-বলহু ৰজা হয়।' কিন্তু, অলপ দিন মাথোন ৰজা হোৱাৰ পাচত, দুয়োজন অকালতে ঢুকাল। আৰু, সিবিলাকৰ লগতে জীতাৰি বংশী ৰজাৰ ৰাজত্ব অন্ত পৰিল।

 মুঠ-কথা।— দানৱ আৰু অসুৰবংশী ৰজাৰ পাচত এই দেশত যিবিলাক ৰজা হৈছিল, সিবিলাকৰ ভিতৰত নৰশঙ্কৰ, সঙ্কল, ভাস্কৰবৰ্ম্মা, ৰামচন্দ্ৰ, আৰিমত্ত এই সকলেই প্ৰধান আৰু প্ৰখ্যাত আছিল। আৰিমত্ত ৰজাৰ কাহিনী ভালেমান আচৰিত ঘটনাৰে সৈতে পূৰ্ণ। পিতৃবধ-পাপৰ যে পৰাচিত নাই, আৰিমত্ত ৰজাই তাৰ জ্বলি থকা পটন্তৰ। তেওঁৰ বিষয়ে আগৰ দিনৰ বুঢ়া মানুহৰ মুখে বহলাই শুনিবলৈ পোৱা যায়। শিৱসাগৰৰ কুঁজীবালিৰ কিলাকুটীয়া দক্ষিণ সীমাত মৰিদিখৌৰ যি ছোৱা এৰাসুঁতি আছে, সেই ছোৱাত হেনো আৰিমত্ত ৰজাই নৈক দান দিয়া সোণ-ৰুপেৰে ভৰ দুখন গুলৈয়া নাওঁ এতিয়াও পিটনীত পোত্‌‌‌‌ গৈ আছে। তাহানিতে বোলে এবাৰ নাজিৰাৰ "অসম-কোম্পানীৰ" গৰাকী চাহাবসকলে নাও কেইখনৰ টিঙ্গত শিকলি লগাই হাতীৰে সৈতে টনাই চাইছিল। পিছে, পাৰলৈ তুলিবৰ সাধ্য নহল হেনো। তেজপুৰৰ ন-দুৱাৰ অঞ্চলত পিঠাদ'ল গোটাদিয়েকেও আৰিমত্তৰ দান-যতেৰ চিন্‌ ৰাখিছে বুলি মানুহে কয়।