পৃষ্ঠা:বুৰঞ্জীবোধ.djvu/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
আৰিমত্ত ৰজাৰ কথা।

তেজপুৰ-কাছাৰিঘৰ বহিছে, সেই ভেটিতে উদেবীৰ অন্তঃপুৰ আছিল।

 মুঠ-কথা।—আগৰ দিনত অসম দেশৰ দীঘ শদিয়াৰপৰা ভাটী ৰংপুৰলৈকে আছিল। তেতিয়া সেই গোটেইখন দেশকে কামৰূপ বোলা হৈছিল। অতীজত এই দেশত দানৱ আৰু অসুৰবংশী ৰজা আছিল। সিবিলাকৰ ভিতৰত মহীৰঙ্গ দানৱ, নৰকাসুৰ, ভগদত্ত, ভীষ্মক-ৰজা আৰু বাণৰজা এই কেইজন প্ৰধান আৰু প্ৰখ্যাত। ভীষ্মক ৰজাৰ জীয়াৰী ৰুক্মিণী দেবী দ্বাৰকাৰ শ্ৰীকৃষ্ণই হৰি নি গান্ধৰ্ব্ব-বিয়া কৰায়। বাণ ৰজাৰ জীয়াৰী ঊষাদেবী। তেওঁৰ সখীয়া চিত্ৰলেখা। চিত্ৰলেখাই বৰ্ণনা শুনি স্বৰূপ চিত্ৰ আঁকিব পাৰিছিল। তেওঁ অঁকা চিত্ৰ চায়েই ঊষাদেবীয়ে অনিৰুদ্ধ কোৱঁৰক নিজৰ মনতে স্বামী-বৰণ কৰে। তাৰ পাচত, সিবিলাকৰ গান্ধৰ্ব্ব-বিয়া হয়।


২। পাঠ।
—৹—
আৰিমত্ত ৰজাৰ কথা।

 দানৱ আৰু অসুৰ বংশৰ পাচত, এই দেশত আন কেইবাটাও বংশৰ ৰজা হৈছিল। সেইবিলাকৰ ভিতৰত দেবেশ্বৰ, নৰশঙ্কৰ, সঙ্কল, কুমাৰ ভাস্কৰ বৰ্মা এই কেইজন ৰজা প্ৰধান আৰু প্ৰখ্যাত।