পৃষ্ঠা:বুৰঞ্জীবোধ.djvu/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বুৰঞ্জীবোধ।

দুই পুতেকৰ মাজত ভগাই দি যায়। তেওঁৰ দিহা মতেই তেওঁৰ ৰাজ্যৰ পছিম ভাগত ৰত্নসিংহ আৰু পূব ভাগত জোঙ্গাল-বলহু ৰজা হয়।' কিন্তু, অলপ দিন মাথোন ৰজা হোৱাৰ পাচত, দুয়োজন অকালতে ঢুকাল। আৰু, সিবিলাকৰ লগতে জীতাৰি বংশী ৰজাৰ ৰাজত্ব অন্ত পৰিল।

 মুঠ-কথা।— দানৱ আৰু অসুৰবংশী ৰজাৰ পাচত এই দেশত যিবিলাক ৰজা হৈছিল, সিবিলাকৰ ভিতৰত নৰশঙ্কৰ, সঙ্কল, ভাস্কৰবৰ্ম্মা, ৰামচন্দ্ৰ, আৰিমত্ত এই সকলেই প্ৰধান আৰু প্ৰখ্যাত আছিল। আৰিমত্ত ৰজাৰ কাহিনী ভালেমান আচৰিত ঘটনাৰে সৈতে পূৰ্ণ। পিতৃবধ-পাপৰ যে পৰাচিত নাই, আৰিমত্ত ৰজাই তাৰ জ্বলি থকা পটন্তৰ। তেওঁৰ বিষয়ে আগৰ দিনৰ বুঢ়া মানুহৰ মুখে বহলাই শুনিবলৈ পোৱা যায়। শিৱসাগৰৰ কুঁজীবালিৰ কিলাকুটীয়া দক্ষিণ সীমাত মৰিদিখৌৰ যি ছোৱা এৰাসুঁতি আছে, সেই ছোৱাত হেনো আৰিমত্ত ৰজাই নৈক দান দিয়া সোণ-ৰুপেৰে ভৰ দুখন গুলৈয়া নাওঁ এতিয়াও পিটনীত পোত্‌‌‌‌ গৈ আছে। তাহানিতে বোলে এবাৰ নাজিৰাৰ "অসম-কোম্পানীৰ" গৰাকী চাহাবসকলে নাও কেইখনৰ টিঙ্গত শিকলি লগাই হাতীৰে সৈতে টনাই চাইছিল। পিছে, পাৰলৈ তুলিবৰ সাধ্য নহল হেনো। তেজপুৰৰ ন-দুৱাৰ অঞ্চলত পিঠাদ'ল গোটাদিয়েকেও আৰিমত্তৰ দান-যতেৰ চিন্‌ ৰাখিছে বুলি মানুহে কয়।