বুৰঞ্জীবোধ/অতীজৰ কথা

ৱিকিউৎসৰ পৰা
[  ]

বুৰঞ্জীবোধ।
(অসম-বুৰঞ্জীমূলক পাঠমালা)

আদিছোৱা।

১। পাঠ।

অতীজৰ কথা।

 অতীজত অসম দেশ এতিয়াৰ নিচিনা নাছিল। অতি আগৰ দিনত এই দেশৰ দীঘ পূবে শদিয়া অঞ্চলৰ দিকৰাই নৈৰপৰা পছিমে ভাটী ৰংপুৰৰ কৰতোৱা নৈলৈকে আছিল। তেতিয়া এই সীমাৰ ভিতৰৰ দেশখন চাৰি ভাগে ভগোৱা হৈছিল। সেই চাৰি ভাগক চাইটা পীঠ বোলা হৈছিল; যেনে,—কামপীঠ, ৰত্নপীঠ, স্বৰ্ণপীঠ আৰু সৌমাৰপীঠ। কতোৱাৰপৰা সোণকোষ নৈলৈকে কামপীঠ, সোণকোষৰপৰা ৰূপহী নৈলৈকে ৰত্নপীঠ, ৰূপহীৰপৰা ভৈৰবী নৈলৈকে স্বৰ্ণপীঠ, আৰু ভৈৰবীৰপৰা দিকৰাই নৈলৈকে সৌমাৰপীঠ বোল হৈছিল। আৰু এতিয়াৰ দৰে তেতিয়া এই দেশৰ নাম ‘অসম' নাছিল; ওপৰত কোৱা সীমাৰ ভিতৰৰ গোটেইখন দেশৰ নাম তেতিয়া 'কামৰূপ' আছিল। আগৰ কালত [  ] এই দেশত হিন্দু আৰু বৌদ্ধ ধৰমী মানুহ হে আছিল; তেতিয়া ইয়াত মছলমান আৰু খ্ৰীষ্টান ধৰমী মানুহ নাছিল। এতিয়াৰ দৰেই তেতিয়া এই দেশৰ পৰ্ব্বতীয়া আৰু হাবিয়লীয়া অসভ্য জাতিবোৰৰ কোনো নামলগা ধৰ্ম্ম নাছিল; সিহঁতে গছ, শিল, ভুত, প্ৰেত, পিশাচ ইত্যাদিক পূজা কৰিছিল। পিন্ধন-উৰণতে সেই অসভ্য জাতিৰ মানুহবোৰৰ এভাগ গোটেই নাঙ্গঠ্‌, আৰু এভাগ আধানাঙ্গঠ্‌ আছিল।

 অতি পুৰণি কালত এই দেশত দানৱ আৰু অসুৰবংশী ৰজাই ৰাজত্ব কৰিছিল। সিবিলাকৰ বিষয়ে বহুল বিৱৰণ পাবলৈ নাই। কিয়নো, তেতিয়া বুৰঞ্জী লিখাৰ নিয়ম চলা নাছিল। সেই কাৰণে, এতিয়া পুৰণি পুথিত সিবিলাকৰ নাম মাথোন পোৱা যায়।

 মহীৰঙ্গ।—তেওঁ এজন দানৱবংশী ৰজা আছিল। তেওঁক এই দেশৰ আদিৰজা বুলিব পাৰি। কিয়নো, তেওঁৰ আগেয়ে হোৱা এই দেশৰ ৰজাৰ নাম এতিয়ালৈকে ওলোৱা নাই। মহীৰঙ্গৰ পাচত, তেওঁৰ পো-নাতিসকলে ভালেমান বছৰ এই দেশত ৰাজপাট খাইছিল। সিবিলাকৰ ভিতৰত হতকাসুৰ, সম্বৰাসুৰ আৰু ৰত্নাসুৰ এই কেইজনৰ নাম পুথিত পোৱা যায়।

 নৰকাসুৰ।—তেওঁ এজন অসুৰবংশী প্ৰতাপী ৰজা আছিল। তেওঁ আগেয়ে বিদেহ দেশৰ অধিপতি জনক নামে ৰজাৰ ঘৰত পোহপাল গৈ আছিল। এতিয়াৰ উত্তৰ-বিহাৰেই সেই বিদেহ দেশ। তাৰপৰা আহি হে নৰকাসুৰ এই দেশত ৰজা হয়। তেওঁ ইয়াত ৰজা হৈয়ে কামপীঠত এখন বিতোপন ৰাজধানী [  ] পাতিলে। তাৰ নাম প্ৰাগ্‌‌জ্যোতিপুৰ আছিল। এতিয়া, তাৰ নাম গুৱাহাটী হৈছে। নৰকাসুৰ বৰ প্ৰতাপী ৰজা আছিল। তেওঁ নিজ ক্ষমতাৰে সৈতে ভালেমান অসাধ্য কাম সাধিছিল। আৰু, পাচলৈ তেওঁ কাকো গণিতা নকৰা হৈ উঠিছিল। পিচে, দ্বাৰকাৰ যাদৱ কোৱঁৰ শ্ৰীকৃষ্ণই নৰকাসুৰৰ সেই গণ্ডপ ভাঙ্গিবৰ মনেৰে এই দেশ আক্ৰমণ কৰেহি। সেই আপাহতে, শ্ৰীকৃষ্ণ আৰু নৰকাসুৰৰ মাজত এখন বৰ ডাঙ্গৰ ৰণ লাগিছিল। ৰণত শ্ৰীকৃষ্ণই নৰকাসুৰক হৰুৱাই বধ কৰি তেওঁৰ ঠাইত তেওঁৰ বৰপুতেক ভগদত্তক ৰজা পাতি থৈ স্বদেশলৈ উলটি গল।

 ভগদত্ত।—তেওঁ এজন ডাঙ্গৰ ৰজা আছিল, আৰু ভালেমান সজকৰ্ম্ম কৰি প্ৰখ্যাত হৈ উঠিছিল। তেওঁ প্ৰজাক বৰ মৰমেৰে পালন কৰিছিল। সেই কাৰণে, প্ৰজাবিলাকেও তেওঁক বৰ প্ৰীতি-ভক্তি কৰিছিল। কুৰুক্ষেত্ৰৰ ৰণত ভগদত্তই এক অক্ষৌহিণী সেনাৰে সৈতে কৌৰৱক সহায় কৰিছিলগৈ। সেই ৰণতে তেওঁৰ মৰণ মিলিল। তেওঁৰ পাচত, কামৰূপত তেওঁৰ ভায়েক বজ্ৰদত্ত ৰজা হয়। তেওঁৰ পাচত এই দেশত নৰকাৰৰ বংশৰ ভালেমান ৰজাই সুখ্যাতিৰে সৈতে ৰাজত্ব কৰিছিল।

 ভীষ্মক।—নৰকাসুৰৰ সমনীয়া এজন ৰজাই একেসময়তে এই দেশৰ পূব ভাগত বিদৰ্ভ ৰাজ্যত ৰাজত্ব কৰিছিল। তেওঁৰ নাম ভীষ্মক ৰজা। এতিয়াৰ শদিয়া অঞ্চলেই তেতিয়াৰ বিদৰ্ভ ৰাজ্য আছিল। সেই ৰাজ্যৰ ৰাজধানীৰ নাম আছিল কুণ্ডিল-নগৰ। এতিয়া তাৰ নাম শদিয়া হৈছে। ৰুক্মিণী আৰু ৰুক্মবীৰ নামে [  ] ভীষ্মক ৰজাৰ এটি কন্যা আৰু এটি পুত্ৰ আছিল। ৰুক্মিণী অতি ৰূপহী ছোৱালী। তেওঁ যুৱতী হোৱাৰ পাচত, পিতাক ভীষ্মক ৰজাই তেওঁৰ সয়ম্বৰ পাতিলে। কিন্তু, তাৰ আগতে শ্ৰীকৃষ্ণই ৰুক্মিণীক হৰণ কৰি গান্ধৰ্ব্ব-বিয়া কৰালেহি। সেই কথাত বিতুষ্ট হৈ ৰুক্মবীৰে শ্ৰীকৃষ্ণৰে সৈতে ৰণ পাতিলে। কিয়নো, সয়ম্বৰত ৰুক্মিণীয়ে শিশুপাল নামে আন এজন ৰজাক বৰিব বুলি তেওঁ ভাবিছিল। পিচে, শ্ৰীকৃষ্ণ ৰণত জিকিল; আৰু তেওঁ ৰুক্মিণীক লৈ নিজৰ ৰাজ্য দ্বাৰকালৈ গুচি গল।

 বাণ।—কামপীঠত যেতিয়া নৰকাসুৰৰ নাতি ৰজা আছিল; স্বৰ্ণপীঠত তেতিয়া বাণ নামে এজন ৰজা প্ৰখ্যাত হৈ উঠিছিল। তেওঁৰ ৰাজধানীৰ নাম শোণিতপুৰ আছিল। এতিয়া তাক তেজপুৰ বোলা হৈছে। বাণ ৰজাৰ বহু পুত্ৰ আৰু এটি মাথোন কন্যা আছিল। কন্যাটিৰ নাম ঊষা। ঊষাদেবী অতি ৰূপহী আৰু গুণৱতী ছোৱালী। তেওঁ যুৱতী হলত, পিতাক বাণ ৰজাই তেওঁৰ সয়ম্বৰ পাতিবলৈ দিহা কৰিছিল; পিচে, এনেতে সখীয়েক চিত্ৰলেখাৰ বুদ্ধি-কৌশলত শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধ কুমাৰৰে সৈতে ঊষাদেবীৰ গান্ধৰ্ব্ব-বিয়া হল। সেই কথাত ৰুষ্ট হৈ, বাণ ৰজাই অনিৰুদ্ধ কুমাৰক বন্দী কৰে, আৰু সেই আপাহতে শ্ৰীকৃষ্ণৰ সৈতে তেওঁ এখন তয়াময়া ৰণ পাতে। ৰণত বাণ-ৰজা ঘাটিল, আৰু অলেখ মানুহ পৰিল। এনে কি, মানুহৰ তেজেৰে নৈ বৈ গৈছিল। সেই কাৰণে, ঊষা-নগৰক শোণিতপুৰ বোলা হৈছিল। এতিয়া সেই একে অৰ্থতে, তাৰ নাম তেজপুৰ হৈছে; আৰু এতিয়া য’ত [  ] তেজপুৰ-কাছাৰিঘৰ বহিছে, সেই ভেটিতে উদেবীৰ অন্তঃপুৰ আছিল।

 মুঠ-কথা।—আগৰ দিনত অসম দেশৰ দীঘ শদিয়াৰপৰা ভাটী ৰংপুৰলৈকে আছিল। তেতিয়া সেই গোটেইখন দেশকে কামৰূপ বোলা হৈছিল। অতীজত এই দেশত দানৱ আৰু অসুৰবংশী ৰজা আছিল। সিবিলাকৰ ভিতৰত মহীৰঙ্গ দানৱ, নৰকাসুৰ, ভগদত্ত, ভীষ্মক-ৰজা আৰু বাণৰজা এই কেইজন প্ৰধান আৰু প্ৰখ্যাত। ভীষ্মক ৰজাৰ জীয়াৰী ৰুক্মিণী দেবী দ্বাৰকাৰ শ্ৰীকৃষ্ণই হৰি নি গান্ধৰ্ব্ব-বিয়া কৰায়। বাণ ৰজাৰ জীয়াৰী ঊষাদেবী। তেওঁৰ সখীয়া চিত্ৰলেখা। চিত্ৰলেখাই বৰ্ণনা শুনি স্বৰূপ চিত্ৰ আঁকিব পাৰিছিল। তেওঁ অঁকা চিত্ৰ চায়েই ঊষাদেবীয়ে অনিৰুদ্ধ কোৱঁৰক নিজৰ মনতে স্বামী-বৰণ কৰে। তাৰ পাচত, সিবিলাকৰ গান্ধৰ্ব্ব-বিয়া হয়।