গৰ্ব্ভাৱতী আছিল। কালত ৰাণীৰ এটি লৰা হয়। লৰাটি আৰিমূৰীয়া আছিল। গতিকে, তেওঁৰ নাম আৰিমত্ত ৰখা হয়।
উত্তৰপাৰে উজনিত ৰামচন্দ্ৰ ৰজা হৈ থাকোতেই, দক্ষিণপাৰে নামনিত আৰিমত্ত ৰজা হয়। কালত আৰিমত্ত এজন প্ৰতাপী ৰজা হৈ উঠিল। তেওঁ চাৰিওফালে দেশ জয় কৰি ফুৰি ফুৰি, অৱশেষত ৰামচন্দ্ৰৰ ৰাজ্য আক্ৰমণ কৰিলেগৈ। সেই আপাহতে, দুই ৰজাৰ মাজত এখন ৰণ লাগিল। ৰণত ৰামচন্দ্ৰ হাৰিল, আৰু আৰিমত্তই তেওঁক নিজ হাতে বধ কৰিলে। তেতিয়ালৈকে ৰামচন্দ্ৰৰ আঁতি- গুৰিৰ কথা আৰিমত্তই একো জনা নাছিল। পিচে, যেতিয়া তেওঁ মাকৰ মুখে সমুদায় বৃত্তান্ত শুনিলে, তেতিয়া আৰিমত্ত শোকত বিহ্বল হল, আৰু তেওঁ পিতৃবধ-পাপ খণ্ডাবৰ অৰ্থে যাগ-যজ্ঞ পাতি দান-দক্ষিণাদি দিয়াৰ দিহা কৰিলে। কিন্তু, সেই দান-দক্ষিণা কেৱে গ্ৰহণ নকৰিলে। শেহান্তৰত তেওঁ সেই দান-বস্তুবোৰ নৈত অৰ্পণ কৰিলে। এনে প্ৰবাদ আছে যে, নৈয়েও হেনো সেই পাপৰ দান-দক্ষিণা গ্ৰহণ নকৰি ঢৌৰ কোবত পাৰলৈ দলিয়াই পেলালে, আৰু কোনো কোনো নৈয়ে দলিয়াই পেলাব নোৱাৰি নিজৰ গতিকে সলালে; শিৱসাগৰৰ মৰিদিখৌ বলে তাৰে এটা প্ৰমাণ হৈ আছে। অন্তত্, তেওঁ হতাশ হৈ ৰাজভোগ এৰি ব্ৰহ্মপুত্ৰৰ দাঁতিত তপস্যা কৰিবলৈ ধৰিলে। আৰু, তাতে ঘটনাক্ৰমে নিজৰ পুতেক জোঙ্গালৰ হাতত তেওঁৰ মৰণ মিলিল।
ৰত্নসিংহ আৰু জোঙ্গাল-বলহু নামে আৰিমত্ত ৰজাৰ দুজন পুতেক আছিল। ৰজা ভাগিবৰ সময়ত আৰিমত্তই তেওঁৰ ৰাজ্য