দেবেশ্বৰ এজন শূদ্ৰ ৰজা। নৱশঙ্কৰ লোহিত্যপুৰৰ ৰজা আছিল। তেজপুৰ বিশ্বনাথৰ ওচৰত প্ৰতাপগড় নামে ঠাইত যি নাগশঙ্কৰ দেৱালয় আছে, সেই দেৱালয় নৰশঙ্কৰেই সজাইছিল। তেওঁ দান কৰা দেৱোত্তৰ মাটি নাগশঙ্কৰ দেৱালয়ৰ নামে এতিয়াও আছে। সঙ্কল ৰজা এই দেশৰ আদিবাসী লোক আছিল। তেওঁ নিজ বাহুবলেৰে নানা ফালে দেশ জয় কৰি ফুৰিছিল। ভাস্কৰ বৰ্ম্মা কুমাৰ-বংশী ৰজা। তেওঁৰ দিনতে হিয়ণচাং নামে চীন দেশৰ প্ৰখ্যাত পৰিব্ৰাজক এজন এই দেশলৈ আহিছিল।
ৰামচন্দ্ৰ।— তাৰ পাচত, এই দেশত জীতাৰি বংশৰ ধৰ্ম্মপাল নামে এজন ৰজা হয়। তেওঁ জাতত ক্ষত্ৰিয় আছিল। তেওঁ ৰজা হৈয়ে পছিমৰপৰা কেইঘৰমান বামুণ আনি এই দেশত পাতিলে। এই দেশলৈ বামুণ অহাৰ সেয়ে সূত্ৰপাত। ধৰ্ম্মপালৰ পাচত আৰু ভালেমান ৰজা হৈ গল। তাৰ পাচত, সেই বংশৰে ৰামচন্দ্ৰ নামে এজন ৰজা প্ৰখ্যাত হৈ উঠিল। তেওঁৰ আন এটা নাম প্ৰতাপচন্দ্ৰ। আৰু তেওঁৰ সেই নাম অনুসাৰেই বিশ্বনাথৰ অন্তৰ্গত প্ৰতাপগড়ৰ নাম হৈছে। তেওঁৰ ৰাজ্য লুইত আৰু ব্ৰহ্মপুত্ৰৰ মাজৰ মাজুলীলৈকে বাঢ়িছিল। মাজুলীত ৰত্নপুৰ নামে তেওঁৰ ৰাজধানী আছিল। প্ৰখ্যাত আৰিমত্ত ৰজা সেই ৰামচন্দ্ৰ ৰজাৰে পুতেক।
আৰিমত্ত।—এওঁৰ কাহিনীত ভালেমান আচৰিত কথা আছে। এসময়ত ৰামচন্দ্ৰই ৰাজযজ্ঞ পাতি নিজৰ মহিষীক ব্ৰহ্মপুত্ৰত উছৰ্গা কৰি ভুৰত তুলি উটুৱাই দিছিল। তেতিয়া ৰাণী