বুৰঞ্জীবোধ/অসমত মছলমানৰ কথা

ৱিকিউৎসৰ পৰা
[  ]
৩। পাঠ।
অসমত মছলমান।
পাল আৰু খেন বংশী ৰজা।

 আৰিমত্ত ৰজাৰ বংশ লোপ পোৱাৰ পাচত, এই দেশত পালবংশী ৰজাই দুশমান বছৰ ৰাজত্ব কৰিছিল। পালবংশী ভালেমান ৰজাৰ নাম পোৱা যায়; তাৰ ভিতৰত ব্ৰহ্মপাল, ৰত্নপাল, পুৰন্দৰপাল, ইন্দ্ৰপাল, কুমাৰপাল, ধৰ্ম্মপাল এই কেইজন প্ৰধান আৰু প্ৰখ্যাত।

 নীলধ্বজ।—পালবংশী ৰজাৰ পাচত, এই দেশত খেনবংশী ৰজা হয়। নীলধ্বজ এই বংশৰ আদি-ৰজা। তেওঁ মেছ জাতৰ এটা টোকোনা মানুহৰ লৰ। সৰুতে তেওঁৰ নাম কান্তনাথ আছিল। কানাথৰ বাপেকৰ নাম ভক্তেশ্বৰ, আৰু মাকৰ নাম অঙ্গনা। কান্তনাথৰ নিচেই লাকালতে বাপেক ঢুকাল। গতিকে, তেওঁৰ দুখ আগতকৈও বাঢ়িল। বাঁৰী মাকে ভৰিবৰ আন উপায় নাপাই কান্তক এজন বামুণৰ ঘৰত গৰখীয়া দিলেগৈ। কান্তনাথ বৰ সুলক্ষণীয়া, বুদ্ধিয়ক আৰু সঙ্গ চৰিত্ৰৰ লৰা আছিল। তেওঁ সেই গৰখীয়া অৱস্থাৰপৰা নিজৰ বুদ্ধি, চৰিত্ৰ আৰু ভাগ্যৰ বলত ক্ৰমাৎ উদ্গতি কৰিবলৈ ধৰিলে; আৰু কালত তেওঁ এই দেশৰ ৰজা হৈ [ ১০ ] উঠিল। কান্তনাথে ৰজা হৈয়ে নীলধ্বজ নাম ললে, আৰু যাৰ ঘৰত তেওঁ গৰখীয়া আছিল, সেই বামুণক মন্ত্ৰী পাতিলে। তাৰ পাচত, নীলধ্বজ ৰজাই প্ৰাগজ্যোতিষপুৰৰপৰা ৰাজধানী তুলি নি কমতাপুৰ পাতিলেগৈ। সেই আপাহতে তেওঁক কমতেশ্বৰ নামেও জনা যায়। নীলধ্বজ ৰজাৰ আমোলতে এই দেশলৈ পোন্-প্ৰথমে মুছলমান আহে। আৰু তেওঁৰ দিনতে অগা-পিচাকৈ তিনিবাৰ মুছলমানে এই দেশ আক্ৰমণ কৰেহি।

 মছলমানৰ প্ৰথম আক্ৰমণ।—খ্ৰী: ১২০৪ চনত দিল্লীৰ সম্ৰাট মহম্মদ গোৰীয়ে কামৰূপ আক্ৰমণ কৰিবলৈ বক্তিয়াৰ খিলিজিক পঠিয়ায়। বক্তিয়াৰ খিলিজি তেতিয়া বঙ্গদেশৰ চুবাদাৰ আছিল। তেওঁ সেই উদ্দেশে দহ দিন উজাই আহি যেতিয়া কামৰূপৰ পৰ্ব্বতৰ ঠেকত সোমালহি, তেতিয়া নীলধ্বজ ৰজাৰ সৈন্যে তাতে তেওঁক বেৰি ধৰিলেগৈ। তাতে দুয়োপক্ষৰ মাজত এখন ৰণ লাগিল। বক্তিয়াৰ ৰণত ঘাটি পলাই সাৰিল; কিন্তু তেওঁৰ সৈবিলাকৰ এভাগ বন্দী হৈ ৰল। সিবিলাকৰপৰাই এই দেশত মছলমান বসতিৰ আৰম্ভ হয়। আৰু, মহম্মদ গোৰীৰ মানুহ কাৰণে, সিবিলাকক "গোৰীয়া" বোলা হয়।

 মছলমানৰ খিতীয় আক্ৰমণ।—বক্তিয়াৰ খিলিজি মৰাৰ পাচত, গিয়াছুদ্দিনক বঙ্গদেশৰ চুবাদাৰ পতা হয়। তেওঁ ১২২৮ খ্ৰীষ্টাব্দত এই দেশ দ্বিতীয়বাৰ আক্ৰমণ কৰেহি। [ ১১ ] এই আক্ৰমণত তেওঁ নীলধ্বজ ৰজাৰ ৰাজ্যৰ এছোৱা দখল কৰি তাৰপৰা ৰাজহ আদায় কৰিছিল।

 মছলমানৰ তৃতীয় আক্ৰমণ।—গিয়াছুদ্দিনৰ পাচত, ইখ্‌টীয়াউদ্দিন মল্লিক যুজবেক নামে আন এজন বঙ্গদেশৰ চুদাৰে ১২৫৭ খ্ৰীষ্টাব্দত এই দেশ আক্ৰমণ কৰেহি। তেতিয়া খৰালি। বৰৰ সুচল পাই প্ৰথম হেঁচাত তেওঁ প্ৰাগজ্যোতিষ্‌পুৰ দখল কৰি বহিছিল। কিন্তু, যেতিয়া বাৰিষা পৰিল, তেতিয়া মছলমান সেনাক নানা তৰহৰ অসুবিধাই বেৰি ধৰিলে। সেই ছেগতে নীলধ্বজ ৰজাৰ সৈন্যবিলাকেও উলটি সিবিলাকক হেঁচি ধৰিলেহি। এনে অৱস্থাত সৈন্য-সমলৰে সৈতে মল্লিক কামৰূপৰ সেনাপতিৰ হাতত বন্দী হল, আৰু কিছুমান দিনৰ পাচত তাতে তেওঁ নৰিয়া পৰি মৰিল।

 নীলাম্বৰ।—নীলধ্বজৰ পাচত, পুতেক দুৰ্ল্লভনাৰায়ণ, তেওঁৰ পাচত তেওঁৰ পুতেক চক্ৰধ্বজ ৰজা হয়। চক্ৰধ্বজ ৰজা ঢুকালত তেওঁৰ পুতেক নীলাম্বৰ ৰাজপাটত উঠিল। নীলাম্বৰ বৰ পৰাক্ৰমী ৰজা আছিল। তেওঁ নিজ বিক্ৰমেৰে পিতাকৰ দিনৰ ৰাজ্য ভালেমানলৈকে বহলালে। আন কি, তেওঁ বঙ্গদেশৰ এছোৱা তেওঁৰ ৰাজ্যৰ ভিতৰ কৰি লৈছিল। কিন্তু, অৱশেষত তেওঁৰ দিনতে পিতৃৰাজ্য ধ্বংস হয়, আৰু মুছলমানে ঠগ্‌‌ কৰি এই দেশ গোটইখন তেওঁৰপৰা কাঢ়ি লয়।।

 মছলমানৰ চতুৰ্থ আক্ৰমণ।—নীলাম্বৰ ৰজাৰ দিনতে মছলমানে চতুৰ্থবাৰ এই দেশ আক্ৰমণ কৰেহি। ইয়াৰ [ ১২ ] গুৰি হল গৃহ-কন্দল। নীলাম্বৰ ৰজাৰ ঘাই মন্ত্ৰী শচীপত্ৰৰ এজন পুতেক আছিল। তেওঁৰ নাম মনোহৰ। মনোহৰ বৰ ৰূপহ ডেকা আছিল। পিছে, একেৰিমান ভিতৰুৱা কথাত তেওঁৰ ওপৰত চোভা কৰি ৰজা বিতুষ্ট হল। সেই আপাহতে, তেওঁক বধ কৰাই তেওঁৰ মাংস গোপনে ৰন্ধাই পিতাকক খুউৱা হল। পাচত, সেই কথাৰ সম্ভেদ পাই, মন্ত্ৰী শচীপাত্ৰই বৰ বেজাৰ পালে। আৰু, তাৰ প্ৰতিশোধ দিবৰ মনেৰে তেওঁ গোপনে গৌৰ দেশৰ নবাব হোচেনচাহৰ কাষ চাপিলগৈ। তাৰ পাচত, ১৪৯৮ খ্ৰীষ্টাব্দত ভালেমান মছলমান ৰণুৱাৰে সৈতে শচীপাত্ৰই নীলাম্বৰৰ ৰাজধানী কমতাপুৰ আক্ৰমণ কৰিলেহি। দুয়ো পক্ষৰ মাজত তয়াময়া ৰণ লাগিল। অন্তত, বলেৰে নোৱাৰি, মছলমান সেনাপতিয়ে ছলেৰে ৰণত জিকি নীলাম্বৰক বন্দী কৰিলে। কমতাপুৰত মছলমান অধিপতি হল।

 মুঠ্‌-কথা।—জীতাৰি বংশৰ পাচত, এই দেশত পালবংশী ৰজাই দুশ বছৰ ৰাজত্ব কৰে। তাৰ পাচত খেন বংশী ৰজা হয়। নীলধ্বজ খেন বংশৰ আদি-ৰজা। তেওঁ গৰখীয়া লৰাৰপৰা ৰজ হৈছিলগৈ। এই বংশৰ ৰজাৰ দিনতে মুছলমানে পোন্‌-প্ৰথম চাৰিবাৰ এই দেশ আক্ৰমণ কৰেহি। প্ৰথমবাৰত যিবিলাক মছলমান ইয়াত বন্দী হৈ ৰৈছিল, সিবিলাকেই এই দেশৰ মছলমানৰ আদিপুৰুষ। সিবিলাক দিল্লীৰ সম্ৰাট মহম্মদ গোৰীৰ মানুহ; সেই আপাহতে সিবিলাকক “গোৰীয়া” বোলা হয়। আৰু কোনোৱে কয় যে, মছলমানৰ এই আদিপুৰুষসকল গৌৰদেশৰ মানুহ [ ১৩ ] কাৰণে সিবিলাকক আৰু সিবিলাকৰ নাতি-পুতিসকলক “গোৰীয়া” বোলা যায়। যি হওক, তেনে এটা কাৰণতে অসমৰ মছলমান- সকল চহা মানুহৰ মাজত অদ্যাপি “গৰীয়া” নামে খ্যাত। এই নামত কোনোৱে ওপৰুৱাকৈ চাই বেয়া আখ্যা দিব পাৰে; কিন্তু ইয়াৰ আঁতি-গুৰি বিচাৰি চালে দেখা যায় যে, ই এটা ওখখাপৰ বুৰঞ্জীমূলক নাম। অসম দেশৰ “অসম” নামৰ মূল “অহম” নামত আহোমসকলৰ যি গৌৰৱ, “গোৰীয়া” নামত অসমৰ মছলমানসকলৰ সেই গৌৰৱ ৰৈছে।