বুৰঞ্জীবোধ/টাই জাতিৰ কথা

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
বুৰঞ্জীবোধ
লেখক পদ্মনাথ গোহাঞি বৰুৱা
[ ১৪ ]
মাজছোৱা।
১। পাঠ।
টাই জাতিৰ কথা।

 টাই জাতি বৰ্ম্মাদেশৰ ভিতৰৰ শ্যাম প্ৰদেশৰ পুৰণিকলীয়া মানুহ। খ্ৰী: ১০০০ চনত সেই জাতিৰ খুন্‌লুং আৰু খুন্‌লাই নামে দুজন ৰাজ-কোঁৱৰ দেশ জয় কৰিবৰ উদ্দেশ্যে উত্তৰলৈ উজাই আহে। সিবিলাক দুজন ভাই-ককাই আছিল। দুয়ো উজাই আহি পাত্‌‌‌‌কাই পৰ্বতৰ উত্তৰ-পূবে ভৈয়ামত এখন ৰাজ্য পাতিলেহি। সেই ৰাজ্যৰ নাম মুংৰিমুংৰাম। তাতে ভালেমান বছৰ খুন্‌লুং ৰজা আৰু খুন্‌লাই যুৱৰাজ হৈ মিলা-প্ৰীতিৰে আছিল। পিচে, কিবা কথাত সিবিলাকৰ মাজত ঘৰুৱা কন্দল লাগি উঠিল। সেই কথাতে ককায়েক খুন্‌লুঙ্গে খং কৰি চীন দেশলৈ গুচি যায়; আৰু তাত তেওঁ সুকীয়াকৈ এখন ৰাজ্য পাতিলেগৈ। সেই ৰাজ্যকে খেহদেশ বোলা হয়। তাৰ পাচত, ভায়েক খুন্‌লাই মুংৰিংমুৰাম ৰাজ্যতে ভালেমান বছৰ ৰজা হৈ আছিল। কিন্তু, তেওঁৰ সন্তান নাছিল। সেই কাৰণে, তেওঁ ঢুকালত ককায়েক খুন্‌লুঙ্গৰ ফৈদৰ কোৱঁৰ আনি মুংৰিমুংৰামত ৰজা পতা হল।

 টাই জাতিৰ মানুহ বৰ বলী, সাহী আৰু ৰণুৱা আছিল। সিবিলাকে ৰজাক ঈশ্বৰ-যেনকৈ মানিছিল। সিবিলাকৰ ৰাজভক্তি [ ১৫ ] অতি সৰল আৰু গভীৰ আছিল। ৰজাৰ হৈ ৰণ দিবলৈ সিবিলাক সদায় সাজু। সিবিলাকে কাৰ্ফাই-ধেনু, নাকৈ-দা, ঢাল-তৰোৱাল, কাঁড়-ধেনু, যাঠী, বৰছা, বাৰু এইবোৰ অস্ত্ৰেৰে ৰণ কৰিছিল। সিবিলাকৰ ৰণ কৰাৰ নিয়ম অতি বিতোপন আছিল। সিবিলাকে একে খেপতে আটাইবিলাক ৰণুৱা ৰণত নলগাইছিল। ঠায়ে-ঠায়ে ৰণুৱা ৰখাৰ কোঁঠ আছিল। এটা কোঁঠৰ ৰণুৱাই আন কোঁঠৰ ৰণুৱাক সহায় কৰিব পৰাকৈ দিহাকৰণ হৈছিল। শত্ৰুৰ অলেখ-লেখ বুজি বতৰা দিবলৈ চোৰাংচোৱা, চৰীয়া, ৰিপুৱা এনেবিলাক কৰ্ম্মচাৰী আছিল। আৰু, ঘোঁৰাৰ ডাকেৰে ৰণৰ বাতৰি ৰজাক নিতৌ জনাই থকাৰ নিয়ম আছিল।

 টাই জাতিৰ মানুহ বৌদ্ধ ধৰমী আছিল। সিবিলাকে এজন ঈশ্বৰক মাথোন মানিছিল। “অহিংসা পৰম ধৰ্ম্ম" এই বাক্য সিবিলাকৰ ধৰ্ম্মৰ মূলমন্ত্ৰ আছিল। কিন্তু, দেশ জয় কৰাৰ উদ্দেশে সিবিলাক উত্তৰলৈ উজাই আহোঁতে, সেই অঞ্চলৰ পাহাৰী প্ৰজা- বিলাকৰে সৈতে লগালগি হোৱাৰ বাবে পাচলৈ সিবিলাকৰ সেই ধৰ্ম্ম-আচৰণত ভাঁজ লাগিছিল।

 টাই জাতিৰ সুকীয়া সাহিত্য আছিল। টাই ভাষাত সকলো বিষয়ৰ পুথি লিখা হৈছিল। সেই পুথিবিলাক পয়াৰ ছন্দত ৰচনা কৰা হৈছিল। জ্যোতিষ শাস্ত্ৰৰ চৰ্চ্চাত টাই জাতি বৰ পাকৈত আছিল। সিবিলাকৰ জ্যোতিষ-গণনা বৰ ঠিক আছিল। বুৰঞ্জী লিখাৰ পাকত টাই জাতি পৃথিবীৰ সভ্যজাতিৰ মাজত এটা জিলিকি [ ১৬ ] থকা জাতি। টাই ভাষাত লিখা বুৰঞ্জী পুথি এতিয়াও অলেখ আছে। আগৰ দিনত টাই জাতিৰ নিচিনাকৈ বুৰঞ্জীৰ মোল বুজা জাতি পৃথিবীত নিচেই তাকৰ হে আছিল। নিৰ্ম্মল পানীৰ মোল টাই জাতিয়ে ভালকৈ বুজিছিল। পানী নিকা ৰাখিবলৈ ৰহঢলা প্ৰথা সিবিলাকৰ সুকীয়া আছিল। সেই কাৰণে, সিবিলাকৰ যতে বসতি, ততে ৰহঢলা পুখুৰী আছিল। সিবিলাকৰ এৰা-ৰাজ্যত আজিকালিও হাবিয়ে-বননিয়ে ৰহঢলা পুখুৰী দেখিবলৈ পোৱা যায়। তাৰ পানী অদ্যাপি নিকা। পাচলৈ টাই জাতিক অসম বা অহম বোলা হয়। আজিকালি সেই অহম জাতিকে আহোম বোলা হৈছে। আৰু সেই অহম নাম অনুসাৰেই আজিকালি এই দেশৰ নাম অসম বা আসাম হৈছে। আৰু, সেই টাইভাষাকে আজিকালি আহোম ভাষা বোলে।

 মুঠ্‌-কথা।—টাই জাতি শ্যাম প্ৰদেশৰ মানুহ। শ্যাম প্ৰদেশ বৰ্ম্মা দেশৰ ভিতৰত। টাই জাতিৰ মানুহ বৰ বলী, সাহী আৰু ৰণুৱা আছিল। সিবিলাক বৰ ৰাজভক্ত। ৰজাক সিবিলাকে ঈশ্বৰযেন জ্ঞান কৰিছিল। টাই জাতি বৌদ্ধ ধৰমী আছিল। সিবিলাকৰ সুকীয়া সাহিত্য আছিল। টাই ভাষাত অলেখ বুৰঞ্জী আৰু ধৰ্ম্ম-পুথি আছে। এই পুথিবিলাক পয়াৰ ছন্দত ৰচনা কৰা হৈছিল। টাই জাতিয়েই অসমদেশৰ আহোম জাতিৰ আঁতি-গুৰি। আৰু, টাই-ভাই আহোম-ভাষা। ইয়াৰ পাচৰ পিঠত এই বিষয়ে ভাঙ্গি কোৱা হৈছে।