পৃষ্ঠা:বুৰঞ্জীবোধ.djvu/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩
মছলমানৰ অসম আক্ৰমণ।

কাৰণে সিবিলাকক আৰু সিবিলাকৰ নাতি-পুতিসকলক “গোৰীয়া” বোলা যায়। যি হওক, তেনে এটা কাৰণতে অসমৰ মছলমান- সকল চহা মানুহৰ মাজত অদ্যাপি “গৰীয়া” নামে খ্যাত। এই নামত কোনোৱে ওপৰুৱাকৈ চাই বেয়া আখ্যা দিব পাৰে; কিন্তু ইয়াৰ আঁতি-গুৰি বিচাৰি চালে দেখা যায় যে, ই এটা ওখখাপৰ বুৰঞ্জীমূলক নাম। অসম দেশৰ “অসম” নামৰ মূল “অহম” নামত আহোমসকলৰ যি গৌৰৱ, “গোৰীয়া” নামত অসমৰ মছলমানসকলৰ সেই গৌৰৱ ৰৈছে।