গুৰি হল গৃহ-কন্দল। নীলাম্বৰ ৰজাৰ ঘাই মন্ত্ৰী শচীপত্ৰৰ এজন পুতেক আছিল। তেওঁৰ নাম মনোহৰ। মনোহৰ বৰ ৰূপহ ডেকা আছিল। পিছে, একেৰিমান ভিতৰুৱা কথাত তেওঁৰ ওপৰত চোভা কৰি ৰজা বিতুষ্ট হল। সেই আপাহতে, তেওঁক বধ কৰাই তেওঁৰ মাংস গোপনে ৰন্ধাই পিতাকক খুউৱা হল। পাচত, সেই কথাৰ সম্ভেদ পাই, মন্ত্ৰী শচীপাত্ৰই বৰ বেজাৰ পালে। আৰু, তাৰ প্ৰতিশোধ দিবৰ মনেৰে তেওঁ গোপনে গৌৰ দেশৰ নবাব হোচেনচাহৰ কাষ চাপিলগৈ। তাৰ পাচত, ১৪৯৮ খ্ৰীষ্টাব্দত ভালেমান মছলমান ৰণুৱাৰে সৈতে শচীপাত্ৰই নীলাম্বৰৰ ৰাজধানী কমতাপুৰ আক্ৰমণ কৰিলেহি। দুয়ো পক্ষৰ মাজত তয়াময়া ৰণ লাগিল। অন্তত, বলেৰে নোৱাৰি, মছলমান সেনাপতিয়ে ছলেৰে ৰণত জিকি নীলাম্বৰক বন্দী কৰিলে। কমতাপুৰত মছলমান অধিপতি হল।
মুঠ্-কথা।—জীতাৰি বংশৰ পাচত, এই দেশত পালবংশী ৰজাই দুশ বছৰ ৰাজত্ব কৰে। তাৰ পাচত খেন বংশী ৰজা হয়। নীলধ্বজ খেন বংশৰ আদি-ৰজা। তেওঁ গৰখীয়া লৰাৰপৰা ৰজ হৈছিলগৈ। এই বংশৰ ৰজাৰ দিনতে মুছলমানে পোন্-প্ৰথম চাৰিবাৰ এই দেশ আক্ৰমণ কৰেহি। প্ৰথমবাৰত যিবিলাক মছলমান ইয়াত বন্দী হৈ ৰৈছিল, সিবিলাকেই এই দেশৰ মছলমানৰ আদিপুৰুষ। সিবিলাক দিল্লীৰ সম্ৰাট মহম্মদ গোৰীৰ মানুহ; সেই আপাহতে সিবিলাকক “গোৰীয়া” বোলা হয়। আৰু কোনোৱে কয় যে, মছলমানৰ এই আদিপুৰুষসকল গৌৰদেশৰ মানুহ