পৃষ্ঠা:বুৰঞ্জীবোধ.djvu/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩। পাঠ।
অসমত মছলমান।
পাল আৰু খেন বংশী ৰজা।

 আৰিমত্ত ৰজাৰ বংশ লোপ পোৱাৰ পাচত, এই দেশত পালবংশী ৰজাই দুশমান বছৰ ৰাজত্ব কৰিছিল। পালবংশী ভালেমান ৰজাৰ নাম পোৱা যায়; তাৰ ভিতৰত ব্ৰহ্মপাল, ৰত্নপাল, পুৰন্দৰপাল, ইন্দ্ৰপাল, কুমাৰপাল, ধৰ্ম্মপাল এই কেইজন প্ৰধান আৰু প্ৰখ্যাত।

 নীলধ্বজ।—পালবংশী ৰজাৰ পাচত, এই দেশত খেনবংশী ৰজা হয়। নীলধ্বজ এই বংশৰ আদি-ৰজা। তেওঁ মেছ জাতৰ এটা টোকোনা মানুহৰ লৰ। সৰুতে তেওঁৰ নাম কান্তনাথ আছিল। কানাথৰ বাপেকৰ নাম ভক্তেশ্বৰ, আৰু মাকৰ নাম অঙ্গনা। কান্তনাথৰ নিচেই লাকালতে বাপেক ঢুকাল। গতিকে, তেওঁৰ দুখ আগতকৈও বাঢ়িল। বাঁৰী মাকে ভৰিবৰ আন উপায় নাপাই কান্তক এজন বামুণৰ ঘৰত গৰখীয়া দিলেগৈ। কান্তনাথ বৰ সুলক্ষণীয়া, বুদ্ধিয়ক আৰু সঙ্গ চৰিত্ৰৰ লৰা আছিল। তেওঁ সেই গৰখীয়া অৱস্থাৰপৰা নিজৰ বুদ্ধি, চৰিত্ৰ আৰু ভাগ্যৰ বলত ক্ৰমাৎ উদ্গতি কৰিবলৈ ধৰিলে; আৰু কালত তেওঁ এই দেশৰ ৰজা হৈ