পৃষ্ঠা:বুৰঞ্জীবোধ.djvu/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১
পাল আৰু খেন বংশী ৰজা।

এই আক্ৰমণত তেওঁ নীলধ্বজ ৰজাৰ ৰাজ্যৰ এছোৱা দখল কৰি তাৰপৰা ৰাজহ আদায় কৰিছিল।

 মছলমানৰ তৃতীয় আক্ৰমণ।—গিয়াছুদ্দিনৰ পাচত, ইখ্‌টীয়াউদ্দিন মল্লিক যুজবেক নামে আন এজন বঙ্গদেশৰ চুদাৰে ১২৫৭ খ্ৰীষ্টাব্দত এই দেশ আক্ৰমণ কৰেহি। তেতিয়া খৰালি। বৰৰ সুচল পাই প্ৰথম হেঁচাত তেওঁ প্ৰাগজ্যোতিষ্‌পুৰ দখল কৰি বহিছিল। কিন্তু, যেতিয়া বাৰিষা পৰিল, তেতিয়া মছলমান সেনাক নানা তৰহৰ অসুবিধাই বেৰি ধৰিলে। সেই ছেগতে নীলধ্বজ ৰজাৰ সৈন্যবিলাকেও উলটি সিবিলাকক হেঁচি ধৰিলেহি। এনে অৱস্থাত সৈন্য-সমলৰে সৈতে মল্লিক কামৰূপৰ সেনাপতিৰ হাতত বন্দী হল, আৰু কিছুমান দিনৰ পাচত তাতে তেওঁ নৰিয়া পৰি মৰিল।

 নীলাম্বৰ।—নীলধ্বজৰ পাচত, পুতেক দুৰ্ল্লভনাৰায়ণ, তেওঁৰ পাচত তেওঁৰ পুতেক চক্ৰধ্বজ ৰজা হয়। চক্ৰধ্বজ ৰজা ঢুকালত তেওঁৰ পুতেক নীলাম্বৰ ৰাজপাটত উঠিল। নীলাম্বৰ বৰ পৰাক্ৰমী ৰজা আছিল। তেওঁ নিজ বিক্ৰমেৰে পিতাকৰ দিনৰ ৰাজ্য ভালেমানলৈকে বহলালে। আন কি, তেওঁ বঙ্গদেশৰ এছোৱা তেওঁৰ ৰাজ্যৰ ভিতৰ কৰি লৈছিল। কিন্তু, অৱশেষত তেওঁৰ দিনতে পিতৃৰাজ্য ধ্বংস হয়, আৰু মুছলমানে ঠগ্‌‌ কৰি এই দেশ গোটইখন তেওঁৰপৰা কাঢ়ি লয়।।

 মছলমানৰ চতুৰ্থ আক্ৰমণ।—নীলাম্বৰ ৰজাৰ দিনতে মছলমানে চতুৰ্থবাৰ এই দেশ আক্ৰমণ কৰেহি। ইয়াৰ