বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি/সৰু সৰু কথাৰে
আঠ
সৰু সৰু কথাৰে
বাগ্মিতা ইন্দিৰা মিৰিৰ এক ঈশ্বৰ প্ৰদত্ত গুণ বুলিব পাৰি। স্কুল আৰু কলেজীয়া জীৱনত সংস্কৃতৰ ছাত্ৰী এই মহিলা গৰাকীৰ সংস্কৃততো দখল আছে। গীতা, উপনিষদ, ৰবীন্দ্ৰ সাহিত্য আদিৰ পৰা উদ্ধৃতি দি তেওঁ যেতিয়া বক্তৃতা দিয়ে সভাঘৰ কাঁহ পৰি জীন যায়। ভাষণ দিওঁতে তেওঁ কেতিয়াও প্ৰসংগৰ পৰা আতৰি নেযায়; তেওঁৰ ভাষা অলংকাৰময়, শব্দ চয়ন আৰু প্ৰকাশভংগী অতি মনোগ্ৰাহী। এনেবোৰ গুণৰ বাবেই সভা সমিতিত উপস্থিত থাকিলে সভানেত্ৰী বা বিশিষ্টা অতিথিৰ আসনখন তেওঁকেই যচা হয়। ইংৰাজী বা বঙলা ভাষাত কথা ক'লে সেয়া তেওঁৰ মাতৃভাষা যেনহে অনুভৱ হয়। গুৱাহাটী অনাতাঁৰ কেন্দ্ৰযোগে প্ৰচাৰ হোৱা তেওঁৰ কথিকা কেইটিও সুন্দৰ উচ্চাৰণ, অনন্য নিবেদন শৈলীৰ গুণত বিশেষ ভাৱে আকৰ্ষণীয় হৈছিল। স্বামী জীৱিত থকা সময়তে এবাৰ মিচিং জনগোষ্ঠীৰ বছৰেকীয়া সাংস্কৃতিক সভা ‘বানে কেবাঙ’ত তেওঁক সভানেত্ৰীত্ব কৰিবলৈ মতা হৈছিল। মিচিং সমাজৰ ইতিহাসত তেনে এখন বিশাল ৰাজহুৱা সভাত এগৰাকী মহিলা সভানেত্ৰীৰ আসনত বহা সেয়ে প্ৰথম।
প্ৰাচীন ভাৰতীয় সংস্কৃতিৰ প্ৰতি অত্যন্ত শ্ৰদ্ধাশীল ইন্দিৰা মিৰি আজিৰ সমাজত মূল্যবোধৰ অবক্ষয়, আদৰ্শৰ স্খলন দেখি অত্যন্ত ব্যথিত। বহু প্ৰলোভনৰ পৰিস্থিতিতো সৎ নিকা পথৰ পৰা বিচ্যুত নোহোৱা পুৰণি দিনৰ এই লোকসকলে পৰবৰ্ত্তী প্ৰজন্মৰ ঘৃণনীয় অৰ্থলিপ্সা, ভ্ৰষ্টাচাৰ দেখি প্ৰমাদ গণে –“দেশৰ হিংসা জৰ্জৰিত অৱস্থাই মনলৈ খুবেই অশান্তি আনে, পিছে একো কৰাৰ উপায় নেদেখো, সামৰ্থ্যও নাই, মোৰ অনুভূতি অৰণ্যৰোদনহে।” নাৰী-মুক্তিৰ নামত তিৰোতাই জাতীয় কৃষ্টি-পৰম্পৰা বিসৰ্জন দিয়াটো তেওঁ মুঠেই নিবিচাৰে। ৰাষ্ট্ৰমাতা কস্তুৰবাৰ মৃত্যুতিথি উপলক্ষে ১৯৯৯ চনত স্থানীয় শৰণীয়া আশ্ৰমত আয়োজিত “মাতৃ দিৱসৰ’সভাত তেওঁ কৈছিল,” মাতৃ দিৱসৰ মূল কথা হৈছে মাতৃ চেতনা জাগ্ৰত কৰাৰ প্ৰচেষ্টা। স্বেচ্ছাসেৱীসকলে গাঁৱে ভূঁয়ে গৈ মাতৃৰ স্বাভাবিক গুণৰাশি বিকশিত কৰি তোলাত সহায় কৰিব লাগিব।---- আমাৰ দেশত বৰ্ত্তমান আদৰ্শৰ বিভ্ৰাট। নাৰী মুক্তি আন্দোলন তাৰ এটা প্ৰধান কাৰণ। নাৰীৰ স্বাভাবিক গুণবোৰ আজি আমি পাহৰি গৈছো; জ্ঞান-বিজ্ঞানৰ ক্ষেত্ৰত আমি তুংগত উঠিছো, আনহাতে হেৰুৱাইছো নাৰীৰ [ ৫২ ] স্বাভাবিক গুণ।” নাৰীৰ সামাজিক, শৈক্ষিক উন্নয়ন আৰু সনাতন ভাৰতীয় ঐতিহ্যৰ সংৰক্ষণ-দুয়োটা দিশত সমতা ৰক্ষা কৰি মহিলাসকল আগবঢ়াৰ সপক্ষে তেওঁ মত পোষণ কৰে। ইন্দিৰা মিৰিৰ স্বকীয় জীৱন-যাত্ৰাৰ প্ৰণালী এই ক্ষেত্ৰত এক দৃষ্টান্ত স্বৰূপ। অন্ন-সংস্থানৰ দায়ত তেওঁ ঘৰ-দুৱাৰ এৰি নেফাৰ শীৰ্ষ শিক্ষা-বিষয়া ৰূপে দায়িত্বপূৰ্ণ চৰকাৰী চাকৰিত আছিল যদিও তেওঁ নিজৰ নাৰীসুলভ গুণবোৰ বজাই ৰাখিবলৈ সততে চেষ্টা কৰিছিল; ঘোৰাত উঠি, বুটজোতা পিন্ধি, হাবি-বননি ভাঙি স্কুল পাতিবলৈ বা পৰিদৰ্শন কৰিবলৈ গৈছিল যদিও তেওঁৰ মাতৃসুলভ আচৰণে ছাত্ৰ-শিক্ষক-অভিভাৱক সকলোকে মুগ্ধ কৰিছিল। ঘৰৰ পৰা ইমান দূৰৈত থাকি চাকৰি কৰিবলৈ যোৱা শিক্ষক, বিষয়া, কৰ্ম্মচাৰী সকলোকে মৰম চেনেহৰ ডোলেৰে এটি পৰিয়ালৰ দৰে বান্ধি ৰাখি তেওঁ ৰাইজৰ সেৱাৰ বাবে কিদৰে উদ্বুদ্ধ কৰিছিল সেই কথা বৰ্ত্তমানে বাচি থকা তেওঁৰ তলতীয়া শিক্ষক-কৰ্ম্মচাৰীয়ে এতিয়াও সোঁৱৰে। সেয়ে তেওঁক নেফাত সকলোৱে মা, বাইদেউ, নানে আদি পাৰিবাৰিক সম্বোধনেৰেহে মাতিছিল। অৱশ্যে সেইবুলি তেওঁ শাসনৰ বাঘজৰিদালো ঢিলাই দিয়া নাছিল। ব্যস্ত চাকৰিয়াল বুলি ৰান্ধনীশালৰ সৈতে সম্পৰ্ক তেওঁ কাহানিও ছেদ কৰা নাছিল আৰু আজিও কৰা নাই। বয়সৰ লেখেৰে নব্বৈ পাৰ হোৱা মানুহ গৰাকীয়ে নিতৌ ৰন্ধা বঢ়াৰ বাবে পাচলি কাটি-কুটি দিয়ে, মাজে সময়ে পাকঘৰ সোমাই ইখন সিখন ৰান্ধে। ৰন্ধা বঢ়াত তেওঁৰ বৰ চখ। নিজে ৰান্ধি খাই, আনকো খুৱাই তেওঁ বৰ তৃপ্তি পায়।
আন এক উল্লেখযোগ্য কথা, ইন্দিৰা মিৰিয়ে ৮০/৮১ বছৰ বয়সলৈকে অসমীয়া তাঁতশালত কাপোৰ বৈছিল। সংস্থানহীনা কোনো মহিলাই ভাতমুঠিৰ বাবে বয়সলৈকে তাঁতশালখন চলাই থকাটো বেলেগ কথা, কিন্তু তেওঁৰ সেই সমস্যা নাছিল; অসমীয়া গৃহস্থীৰ সংস্কৃতি বজাই ৰখাৰ স্বাৰ্থতহে তেওঁৰ প্ৰিয় সেই শিল্পৰ অনুশীলন চলাই আছিল। তাহানি কলিকতাৰ স্কুলত পঢ়ি থকা অৱস্থাত বন্ধত ঘৰলৈ আহোতে ঘৰৰ তাঁতশালতে বোৱা-কটাৰ প্ৰাথমিক শিক্ষা লৈছিল যদিও স্বামীৰ কাৰ্য্যক্ষেত্ৰ বাগুৰিত, মাজে সময়ে তেওঁলোকৰ লগত থাকিবলৈ অহা ডাঙৰ জাগৰাকীৰ পৰাই সেই বিদ্যা ভালকৈ আয়ত্ব কৰে। শদিয়া আৰু মাৰ্ঘেৰিটাত শিক্ষা-বিষয়া হৈ থকা অৱস্থাতো তেওঁ ঘৰত তাঁতশাল পাতি আজৰি পৰত তাঁতত বহিছিল। অৱসৰৰ পিছতো গুৱাহাটীৰ ঘৰত তাঁতশাল পাতি গামোছা, নেপকিনৰ কাপোৰ আদি বৈ লৈছিল আৰু আনকো উপহাৰ দিছিল। অকল কাপোৰ বোৱাই নহয়, জাৰকালি উলশলা লৈ শ্বাল, চুয়েটাৰ আদি গোথাৰ অভ্যাস এতিয়াও এৰি দিয়া নাই।
১৯৩৯ চনত স্বামী ঢুকাবৰ সময়ত তেওঁৰ বয়স ডেৰকুৰি বছৰো পূৰা হোৱা নাছিল। কিন্তু কপাল উকা হোৱা দিন ধৰি তেওঁ সম্পূৰ্ণ বগা সাজেৰে যি মহাশ্বেতা ৰূপ [ ৫৩ ] ধাৰণ কৰিলে আজিলৈকে তাৰ পৰা তিলমাত্ৰও ইফাল সিফাল নহ’ল। অ’লৈ ত’লৈ গলে কাচিৎ উকা পাটৰ মেখেলা এখন পিন্ধে যদিও তেওঁৰ সৰ্ব্বকালৰ সাজ হ’ল বগা পপলিন কাপোৰৰ মেখেলা, উকা পাৰিৰ চাদৰ আৰু শুধ বগা এটি ব্লাউজ। গহনা গাথৰি বুলিবলৈ বিদ্যাই তেওঁৰ একমাত্ৰ অলংকাৰ।
আমাৰ সমাজত এষাৰ কথা আছে, যি জীয়ৰীক ওচৰ চুবুৰীয়াই ভাল বোলে, যি বোৱাৰীক শহুৰৰ ঘৰৰ লোকে ভাল বোলে তেওঁলোক হে প্ৰকৃতাৰ্থত ভাল জীয়ৰী, ভাল বোৱাৰী। ১৯৩২ চনতে ইন্দিৰা মিৰিৰ এটি মিচিং পৰিয়ালৰ সৈতে বৈবাহিক সম্বন্ধ ঘটিছিল। আৰ্থিক, সাংস্কৃতিক দিশত দুয়োঘৰ মিতিৰৰ যথেষ্ট পাৰ্থক্য আছিল। তদুপৰি বিয়াৰ সাতবছৰ পিছতে তেওঁ স্বামীক হেৰুৱাইছিল। তত্ৰাচ ওৰেটো জীৱন যে তেওঁ স্বামীৰ পৰিয়ালৰ সৈতে সৌহাৰ্দ্য ৰক্ষা কৰি চলি আছে সেয়া সমন্বয়ৰ এক মহান দৃষ্টান্ত। মহীচন্দ্ৰ মিৰি ভায়েক আই এ এছ বিষয়া শ্ৰীৰজনীকান্ত পাতিৰদেৱে, স্বৰচিত Dawn in the East নামৰ গ্ৰন্থত তেওঁৰ জীৱন গঢ়াত ককায়েক-বৌয়েকৰ যি গুৰুত্বপূৰ্ণ ভূমিকা তাক সুন্দৰ ভাৱে বৰ্ণাইছে। সেই ইংৰাজী গ্ৰন্থখনিৰ কিয়দংশৰ হুবহু অসমীয়া ভাঙনি পাঠকলৈ আগবঢ়োৱা হ’লঃ-
“আমাৰ শিক্ষা-দীক্ষা সম্পৰ্কে অতি সজাগ দাদা মহীচন্দ্ৰ আমি পঢ়ি থকা ঢকুৱাখানা স্কুলৰ শিক্ষা-ব্যৱস্থাত মুঠেই সন্তুষ্ট নাছিল। বিয়াৰ পিছত তেওঁ আমাক (দুই বৈমাত্ৰেয় ভাই ৰজনী আৰু ধনসিং) গুৱাহাটীৰ নিজৰ ভাড়া ঘৰলৈ আনে আৰু চহৰৰ নামজ্বলা শিক্ষানুষ্ঠান মানিক চন্দ্ৰ মধ্য ইংৰাজী বিদ্যালয়ত নাম লগাই দিয়ে।।----- দাদাৰ সতৰ্ক দৃষ্টি আৰু বৌদেউৰ মাতৃসুলভ মৰম-চেনেহ আৰু উদাৰতাৰ পৰিবেশত আমি দুয়োজনে শিক্ষাৰ এক দৃঢ় ভেটি গঢ়ি তুলিবলৈ সক্ষম হওঁ। বৌদেৱে আমাক অসমীয়া ভাষা শিকালে আৰু অসমীয়া সংস্কৃতিৰ সৈতেও পৰিচয় কৰাই দিলে। কিছুদিন পিছত আমি চেনিকুঠিৰ ভাড়াঘৰ এৰি শিলপুখুৰীত থকা বৌদেউহঁতৰ পিতৃগৃহলৈ আহো। তাত থকা সময়ছোৱাতে আমি সেনাপতি পৰিয়ালৰ সৈতে অতি ঘনিষ্ঠ হৈ পৰিছিলো। সেই আত্মীয়তাৰ সম্পৰ্ক আজিও অব্যাহত আছে। পিছত দাদা যোৰহাটলৈ বদলি হোৱাত তেওঁলোকে আমাকো লগতে লৈ যায় আৰু যোৰহাটৰ গভৰ্নমেন্ট হাইস্কুলৰ ষষ্ঠ শ্ৰেণীত নাম লগাই দিয়ে। সেই সময়তে আমাৰ ভতিজা ৰামেশ্বৰো আহি আমাৰ লগ লাগে আৰু দাদা মহীচন্দ্ৰই দুই ভাই আৰু ভতিজাকক মানুহ কৰাৰ দায়িত্ব কান্ধ পাতি লয়। তেওঁৰ অভিভাৱকত্বত ইয়াতে আমি পোন প্ৰথমে হোষ্টেল জীৱনৰ সোৱাদ পাওঁ। ---- যোৰহাটত দুবছৰ কটোৱাৰ পিছত দাদাৰ চাকৰি গোলাঘাটলৈ স্থানান্তৰ হয়। তেওঁ আমাৰ দুই ভাই আৰু ৰামেশ্বৰকো স্কুল এৰুৱাই লগতে নি গোলাঘাটৰ বেজবৰুৱা হাইস্কুলৰ অষ্টম শ্ৰেণীত নাম ভৰ্ত্তি কৰি দিয়েগৈ। [ ৫৪ ] এবছৰ পিছত আমাৰ পৰিয়াললৈ এক কাল দুৰ্যোগৰ অন্ধকাৰ নামি আহিল। ---- ১৯৩৯ চনৰ জুলাই মাহত দাদাৰ আকস্মিক মৃত্যুৰ পিছত শোকাকুল দিশহাৰা বৌদেৱে তেওঁৰ তিনিবছৰীয়া পুত্ৰ, এবছৰীয়া কন্যা আৰু গৰ্ভস্থ সন্তানটিৰে শ্বিলঙৰ পিতৃগৃহত আশ্ৰয় লয়গৈ।
“দাদা-বৌদেউৰ আশ্ৰয়ত আমাৰ নিশ্চিন্ত সুখৰ ছাত্ৰ-জীৱন এইদৰে থানবান হৈ যোৱাত ধনসিং আৰু ৰামেশ্বৰ ঢকুৱাখানা হাইস্কুলত পঢ়িবৰ বাবে ঘৰলৈ উলটি গ’ল। মই গোলাঘাটতে আমাৰ চিনাকী এটি কাৰ্বি পৰিয়ালত কেইমাহমান কটাই পিছত হোষ্টেললৈ যাওঁ আৰু ১৯৪০ চনত মেট্ৰিক পৰীক্ষা দি উত্তীৰ্ণ হওঁ।
১৯৪২ চনত মই শ্বিলঙলৈ গৈ চেন্ট এন্থনী কলেজত নাম লগালো আৰু বৌদেউৰ সৈতে তেওঁৰ পিতৃগৃহতে থাকিবলৈ ল’লো। কিন্তু বৌদেউ আৰু তেওঁৰ পিতৃৰ বোজা হৈ থাকিবলৈ ভাল নলগাত ভাৰতীয় সৈন্যবাহিনীত হাবিলদাৰ ক্লাৰ্ক হিচাপে সোমাই ট্ৰেইনিঙৰ বাবে জব্বলপূৰলৈ যাত্ৰা কৰিলো।
উপৰোক্ত বিবৰণৰ পৰাই অনুমান কৰিব পাৰি স্বামীৰ পৰিয়ালৰ প্ৰতি ইন্দিৰা মিৰিৰ মৰম-স্নেহ, দায়িত্ব ও কৰ্ত্তব্যবোধ কিমান আছিল। এইখিনিতে উল্লেখযোগ্য, শ্ৰীপাটিৰে কিছুদিন পিছত সৈন্যবাহিনী এৰি আহি চৰকাৰী বৃত্তি লৈ আগ্ৰাৰ কৃষি কলেজত পঢ়ি কৃষি স্নাতক হৈ ওলাই আহে আৰু বৌয়েকে নেফাৰ কৃষি বিভাগৰ মূৰব্বী বিষয়া আৰ এন গিডৱানীক কৈ তেওঁৰ বিভাগতে চাকৰি দিয়ায়। সুদীৰ্ঘ কাল অতি নিষ্ঠা আৰু দক্ষতাৰে সেৱা আগবঢ়াই অৱশেষত নেফাৰ চীফ্ চেক্ৰেটাৰী ৰূপে শ্ৰীপাটিৰে অৱসৰ গ্ৰহণ কৰে। ৰাজসেৱাত বাদেও নানা জনহিতকৰ কাৰ্য্যৰ দ্বাৰা অৰুণাচল প্ৰদেশত তেওঁ চিৰনমস্য হৈ ৰ’ল।
অৱসৰৰ পিছত তেওঁ গুৱাহাটীতে ঘৰ সাজিব খোজাত শ্ৰীমতী মিৰিয়ে সামান্য দামত নিজৰ ঘৰৰ দাঁতিতে এডোখৰ মাটি তেওঁক দিয়ে। বৌয়েকৰ ঘৰতে শ্ৰীপাটিৰ আৰু তেওঁৰ পত্নী সুৰবালা পাটিৰ কিছুদিন থাকি ঘৰ সজা কাম সম্পূৰ্ণ কৰে। সম্প্ৰতি বৌয়েক-দেওৰেক দুয়ো আপোন ভাই-ভনীৰ দৰে ইঘৰে সিঘৰৰ দুখ সুখৰ সমভাগী হৈ প্ৰতিবেশীৰূপে কাল কটাইছে।
জন্মৰ তিনিদিনৰ পিছতে মাতৃহাৰা হোৱা সহোদৰ ভাই কোকনদক ওৰেটো জীৱন ইন্দিৰা মিৰিয়ে মাতৃৰ মৰম দিছিল। সংস্থানহীন ভায়েকক বাইদেৱেকে নিজৰ মাটিতে হাঁহ-কুকুৰা পাম খোলাৰ ব্যৱস্থা কৰি দি অন্ন-সংস্থানৰ পথ উলিয়াই দিছিল, বিয়া-বাৰু পাতি দি নিজৰ মাটিতে থাকিবলৈ দিছিল। দুৰ্ভাগ্যবশতঃ ভায়েকৰ অকাল মৃত্যু হোৱাত শিশু কন্যাটিৰে বিধৱা গৰাকীক তেওঁ নিজৰ লগলৈ আনিছিল। পিছত অৱশ্যে ঘৰ-দুৱাৰ সাজি তেওঁলোকে নিজাকৈ থাকিবলৈ লয়। [ ৫৫ ] শিলপুখুৰী অঞ্চলৰ পৈত্ৰিক মাটিত সেনাপতি পৰিয়ালৰ ভাই-ভনী-ভতিজাসকলৰ অধিকাংশই ওচৰা ওচৰিকৈ বাস কৰে। ইন্দিৰা মিৰি তেওঁলোক আটাইৰে বাবে ভৰষাৰ থল – friend, philosopher and guide. কোনোবাজন কিবা জটিল সমস্যাৰ সন্মুখীন হলেই দিহা ভৰষা বিচাৰি তেওঁৰ ওচৰলৈ লৰি আহে। অকল পৰিয়ালৰ লোকক সহায় কৰাই নহয়, এইগৰাকী মহিলা তেওঁৰ সংস্পৰ্শলৈ অহা বহু দুখীয়া-নিচলা, সংস্থানহীন লোকৰ বাবেও ভগবান স্বৰূপ। তেনে বহুলোকক তেওঁ থাকিবলৈ মাটি দিছে; কোনোবাই সামান্য দাম দি কিনি লৈছে, অসমৰ্থ জনক হয়তো বিনামূল্যে দিছে। কোনোবাজনক নিজৰ প্ৰভাৱ খটুৱাই বা কাৰোবাক ধৰি-মেলি হলেও চাকৰি দিয়াইছে, আন এজনক হয়তো নিজেই সংস্থাপনৰ ব্যৱস্থা কৰি দিছে। শ্যামু শৰ্ম্মা, সেতু নেৱাৰ, শুকদেৱ যোশী নামৰ লোক কেইজনক তেওঁ বিনামূল্যে পাহাৰত থকা নিজৰ মাটিত সংস্থাপিত কৰিছে। তেওঁ যোৰহাটত থাকোতে চাকৰিত সুমুৱাই দিয়া শ্যামু শৰ্ম্মা নামৰ নেপালী ব্ৰাহ্মণৰ ল’ৰাজনক তেওঁৰ অৱসৰৰ অন্তত বহু চেষ্টাৰ মূৰত গুৱাহাটীলৈ বদলি কৰাই আনে। বিয়া-বাৰু পাতি দি নিজৰ মাটিতে সংস্থাপিত কৰা শ্যামু শৰ্ম্মাৰ এতিয়া উচ্চ শিক্ষিত ল’ৰা ছোৱালীৰে এখন সুখৰ গৃহস্থী। দহ বাৰ বছৰৰে পৰা তেওঁৰ ঘৰত বন কৰা লগুৱা হিচাপে থকা মতি নামৰ ল’ৰাজনক সংস্থানৰ পথ দি বিয়া-বাৰু কৰাই দি বহুদিন নিজৰ ঘৰতে ৰাখিছিল। মতিৰ কণ কণ ল’ৰা ছোৱালী দুটিয়ে তেওঁৰ কাষত আইতাকৰ মৰমেই পাইছিল। তেওঁলোকে ‘জয়কাই’ বুলি মতা এজন ডেকাক স্বৰ্গীয় মিৰিয়ে বাগুৰিত বন বিষয়া হৈ থাকোতে বন বিভাগত চাকৰি দি নিজৰ লগতে ৰাখিছিল। তেখেতৰ আকস্মিক মৃত্যুৰ পিছত পৰিয়ালটো শ্বিলঙলৈ গুছি আহিল; জয়ে সেই ঠাইত অকলশৰে থাকিবলৈ বেয়া পাই চাকৰিটো এৰি দি তেওঁলোকৰ লগতে গুছি আহে। বিলাতত পঢ়ি শুনি অহাৰ পিছত ইন্দিৰা মিৰি চাকৰি সূত্ৰে নেফালৈ যাবলৈ ওলোৱাত জয়কাই লগতে ওলাল। নেফাত উপস্থিত হৈ তেওঁৰ চিন্তা হ’ল - “এইখন ঠাইত আই অকলে কেনেকৈ থাকিব?” গতিকে জয়ো নেফাতে ৰৈ গ’ল। তেওঁক পোনতে পিয়ন হিচাপে ৰাখি শ্ৰীমতী মিৰিয়ে ড্ৰাইভিং শিকাই চৰকাৰী গাড়ীৰ ড্ৰাইভাৰৰ চাকৰি দিয়ালে। সেইদৰে ভাগ্য সুপ্ৰসন্ন হোৱাত গাঁৱৰ ঘৰলৈ আহি বিয়া-বাৰু কৰাই জয়কাই সংসাৰত প্ৰতিষ্ঠিত হ’ল। অৱসৰৰ পিছত সেইজন নিস্বাৰ্থ সেৱকৰ লীভাৰ কেঞ্চাৰত মৃত্যু হোৱাত তেওঁৰ স্নাতক ডিগ্ৰীধাৰী কন্যা এটিক ইন্দিৰা মিৰিয়েই কৈ মেলি মেডিকেল কলেজৰ দন্ত বিভাগত এটি চাকৰি দিয়ায়। সাধাৰণ মানুহৰ সমস্যাক এইদৰে নিজৰ সমস্যা হিচাপে লৈ সমাধানৰ পথ বিচাৰি দিয়া মানুহ আজিৰ পৃথিৱীত বিৰল। এতিয়ালৈকে তেওঁৰ ঘৰত বন কৰা প্ৰতিটো ল’ৰা ছোৱালীকে তেওঁ কিবা নহয় কিবা এটা সংস্থানৰ পথ উলিয়াই দিছে। “মই বন কৰা ল’ৰা-ছোৱালী ঘনাই সলাই নাথাকো, দোষে গুণেইতো মানুহহ্ল” [ ৫৬ ] সেয়া শ্ৰীমতী মিৰিৰ যুক্তিত তেওঁৰ লগত যোৱা ছয় সাত বছৰ ধৰি থকা সুখু নামৰ আদিবাসী সম্প্ৰদায়ৰ ল’ৰাজনেও এতিয়া মটৰ মেকানিকৰ কাম শিকি আছে।
ইন্দিৰা মিৰি আৰু ৰজনীকান্ত পাটিৰৰ উদ্যোগত মহীচন্দ্ৰ মিৰিৰ জন্মস্থান ঢকুৱাখানা অঞ্চলৰ সোনাৰি চাপৰি গাঁৱত সেইজনা বৰেণ্য ব্যক্তিৰ নামত ‘মহীচন্দ্ৰ মিৰি ছোৱালী হাই স্কুল’ স্থাপিত হয়। সেই স্কুললৈ শ্ৰীমতী মিৰিয়ে বুজন পৰিমানৰ আৰ্থিক সাহায্য আগবঢ়ায়। শিলপুখুৰীৰ ভিতৰুৱা অঞ্চল কন্বাচলত আইসকলে নাম ল’বৰ কাৰণে এটি নামঘৰ সাজিবলৈকো তেওঁ মাটি দান কৰে।
স্বাৱলম্বিতা তেওঁৰ চৰিত্ৰৰ এক উল্লেখনীয় বৈশিষ্ট্য। ইন্দিৰা মিৰি এগৰাকী প্ৰকৃতাৰ্থত স্বাধীন নাৰী। তেওঁৰ বৰপো-বোৱাৰী একেটা চৌহদতে থাকে যদিও তেওঁ পৰাপক্ষত কাকো আমনি নকৰে, নিজাববীয়াকৈ সংসাৰ-যাত্ৰা চলায়। উচ্চ চিন্তা, সৰল জীৱন তেওঁৰ আদৰ্শ। শাসক ও শিক্ষক হিচাপে অনুশাসনৰ ক্ষেত্ৰত দৃঢ় আৰু নীতিনিষ্ঠ হোৱা বাবে তেওঁ কিছুসংখ্যক লোকৰ অপ্ৰিয়ভাজন হোৱাটো স্বাভাবিক কথা। কিন্তু টান খোলাৰে আৱৰা নাৰিকলটোৰ ভিতৰত কোমল শাহ, সুস্বাদু পানী থকাৰ দৰে বাহিৰত কঠোৰ যেন লগা গহীন গম্ভীৰ প্ৰকৃতিৰ মানুহগৰাকীৰ এখন মৰমে উপচি পৰা সুকোমল হৃদয় আছে। ঘৰত বন কৰা ল’ৰাটো বা ছোৱালীজনীকো ‘দেউতা’বা ‘মাজনী’ বুলি মৰমেৰে সম্বোধন কৰা মানুহ সমাজত কেইজন ওলাব? মানুহগৰাকী শান্ত প্ৰকৃতিৰ, ধৰ্ম্মপ্ৰাণ, নিৰহংকাৰী। সম্পূৰ্ণ প্ৰচাৰ বিমুখ এই গৰাকী গুণৱতী মহিলাই উপযাচি নিজৰ প্ৰসংগ কেতিয়াও নুলিয়ায়। আগশাৰীৰ আন কিছুসংখ্যক মহিলাৰ দৰে নিজকে জাহিৰ কৰাৰ প্ৰবৃত্তি তেওঁৰ নাই। এক যুক্তিনিষ্ঠ মনৰ অধিকাৰী ইন্দিৰা মিৰিয়ে কুসংস্কাৰ, অন্ধ বিশ্বাস,অৰ্থহীন আবেগক প্ৰশ্ৰয় নিদিয়ে। ৰাজনীতিৰ প্ৰতি তেওঁ সমূলি আগ্ৰহী নহয়।
১৯৮৮ চনতে হৃদযন্ত্ৰৰ অসুখত ভোগাত দিল্লীৰ আয়ুর্বিজ্ঞান প্ৰতিষ্ঠানত তেওঁৰ দেহত পেচ মেকাৰ স্থাপন কৰা হয়। সম্প্ৰতি তেওঁৰ সাধাৰণ স্বাস্থ্য ভালেই। এই বয়সতো ভালদৰে চলাফুৰা কৰি আছে, চশমাৰ সহায় নোলোৱাকৈয়ে কিতাপ কাগজ পঢ়ে। তেওঁ অধ্যয়নশীল, অলপ অচৰপ লিখা-মেলাও কৰে। ১৯৭৫ চনত আৰ্ন্তজাতিক নাৰীবৰ্ষ উপলক্ষে চৰকাৰী উদ্যোগত যিখন আটকধুনীয়া স্মৃতি গ্ৰন্থ প্ৰকাশিত হৈছিল সেইখনৰ সম্পাদিকাৰ দায়িত্বত ইন্দিৰা মিৰি আছিল। সেই কষ্টসাধ্য কামত তেওঁক সহায় কৰিছিল প্ৰীতি বৰুৱা, জাহানাৰা বেগম, শুচিব্ৰতা ৰায়চৌধুৰী প্ৰমুখ্যে লেখিকা সকলে৷
ইন্দিৰা মিৰিৰ দৈনিক ৰুটিনখন মন কৰিবলগীয়া। তেওঁ দিনটোৰ সকলো কাম সদায় একেটা পৰতে কৰে। পুৱাতে উঠি এগিলাচ পানী খাই গা-পা ধুই গোসাঁই ঘৰত সোমায়। পূৰা এঘন্টা সময় প্ৰাৰ্থনা-সংগীত, ঘোষা-পদ গাই, ধৰ্ম্মগ্ৰন্থ পঢ়ি তাতে কটায়। [ ৫৭ ] তেওঁৰ গোসাঁই ঘৰত নামঘোষা, কীৰ্ত্তন, গীতা, উপনিষদ, ভাগৱত, বাইবেল, ব্ৰাহ্ম সংগীত আদি বিভিন্ন পুথি আছে৷ নামঘোষা তেওঁৰ প্ৰিয় গ্ৰন্থ। প্ৰাৰ্থনাৰ শেষত গাখীৰ কল,জলপানেৰে প্ৰাতঃভোজন কৰে। কিতাপ কাগজ পঢ়াৰ পিছত দহমান বজাত ফলৰ ৰস খায়। দুপৰীয়া কম পৰিমানে ভাতৰ সৈতে দাইল, মাছৰ জোল, শাক-পাচলি, চালাদ আদি খায়৷ মাংস, কনী নেখায়; ৰসগোল্লা তেওঁৰ প্ৰিয় মিঠাই। আবেলিৰ চাহ কাপেৰে সৈতে তেওঁ প্ৰায়ে এটা ৰসগোল্লা খায়। ৰাতি দাইল, সিজোৱা পাচলি আৰু এচকল ৰুটি খাই ন বজাত শুবলৈ যায়। তেওঁৰ ঘৰৰ পিছফালৰ অংশটো খোলা। তাত অনবৰত মুক্ত বায়ুৰ অবাধ চলাচল। তাতেই তেওঁ দিনটোৰ অধিকাংশ সময় অতিবাহিত কৰে। সেইখিনিতে থকা ডাঙৰ মেজখনত তেওঁৰ লিখা পঢ়া, খোৱা, আলহী সোধ-পোচ কৰা - সকলো কাম চলে। পিছ পিনৰ বাৰীত ফুল আৰু শাক পাচলিৰ খেতি। বাৰীত শাক পাচলি ৰুই নিজে খাই আনকো বিলোৱাত তেওঁৰ বৰ আনন্দ।
জীৱনৰ জোখ কথাৰে নহয়, কামেৰেহে হয়। ইন্দিৰা মিৰি কামৰ মানুহ। এই বয়সতো জনকল্যাণমুখী যি কোনো কামতে তেওঁ আগ্ৰহ প্ৰকাশ কৰে। আজিৰ পৰা তিনিকুৰি বছৰ আগতে অন্ধকাৰত ডুব গৈ থকা নেফাৰ গাঁৱে গাঁৱে তেওঁ যি জ্ঞানৰ বন্তি জ্বলাই আহিছিল আজি সি সহস্ৰ বন্তি হৈ অৰুণাচল প্ৰদেশ পোহৰাই তুলিছে। সেই সাৰ্থকতাৰ যি আনন্দ, যি তৃপ্তি, জীৱনৰ গধূলি বেলিকা সি তেওঁক সুখে শান্তিৰে জীয়াই থকাৰ অৱলম্বন দিছে। কৰ্ম্মযোগী সেই নাৰীৰ উত্তৰ পুৰুষলৈ বাণী – কৰ্ম্মত প্ৰবৃত্ত হোৱা – ‘সৰ্ব্বজন হিতায়, সৰ্ব্বজন সুখায়' সৃষ্টিশীল, অনিন্দ্য কৰ্ম্মত।
জীৱন-যুজৰ সাহসী যুজাৰু সেই মহীয়সী নাৰীলৈ অন্তৰৰ প্ৰণাম যাচিছো। ভাৰতীয় মহা মনীষাৰ প্ৰাণৰ যি আকুতি – “পশ্যেম শৰদঃ শতং/জীৱেম শৰদঃ শতং/শৃনুয়াম শৰদঃ শতম্” – সেই অভীপ্সাই যেন তেওঁৰ জীৱনত পূৰ্ণতা লাভ কৰে।
•••
এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।
এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।
ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে উপলব্ধ।