বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি/গুৰি শিপাৰ সন্ধান
এক
গুৰি শিপাৰ সন্ধান
গুৱাহাটী মহানগৰীৰ শিলপুখুৰী অঞ্চলৰ একে নামৰ ৰজাদিনীয়া পুখুৰীটোৰ দক্ষিণ পাৰে আহল বহল চৌহদত সুদৃশ্য অসম আৰ্হিৰ এটি ঘৰ।সমুখত নানাবিধ ফুলেৰে এখন ধুনীয়া ফুলনি। সেই ঘৰটোতে বাস কৰে এগৰাকী বয়োবৃদ্ধা, বিদুষী মহিলা। বয়সৰ লেখেৰে নব্বৈৰ ডেওনা চেৰাই গৈছে যদিও স্বাস্থ্য-পাতি সুন্দৰ, কথা-বতৰা নিৰ্ভুল, স্পষ্ট; মগজু এতিয়াও সুস্থ, সক্ৰিয়; তেওঁৰ ঘটনাবহুল সুদীৰ্ঘ অতীত সম্পৰ্কে যি কোনো প্ৰশ্নৰে
উত্তৰ সঠিক ভাৱে দিব পাৰে। সৰ্ব্বশুক্লা সৰস্বতীৰ দৰে চিৰকাল শুভ্ৰবসনা সেই নাৰীৰ কণ্ঠতো সৰস্বতী। চাকৰি জীৱনৰ পৰা অৱসব লৈ গুৱাহাটীত নিগাজীকৈ থাকিবলৈ লোৱাৰে পৰা যোৱা তিনিটা দশকৰ ওপৰকাল মহানগৰীৰ অজস্ৰ শিক্ষা-সংস্কৃতিমূলক সভাত তেওঁ সভানেত্ৰী বা বিশিষ্টা অতিথিৰ আসন অলংকৃত কৰি জ্ঞানগৰ্ভ, মনোজ্ঞ ভাষণেৰে শ্ৰোতাৰ মন পুলকিত কৰি আহিছে; আজি চাৰি পাঁচ বছৰ মান আগলৈকে অকল গুৱাহাটীতে নহয়,
তেনে জাতীয় সভা-সমিতিলৈ আমন্ত্ৰিত অতিথিৰূপে তেওঁ ৰাজ্যখনৰ ইমুৰ সিমুৰ ঘুৰি ফুৰিছিল। মহিলাগৰাকী হ'ল অসম তথা পূৰ্ব্বাঞ্চলৰ শিক্ষা- জগতৰ এক পুৰোধা ব্যক্তি শ্ৰীমতী ইন্দিৰা মিৰি। কুৰি শতিকাৰ দ্বিতীয় দশকৰ আৰম্ভণিতে, যি সময়ত অসমৰ জনসাধাৰণে ছোৱালীক আনুষ্ঠানিক শিক্ষা দিয়াৰ প্ৰয়োজনেই অনুভৱ কৰা নাছিল, যি সময়ত ঘৰতে দুটা ‘ক-খ, ম-ম' শিকাই বা নিশিকোৱাকৈয়ে এঘৰলৈ উলিয়াই দিয়া ছোৱালীহঁতৰ গৃহ-কৰ্ম্ম, সন্তানৰ জন্ম দান আৰু লালন-পালনেই স্বপ্নৰ শেষ সীমা আছিল তেনে সময়তে ইন্দিৰা নামৰ এই অসমীয়া ছোৱালীগৰাকীয়ে কলিকতাৰ হোষ্টেলত থাকি স্কুলত পঢ়িছিল আৰু পিছলৈ কলেজীয়া শিক্ষা সফলতাৰে সমাপ্ত কৰি বিলাতত উচ্চ শিক্ষাৰে শিক্ষিতা হৈ নেফাৰ (আজিৰ অৰুণাচল প্ৰদেশ) পৰ্ব্বতীয়া জনজাতিৰ মাজত শিক্ষাৰ পোহৰ বিলাইছিল। এইগৰাকী বিদূষী মহিলাই নিজ ব্যক্তিত্ব আৰু কৰ্ম্মৰাজিৰ গুণত আজিও অসমীয়া নাৰী সমাজৰ মস্তক-মণি ৰূপে জিলিকিব লাগিছে।
ইন্দিৰা মিৰিৰ জন্ম হৈছিল গুৱাহাটীৰ শিলপুখুৰী অঞ্চলতে, ১৯১০ চনত। তেওঁৰ পিতৃৰ আছিল অসমৰ অনুন্নত সম্প্ৰদায়সমূহৰ মুক্তি-সংগ্ৰামৰ অগ্ৰণী যোদ্ধা, একনিষ্ঠ সমাজসেৱী স্বৰ্গীয় সোণাধৰ সেনাপতি আৰু মাতৃ যোৰহাটৰ স্বৰ্গীয়া দিব্যকান্তি দাস। [ ২ ] ‘সেনাপতি পুৰী’ নামে জনাজাত, পুখুৰীটোৰ পূৱ দিশত অৱস্থিত তেওঁলোকৰ পুৰণি বাসভৱনত আহিন মাহৰ শুক্লা দশমী তিথি অৰ্থাৎ বিজয়া দশমীৰ দিনা যেতিয়া ইন্দিৰাই পৃথিৱীৰ পোহৰ দেখিছিল সেইদিনা একে সময়তে ঘৰখনৰ আন এটা কোঠাত তেওঁৰ ককাদেউতাক ভদৰাম সেনাপতিৰ মৃত্যু ঘটিছিল। এহাতে পিতৃক হেৰুৱাই আনহাতে লাভ কৰা এই কন্যা ৰত্নটিক দেউতাক সোণাধৰ সেনাপতিয়ে ‘পিতৃ বিনিময়ী মা' বুলি আদৰ কৰিছিল। পিছে তেনে দুৰ্যোগৰ মুহূৰ্ত্তত পৃথিৱীলৈ অহা কথাষাৰে জনা হবৰে পৰা ছোৱালীটি মনোজগতত এটা মুছিব নোৱাৰা দাগ বহুৱাইছিল।
সোণাধৰ সেনাপতিৰ প্ৰথমা পত্নীৰ নিঃসন্তান অৱস্থাতে মৃত্যু ঘটাত তেওঁ পুনৰ্বিবাহ কৰায়। দুৰ্ভাগ্যক্ৰমে এটি পুত্ৰ সন্তান জন্ম দি সেই গৰাকীও মৃত্যুমুখত পৰে। পিছত তেওঁ যোৰহাটৰ ৰায়চাহাব সভাৰাম দাসৰ ভনীয়েক দিব্যকান্তিক বিয়া কৰায়। ইন্দিৰা তেওঁৰেই প্ৰথম সন্তান। দুৰ্দৈবাৎ পেটমোছা ল’ৰা সন্তানটিৰ জন্মৰ তিনিদিনৰ পিছতে চাৰিটি সন্তান এৰি দিব্যকান্তি দাসেও ইহলীলা সামৰে। সেইকালত উন্নত চিকিৎসা আৰু উপযুক্ত তদাৰকৰ অভাৱত তিৰোতাৰ প্ৰসৱকালীন মৃত্যু সাধাৰণ কথা আছিল। কিছুদিনৰ পিছত সেনাপতিয়ে নগাঁৱৰ শিঙিয়া পোতনি গাঁৱৰ পৰা কুৰংগনী নামে চতুৰ্থ গৰাকীক বিয়া কৰাই আনে। সেই গৰাকী পত্নীয়ে পাচোটি পুত্ৰ আৰু তিনি গৰাকী কন্যা জন্ম দিয়ে। সংস্কৃতজ্ঞ পিতৃ সোণাধৰে ইন্দিৰাৰে আৰম্ভ কৰি তেওঁৰ তেৰটি সন্তানৰ অধিকাংশৰে পদুম ফুলৰ বিভিন্ন নামেৰে নামকৰণ কৰে। 'ইন্দিৰা' শব্দৰ এটা অৰ্থ হ’ল নীলা পদুম। তেওঁৰ এই পদুম প্ৰীতি নাতি-পুতিৰ নামলৈকে বাগৰে। ইন্দিৰা মিৰিৰ পুত্ৰ দুটিৰ নাম উৎপল আৰু মৃণাল। বিয়াৰ পিছত ইন্দিৰা সেনাপতি ইন্দিৰা মিৰি নামে পৰিচিত হয়।
সোণাধৰ সেনাপতিৰ পূৰ্ব্ব-পুৰুষৰ বাসস্থান আছিল পূৰ্ব্বৰ অবিভক্ত শিৱসাগৰ জিলাৰ সদৰ ঠাই, একে নামৰ চহৰখনৰ গাতে লগা অৰ্জ্জুনগুৰি নামে গাঁৱত। তেওঁলোক জাতত বনিয়া, বৃত্তিত সোণাৰী আছিল। তেওঁলোকৰ স্বৰ্ণ শিল্পৰ বৈশিষ্ট্য আছিল বাখৰ পতোৱা সোণৰ আ-অলংকাৰ গঢ়া। সোণাধৰ সেনাপতিৰ উপৰি পুৰুষ ‘দাস’ উপাধিধাৰী আছিল। ৰজা গৌৰীনাথ সিংহৰ দিনৰ এজন ৰাজ বিষয়াই লিপিবদ্ধ কৰি থৈ যোৱা এটি টোকাৰ পৰা জনা যায় যে সোণাধৰৰ পিতৃ ভদৰাম সেনাপতিৰ আজোককাক ভোটোং নামৰ ব্যক্তিগৰাকীয়ে মৰাণ বিদ্ৰোহৰ সময়ছোৱাতে আহোম ৰজাৰ পৰা ‘সেনাপতি’ উপাধি লাভ কৰে। সেই বিদ্ৰোহৰ সময়ত আহোম ৰজাৰ সৈন্যবল টুটি অহাত প্ৰজাক উপযুক্ত ৰক্ষণাবেক্ষণ দিবলৈ অসমৰ্থ হৈছিল আৰু ৰাইজে নিজৰ মাজৰে একোজনক সেনাপতি পাতি লৈ প্ৰতিৰক্ষাৰ ব্যৱস্থা কৰিছিল। তেনেদৰে পাতি লোৱা দহজন সেনাপতিৰ ওপৰত ভোটোং বৰ সেনাপতি নিৰ্বাচিত হৈছিল। তেতিয়াৰে পৰা পৰিয়ালটিয়ে সেনাপতি উপাধি [ ৩ ] লিখিবলৈ লয়।
সোণাধৰ সেনাপতিৰ ককাদেউতাক সুগম সেনাপতিও আহোম ৰজাৰ আমোলত এজন ৰাজখোৱা বিষয়া আছিল। তেওঁৰ পুত্ৰ ভদৰাম সেনাপতি শিৱসাগৰ অঞ্চলৰ এজন নিপুণ সোণাৰী আৰু সোণ ৰূপৰ অলংকাৰৰ সফল ব্যৱসায়ী আছিল। অঞ্চলটোৰ মধ্যবিত্ত শ্ৰেণীৰ এজন প্ৰভাৱশালী ব্যক্তি ভদৰাম সেনাপতি আনহাতে আছিল এজন নিষ্ঠাবান সমাজ সেৱক। গাঁৱত কলেৰা, টাইফয়েড আদি মহামাৰীয়ে দেখা দিলে আতুৰ গঞালোকে ’ভদৰাম কাই’ৰ ওচৰলৈ ঢাপলি মেলিছিল; তেওঁ ততালিকে গৈ ঘটনাস্থলীত উপস্থিত হৈ ঘৰুৱা চিকিৎসা আৰু দিহা-পৰামৰ্শৰে ৰোগীক সকাহ দিবলৈ যথাসাধ্যে চেষ্টা কৰিছিল। তেওঁৰে পুত্ৰ, উপযুক্ত পিতৃৰ উপযুক্ত সন্তান সোণাধৰে ১৮৬৮ খৃষ্টাব্দত অৰ্জ্জুনগুৰিত জন্ম লাভ কৰে। ভদৰাম সেনাপতিৰ তিনিজন পুত্ৰৰ কনিষ্ঠ দিবাধৰৰ ন বছৰ বয়সতে অকাল মৃত্যু ঘটে। দ্বিতীয়জন দীনাধৰৰো, ঢাকাত উচ্চ শিক্ষা লৈ থকা অৱস্থাতে আকস্মিক বিয়োগ ঘটে৷ সোণাধৰৰ সৰুৰে পৰা লিখা পঢ়াৰ প্ৰতি অতি ধাউতি আছিল; তেওঁ পৈত্ৰিক সোণাৰী বৃত্তি লবলৈ ইচ্ছা নকৰি লিখা পঢ়াৰ পিনেহে মনোযোগ দিলে। ফলত ১৯১০ চনত ভদৰাম সেনাপতিৰ মৃত্যুৰ লগে লগে স্বৰ্ণ শিল্পৰ অনুৰাগী উত্তৰাধিকাৰীৰ অভাৱত পৈত্ৰিক ব্যৱসায় লোপ পালে।
[ ৪ ] সেই সময়ত অসম সচিবালয় আৰু অন্যান্য বিভাগতো অসমীয়া কৰ্ম্মচাৰীৰ সংখ্যা নগণ্য আছিল, সকলোতে বঙালী লোকৰে প্ৰাধান্য। সেনাপতিদেৱে তেওঁৰ চৰকাৰী প্ৰভাৱ খটুৱাই ভালেমান অসমীয়া ডেকাক শ্বিলঙত চাকৰি দিয়াইছিল। শ্বিলঙত স্থায়ীভাৱে চাকৰি কৰিবলগীয়া হোৱাত তেওঁ লাবানত ঘৰ-মাটি কিনিছিল৷ এজন উচ্চপদস্থ চৰকাৰী চাকৰিয়াল আৰু সমাজ সচেতন, দায়িত্বশীল নাগৰিক হিচাপে শ্বিলঙৰ সমাজখনত তেওঁৰ এক বিশিষ্ট স্থান আছিল। সুদীৰ্ঘ প্ৰায় দুকুৰি বছৰ বিভিন্ন চৰকাৰী পদত কৃতিত্বেৰে সেৱা আগবঢ়াই ১৯৩১ চনত সোণাধৰ সেনাপতিয়ে অৱসৰ গ্ৰহণ কৰে। তেওঁৰ কৰ্ম্ম দক্ষতা আৰু ৰজাঘৰলৈ আগবঢ়োৱা নিষ্ঠাপূৰ্ণ সেৱাৰ স্বীকৃতি স্বৰূপে বৃটিছ চৰকাৰে তেওঁক সন্মানসূচক ‘ৰায় বাহাদুৰ’ খিতাপ প্ৰদান কৰে। অৱসৰৰ পিছত তেওঁ লাবানৰ ঘৰ মাটি বেচি কেঞ্চেছ ট্ৰেছত ভালেখিনি মাটি কিনি প্ৰকাণ্ড হাউলি সাজে।
হিন্দু ধৰ্ম্মৰ ঘোৰ কলঙ্ক হিচাপে অস্পৃশ্যতা, জাতিভেদ আদিৰ দৰে নানা কুসংস্কাৰ কুৰি শতিকাৰ প্ৰথমাৰ্দ্ধলৈকে সমগ্ৰ ভাৰতবৰ্ষতে প্ৰৱল ভাৱে চলিছিল। সমাজ সংস্কাৰক শ্ৰীমন্ত শংকৰ গুৰুৰ ঐক্য-প্ৰেম-সমতাৰ বাণীৰ প্ৰভাৱত এই ক্ষেত্ৰত অসমৰ ছবিখন কিছু উন্নত আছিল যদিও উচ্চ হিন্দু আৰু অনুন্নত সম্প্ৰদায়সমূহৰ মাজত সামাজিক আৰু মানসিক বৈষম্যৰ পৰিবেশ আমাৰ ৰাজ্যতো আছিল। তেনে বৈষম্যৰ মনোভাৱ দূৰ কৰি অনুন্নত সম্প্ৰদায় আৰু পাহাৰ-ভৈয়ামৰ জনজাতীয় লোকসকলৰ বাবে সামাজিক, ৰাজনৈতিক সকলো ক্ষেত্ৰতে সা-সুবিধা লাভৰ পৰিবেশ সৃষ্টি কৰাৰ প্ৰচেষ্টাতে সেনাপতিদেৱে জীৱন পাত কৰিলে। উল্লেখযোগ্য যে তেওঁৰ আশাসুধীয়া প্ৰচেষ্টাৰ ফলতে অসমৰ পিছপৰা সম্প্ৰদায়ৰ লোকসকলে ‘অনুসূচিত জাতি’ আৰু ‘অনুসূচিত জনজাতি’ ৰূপে স্বীকৃতি আৰু সা-সুবিধা লাভ কৰি আত্মবিকাশ আৰু উন্নয়নৰ পথত অগ্ৰসৰ হবলৈ সুযোগ পালে।
কুৰি শতিকাৰ দ্বিতীয় দশকৰ শেষলৈকে সমাজৰ বিভিন্ন অনুন্নত সম্প্ৰদায়ৰ উন্নয়নৰ স্বাৰ্থত কাম কৰা কোনো উমৈহতীয়া অনুষ্ঠান গঢ় লৈ উঠা নাছিল। অৱশ্যে সম্প্ৰদায় ভেদে ভিন ভিন অনুষ্ঠানে তেনে উন্নয়নমূলক কাম কাজ চলাই আছিল। অনুষ্ঠান বিভিন্ন হ'লেও সকলো অনগ্ৰসৰ সম্প্ৰদায়ৰ সমস্যাসমূহ প্ৰায় একেই আছিল। সকলোৱে একে ধৰণৰ সামাজিক শোষণ-নিপীড়ন আৰু ৰাজনৈতিক বঞ্চনাৰ বলি হবলগীয়া হৈছিল। শিক্ষাৰ ক্ষেত্ৰতো তেওঁলোক পিছপৰা আছিল। গতিকে নিজ পুৰুষাৰ্থৰ বলত তেওঁলোকৰ মাজৰ পৰা যি দুই চাৰিজন শিক্ষিত নেতৃস্থানীয় লোক ওলাইছিল তেওঁলোকেই নিজ নিজ সমাজৰ সমস্যা দূৰীকৰণৰ প্ৰচেষ্টাত আগভাগ লবলগীয়া হৈছিল। সোণাধৰ সেনাপতি এনেবোৰ কামত সদায় আগৰণুৱা আছিল। সেনাপতিদেৱে লালুং, কছাৰী, মিৰিকে আদি কৰি ভৈয়ামৰ জনজাতীয়সকল আৰু বনিয়া, কৈবৰ্ত্ত, হীৰা আদি অন্ত্য জাতিসকলক একেখন পতাকাৰ [ ৫ ] তলত সমবেত কৰিলে। এইসকলক সংগঠিত কৰি অসমত যি Depressed Class Association গঢ় দিয়া হৈছিল সেই সংগঠনৰ তেওঁ সভাপতি আছিল।
ভাৰতীয় শাসন-তন্ত্ৰত বিভিন্ন সম্প্ৰদায়ৰ প্ৰতিনিধিত্ব বিবেচনা কৰিবৰ বাবে বৃটিছ চৰকাৰে ১৯২৮ চনত ছাইমন কমিছন নামে এটি ছজনীয়া আয়োগ গঠন কৰিছিল। আয়োগক সহায় কৰিবলৈ ভাৰতীয় লোকেৰে গঠিত এখন কেন্দ্ৰীয় কমিটি আৰু প্ৰতিখন প্ৰদেশতে একোখন প্ৰাদেশিক ভোটাধিকাৰ কমিটিও গঠন কৰি দিছিল। সোণাধৰ সেনাপতিৰ নেতৃত্বত ভৈয়াম জনজাতি আৰু অনুন্নত সম্প্ৰদায়সমূহৰ মুখিয়াল লোকসকল লগ হৈ শ্বিলঙত ছাইমন কমিছনৰ হাতত তেওঁলোকৰ অভিযোগ আৰু দাবী সম্বলিত এখন স্মাৰক পত্ৰ দিয়ে। এই দলটোত মিৰি সমাজক প্ৰতিনিধিত্ব কৰিছিল উদীয়মান মিৰি ডেকা মহীচন্দ্ৰ মিৰিয়ে। এই সুশিক্ষিত জনজাতীয় যুৱকজনলৈকে পিছত সেনাপতিদেৱে তেওঁৰ বৰ জীয়ৰী ইন্দিবাক বিয়া দিছিল। কমিছনৰ আগত সাক্ষ্য প্ৰদান প্ৰসংগত তেওঁলোকে সামাজিক অনুষ্ঠান, শিক্ষা-দীক্ষা, চাকৰি সকলো ক্ষেত্ৰতে অনগ্ৰসৰ সম্প্ৰদায়সমূহে ভোগ কৰিবলগীয়া হোৱা বৈষম্যৰ কথা বিশদ ভাৱে ব্যাখ্যা কৰি মত প্ৰকাশ কৰিছিল যে ৰাজনৈতিক ক্ষমতা লাভৰ দ্বাৰাহে তেওঁলোকৰ সমস্যাৰ সমাধান হব পাৰে। সেনাপতিয়ে পিছত শ্বিলঙতে অসম প্ৰাদেশিক ভোটাধিকাৰ কমিটীত আৰু কলিকতাত অনুন্নত সম্প্ৰদায়সমূহৰ সৰ্ব্বভাৰতীয় নেতা ডঃ আম্বেদকাৰৰ সৈতে কেন্দ্ৰীয় ভোটাধিকাৰ কমিটীতো সাক্ষ্যদান কৰিছিল।
১৯৩২ চনৰ আগষ্ট মাহত বৃটিছ চৰকাৰে পিছপৰা সম্প্ৰদায়সমূহৰ বাবে সুকীয়া নিৰ্ব্বাচন নীতি ঘোষণা কৰিছিল। কিন্তু চতুৰ শাসককুলৰ ভেদ নীতিৰ প্ৰতিবাদত মহাত্মা গান্ধীয়ে আমৰণ অনশন আৰম্ভ কৰাত চৰকাৰে সেই নীতি সংশোধন কৰিবলগীয়া হয়। পিছত পুনেত স্বাক্ষৰিত চুক্তিমৰ্ম্মে অনুন্নতসকলে সুকীয়া নিৰ্বাচনৰ দাবী প্ৰত্যাহাৰ কৰি অধিক সংখ্যক সংৰক্ষিত আসনৰ সুবিধা গ্ৰহণ কৰি সাধাৰণ নিৰ্বাচনকে মানি ললে।
চাকৰিৰ পৰা অৱসৰ গ্ৰহণৰ পিছত সেনাপতিদেৱে অসম চৰকাৰৰ মনোনীত সদস্য ৰূপে অসম ব্যৱস্থাপক সভাত যোগদান কৰিছিল। সেই সভাতো তেওঁ অনগ্ৰসৰ শ্ৰেণীৰ স্বাৰ্থৰক্ষাৰ হকে মাত মাতিছিল। ডঃ আম্বেদকাৰৰ নেতৃত্ব আৰু অনুপ্ৰেৰণাত এইজন সমাজ-সেৱকৰ নিৰলস প্ৰচেষ্টাৰ ফলতে অসমৰ অনুন্নতসকলে এদিন শিক্ষা, চাকৰি, ৰাজনৈতিক ক্ষমতা লাভ, বিধানসভা, লোক-সভা সকলোতে আসন-সংৰক্ষণৰ সুবিধা লাভ কৰিলে।
বিগত শতিকাৰ আৰম্ভনি কালছোৱালৈকে অনুন্নত সম্প্ৰদায়ৰ ল’ৰা-ছোৱালীয়ে, উচ্চ শিক্ষাৰ প্ৰতি হাবিয়াস থাকিলেও গুৱাহাটী বা কলিকতাৰ হোষ্টেলত চিট পোৱাটো দুঃসাধ্য আছিল; কাৰণ বৰ্ণ হিন্দুৰ সন্তানসকলে এনে সম্প্ৰদায়ৰ ল’ৰা ছোৱালীৰ সৈতে [ ৬ ] একেলগে খোৱা-লোৱা কৰাৰ নিয়ম সেইকালত নাছিল। গতিকে তেনে ছাত্ৰসকলে খ্ৰীষ্টিয়ান মিছনেৰীৰ হোষ্টেলবোৰত থকা খোৱাৰ ব্যৱস্থা কৰিবলগীয়া হৈছিল। সেনাপতি ডাঙৰীয়াই মিছনেৰীসকলৰ সৈতে যোগাযোগ কৰি ভালেমান অনুন্নত সম্প্ৰদায়ৰ ল’ৰাক চহৰৰ হোষ্টেলত থাকি পঢ়া শুনাৰ কৰাৰ সুবিধা কৰি দিছিল। কলিকতাত পঢ়িবলৈ যোৱা নিম্ন জাতিৰ ল’ৰাক তাত থকা সুবৰ্ণ-বনিক সমাজৰ জৰিয়তেও থকা-খোৱাৰ বন্দবস্ত কৰি দি তেওঁলোকৰ উচ্চ শিক্ষাৰ পথ সুগম কৰি দিছিল। কুৰি শতিকাৰ তৃতীয় দশকলৈকে নিম্ন বৰ্ণৰ লোকৰ বাবে চৰকাৰী চাকৰিও দুষ্প্ৰাপ্য আছিল। তেতিয়াৰ দিনতে ডিগ্ৰী লাভ কৰা তেনে যি দুই চাৰিজন যুৱক আছিল তেওঁলোকে ওকালতি বা অন্য কোনো স্বাধীন ব্যৱসায় কৰি পেটৰ ভাত মোকোলাব লগীয়া হৈছিল। সোণাধৰ সেনাপতিৰ ভাগিনীয়েক স্বৰ্গীয় মহেন্দ্ৰ লাল দাস অনুসূচিত জাতিৰ প্ৰথম স্নাতক আৰু প্ৰথম আইনৰ ডিগ্ৰীধাৰী আছিল। মহেন্দ্ৰ লাল দাসৰ মাতৃ সেনাপতিদেৱৰ মাজু বায়েক অকালতে বিধৱা হোৱাত তেওঁৰ পৰিয়ালটোকো সেনাপতিদেৱে নিজৰ লগলৈ আনি তেওঁলোকৰ ভৰণ-পোষণ আৰু ল'ৰা ছোৱালীহঁতৰ শিক্ষাৰ দায়িত্ব নিজৰ কান্ধত তুলি লৈছিল। মহেন্দ্ৰ লাল দাস অসম ব্যৱস্থাপক সভা আৰু ৰাজ্য সভাৰো সদস্য আছিল। পিছলৈ তেওঁ ৰেলৱে বোৰ্ডৰো চেয়াৰমেন হৈছিল। পৰিয়ালৰ ল’ৰা ছোৱালীৰ উপৰিও বাহিৰৰ কেইবাজনকো পৰিয়ালভুক্ত কৰি লৈ সেনাপতিদেৱে তেওঁলোকক শিক্ষা-দীক্ষাৰে উপযুক্তকৈ গঢ়ি তুলিছিল।
সাংসাৰিক দিশতো সোণাধৰ সেনাপতি অতি সফল ব্যক্তি আছিল। তেওঁৰ তেৰটি সন্তানৰ আটাইকে ল’ৰা ছোৱালী নিৰ্বিশেষে সমানে শিক্ষাৰ সুবিধা কৰি দিয়াত তেওঁ কাহানিও কাৰ্পণ্য কৰা নাছিল। ইন্দিৰা মিৰিৰ উপৰিও তেওঁৰ তৃতীয়া কন্যা বনজ সেনাপতিয়ে বিলাতত সুখ্যাতিৰে সমাজ-বিজ্ঞানত উচ্চ শিক্ষা সমাপ্ত কৰি সমাজকল্যাণ বিভাগৰ উচ্চ বিষয়াৰূপে ভাৰতৰ বিভিন্ন ঠাইত চাকৰি কৰি অৱশেষত কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন বিভাগৰ ডেপুটি ডাইৰেক্টৰ হিচাপে অৱসৰ গ্ৰহণ কৰিছে। আন এগৰাকী কন্যা মৃণালিনী বৰবৰা এগৰাকী বিশিষ্টা গায়িকা; নুমলীয়া জীয়ৰী অচলা বৰা তেজপুৰ বি. টি. কলেজৰ অধ্যক্ষা হৈছিল। তেওঁৰ এজন পুত্ৰ আই এ এছ বিষয়া অষ্টদল সেনাপতি নেফাত ডি ছি আছিল। বৰপুত্ৰ স্বৰ্গীয় জীতেন সেনাপতি অসম চৰকাৰৰ আৱকাৰী বিভাগৰ অধীক্ষক আৰু দ্বিতীয় পুত্ৰ অৰবিন্দ সেনাপতি শ্বিলং সচিবালয়ৰ ডেপুটি চেক্ৰেটাৰী হৈছিল। অসমৰ আগশাৰীৰ সাহিত্যিক স্বৰ্গীয় প্ৰফুল্ল দত্ত গোস্বামীয়ে ‘মনৰ পখী উভতি উৰে' নামৰ তেওঁৰ আত্মজীৱনীমূলক গ্ৰন্থত সোণাধৰ সেনাপতিৰ বিষয়ে এইদৰে লিখিছে, “শাস্ত্ৰত আছে – ‘সংস্কাৰৈৰ্দ্বিজ উচ্যতে'। যদিহে এই কথা সত্য তেনেহলে মিৰি বাইদেউৰ পিতৃ আছিল শূদ্ৰ হৈও দ্বিজ বা ব্ৰাহ্মণ। এওঁ নিজৰ ল'ৰা ছোৱালীক যি আৰ্হি বা শিক্ষা দিছিল তাৰ ৰিজনি [ ৭ ] অসমত দুৰ্লভ। পৰিস্কাৰ-পৰিচ্ছন্নতা, নম্ৰ-ব্যৱহাৰ, বিবিধ গছ-ফুলেৰে ঘৰ-বাৰী চকুত লগাকৈ ৰখা, ভাল সঁচৰ গৰু-গাই পোহা, সংগীত-চৰ্চা – সকলো সেনাপতি পৰিয়ালৰ আকষৰ্ণীয় লক্ষণ আছিল”।
সেনাপতিদেৱ আহাৰ-বিহাৰত সংযত আছিল, ধূমপান নকৰিছিল, সকলো প্ৰকাৰৰ ৰাগীয়াল বস্তুৰ পৰা আতৰত আছিল। চাৰিকুৰি বছৰত মৃত্যুৰ সময়লৈকে তেওঁৰ দাঁত সৰা নাছিল, চুলিও পক ধৰা নাছিল। জাত-কুলৰ সমস্যা লৈয়ে ওৰেটো জীৱন সংগ্ৰাম কৰা মানুহজনে তেওঁৰ ল'ৰা ছোৱালীহঁতক কৈছিল, “মই জাতত মজিছো; তহঁতে মোৰ দৰে জাতত ডুব দি নাথাকিবি, পানীত মাখন ওপঙাৰ দৰে ওপঙি থাকিবি।” সুখৰ কথা, তেওঁৰ ল’ৰা-ছোৱালীহঁতৰ দিনলৈ আমাৰ সমাজত জাত-পাতৰ ব্যৱধান ক্ৰমে টুটি আহি বিয়া বাৰুৰ ক্ষেত্ৰতহে বৰ্ত্তি থাকিল। সম্প্ৰতি নতুন সহস্ৰাব্দত খোজ আগবঢ়োৱা আমাৰ সমাজ ব্যৱস্থাত অসবৰ্ণ বিবাহৰ প্ৰতিও অধিকাংশ লোকে উদাৰ দৃষ্টিভংগী গ্ৰহণ কৰা দেখা গৈছে।
জীৱনৰ বিয়লি পৰত সেনাপতিদেৱে তেওঁৰ সতি-সন্ততিলৈ আগবঢ়োৱা আন এক বহুমূলীয়া উপদেশ আছিল “ Each one teach one” – অৰ্থাৎ প্ৰতিজন লোকে অন্ততঃ এজনকৈ হলেও অসমৰ্থ, দৰিদ্ৰ লোকক শিক্ষাৰ পোহৰ দিয়াৰ দায়িত্ব লব লাগে। কোৱা বাহূল্য এই মহানুভৱ পুৰুষজনে এজনক নহয়, কেইবাজনো দুখীয়া, পিতৃ-মাতৃহীন ল’ৰা-ছোৱালীক শিক্ষা-দীক্ষা দি মানুহ কৰিছিল।
সন্তানৰ জীৱনত পিতৃ-মাতৃৰ ব্যক্তিত্বৰ প্ৰভাৱ অপৰিসীম। সৰুৰে পৰা ল’ৰা ছোৱালী যি ধৰণৰ ঘৰুৱা পৰিবেশত ডাঙৰ দীঘল হয়, তেওঁলোকে পিতৃ-মাতৃৰ যেনে আচাৰ আচৰণ দেখে সেইবোৰ কথাই সাধাৰণতে সন্তানৰ ব্যক্তিত্ব গঠনত অজানিত ভাৱেই ক্ৰিয়া কৰে। ইন্দিৰা মিৰিক, জীৱনত সবাতোকৈ বেছি প্ৰভাৱিত কৰা ব্যক্তিগৰাকী কোন বুলি প্ৰশ্ন কৰাত বয়োবৃদ্ধা মহিলাগৰাকীয়ে আবেগ-বিহবল কণ্ঠে কৈছিল, “সেইজন আছিল মোৰ পিতৃদেৱ – যি মোৰ ব্যক্তিত্ব গঠনত শ্ৰেষ্ঠ অৱদান যোগাইছিল। তেখেত আছিল মোৰ দুখত সুখ, নিৰাশাত আশা, দুৰ্ব্বলতাত বল, চকুৰ পানীত হাঁহিৰ ৰেঙনি; মোৰ জীৱন ৰথৰ সাৰথি আছিল মোৰ পিতৃ দেৱ।”
এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।
এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।
ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে উপলব্ধ।