বাজিকৰ আৰু আন আন গল্প/সামান্য প্ৰাণী

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
[ ৬২ ]
 

সামান্য প্ৰাণী।

(১)

 পৰ্বতৰ নখত তাহাঁতৰ উমি উমি চিকুণ ঘৰটিৰ পাছৰ ফালে ওখ আকাশ-লংঘী শিলৰ স্তুপ, মেঘেৰে সৈতে কোলাকুলি কৰি আছে। সমুখত সেউজীয়া গছ আৰু বন; যিমানলৈ চকু যায় তিমানলৈ এই স্নিগ্ধ ৰসাল সৌন্দৰ্য।

 আৰু তাহাঁতৰ অকণমানি ঘৰটোৰ দাঁতিৰে এটি নিজৰা নাচি-বাগি যে কৰপৰা আহি কলৈ গৈছে কোনোৱে কব নোৱাৰে; কেৱল তাইৰ চিৰন্তন নাচন-বাগন, কুল কুল কৰা হাঁহিৰ, নে হাঁহিতে কন্দা কান্দনৰ, সঙ্গীততকৈও সুমধুৰ ধ্বনি। এয়ে এটা ধুনীয়া ছবি আঁকি তাহাঁতক চিৰকাল এক অবৰ্ণনীয় আনন্দত ডুবাই ৰাখি আহিছে।

 ঘৰত মতা-মাইকী এহাল আৰু শিশু সন্তান দুটি। খাৱন-দাৱন শেষ কৰি দুপৰীয়া দুয়ো নিজৰাৰ পাৰত জিৰায়; [ ৬৩ ] আৰু সন্তান দুটিএ দৌৰা-দৌৰি কৰি ইফালে জাপ মাৰি সিফালে বাগৰি পৰি ৰং-ধেমালি কৰে। আৰু অকলশৰীয়া নিজৰায়ো এই কেইটা উদাৰ জীৱ লগ পাই বেছি ৰঙেৰে নাচি নাচি পৰ্বতৰপৰা নামি আহে; আৰু বেছি মধুৰ সুৰেৰে কুলু কুলু কৰি গীত গায়।

 এনে নিৰ্মল নিৰাবিল তাহঁতৰ জীৱন-যাত্ৰা। কতো অলপো আজাহ নাই; খোৱা-লোৱাৰ একো চিন্তা নাই; শৰৎ কালৰ মেঘৰ দৰে, কেতিয়াবা মনত অলপ দুশ্চিন্তা আহে⸺ দূৰত বাঘৰ হাওৰনি শুনিলে, বা কৰবাৰ কেনেবাকৈ বন্দুকৰ বা তেনে কোনো আকস্মিক শব্দ শুনিলে।

 মোৰ এই ক্ষুদ্ৰ কথা জংঘলৰ এক হৰিণ পৰিয়ালৰ।

(২)

 সেই দিন দুপৰীয়া বৰ ৰোদ। হঠাতে আকাশত মেঘ ওলাল, আকাশখন কলা পৰিল; বিজুলিৰ চক্‌মকনি দুটামান দেখা গল। তাৰ পাছতে দক্ষিণ পশ্চিম ফালৰ পৰা বতাহ মেলিলে; বৰষুণ আহিল। আৰু এঘণ্টামানৰ পাছতে আকৌ আকাশ মুকলি হল, আকৌ ৰোদ ওলাল। মুঠে বৰষুণৰ টোপাবোৰ বনৰ ওপৰত লাগি থাকি, আৰু ৰোদত চিক্ মিকাই, গোটাই জংঘল খনকে এক নতুন শ্ৰীৰে বিভূষিত কৰি তুলিলে— যেন প্ৰকাণ্ড এখন সেউজীয়া দলিছাত মূণি মুক্তাৰ ফুল। [ ৬৪ ]  বহাগ মাহত এনেকুৱা বতৰ মাজে সময়ে হয়।

 হৰিণ-হৰিণী নিজৰাৰ পাৰত শুই আছিল। হৰিণে কলে— “হৰিণী, ঘাঁহবোৰৰ কোমল আগ ওলাল। আজি বৰষুণ পৰি কোমল হৈছে। বলা, আজি অলপ দূৰৰপৰা চৰি আহোঁহঁক।”

 হৰিণীয়ে কলে— “এৰা, যাব পাৰিলে ভাল আছিলতোন। ইয়াত আজি অত দিনে শুই শুই গাটোও মেৰমেৰিয়া লাগিছে। পাছে, আজি যোৱাটো ভাল নহব। অথনি দুটা হাতীত আঠ-দহজন মানুহ এই ফালেদি যোৱা দেখা নাই জানো? তাতে আজি কেইদিন মানৰপৰা মোৰ সোঁ চকুটোও খৰ খৰ কৰি লৰি আছে। আন এদিন যাম বাৰু; আজিলৈ থাওক।”

 হৰিণে উত্তৰ দিলে— “তোমাৰ কথাবোৰ সদাই এনেকুৱাই। মই যেই দিনাই কিবা এটা কৰিব খুজিম, তুমি কিবা নে কিবা এটা উলিয়াবাই। আজি নো কি হল বাৰু, আজিয়েই যাওঁহঁক বলাচোন।”

 হৰিণীএ কলে— “মোৰ কথাত নো এতিয়া সোৱাদ লাগিব কেনেকৈ? কোমল ঘাঁহ খাবলৈ যাব লাগে নে, সেই দলনিৰ ওচৰৰ ভেৰটোলৈ যাব লাগে, তাকে কওক। মই দেখিছোঁ, তাত থকা সৌ চেঙেৰী হৰিণী-জনীৰে বিলৰ কানত ফুচ্‌-ফুচাই কথা পাতি থাকা। [ ৬৫ ]  কথাটো হলে সঁচা হয়। বিলৰ পাৰৰ ইকৰাৰ ভেৰত আচলকৈ ধুনীয়া গাভৰু জনী থাকে; আৰু সুন্দৰ দেখিলে জীয়াত চকুৱে কেতিয়াবা নোচোৱা কৰি থাকিব পাৰে জানো? হৰিণে চায়। কিন্তু চায় হে; ছলিয়ে আকাশৰ জোন নাচায় জানো, ফুলে ফুলৰ ফালে চাই নাথাকে যে, আকাশে জানো শৰৎ কালৰ তন্বী নদীলৈ চাই থাকি মোহ নাযায়! সেই চোৱা।

 কিন্তু-প্ৰগাঢ় প্ৰণয়-পদুম-ফুলটিৰ কাঁইটো আছে; সি ঈৰ্ষা।

 হৰিণৰ মনত বৰ অভিমান হল। সি কাহানিৰ কথা, প্ৰায় মনতে নপৰে। তাৰ মাক-বাপেকৰ কি হল সি নাজানে, আৰু তায়ো নাজানে তাইৰ মাক-বাপেকৰ কি হল। অহু- কাণে পহু-কাণে শুনিছিল মুঠে, যে ওচৰৰে কোনোবা বৰ ডাঙৰীয়াৰ ঘৰত সকাম হৈছিল, কোন কাহানিবাই; আৰু বহুত মানুহে জাল, বন্দুক, হাতী লৈ জাৰনিত সোমাইছিল। সেই দিনা হৰিণৰ বংশত মৰক লাগিছিল। কোনেও দেখা নাছিল যে তাহাঁতৰ মাক-বাপেকক কোনোবাই মাৰি নিলে। কিন্তু আটাইৰে অনুমান সেইটোহে।

 তাৰ পাছত দুয়ো অকলে অকলে কেটামান দিন অনাই-বনাই অকলশৰীয়া হৈ ফুৰি ফুৰিছিল। এদিন এই নিজৰাৰ পাৰতে দেখা-দেখি। [ ৬৬ ]  তেতিয়া জংঘলৰ গছে গছে নতুন কোমল পাত, লতাই লতাই কুসুম-পুলক; ঘাঁহবোৰৰ কোমল সেউজীয়া বৰণ; বতাহ কঁপি কপি আহে আৰু যায়; আৰু নিজৰাৰো নতুন প্ৰাণ, নাচি নাচি শীতল পানীৰে, সুললিত সুৰেৰে, বননি জুৰ পেলাই, আকুল কৰাই, কৰবালৈ গতি কৰে। তেতিয়া বেলি ডুব যায় যায়, এনে পৰ। গছৰ পাতৰ মাজেদি সূৰ্যৰ কিৰণবিলাকে মণি-মুক্তাৰ মালাৰ দৰে সমস্ত বননিতে এক অপৰূপ জেউতি চৰাই দিছিল। দুয়ো দুই ফালৰপৰা আহিল, পানী খাবলৈ, পিয়াহ পলুৱাবলৈ। বিধিৰ বিধান; তাতে দুয়ো দুয়োৰো অন্তৰৰ পিয়াহ বুজি পালে; আৰু স্বৰ্গৰ ঋষিৰ দৰে দুয়ো দুইতো সন্তোষ পাই, তৃপ্তি পাই, প্ৰথম মিলন তীৰ্থক্ষেত্ৰতে থাকিবলৈ ললে।

 কোন কাহানিৰ কথা সি, মনত নপৰে। সেই দিনাৰ পৰা হৰিণৰ আন চিন্তা নাই— হৰিণীৰ চিন্তা আৰু সন্তান দুটিৰ ভাৱনা। তথাপিতো, ইমানতো, অবিশ্বাস। তাৰ মনত বৰ অভিমান হল।

 সি বেছি একো নকলে— “বাৰু তোমাৰ খুছি”, এই বুলি সি ঘৰৰ পৰা ওলাই আহিল।

(৩)

 ওলাই আহিল হয়; কিন্তু যায় কেনেকৈ? যিমানে সি কোমল ঘাঁহ দেখে, যিমানে আকাশৰ স্নিগ্ধ কোমল [ ৬৭ ] জীপাল সৌন্দৰ্যই তাৰ প্ৰাণটোক উদাৰ কৰি তোলে, যিমানে আকাশে বননিয়ে নতুন ৰূপ ধৰি তাৰ অন্তৰতম আত্মালৈকে পুলক তুলিব খোজে, তিমান তাৰ মনত পৰে হৰিণীলৈ। আজি তায়ো লগত থাকা হলে, কিমান সন্তোষৰ কথা হলহেতেন।

 সেই দেখি বিলৰ পাৰৰ ভেৰলৈ যোৱা নহল। কিন্তু ইমান অভিমান কৰি আহি নো ঘৰলৈ ফিৰে কেনেকৈ? সি ঘৰৰপৰা অলপ আঁতৰলৈ আহি অলপ হাবি থাকা ঠাইত আগৰ ঘুলি এটা বিচাৰি উলিয়ালে। ৰোদৰ পাছত বৰষুণ পৰি শুকান মাটিৰ সুগন্ধই আকাশ ছানি ধৰিছে। সি তাতে নিঃপয় দি শুলে; কিন্তু মূৰটো ডাঙি চাই থাকিল তাৰ ঘৰৰ ফাললৈ। তাৰ ঘৰ তাৰপৰা দেখি।

 তাৰ মনত কিমান সুখ-দুখৰ কল্পনা। তিৰী জাতি অতি নিষ্ঠুৰ, নিকৰুণ, একো নুবুজে! তাৰ মনৰ কথাতো হৰিণীএ ইমান দিনে বুজিব পাৰা নাই নে? আৰু সি ইমান খং কৰি ঘৰৰপৰা ওলাই আহিল, সিজনীএ নো এবাৰ ফিৰিও চাব নাপায় নে?

 এই দৰে সি নানান কথা ভাবি, অভিমান, খঙত আৰু মৰমত কি-কৰোঁ কি-নকৰোঁ হৈ আছে; আৰু ডিঙি মেলি তাৰ ঘৰৰ ফালে চাই আছে; তাহাঁতে নো কি কৰে। [ ৬৮ ]  হৰিণীৰো মনত বৰ বেয়া লাগিল। তাই বুজিলে যে অনাহকত হে তাই গিৰীয়েকক কটু-কাটব্য কৰিছে। সেই দেখি তায়ো কিছু পৰ উছ-পিছ কৰি থাকি সন্তান দুটিক কলে, “তহঁত বাৰু ইয়াতেই থাক : দুষ্টালি কৰি আন ফালে নাযাবি। হাতী দুটাৰে আজি মানুহ হাবিত সোমাইছে; সিটোৰ বা কি হয়!”

 এই বুলি কৈয়েই হৰিণীৰ অন্তৰটো কঁপি উঠিল! তাইৰ মুখৰপৰা দেখোন হঠাৎ অমঙ্গলীয়া কথাতো ওলাই পৰিল। যি ঈশ্বৰ, স্বৰ্গ আৰু পৃথিবী, মানুহ আৰু পশু, সকলোৰে সমানে বুজ লওঁতা, তেওঁ নো তাহঁতৰ এই নিৰ্জু নিৰীহ পৰিয়ালটোলৈ পাহৰিব নে?

 তাই গিৰীয়েকক বিচাৰি কোন ফালে যাব তাকে চাবৰ মনেৰে দীঘল কোমল চকু দুটাৰে ডিঙিটো মেলি চঞ্চল চকু দুটা ইফালে সিফালে ঘূৰাবলৈ ধৰিলে।

 হৰিণে দেখিলে যে হৰিণী ইফাল সিফাল চাইছে; কি জানি তাকেই বিচাৰি আহিব। বিচাৰি বাৰু অলপ দিগ্‌ পাওক, এই বুলি সি তলকা মাৰি যত আছিল তাতে শুই পৰিল। তাৰ কাণ থাকিল, হৰিণীৰ অহা শব্দ নো কেতিয়া পায়।

(8)

 এনেতে গুৰুম গুৰুম কৰি দুটাও শব্দ হল। চক খাই হৰিণে চাই দেখে তাৰ দুই ফালে দুটা হাতী; ওপৰত [ ৬৯ ] চাৰি-পাঁচোটাকৈ মানুহ। তাৰে দুটা মানুহক যেন দেৱে ধৰিছে, তাহাতৰ গাৰ ঠৰকা-চুতি নাই, চকু ৰঙা আৰু উজ্জ্বল; হাতত বন্দুক লৈ কঁপিছে।

 কাৰ বন্দুক কাৰ গাত লাগিল সি কবই নোৱাৰি “হৰিণী ঔ” বুলি চিঞৰ মাৰি ঘৰৰ ফালে এটা কি দুটা লাফ মাৰিলে।

 এনেতে তাৰ মনত পৰিল, তাৰ সন্তান দুটিৰ কথা, মৰমত পমি যোৱা হৰিণীৰ কথা, আৰু নন্দনৰ কুঞ্জৰ সদৃশ, তাৰ থাকা ঘৰটোৰ কথা। সি যদি ঘৰৰ ফালে যায়, তেন্তে এই ৰাক্ষস কেইটাই ছলি-পলি সমন্বিতে ঘৰখনকে টলাস্তি নকৰিব নে?

 সি ফিৰিল। বিদ্যুৎ সঞ্চাৰে ঘৰৰপৰা ওভোটা ফালে লৰ মাৰিলে। তেতিয়া দেখিলে গুলি তাৰ গাতেই লাগিছে; তাৰ গলধানাৰ পৰা চৌ-চৌকে তেজ ওলাইছে। সি ভয়, আশা, নিৰাশা, বেজাৰত উধাতু খাই আৰু লৰ দিলে।

 লৰি গৈ বিলৰ পাৰৰ ভেৰৰ ওচৰত বাগৰি পৰিল; শক্তিয়ে আৰু নুকুলায়। ভাবিলে কি জানি ৰাক্ষসহঁতে ইমান খিনি খেদি আহি নাপাব; আৰু প্ৰাণ যায় যদিও কি জানি ভেৰৰ সেই গাভৰু জনী, তাই আহি অন্তিম সময়ত তাক অলপ পতি কৰিব পাৰেই। [ ৭০ ]  কিন্তু হতভাগ্য হৰিণ! তাৰ তেজে যে সি পলাই আহা বাটৰ চিন কৰি থৈ আহিছে, তাৰ তো সেই ভাৱ নহল। হাতীয়ে-মানুহে খেদি আহি তাক তাতেই লগ পালে।

 অলপ দূৰৰ পৰা গুলি কৰিব ধৰিছে যেন অনুমান কৰি, হৰিণে প্ৰাণ টাকি আৰু এটা লৰ মাৰিলে। কিন্তু সেই দেহাই যে আৰু নসয়। তিনি-চাৰি নল গৈ সি ঢেৰ-মেৰ দি বাগৰি পৰিল। মানুহবিলাকে সেইখিনি পালে; হাতীৰপৰা জাপ মাৰি তিনি-চাৰিজন মানুহ নামিল; তাৰে এজনে তাৰ মূৰতে দাৰে কোব মাৰি দিলে। প্ৰাণৰ কাতৰত, মনৰ দুখত, হৰিণে চিঞৰ মাৰি দিলে। মুহুৰ্ততে মৰণৰ যন্ত্ৰণাত তাৰ চকু জাপ খাই আহিল।

 সেই সময়ত সি যেন দেখিলে, দুৰত তাৰ হৰিণী আৰু বিলৰ পাৰৰ ভেৰৰ গাভৰু— দুয়োৰে দীঘল নোমেৰে আবৰা চকুৰ পৰা গিৰ্‌ গিৰকৈ চকু-লো ওলাইছে। তাৰ কিন্তু সুস্থিৰ জ্ঞান নাছিল; সেই দৃশ্য দেখা-নেদেখাতে তাৰ প্ৰাণ, ওলাই গল।

(৫)

 হৰিণীএ ডিঙি মেলি চাওঁতে গুৰম্‌ গুৰম্‌ শব্দ শুনি, তাইৰ গোটাই গাটো কঁপিবলৈ ধৰিলে। পাই মুহূৰ্ততে দেখিলে হৰিণ সিহঁতৰ ফালে লৰি আহিছে; কিন্তু ক্ষন্তেকতে দি তাৰ বাট ফিৰালে। [ ৭১ ]  হৰিণীএ তৎক্ষণাৎ বুজিলে কি হল। দেহাত জীউ নোহোৱা হৈ তাই সি শুই থাকা ঠাইলৈ দৌৰি আহিল। তাৰ গাৰ তাপত তেতিয়াও ঠাই খিনি তপত হৈ আছে; আৰু তাৰ গাৰ গন্ধত মোল-মোলাই আছে। তাই চালে, তাত তেজ নাই; মনতে ভাবিলে “গোঁসায়ে কিজানি না ইবাৰলৈ ৰক্ষা কৰিছেই।”

 তথাপিতো তাই হৰিণ যোৱা বাটেৰে লৰি গল। অলপ গৈয়ে দেখে, তেজ! চুলিৰ আগেৰে তাইৰ জীউ উৰি যোৱা যেন হল। হায় কি কুক্ষণত আজি তাই এনে অশ্ৰাব্য কটু কথাটো কৈছিল। তাইৰ জ্ঞান নোহোৱা হল; চুৰ্তি হৰাল।

 “আজি ময়ো তোৰ লগতে মৰোঁ” বুলি হৰিণীএ হৰিণৰ পাছে পাছে লৰ দিলে। লৰি লৰি বিলৰ পাৰৰ ভেৰৰ ওচৰ পালে। তাত গৈ দেখে ভেৰৰ গাভৰুএও হৰিণৰ ফাললৈ চাই কি-কৰোঁ কি-নকৰো, কি -হৈছে কি-নহৈছে বুলি তথা লাগি চাই আছে।

 গাভৰুক দেখি হৰিণীৰ শোক উথলি উঠিল। তাই এই জনীকো অন্যায় কৰা নাই নে। দুয়ো লগ লাগিল; কথা হবৰ আৱশ্যক নহল। দুয়ে দ্বিতীয় বাৰ লৰি হৰিণ যি ফালে গৈছিল, সেই ফাললৈ লৰ দিলে।

 এনেতে হৰিণৰ মূৰত সেই ভীম টকোনৰ প্ৰহাৰ। তাৰ আৰ্তনাদে আকাশ ভেদি গল; আৰু তাহাঁতৰ বুকত যেন [ ৭২ ] হানিলে। তাহাঁত দুখ-বেজাৰত মৰাৰ দৰে ঠিয় হৈ ৰল; চকুৰে গিৰ্‌ গিৰ্‌কৈ লো বব ধৰিলে।

 পাছ মুহূৰ্ততে সেই ৰাক্ষসহঁতে হৰিণক হাতীৰ ওপৰত তুলি বান্ধি লৈ গল। ইফালে গধূলি হৈছে।

 হৰিণী আৰু গাভৰু সেই ঠাইলৈ আহিল। আহি দেখিলে হৰিণৰ তেজেৰে গোটাইখন থল ৰঙা পৰিছে। আৰু হাতী, মানুহ আৰু হৰিণৰ টনা-আজোৰাত তেজেৰে মাটি পৰিমিত বোকা হৈ গৈছে।

 দুয়ো মূৰ্চিত হৈ পৰিল।

(৬)

 ইফালে ৰাতি দেৰপৰমান হোৱাত চিকাৰিহঁত ঘৰ পালেহি। তাহাঁতৰ লৰা তিৰোতা, পো-পৰিয়াল সকলোৱে বাট চাই আছিল, চিকাৰ চাবলৈ।

 লুষ্টু-পুষ্টু প্ৰকাণ্ড হৰিণ এটি দেখি তাহাঁতৰ জিভাৰ পানী পৰিব ধৰিলে; আৰু তেতিয়াই খোৱা-কামোৰা খিকিন্দালি কৰি হৰিণক কাটি-বাটি খাবৰ যো-যা কৰিলে।

⸻⸻

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২১ চনত ১ জানুৱাৰী ১৯৬১ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )