কিন্তু হতভাগ্য হৰিণ! তাৰ তেজে যে সি পলাই আহা বাটৰ চিন কৰি থৈ আহিছে, তাৰ তো সেই ভাৱ নহল। হাতীয়ে-মানুহে খেদি আহি তাক তাতেই লগ পালে।
অলপ দূৰৰ পৰা গুলি কৰিব ধৰিছে যেন অনুমান কৰি, হৰিণে প্ৰাণ টাকি আৰু এটা লৰ মাৰিলে। কিন্তু সেই দেহাই যে আৰু নসয়। তিনি-চাৰি নল গৈ সি ঢেৰ-মেৰ দি বাগৰি পৰিল। মানুহবিলাকে সেইখিনি পালে; হাতীৰপৰা জাপ মাৰি তিনি-চাৰিজন মানুহ নামিল; তাৰে এজনে তাৰ মূৰতে দাৰে কোব মাৰি দিলে। প্ৰাণৰ কাতৰত, মনৰ দুখত, হৰিণে চিঞৰ মাৰি দিলে। মুহুৰ্ততে মৰণৰ যন্ত্ৰণাত তাৰ চকু জাপ খাই আহিল।
সেই সময়ত সি যেন দেখিলে, দুৰত তাৰ হৰিণী আৰু বিলৰ পাৰৰ ভেৰৰ গাভৰু— দুয়োৰে দীঘল নোমেৰে আবৰা চকুৰ পৰা গিৰ্ গিৰকৈ চকু-লো ওলাইছে। তাৰ কিন্তু সুস্থিৰ জ্ঞান নাছিল; সেই দৃশ্য দেখা-নেদেখাতে তাৰ প্ৰাণ, ওলাই গল।
(৫)
হৰিণীএ ডিঙি মেলি চাওঁতে গুৰম্ গুৰম্ শব্দ শুনি, তাইৰ গোটাই গাটো কঁপিবলৈ ধৰিলে। পাই মুহূৰ্ততে দেখিলে হৰিণ সিহঁতৰ ফালে লৰি আহিছে; কিন্তু ক্ষন্তেকতে দি তাৰ বাট ফিৰালে।