বাজিকৰ আৰু আন আন গল্প/বেল্টু মণি

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
[ ৭৩ ]
 

বেল্টু মণি।

 তাৰ নামটো আছিল যেনে অদ্ভুত আন দৰৰ, মানুহ টোও আছিল তেনেকুৱা অদ্ভুত, সকলোৱে উপলুঙা কৰা।

 কাৰ ঘৰত কোন গাওঁত আৰু কিমান চনৰ কিমান তাৰিখে সি জন্ম গ্ৰহণ কৰিলে— এইবিলাক কথা ডাঙৰ লোকৰ ভাগ্যবান পুত্ৰৰ বেলিকা হিচাবত থাকে; বেণ্টু-মণিৰ বেলিকা, হুঁঃ।

 কিবা প্ৰকাৰে সি ডাঙৰ হল। গাখীৰ বা বাৰ্লি নাইবা বিধে বিধে নতুন নতুন খাদ্যৰ কথা সি নালাগে তাৰ সাতাম পুৰুষেও নাজানে। কি খাই যে সি বৰ্তিল আৰু ডাঙৰ হল, তাক ঈশ্বৰেহে আনে।

 যি গাওঁত তাৰ জন্ম, সি পানীত তল যোৱা বাঁহৰ মাজৰ হেঁচুক গাওঁ। তাতে মেলেৰিয়াত মানুহ মৰে [ ৭৪ ] কলেৰাত ভেটি উচন হয়; আইত ঘৰে ঘৰে সৰ্বনাশ হয়; আৰু পচা পানী, সেমেকা হীৰা, গীয়া জঙ্ঘলীয়া দেৱে অনেকক সি পুৰীৰ ট্ৰেন গাৰীত তুলি দিয়ে। তথাপিতো ‘বেল্টু-মণি’ নমৰিল, ডাঙৰ হল, অৰ্থাৎ দহ বছৰ মান বয়স হল।

 সেই সময়ত কিবা এটা হাপাহ লাগিছিল, ছলি ধৰাৰ। ৰেলৰ আলি বন্ধাবলৈ কোম্পানীয়ে লাখে লাখে টকা খৰচ কৰে। বেকী, পাগলাদিয়া বান্ধি ৰাখিব নোৱাৰে। সেই দেখি বোলে কোম্পানীয়ে ন টা লৰা বলি দিব খুজিছে। ছলি ধৰিবৰ কাৰণে মুৰত পাগুৰি বান্ধা, ঠেঙত ঠেঙা আলোৱা, মুখত দাৰি-গোফে ভবঃকাৰ, দীঘল ডাঙৰ বহুত পঞ্জাবী মানুহ চাৰিও ফালে ঘূৰি ফুৰে।

 সকলোৱে ছলি-পলিক আন্ধাৰ নৌহওঁতেই ঘৰত সুমাই থয়; আন ফালে যাব নালাগে, চকুৰ আঁৰ হবকে নিদিয়ে। কিন্তু বেল্টু-মণিক চায় কোনে? সি দপ্‌ দপ্‌ কৰি চাৰিও- ফালে ঘূৰি ফুৰে।

 এদিনাক পতি বেল্টু-মণি সেই গাওঁত নোহোৱা হল। যি যি বাটে সি যায়, যাৰ ঘৰত লৰাক জোকোয়, যত যত বহি থাকিলে এৰা-ৰোৱা ভাত এমুঠি পায়, সেই বোৰ ঠাইত এদিন নহয়, দুদিন নহয় বেল্টু-মণিক দেখিবলৈকে নোহোৱা হল। সকলোৱে ভাবিলে— তাক ছলি-ধৰাই নিলে; আৰু কি জানি কোনোবা নদীৰ দলং বান্ধিবলৈ [ ৭৫ ] বলিও দিলে। সকলোৱে নিজৰ লৰা-ছোৱালীক আৰু ভালকৈ অৱৰক্ষণ কৰাৰ দিহা কৰিলে; কিন্তু বেল্টু-মণিৰ খবৰ কেৱে নললে বা নাপালে।

 মাক-বাপেকে তাক কোনো নাম দিয়া নাছিল বা দিছিল যদিও তাক কোনোৱে কব নোৱাৰে। কোনোবা এদিন কোনোবা এজনে কিবা কাৰণত খং কৰি মাতিলে বেল্টু-মণি বুলি। সেই দিনাৰ পৰা তাৰ নাম হল বেল্টু-মণি।

 যি দৰে অনাদৰ কৰি তাক গাওঁৰ মানুহে এনেকুৱা অশ্ৰদ্ধাৰ নাম দিছিল, সেই অশ্ৰদ্ধাৰ বা এলাহৰ কাৰণেই গাওঁৰ মানুহে তাৰ আৰু বিচাৰ নকৰিলে।

( ২ )

 কেনেকৈ যে বেল্টুমণি আহি সেইখিনি পালে নোৱাৰি। কিন্তু তাৰ গাঁৱৰপৰা বহুত মাইল দূৰত বেল আলি নতুনকৈ হব ধৰিছে, এনে এখন ঠাইত কিবা প্ৰকাৰে সি ওলাল গৈ। কুলি-মালি, ঠিকাদাৰ-দোকানী, এই বিলাক অনেক মানুহ। সকলোৰে কাষে কাষ সি হাত পাতি ফুৰে, আৰু সকলোৱে তাক অলপ-অচৰপ খাবলৈ দিয়ে।

 এনেকৈ থাকোঁতে এদিন ৰেলৰ বৰ ঠিকাদাৰ জন আহিল। তেওঁক সকলোৱে শেঠ বুলি কয়। সোণৰ গুণাৰ কাম কৰা পাগুৰি, সেই দৰৰ ছোলা, জোতা, পায়জামা। লগত [ ৭৬ ] অসংখ্য লোক-লস্কৰ-তাম্বু ইত্যাদি। শেঠৰ লগত ঘৈণীয়েক আৰু সৰু লৰা এটাও আছিল। ৰেল বান্ধা আড্ডাত ৰাজা আহাৰ দৰে ধুম-ধাম।

 এদিন লৰাটোৱে তাম্বুৰ বাহিৰত খেলা কৰি আছিল। এনেতে পাগলা কুকুৰ এটাই কৰবাৰ পৰা তাক কামুৰিবলৈ খেদি আহিল।

 বেল্টু-মণি আছিল ওচৰতে। সি “খালে ঐ, খালে ঐ” বুলি চিঞৰি লৰাটোক কোলাত তুলি ললে। কুকুৰটো 'আহি বেণ্টুমণিৰ ভৰিত এটা কামোৰ মাৰিলে। এনেতে অসংখ্য মানুহ লৰি আহিল। সকলোৱে ধৰি কুকুৰটোক মাৰিলে।

 শেঠৰ ঘৈণীয়েকে লৰাটিক সুস্থ অৱস্থাতে পাই স্বৰ্গ ঢুকি পোৱা যেন হল।

 বেল্টুমণিক কুকুৰে কামুৰিলে; তাক চিকিৎসা কৰিব লাগে। তাৰ মাক-বাপেকৰ খবৰ কৰিলে, কোন গাওঁৰ খবৰ কৰিলে, কোনোৱে নাজানে। সেই দেখি শেঠে ঠিক কৰিলে, তেৱেঁই তাক চিকিৎসা কৰিবৰ কাৰণে কচৌলিলৈ লৈ যাব। তেতিয়া ছিলঙত পগলা কুকুৰে খোৱা চিকিৎসাৰ হস্পিতাল হোৱা নাই।

 তাৰ পিচদিনাই শেঠ ঘৰলৈ গল। লগত বেল্টু-মণিকো

লৈ গল। [ ৭৭ ]

( ৩ )

 এই দৰে শেঠৰ লগত তাৰ বহু দিন গল। সি চিকিৎসাত ভাল হল। যি লৰাটোক সি কুকুৰৰ হাতৰপৰা বচাইছিল, তাৰে দহ বাৰ বছৰ বয়স হল।

 এনেতে লাগিল মহা যুদ্ধ। পঞ্জাবত সৈন্য হৈ যোৱা মানুহ বহুতো ওলাল। এদিন কাৰবাৰ লগত আহি বেল্টু- মণিও সৈন্য দলত ভৰ্তি হল আৰু লাহোৰ পালে গৈ। তাত তাৰ দীঘল বহল ওজন জুখিলে, চকু চালে, বুকত ৰবৰৰ নলি লগোৱা কিবা এটাৰে বুকু খন চালে। সি সৈন্যৰ উপযুক্ত হল। সি দস্তুৰ মতে চিপাহী হল; আৰু তিনি চাৰি মাহৰ ভিতৰত বহুত চিপাহীৰে সৈতে জাহাজ এখনত সাগৰৰ মাজেদি কৰবালৈ গুচি গল।

 কেইবা দিনো গৈ এখন দেশত জাহাজ লাগিল। মানুহে কলে, এইখন দেশ ফ্ৰান্স; আৰু ইয়াতেই যুদ্ধ লাগিছে।

 তাহাঁত তাতে নামিল। সেই দেশৰ সকলো মানুহ চাহাব বা মেম। আৰু এই চাহাব-মেমবোৰে বেল্টু- মণিক আৰু আন আন চিপাহীবোৰক মৰম কৰি কিবা কিৰি খাব দিলে। কিন্তু বেল্টুমণিয়ে জাত যাবৰ ভয়ত সেইবোৰ একো নাখালে। চৰকাৰৰ পৰা আটা, ঘিউ আৰু দালি যি দিছিল তাৰেই টিকিৰা তৈয়াৰ কৰি খালে। [ ৭৮ ]  অলপ পাছতে ৰেল আহিল। সকলোবোৰ গিৰ-গিৰকৈ গৈ ৰেলত উঠিল। ৰাতি ৰাতিটো ৰেল গল। পুৱা এখন ঠাইত ৰেল থামিল আৰু তাহাঁতকো নমাই দিলে। তাতে কোনোবাই অলপ চাহ ৰুটি খাবলৈ দিলে। চিপাহী- বিলাকে খালে।

 খোৱা হোৱা মাত্ৰকে হুকুম দিলে ‘মাৰ্চ” ‘মাৰ্চ’- ‘মাৰ্চ-‘মাৰ্চ। নিচিনা নজনা ঠাই। গাওঁবিলাক চাফ-চিকন; বাটবিলাকো ভাল। কিন্তু মানুহ কম। আধামান ঘৰ শূন্য। কিন্তু যতে যি মানুহ আছে সকলোৱে সিহঁতক চাবলৈ আহে। অবুজা ভাষাৰে কিবা কথা কয়; আৰু মাইকীবিলাকে মৰম কৰে।

 এনেকৈ দিনটো গৈ সিহঁতে এখন ঠাই পালে। তাত ঘৰ-দুৱাৰ বন-জংঘল একো নাই। সেই ঠাইৰ এটা ডাঙৰ দীঘল গড় খাৱৈত তাহাঁতক সুমাই দি কলে, এয়ে যুদ্ধ। যুদ্ধ কৰিব লাগিব। হুকুম পালেই গুলি কৰিবি।

(৪)

 গুৰুম্‌ গুৰুম্‌ কৰি কাণ-ফালা আৱাজ হল। আৰু আৱাজৰ উপৰি আৱাজ। শ শ, বজ্ৰ একেলগে পৰিলে যেনে ভয়ঙ্কৰ শব্দ হয় তেনে। তাৰ লগতে চাৰিও ফালৰ [ ৭৯ ] পৰা ভাঙা শিল, কাচ, লোহা ছিটিকি ছিটিকি আহে, আঙঠাৰ দৰে ৰঙা; আৰু চপৰা-চপৰে মাটি ছিটিকি যায়।

 চিপাহীবিলাকে মনে মনে গড়খাৱৈৰ তলত পেট পেলাই বহি আছে। কিছু পৰৰ মূৰত এই আৱাজ কিছু কম পৰিল। তেতিয়া হুকুম হল—“গুলি কৰ।”

 গুলি-গুলি-গুলি—কেৱল গুলি। বৰ খৰকৈ টিনৰ ঘৰত শিল পৰিলে যেনে খত খত খত শব্দ হয়, তেনে শব্দ। গুলি-গুলি⸺সকলোৱে যিমান পাৰে, যিমান খৰকৈ পাৰে গুলিকে কৰিছে।

 বেণ্টুমণিয়েও গুলিকে কৰি আছে। কেতিয়া যে তাৰ ওচৰৰ আটাইবিলাক মানুহ মৰি গল, আৰু বিপক্ষৰ সেনাই আহি তাহাঁত থাকা গড়খাৱৈৰ ওচৰ পালে সি কবই নোৱাৰে। সি গুলি কৰিব লাগে গুলি কৰিয়েই আছে।

 এনেতে এটা গুলি আহি তাৰ হাতত লাগিল; তাকো সি কব নোৱাৰে; আৰু এটা আহি তাৰ পেটত পৰি পেট ফুটিল, তেতিয়াও তাৰ তত নাই। সি গুলি কৰিয়েই আছে। তাৰ পাচত আৰু এটা আহি তাৰ চকু এটাত পৰিল; তাৰ চকু ওলাই গল। এখন হাতেৰে চকু মোহাৰি ইটো চকুৰে চায় যে তেজ! তাৰ ধাতু উৰি গল! এক মুহূৰ্তৰ কাৰণে তাৰ চুৰ্তি হল যে সি যুদ্ধ কৰিছে, গুলি কৰিছে, তাৰ পাচত মূৰ্চা। [ ৮০ ]

(৫)

 বহু দিন গল। এদিন সি বহুদিনীয়া ঘুমটিৰ পাচত সাৰ পোৱাদি সাৰ পালে। ওচৰতে মেম এজনীয়ে তাক কিবা অতি সোৱাদ ফলৰ ৰস খুৱাই আছিল। যুদ্ধৰ কোলাহল তাত নাই। বিছনা-পত্ৰ ৰাজাৰ দৰে। তাক চকু মেলা দেশি মেমজনীয়ে হিন্দুস্থানীৰে কলে, “ডৰ কৰো মত! তু আচ্ছা হ্যায়! তুম ভাৰি বীৰ হ্যায়!” মেমৰ চকুত আনন্দ।

 সকলোৱে ভাবিছিল ইবাৰ সি নাথাকিব। কিন্তু ডাক্তৰৰ সুচিকিৎসাত সি বাচি উঠিল। বাচি উঠাত সকলোৰে মহা আনন্দ।

 যি জন চাহাবৰ লগত সি জাহাজত উঠি গৈছিল, তেওঁ এদিন আহি কলে যে বেণ্টুমণিয়ে গুলি চলাই থকাৰ কাৰণেহে জাৰ্মানে আজি সেই গড়খাৱৈটো অধিকাৰ কৰিব নোৱাৰিলে। সি মুৰ্চা যোৱাৰ অলপ পাছতে আমাৰ ফালৰ সৈন্যই জাৰ্মানক খেদি দিলে। সেই গড়খাৱৈটো সেই দিনা লব পাৰা হলে, জাৰ্মানৰ জয় অনিবাৰ্য। এতেকে প্ৰধান সেনাপতিৰ কথা অনুসৰি সম্ৰাটে বেণ্টুমণিক ভিক্টোৰিয়া ক্ৰচ্‌ (Victoria Cross) দি সন্মান কৰিছে।

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২১ চনত ১ জানুৱাৰী ১৯৬১ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )