পৃষ্ঠা:বাজিকৰ আৰু আন আন গল্প.djvu/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৬৮ ]

 হৰিণীৰো মনত বৰ বেয়া লাগিল। তাই বুজিলে যে অনাহকত হে তাই গিৰীয়েকক কটু-কাটব্য কৰিছে। সেই দেখি তায়ো কিছু পৰ উছ-পিছ কৰি থাকি সন্তান দুটিক কলে, “তহঁত বাৰু ইয়াতেই থাক : দুষ্টালি কৰি আন ফালে নাযাবি। হাতী দুটাৰে আজি মানুহ হাবিত সোমাইছে; সিটোৰ বা কি হয়!”

 এই বুলি কৈয়েই হৰিণীৰ অন্তৰটো কঁপি উঠিল! তাইৰ মুখৰপৰা দেখোন হঠাৎ অমঙ্গলীয়া কথাতো ওলাই পৰিল। যি ঈশ্বৰ, স্বৰ্গ আৰু পৃথিবী, মানুহ আৰু পশু, সকলোৰে সমানে বুজ লওঁতা, তেওঁ নো তাহঁতৰ এই নিৰ্জু নিৰীহ পৰিয়ালটোলৈ পাহৰিব নে?

 তাই গিৰীয়েকক বিচাৰি কোন ফালে যাব তাকে চাবৰ মনেৰে দীঘল কোমল চকু দুটাৰে ডিঙিটো মেলি চঞ্চল চকু দুটা ইফালে সিফালে ঘূৰাবলৈ ধৰিলে।

 হৰিণে দেখিলে যে হৰিণী ইফাল সিফাল চাইছে; কি জানি তাকেই বিচাৰি আহিব। বিচাৰি বাৰু অলপ দিগ্‌ পাওক, এই বুলি সি তলকা মাৰি যত আছিল তাতে শুই পৰিল। তাৰ কাণ থাকিল, হৰিণীৰ অহা শব্দ নো কেতিয়া পায়।

(8)

 এনেতে গুৰুম গুৰুম কৰি দুটাও শব্দ হল। চক খাই হৰিণে চাই দেখে তাৰ দুই ফালে দুটা হাতী; ওপৰত