পৃষ্ঠা:বাজিকৰ আৰু আন আন গল্প.djvu/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৬৩ ]

আৰু সন্তান দুটিএ দৌৰা-দৌৰি কৰি ইফালে জাপ মাৰি সিফালে বাগৰি পৰি ৰং-ধেমালি কৰে। আৰু অকলশৰীয়া নিজৰায়ো এই কেইটা উদাৰ জীৱ লগ পাই বেছি ৰঙেৰে নাচি নাচি পৰ্বতৰপৰা নামি আহে; আৰু বেছি মধুৰ সুৰেৰে কুলু কুলু কৰি গীত গায়।

 এনে নিৰ্মল নিৰাবিল তাহঁতৰ জীৱন-যাত্ৰা। কতো অলপো আজাহ নাই; খোৱা-লোৱাৰ একো চিন্তা নাই; শৰৎ কালৰ মেঘৰ দৰে, কেতিয়াবা মনত অলপ দুশ্চিন্তা আহে⸺ দূৰত বাঘৰ হাওৰনি শুনিলে, বা কৰবাৰ কেনেবাকৈ বন্দুকৰ বা তেনে কোনো আকস্মিক শব্দ শুনিলে।

 মোৰ এই ক্ষুদ্ৰ কথা জংঘলৰ এক হৰিণ পৰিয়ালৰ।

(২)

 সেই দিন দুপৰীয়া বৰ ৰোদ। হঠাতে আকাশত মেঘ ওলাল, আকাশখন কলা পৰিল; বিজুলিৰ চক্‌মকনি দুটামান দেখা গল। তাৰ পাছতে দক্ষিণ পশ্চিম ফালৰ পৰা বতাহ মেলিলে; বৰষুণ আহিল। আৰু এঘণ্টামানৰ পাছতে আকৌ আকাশ মুকলি হল, আকৌ ৰোদ ওলাল। মুঠে বৰষুণৰ টোপাবোৰ বনৰ ওপৰত লাগি থাকি, আৰু ৰোদত চিক্ মিকাই, গোটাই জংঘল খনকে এক নতুন শ্ৰীৰে বিভূষিত কৰি তুলিলে— যেন প্ৰকাণ্ড এখন সেউজীয়া দলিছাত মূণি মুক্তাৰ ফুল।