সমললৈ যাওক

বাজিকৰ আৰু আন আন গল্প/দৰ্শন

ৱিকিউৎসৰ পৰা
[ ৫৫ ]
 

দৰ্শন

(১)

 কলিকাতাৰ কলেজত পঢ়োঁ, মেচত থাকোঁ। আমাৰ ঘৰটো দোতালা, তাৰ গাতে লাগা তেতালা ঘৰ এটা। ইয়াতে এঘৰ বঙালী মানুহ থাকে।

  ঘৰত কোন আছে নাই কব নোৱাৰোঁ। কিন্তু তেতালাৰ ছাদত দেখোঁ কেইটামান ছলি ভাঠি পৰত ৰং-ধেমালি কৰি থাকে।

 সেই দিনা কলেজৰপৰা আহি পানীৰ কলৰ কাষত থিয় হৈ মুখ ধুইছোঁ। কলটো দুয়োটা ঘৰৰ যিখন সাধাৰণ দেৱাল তাতে লাগা।

 হঠাৎ এটা বিকট চিৎকাৰ শুনি চাওঁ, ওপৰৰ পৰা গিৰিপ কৰি ছলি এটা আহি মোৰ ওপৰতে পৰে। [ ৫৬ ]  তেতিয়া কেনেকৈ এই কামটো কৰিছিলোঁ, কব নোৱাৰোঁ। বোধ কৰোঁ শৰীৰ যন্ত্ৰই এই দৰে আকস্মিক বিপদৰ প্ৰতিকাৰ কৰে।

 কিন্তু এই ঘটনাৰ আকস্মিকতা অলপ কম পৰাত দেখিলোঁ যে মোক আমাৰ মেছৰ লৰাবিলাকে আৰু বঙালী ঘৰৰ মানুহ কেইজনমানে বৰ বাহবা দিছে— মই ওপৰৰপৰা ছলিটোক আলাঙতে ধৰিলোঁ, আৰু এই দৰে তাইক অৱশ্যম্ভাৱী মৃত্যুৰপৰা ৰক্ষা কৰিলোঁ।

 তাই আঠ-ন বছৰ মানৰ ছোৱালী এজনী।

(২)

 কোৱা বাহুল্য যে বঙালী ঘৰৰ লগত মোৰ চিনাকি হল।

 এই ঘটনাকে সূত্ৰ কৰি তেওঁলোকে আমাৰ মেছৰ সকলোটিকে এদিন বৰ ডাঙৰ ভোজ পাতি খুৱালে; মোক ছোৱালী জনীৰ দাদা পতাই দিলে।

 তাৰ পাছত প্ৰায় দুদিনে তিনদিনে মোৰ নিমন্ত্ৰণ আছেই। আজি কাৰ্তিক পূজা, কালি গোপাষ্টমী ব্ৰত, পৰহি জীব তত্ত্ব আৰু এদিন বোৱাৰীৰ তত্ত্ব— এইদৰে নিতৌ নহলেও, প্ৰায় সদাই, সন্দেশ, ৰসগোল্লা আৰু কিবাকিবি পিঠাৰে [ ৫৭ ] মোৰ আপৰাহ্নিক ভোজনটি তাহাঁতৰ ঘৰতে সমাধা হবলৈ ধৰিলে। আগৰ চিনাকিও গহন হল।

 দুৰ্ভাগ্যক্ৰমে আন ছাত্ৰই বিশ্ব-বিদ্যালয়-দৌৰৰ যি জপনা- বিলাক চাৰি বছৰত পাৰ হয়, তাত যে সাত বছৰ লাগিল।

 এই সাতো বছৰ অৱশ্যে মই আগৰ ঘৰটোৰ মেছতে থাকা নাছিলোঁ। কিন্তু পৰিচয় হোৱাৰ পাছত এই সাতো বছৰে বঙালী ঘৰৰ লগত আহা-যোৱা, জলপান খোৱা চলি আছিল।

 বঙালী গৃহস্থজনৰ নাম সুশীল বাবু। তেওঁ সদাগৰী অফিচত ছ শ মান টকাত কাম কৰে।

 সুশীল বাবুৰ যি জনী ছোৱালীৰ জীৱন এনে অসম্ভাবিত ৰূপে ৰক্ষা কৰি মই বীৰ নাম পাইছিলো, তাইৰ নাম লতিকা।

 আগৰ ডোখৰত তাই কথা কোৱা নাই; কিন্তু মোৰ এই নাওমান কথাটি তাইক লৈহে।

 যেতিয়া লতিকাৰ বয়স বাৰ তেৰ বছৰ হৈ আহিল, তেতিয়া তাই মোৰ লগত আগৰ দৰে ধেমালি-ধুমুলা কৰিবলৈ সঙ্কোচ বোধ কৰিব ধৰিলে; আমাৰ আগৰ ঘনিষ্ঠ সদ্ভাৱ কোলাত লোৱা, ফুৰিবলৈ যোৱা, ইত্যাদি-বিলাক নাই [ ৫৮ ] মাৰ গৈ কেৱল কথা-বাৰ্তা, জলপান দিয়া, বঙালী কিতাপ কাকতৰ কথা ইত্যাদি অৰ্থহীন আলাপত ৰল গৈ।

 অৰ্থহীন হয়, কিন্তু এই অৰ্থহীন আলাপো এদিনলৈকো ৰসহীন হোৱা নাছিল। ময়ো তাইৰ লগতে বাৰে ভচহু কথা পাতি বৰ ভাল পাওঁ, আৰু তায়ো মোৰ মনেৰে মোৰ লগত কথা পাতি বৰ ভাল পায়। দুদিন তিনদিনলৈকে তাইক দেখা নাপালে মোৰ মনতো বেয়া লাগে, আৰু সাক্ষাতৰ ব্যবধান কিছু দীঘল হলে তায়ো কিছু ঘনাই যাবলৈ মোক অনুৰোধ কৰে, বা নোযোৱা কথাটোত অভিমান জনায়।

 আপোনালোকে তৎক্ষণাৎ সিদ্ধান্ত কৰিব পাৰে যে আমি পৰস্পৰৰ প্ৰেমত আৱদ্ধ হলোঁ। কিন্তু মুঠেই তেনে নহয়। আমাৰ বিয়া যে হব নোৱাৰে এই কথা তায়ো জানিছিল, ময়ো জানিছিলোঁ। আৰু এনেয়ে সেই বয়স-সুলত প্ৰণয়ৰ ভাৱ অলপমানো মোৰ মনত সোমোৱা নাছিল; আৰু মোৰ বিশ্বাস তাৰ মনটোও সেইদৰে শুভ্ৰ হৈ আছিল।

 তথাপিতো দুয়োৰো ভিতৰত যে এনে এটা স্নেহৰ মধুৰ সম্বন্ধ ঘটিছিল, সি মনত পৰিলেই আজিও মোৰ মন হৰ্ষিত হৈ উঠে।

 বোধ কৰোঁ সৌন্দৰ্যৰ প্ৰতি আকৃষ্ট হোৱা মনৰ স্বভাৱ। ধুনীয়া ফুলটিক যিদৰে ভাল পাওঁ, প্ৰকৃতিৰ কোনো সুন্দৰ [ ৫৯ ] দৃশ্যত যিদৰে মন মুগ্ধ হয়, সেইদৰে সুন্দৰী ছোৱালীৰ ৰূপ দেখি, তাক চাই থাকিবলৈ যি হেপাহ হয়, সিও নিস্কলুষ হৈ থাকিব পাৰে। অনেকৰ মনত থাকেও। মোৰো তেনেকুৱা হৈছিল। আন্ধাৰ ঘৰৰ চাকিৰ দৰে, পুহ মাহৰ নিশাৰ জুইৰ দৰে, লতিকাই মোৰ মনত, মোৰ সমস্ত প্ৰাণত এক অবৰ্ণ্য পোহৰ আৰু প্ৰীতিৰ ভাৱ উদ্ৰেক কৰিছিল।

 দীঘলীয়া সাত বছৰৰ পাছত যেতিয়া মই অসমলৈ ঘূৰি আহিলোঁ, আমাৰ বিদাযৰ দৃশ্যৰ যি কৰুণতা, সি আজিও মোৰ চকুলৈ পানী নিগৰি আনে। কান্দা-কাতা কিবা হৈছিল জানো? নহয়। দুয়ো দুইকো নীৰৱ নিশ্চল ভাৱে চোৱা, আৰু অন্তৰৰ অন্তৰত এক দীৰ্ঘ নিৰাশ আৰু উদাস ভাৱ। দুয়ো দুয়োৰো কথা বুজি পাইছিলোঁ⸺ মনে মনক সমস্ত কাৰুণ্য জনাইছিল; আৰু দুয়ো বুজিছিলোঁ কি জানি এই জন্মৰ কাৰণে এয়ে শেষ দেখা।

(8)

 ইয়াৰ পাছত বহুত দিন গল। আগৰ কালৰ সুখ-দুখৰ স্মৃতিৰ ওপৰত এটা বিস্মৃতিৰ পাতল তৰপ পৰিল। বহু পুৰণি চিত্ৰই সময়ৰ স্নিগ্ধতা গোটাই যি এক প্ৰকাৰ মৃদু সৌন্দৰ্য ধাৰণ কৰে, মোৰো লৰা আৰু ডেকা কালৰ স্মৃতিৰ ওপৰেদি কালৰ সোঁত বৈ যোৱাত, সেই কালৰ দুখ-সুখৰ অনুভূতিৰ তেনে মৃদু ভাৱ হল। লতিকাৰ কথা [ ৬০ ] দিন মনত পৰে⸺ মনত পৰে তাইৰ শেষ দিনাৰ বিদায়ৰ দৃশ্য, সেই অন্তৰৰ উদাস ভাৱ। আৰু জানিবৰ মন যায লতিকাৰ কি হল, কাৰ লগত বিয়া হল, তাইৰ পিতাক সুনীল বাবু আৰু মাক জীয়াই আছে নে চাগৈ। কিন্তু জানিবৰ একো উপায় নাই।

 কেইবা বছৰৰ পাছত সংসাৰৰ কাৰ্যৰ থেলাত এবাৰ কলিকাতা পালোঁ গৈ। কাম-কাজ শেষ হল। লতিকাৰ কথা আহিবৰ পৰা মনত আছিল। এইবাৰ তেওঁলোক থাকা ঘৰটোলৈ গলোঁ। গৈ যে দেখোঁ আগৰ ঘৰৰ, আমাৰ মেছৰ, একো চিন-চাব নাই। Calcutta Improvement Trust (“কলিকাতা উন্নতি কৰা সমাজৰ”) ৰ কৃপাত সেই ঠাইত প্ৰকাণ্ড ৰাজ-আলি। মানুহক সুধিলোঁ, কোনেও একো কব নোৱাৰে।

 অন্তৰৰ কৌতুহল তাতেই লীন হল।

(৫)

 এদিন ৰেল ষ্টেচনৰ ফালে ফুৰিবলৈ গৈছোঁ। কলিকাতাৰ ফালৰ ডাক-গাড়ী যোৱাৰ প্ৰথম ঘণ্টাটো দিলে। এনেতে এজন চাহাবী পোচাক পিন্ধা বঙালী বাবু আৰু এগৰাকী তিৰোতা আহি প্ৰথম শ্ৰেণীৰ খালি কামৰাটোত উঠিল। লগত বোধ কৰোঁ দুই তিন জন লৰা-ছোৱালীও আছিল। তেতিয়া মন কৰাৰ বিশেষ কাৰণ নাছিল।

 
[ ৬১ ]  অলপ পাছতে দ্বিতীয় ঘণ্টা পৰিল। গাড়ী খন হুপ্‌ হুপ্‌ কৰি লাহেকৈ লৰিল।

 চকুৱে চকুৱে পৰিল। এই জনী প্ৰথম শ্ৰেণীৰ কামৰাত এই বাবুৱনী জনী— এওঁ লতিকা নহয় নে? তবধ লাগি চাই ৰলোঁ। ৰেল প্ৰায়-প্লেট্‌ ফৰম্‌ পাৰ হল।

 এনেতে চাহাব-বেশী বাবুজনে হেট্‌টোৰে মোৰ ফালে চাই বৰকৈ বাৱ দি মাতা দেখিলোঁ। মই লৰ দিলোঁ, খিৰকিৰ মুখত লতিকা বুলি যাক ভাবিছিলোঁ, তেওঁক ওলাই থাকা দেখিলোঁ। কিন্তু ৰেলৰ বেগ চৰিল। তেওঁ বিলাকে হাত ডাঙিলে; ময়ো কলিকাতাৰ ডাক-গাড়ী দৌৰি ধৰা অসম্ভৱ কামৰ পৰা ক্ষান্ত হলোঁ।

 পিয় হৈ পাছ ফালে দেখোঁ, বঙালী এজনেও মোৰ দৰে দৌৰিছে, আৰু থিয় হৈ হেফাই-ফেপাই কৈছে—“নাঃ, আৰ পাৰা গেল না।”

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )