বাজিকৰ আৰু আন আন গল্প

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
বাজিকৰ আৰু আন আন গল্প
লেখক শৰৎ চন্দ্ৰ গোস্বামী
[  ]

বাজিকৰ
আৰু
আন আন গল্প।

 

ৰচক
শ্ৰীশৰৎ চন্দ্ৰ গোস্বামী

 

প্ৰকাশক
শ্ৰীঅজধৰ বৰকটকী
বৰকটকী কোম্পানী
যোৰহাট

[  ]
 
 

যোৰহাট, দৰ্পণ প্ৰেচত,
শ্ৰীটুনিৰাম শৰ্ম্মা বৰুৱাৰ দ্বাৰা ছাপা কৰা হ'ল।

 
 

[  ]
 

TO
B. D.

⸻⸻⸻⸻

 

[  ]
 

বাজিকৰ।

 পণ্ডিতলোকৰ মেল বহিছে; নানা প্ৰকাৰৰ আলাপ, নানা প্ৰকাৰৰ কথা বাৰ্তা। ধৰ্ম, সাহিত্য, বিজ্ঞান, দৰ্শন, ৰাজ- নীতিৰ লালি-নিচিগা কথা। তাৰপৰা কথা ওলাল ইন্দ্ৰজাল, মেচমেৰিজিম, বাজিকৰৰ।

 বিজ্ঞানবিদ্‌ পণ্ডিতে কৈছে, “মেদেম কুৰিৰ দৰে বাজিকৰ জগতে দেখা নাই; এই অকণমানি মাইকী জনীএ আচল স্পৰ্শমণি উলিয়াই হে এৰিব, যাৰ স্পৰ্শত বস্তু মাত্ৰেই সোণত পৰিণত হয়!”

 দাৰ্শনিকে কয়, “কান্ত (Kant) আৰু বেদান্তৰ দৰে বাজি কি হব পাৰে, যাৰ আত্মা-ভেদা যুক্তিৰ বলত সংসাৰৰ পদাৰ্থ সমুহৰ প্ৰকৃত সত্ত্বাৰ জ্ঞান পাব পাৰি।” [  ]  কবিয়ে মাত লগালে, “বাজিকৰ যদি বোলা কবি কালিদাস; যি প্ৰকৃত-অপ্ৰাকৃত, ঋষি-ৰজা, দেৱতা-মানুহ একেলগে মিহলাই কি এক বিচিত্ৰ সংসাৰ সৃষ্টি কৰিলে; যি সংসাৰত প্ৰত্যেক বৃক্ষে মধু ক্ষৰণ কৰে, প্ৰত্যেক পক্ষীয়ে মধুৰ সংগীত গায়, প্ৰত্যেক বস্তুএ মধুৰ প্ৰেমত উত্ৰাৱল হয়, আৰু প্ৰত্যেক মানৱৰ আত্মা ৰূপ-ৰস-গন্ধত ভৰি আমোল-মোলাই থাকে। প্ৰকৃত বাজিকৰ কালিদাস।”

 ধাৰ্মিকে কলে, “বাজি যদি বোলা গীতাৰ। প্ৰতিটা আখৰতে, এনে কি এটা আকাৰ বা অনুস্বাৰতে কিমান অৰ্থ গাজ খাই আছে।”

 ৰাজনীতি বিশাৰদে উক্তি কৰিলে, “পৃথিবীত এই যুগত বাজিকৰ জন্মিছে দুজনা। মাহাত্মা গান্ধি আৰু লয়েড জৰ্জ। অকণ মান মানুহজন; গাত নাই বল, নাই তেজ! তেও নো এই মানুহ জনে ভাৰতবৰ্ষৰ দৰে বিশাল দেশখনক কি শক্তিৰে এনেকুৱাকৈ তলমলাই তুলিছে হে!

 আৰু লয়েড জৰ্জ! বৃটিছৰ পোৱালিৰ বাহাদুৰি হলে হয়। চোৱাচোন গোটেইখন পৃথিবীকে ভুৱা দি কেনেকৈ মহাযুদ্ধৰ সকলো লাভ নিজৰ জাতিলৈ টানি নিলে।

 অ-পণ্ডিত দুই এক সমাজত আছিল। তেওঁ লোকে এদণ্ডৰ ভিতৰতে আমাৰ বাট্ঠিৰপৰা গছ ওলাই আম পকাৰ [  ] কথা কলে, এটা বেটৰ পেটেৰাৰপৰা দুজন মানুহ উৰি যোৱাৰ কথা কলে, আৰু সেই মানুহেই আকাশৰপৰা নানা প্ৰকাৰ ভূত ভবিষ্যত বাণী কোৱা কথা কলে।

 এই দৰে অনেক আচৰিত বাজিৰো কথা ওলাল।
 সভাৰ অদূৰত আছিল এক সন্ন্যাসী; ধীৰ, গম্ভীৰ। সকলোএ কলে, “এই ফকিৰে অনেক দেশ ফুৰিছে। এওঁক সোধাচোন কিবা বাজি দেখিছে নে?”

 সন্ন্যাসীএ কলে, “পণ্ডিত মণ্ডলী, মই শুকান সন্ন্যাসীয়ে এজন বাজিকৰৰ বাজি দেখিছোঁ। শুনিব খোজে যদি কব পাৰোঁ।”

 সকলোএ অনুগ্ৰহ কৰি কবলৈ দিলে।

 সন্ন্যাসীএ কলে, “মই দেখা বাজিকৰজনৰ কাম অতি আচৰিত। তেওঁ অকণমানি ধূলি-কণা এটাৰ পৰা চকুৰ আগতে প্ৰকাণ্ড প্ৰকাণ্ড জীৱ আৰু উদ্ভিদ সৃষ্টি কৰে। তোমালোকে স্পৰ্শমণিৰ কথা কৈছা; তেওঁৰ হাতেই স্পৰ্শমণি; ধুলি-মাকতি যিহৰ-তিহৰপৰা তেওঁ যি ইচ্ছা তাকে তৈয়াৰ কৰি যাক যিমান লাগে তিমানকে দিয়ে। নিচেই খুদ- কণ ফুল এটাৰ ভিতৰতো তেওঁ ইমান সাজ-সজুলি এনে বিতোপন কৈ সজাই ৰাখে যে কোনো ইঞ্জিনিয়াৰৰ সাধ্য নাই। তাৰ কৌশল বুজি উঠে। তেওঁ ঘিট-মিটীয়া [ ১০ ] আন্ধাৰ গুছাই জকজকীয়া পোহৰ কৰে; পুৰা-ফাটা ৰোদ গুচাই জীপাল বৰষুণ দিয়ে; আৰু থকথকীয়া জাৰৰ সলনি বসন্ত মলয়া বলায়। তেওঁ যে কিমান ধৰণৰ সৰু-বৰ শুৱনি-অশুৱনি জীৱ জন্তু সৃষ্টি কৰে, আৰু প্ৰত্যেককে ভাগে ভাগে দিহা লগাই থয়, এবাৰ যদি ভাবি চোৱা আচৰিত হবা। মোৰ বাজিকৰৰ ডাঙৰ মজা এইটো যে তেওঁ কৰা বাজি সকলোখিনি দেখিবা; কিন্তু তেওঁক হলে নেদেখা। আৰু তাতোকৈ মজা এই–তেওঁ যে বাজি কৰি তোমাৰ আগতে দেখুৱাই আছে, সেই কথাটোও তোমাৰ মনত নপৰে। তেওঁ হৰেক ৰকম ধন-সম্পত্তি পৰ্বত-বিল নদীয়- জংঘল সমুদ্ৰ-মৰুভূমি সকলো ঠাইতে সিঁচৰি থয়; তথাপিতো তেওঁৰ ভাণ্ডাৰ শূন্য নহয়! তেওঁতকৈ ডাঙৰ বাজিকৰ হলে মই দেখা নাই।”

 সকলোএ আচৰিত হৈ সুধিলে—কত দেখিলা নো এনে বাজিকৰ, ফকিৰ বাবা?

 ফকিৰে অলপ হাঁহি উত্তৰ দিলে, “চাৰিও ফালে এই বিনন্দীয়া সংসাৰখন চোৱা। ইয়াৰ দৰে ভেল্কি বা বাজি দেখিছা নে কৰবাত?”

১৫।৮।২১ [ ১১ ]
 

অন্তৰ আবৰণ।

(১)

 আকাশে দি হৰ পাৰ্বতী যায়। তলত দেখে এখন হাবিৰ মাজে মাজে মানুহ-মুনিহ-তিৰোতা লৰা-বুৰা বেলেগে বেলেগে একোটা একোটা হৈ আমন লিমন কৰি বহি আছে। মানুহৰ বসতিৰ ফালে চকু দিয়াত পাৰ্বতীএ দেখিলে, তাত মানুহ পাতলিল; মাজে মাজে হে ঘৰ-বাৰী কৰি একো পৰিয়াল থাকা দেখা গল।

 পাৰ্বতীএ হৰত সুধিলে “প্ৰভু আজি নো ই কি দেখোঁ! মানুহ দেখোন ঘৰ-বাৰী এৰি বনৰ মাজ সোমালহি! আৰু হাবিতো দেখোন সিহঁত লগ বান্ধি নাথাকি এটা এটা হৈ হে থাকিছে।”

 হৰে উত্তৰ দিলে “পৰ্বত জীয়াৰী, মানুহৰ অতৰ্ক মায়াৰ কথা কি কম তোমাক! তাহাঁতৰ আজি কিবা নতুন দুখ [ ১২ ] উপস্থিত। সিহঁতৰ এইবোৰ আমনি শুনি থাকিব নোৱাৰি। আহাহঁক, কৈলাসলৈ যাওঁ; মোৰ আবেলিৰ ভাঙ চিলিম দেৰি হবগৈ, নহলে।”

 দেৱতা হলেও পাৰ্বতী মাইকী মানুহ হে। তেওঁৰ কৌতুহল কমক ছাৰি বাঢ়িল হে। তেওঁ কলে, “প্ৰভু ভাঙ- চিলিমৰ কাৰণে অলপ ক্ষমা দিব লাগে। আজি মই নিজ হাতে গাখীৰ চেনি আৰু বাৰ মছলা মিহলাই সিদ্ধি ঘুটি দিম। দাসীএ মানুহৰ দুখ দেখি সহি থাকিব নোৱাৰে। অনুগ্ৰহ কৰি ইয়াত এখন্তক বৃষভটোক ৰাখক।”

 হৰে কি কৰিলে নকলেও হলহেতেন। বনৰ এচুকত গছ এজোপাৰ তলতে নামি তেওঁ বৃষভটোক ধৰি থাকিল। আৰু পাৰ্বতীএ মগনিয়াৰ ভেশ ধৰি মানুহৰ ওচৰ চাপিল।

(২)

 তেওঁ গৈ প্ৰথমতে এজন ডেকা লৰা দেখা পালে; দীপ-লিপ তাৰ চেহেৰা, উজ্জ্বল গৌৰ কান্তি। কিন্তু কি দুখত ক্ষীণাই-শুকাই গৈছে। ঘনে ঘনে দীঘল হুমুনিয়াহু, আৰু আকাশৰ ফাললৈ চোৱা উদাস-দৃষ্টি।

 পাৰ্বতীএ তেওঁক সুধিলে,⸺“ভদ্ৰমুখ, মই এজনী নিঃকিন মগনীয়া। তোমাৰ দুখ দেখি মোৰ অন্তৰ পৰিমিত শুকাই [ ১৩ ] গৈছে। কোৱাচোন তুমি নো কি দুখত মানুহৰ বসতি এৰি এই দৰে বনে-জংঘলে ফুৰিছা।”

 ডেকাই উত্তৰ দিলে, ‘‘আই, তোমাৰ মাইকীৰ গঢ় দেখি তোমাক বিশ্বাস কৰিবৰ মন যোৱা নাই। মুখত এনে মধু কথা, অন্তৰত বা তোমাৰ কি আছে! তেও শুনা। যি হবলগীয়া হৈছেই, এতিয়া কলে বা নকলে একে হানি বা লাভ নাই। মই বন্তিৰ দৰে লাবণ্যময়ী এগৰাকী ছোৱালীক মোৰ সমস্ত প্ৰাণ-কণাৰে ভাল পাইছিলোঁ। কিন্তু কিমান সাধ্য সাধনা কৰিও তেওঁৰ মন নাপালোঁ। মুখৰ আবৰণে তেওঁৰ অন্তৰৰ ভাৱ ঢাকি থৈছে। সেই অন্তৰত মোৰ প্ৰতি মৰমেই আছে, নে সি অপৰিমেয় উপেক্ষাৰে ভৰি পৰিছে, আজি পৰ্যন্ত কব নোৱাৰিলোঁ। এয়ে মোৰ দুখ”।

 পাৰ্বতীএ ডেকাক এৰি হাবিৰ মাজে মাজে আৰু কিছু দূৰ গৈ এজনী গাভৰু ছোৱালী দেখিলে। দেখিলেই বুজি যে তেওঁৰ আকৃতি কুন্দত-কাটা আছিল। এতিয়াও সোণৰ দৰে গাৰ বৰণ, সৰি পৰিব খোজা শেফালিৰ দৰে দেহাৰ সৌন্দৰ্য, আৰু শুক-তাৰাৰ দৰে চকু দুটিৰ ফালে চালে বেথা আৰু মৰমত হৃদয় পমি যায়। তেওঁ তলমূৰকৈ সৰসৰকৈ চকু-লো পেলাই আছে; কলা চুলিতাৰে আউলি-বাউলি হৈ শৰীৰৰ ফুটি ওলাব খোজা ৰূপ আধা ঢাকি ধৰিছে। পাৰ্বতীএ [ ১৪ ] সুধিলে, “আই, তোক দেখি মোৰ প্ৰাণ গলি যায়। ক, ক, তোৰ কিহৰ দুখ।

 ছোৱালীজনীয়ে কলে, “আই, তোমাৰ মাইকীৰ গঢ় দেখিছোঁ। পুৰুষ জাতিতকৈ তেও তোক বিশ্বাস কৰিব পাৰি। মোৰ নো দুখৰ কথা কি শুনিবা। মই মোৰ সমস্ত হৃদয়ৰ দয়া মৰম প্ৰীতি বেথাৰে এখনি নৈবদ্য সাজি এজনা ডেকাক উপহাৰ দিলোঁ। তেওঁ তাক গ্ৰহণ কৰিলে নে অৱজ্ঞাৰে অতদিন এচুকত পেলাই থৈ দিলে, তাক কোনো ক্ৰমে বুজিব নোৱাৰোঁ। কেতিয়াবা তেওঁ মৰমতে মোৰ সমগ্ৰ আত্মাক অমৃত ৰসত ডুবাই ৰাখে; আৰু কেতিয়াবা পৰ্বত প্ৰমাণ অৱজ্ঞা আৰু অবিশ্বাসৰ ভৰত মোৰ প্ৰাণ ৰস চেপি চেপি উলিয়ায়। আজি পৰিমিত মই তেওঁৰ মনৰ তত্ত্ব নাপালোঁ। এই মোৰ মৰ্ম-ক্ৰটন খেদ।”

 পাৰ্বতীএ ছোৱালীজনীক এৰি গৈ দেখে, অলপ দূৰতে লৰা-ছোৱালী এহাল মহা বিষাদত মগ্ন হৈ বহি আছে। তেওঁ সুধিলে, “বাছাহঁত, তহঁত কোন? ইয়াত নো জংঘলৰ মাজত এইদৰে বহি আছ কিয়? ভয় ডৰ নাই নে তহঁতৰ?”

 সিহঁতে কলে, “আই, ভয় কিহৰ? আই-বোপাইত কৈ বনৰ জন্তুক বেছি ভয় কৰিব নালাগে। আমি দুয়ো ভাই-ভনী। আমাৰ আই-বোপাইৰ উৎপাতত ঘৰত ৰব [ ১৫ ] নোৱাৰি হাবিৰ মাজ পাইছোঁহি। সিহঁতে আমাক কেতিয়াবা মাৰে, কেতিয়াবা খুৱায়, কেতিয়াবা মৰম কৰে, কেতিয়াবা গালি পাৰে, কেতিয়াবা লঘোণে থয়। খাব খোজা বাহানি- খন খাব নিদিয়ে, যাব খোজা ঠাইলৈ যাব নিদিয়ে, এই উৎপাত। তেনে আই বোপাইৰ ঘৰতকৈ এই হাবি- জংঘলেই ভাল।”

 পাৰ্বতীএ সিহঁতকো এৰি আৰু অলপ আগ বাঢ়ি গৈ দেখে, বুৰা-বুৰী এহাল ইটোৰ মুখলৈ সিটোই চোৱা-চুই কৰি বহি আছে। কান্দোতে কান্দোতে তেওঁলোকৰ চকু উখহি গৈছে। পাৰ্বতীয়ে সুধিলে, “ভকত-ভকতনী, আপোনা- লোক কোন, কি দুখত বা ইয়াত এইদৰে বহি আছে?”

 পাৰ্বতীৰ কথা শুনি বুৰাই চকু দুটা পোন্দাই তেওঁৰ ফালে চাই ৰল। বুৰীয়ে মাত লগালে, “আই, তই যেয়ে নহৱ, তোৰ মাত এষাৰি তেওঁ আমাৰ বোৱাৰীৰ মাততকৈ মিঠা! ই আমাৰ কপাল আই। বেটা-বৰী সকলো আছে। বন কৰি খুৱাব নোৱাৰোঁ; বোৱাৰীয়ে দেখিব নোৱাৰে; মাতৰ টেঙাত ভাত খাম চাৰি চকু-লোৰে মাটিৰো চাৰি আঙুল তিতে। পো বোৱাৰীৰ ফাল। তাই যি কয়, সেই হয়। আমি জনম দিলোঁ, পতি-পাল কৰিলোঁ, পোহ-পাল দি ডাঙৰ দীঘল কৰিলোঁ, সকলো মিছা হল। কৰবাৰপৰা ধৰি আনা ছোৱালীজনী হল আপোন; আৰু মাক-বাপেক হল [ ১৬ ] পৰ! এই দুখতে বনবাস খপিছোঁ, আই, ইয়াতে নাখাই মৰোঁ।”

( ৩ )

 ইফালে বেলিও পৰি আহিল। হৰৰ খং উঠিব বুলি ভয় কৰি পাৰ্বতী বৃষভটি যত আছে তালৈকে ফিৰি আহিল। হৰে পাৰ্বতীক বৃষভৰ আগৰ ফালে তুলি লৈ কৈলাসলৈ ছুটি মেলিলে।

 বাটত হৰে সুধিলে, “গনেশৰ মাক, নৰলোকত কি দেখিলা!”

 পাৰ্বতীয়ে কলে, “কি দেখিম, প্ৰভু! নৰলোকৰ আচলতে বৰ দুখ। আপুনি ব্ৰহ্মা আৰু বিষ্ণুৰে লগ হৈ কি যে অভেদ্য আবৰণেৰে তাহঁতৰ হৃদয় ঢাকি থলে! কাৰো অন্তৰৰ কথা কোনোৱে বুজি নাপায়। ইটোই সিটোই বিশ্বাস নাই। মৰমক ভাবে উপেক্ষা বুলি, শাসনক লয় নিষ্ঠুৰতা ৰূপে। নৰলোকৰ দুখৰ পাৰ-কুল নাই প্ৰভু! ইয়াৰ এটা উপায় কৰক।”

 হৰে কলে, “কি কৰিব লাগে কোৱাচোন বাৰু। তোমাৰ কথা মই জানো কেতিয়াবা পেলাওঁ।” [ ১৭ ] পাৰ্বতীয়ে উত্তৰ দিলে,” বাৰু, দাসীয়ে সময়ত নিবেদন জনাব।”

(8)

 কৈলাস পাওঁতে অলপ নিশা হল। দেৰি হোৱা দেখি নন্দীয়ে পদুলি ওলাই বাট চাই আছে। ঘৰৰ দুৱাৰ মুখ পোৱা মাত্ৰকতে চাৰিও ফালৰপৰা সহচৰ সকল আহি বৃষভক তাৰ গোহালিলৈ লৈ গল। আৰু গোঁসাই-গোঁসানীকো জিৰণি লবৰ সুবিধা কৰি দিলে।

 হৰে বাঘৰ ছালত দীঘল দি পৰি কলে, “নন্দী, আজি বৰ ভাগৰ লাগিল। ভাঙ চিলিম বৰ ডবল কৰি দিবিহঁক। আৰু গণপতিৰ মাক, শুনিছা নে; মই হলে পাহৰা নাই। বাৰ মছলাৰে ঘুটা সিদ্ধি নাপালে, আজি আমাৰ আৰু নিশাৰ ভোজন নহয়।”

 হৰৰ কথা শুনি, পাৰ্বতীএ মিচিক কৰি হাঁহি সিদ্ধি ঘোঁটাত লাগিল। আৰু কিছু পৰৰ মূৰত প্ৰকাণ্ড এটা কাঠৰ চৰিয়াতকৈ এক চৰিয়া মহা সুগন্ধময় সিদ্ধি আনি গোঁসাইৰ আগত হাজিৰ কৰিলে। সিদ্ধিৰ পাত্ৰ দেখি আৰু গন্ধ পাই, গোঁসাইৰ তিনিওটি চকু আনন্দত নাচি উঠিল, আৰু চিপ-চিপকৈ সেই সুধা সদৃশ সিদ্ধি পান কৰিবলৈ ধৰিলে।
[ ১৮ ]  ছেগ চাই পাৰ্বতীএ কলে, “প্ৰভু, দাসীৰ নিবেদন এতিয়া জনাব খোজোঁ।”

 হৰে বুলিলে, “কি নিবেদন হে, তোমাৰ! ভাঙ খুৱাই বলিয়া কৰি যিহকে খুচি তাকে কৰাই লোৱা। বৰ দুষ্ট।”

 পাৰ্বতীএ লাহেকৈ মাত লগালে, “দাসীৰ প্ৰাৰ্থনা শুনিব খুজিছিল দেখিহে আকৌ কবলৈ সাহ হৈছে।”

 “অঁ, বাৰু বুজিছোঁ, কোৱা। নৰ-লোকৰ কি কৰিব লাগে কোৱা।”

 “প্ৰভু, নৰলোকৰ এই দুখ গুচাই দিব লাগে। তাহাঁতৰ অন্তৰ-আবৰণ খনি তেনেই টানি তুলি দিব লাগে। প্ৰত্যেকে যেন প্ৰত্যেকক দেখা মাত্ৰেই মনৰ সকলো ভাৱ, মন্দাকিনীৰ ধাৰাৰ উপল-খণ্ডৰ দৰে, ফটফটিয়াকৈ জানিব পাৰে। ইয়াকে কৰিব লাগে, প্ৰভু।”

 হৰে কলে, “জানোচা তাকে কৰিলে তুমি আকৌ বেছি দুখকে হে পোৱা।”

 “নাপাওঁ, প্ৰভু, তাকে কৰি দিয়ক।”

 হৰে ঘৰ-সংসাৰ কৰি অত দিনে বুজিছে, পাৰ্বতীৰ লগত তৰ্কৰ বা যুক্তিৰ একো ফল নাই। ইফালে সিদ্ধিৰ ৰাগিত [ ১৯ ] চকু দুটিও ঢুল-ঢুল। হৰে কলে, “তথাস্তু”।

(৫)

 অলপ পাছতে, ভয়ঙ্কৰ কোঢ়াল! নৰ-লোকৰপৰা আকাশ ভেদি কৈলাসতো খলক লাগি গল। পাৰ্বতীএ আথেবেথে সুধিলে, “প্ৰভু, ই কি! নৰলোকৰপৰা ই কিহৰ বিষম কোঢ়াল?”

 “যিহৰে নহক, মেনকাৰ কন্যা, মনে মনে থাকা। মোৰ টোপনি ধৰিছে।”

 এই বুলি ঘোৰ্ঘোৰ কৰি নাক ডকাই গোঁসাইৰ দোৰ্ঘোৰ টোপনি আহিল। ইফালে নৰলোকৰ হাহাকাৰৰ খলকনিএ পাৰ্বতীৰ কাণত শেল বিন্ধা দিব ধৰিলে; তেওঁ কি কৰিব কি নকৰিব একো উপায় নাপাই, থাকিল উচ্‌পিচ্‌ কৰি।

(৬)

 পাছ দিন ফুটিল পুৱাতে পাৰ্বতী উঠি হৰক ভাং এক চিলিম ভাল কৰি সজাই দি কলে, “প্ৰভু ই কথাই কথা নহয়। নৰ-লোকৰ কি হৈছে চাব লাগিল। তাহাঁতৰ হাহা- কাৰত মোৰ চাৰা ৰাতি টোপনিয়ে আহা নাই [ ২০ ]  অগত্যা মহাদেৱ বৃষভৰ নাকিত ধৰি উঠি বহিল। পাৰ্বতীও বৃষভৰ ওপৰত নিজৰ ঠাই ললে; বৃষভে উৰা মাৰি দিলে। খন্তেকতে তেওঁলোেক নৰলোকৰ ওপৰৰ আকাশ পালেগৈ।

 তাত দেখে যে, আচনক কাণ্ড! মানুহৰ সৰহ ভাগে ঘৰ-দুৱাৰ এৰি হাবি-বন-পাহাৰ-পৰ্বতৰ ফালে লৰ ধৰিছে। মানুহ দেখিলে ভয়তে লৰি বাঘ, ভালুক, সিংহ, হাতী যিহকে পাই তাৰ পেটৰ তলত সুমাই আশ্ৰয় বিচাৰিছে। মানুহে মানুহৰ ভয়ত বিতত হৈ কাল সৰ্পকো সাবটি ধৰিছেগৈ। মুঠে মাজে মাজে দুই চাৰিজনে এই অদ্ভুত বিপদ দেখি মানুহক তাৰপৰা ৰক্ষা কৰিবলৈ চিঞৰি-বাখৰি ফুৰিছে।

 সকলো দেখি শুনি পাৰ্বতী স্তম্ভিত হল। হৰত সুধিলে, “প্ৰভু, আজি আৰু ই কি ভীষণ দৃশ্য দেখিছোঁ। আজি দেখোন মানৱ-সমাজ তেনেই ধবংস হল!”

 হৰে উত্তৰ দিলে, “প্ৰিয়া, দেখিবা আৰু কি! কালি তুমি যি উপায়েৰে তাঁহাতৰ সুখৰ বিধান কৰিব খুজিছিলা, তাৰ ফল এই।”

 পাৰ্বতীয়ে আচৰিত হৈ কলে, “কেনেকই। মানুহে মানুহৰ অন্তৰ বুজিহে এই দৰে মানুহৰ সঙ্গ ত্যাগ কৰি বনৰীয়া জন্তুৰো সঙ্গ বিচাৰিছে নে?”
[ ২১ ]  হৰে মাত লগালে, “নহলে আৰু কি বুলি ভাবিছা।”

 পাৰ্বতীয়ে সুধিলে, “তেনেহলে এই দুই চাৰি জন, যিবিলাকে মানুহক এই ধ্বংসৰ মুখৰপৰা ৰক্ষা কৰিবলৈ বিতত হৈ ঘূৰি ফুৰিছে, এওঁলোক কোন?”

 হৰে কলে, “এওঁলোক প্ৰকৃত সজ মনৰ মানুহ। এওঁ- লোকৰ হৃদয় পবিত্ৰ আকাশৰ দৰে উদাৰ আৰু নিৰ্মল। প্ৰকৃততে এওঁলোকৰ ভাৱ-ধাৰাই হে মানৱ-সমাজ ৰক্ষা কৰি আছে।”

 পাৰ্বতীয়ে সুধিলে, “ইবিলাক মানুহে তেনেহলে কেনেকই ঘৰ-গৃহস্থি কৰি, সংসাৰ পাতি, সমাজ বান্ধি, ইমান দিনে সুখত বাস কৰি আছিল?”

 হৰে কলে, “পৰ্বত জিয়াৰী, যেতিয়ালৈকে মানুহে মানুহৰ অন্তৰ দেখা নাছিল, তেতিয়ালৈকে বাহিৰৰ কাৰ্যকে অন্তৰৰ ভাৱ বুলি ভাবি মানুহে একেলগে বসবাস কৰি আছিল। যেতিয়ালৈকে মুখৰ কথাই অন্তৰৰ ভাৱ গোপন কৰি ৰাখিব পাৰিছিল, নেদেখা উদ্দেশ্যবোৰ দেখা কামৰ আঁৰত লুকাই আছিল, তেতিয়ালৈকে মানুহে বিশ্বাস-অবিশ্বাস দয়া-নিৰ্দয়তা মৰম-ঘৃণাৰ মাজত এক ৰকমে দিন কটাব পাৰিছিল। তোমাৰ বৰৰ-প্ৰভাৱত মানুহৰ হৃদয়-পট মুকলি হল, মানব-মনৰ স্বাৰ্থ-বিজড়িত হিতৈষণাৰ ভিতৰ ওলাই পৰিল, ক্ৰুৰতা [ ২২ ] প্ৰণোদিত দয়াৰ অন্তস্থল দেখা গল! তেতিয়া মানুহে দেখিলে অবস্থা বুজি মানুহ বাঘতকৈও ভয়ঙ্কৰ, ভালুকতকৈও নিষ্ঠুৰ আৰু সৰ্পতকৈও ক্ৰুৰ। সেই দেখি আজি মানব-সমাজৰ এই দশা দেখিছা।”

 পাৰ্বতীয়ে আথে-বেথে কলে, “প্ৰভু, মানুহৰ আৰু এই দশা সহি থাকিব নোৱাৰি। কালি মোৰ খাটনিত যি অন্তৰ আবৰণ খনি টানি পেলাই দিছিল, আজি আকৌ সেই খনি ঢাকি দিয়ক, প্ৰভু।”

 “তথাস্তু” বুলি গোঁসায়ে বৃষভক কৈলাস মুৱা কৰি চুটি মেলি দিলে।

 বাটত যাওঁতে পাৰ্বতীক কলে, “প্ৰিয়া, তুমি কৈলাস অধিষ্ঠাত্ৰী হলেও, মাইকী মানুহ হে। এইবোৰ কথাত হাত নিদিয়াই ভাল।”

৭।৯।২১

[ ২৩ ]
 

তিনি কুৰি টকা।

 তিনি কুৰি টকাৰে কি কৰিব পাৰি, কোৱা।

 প্ৰথমতে, আগৰ দিনত হোৱা হলে (অৰ্থাৎ যুদ্ধৰ পূৰ্ব যুগত) এই টকাৰে এটা ‘ভেইন্না’ (ভেৰোনীয়া) ৰাখিব পাৰি, এহাল ভাল জাতি গৰু কিনিব পাৰি, আপী বিয়া কৰাবলৈ হলে এটা আপীৰ গা-ধনো দিব পাৰি। আৰু কলেজত পঢ়া লৰা এটাৰ এবছৰৰ মাছুল, দুই মাহৰ খৰচ, তিনিজোৰা পোছাকৰ দাম, ইত্যাদি, এই পৰিমাণৰ টকাৰে যোগাব পাৰি। আৰু কেৰাণী এজনৰ এমাহৰ দৰমহা, শিক্ষক এজনৰ সাড়ে-সাত মাহৰ বেতন, চাকৰ এটাৰ চাৰি মাহৰ তলব, হাকিম এজনৰ তিনদিনৰ ‘পে’, চাহাব এটাৰ ওঠৰ ঘণ্টাৰ ‘চেলেৰী’ দিব পাৰি। আৰু সৰু সুৰা দুটা ভেটি, মাজা মাজি আঢ়ৈ টা ভেটি আৰু ডাঙৰ পোৱা টা ভেটিৰ দিহা এই টকাৰেই কৰিব পাৰি।
[ ২৪ ]  এই প্ৰকাৰে তিনি কুৰি টকাৰে অসংখ্য কাৰবাৰ কৰিব পাৰি। বা একোকে নকৰি গোটেইখিনি টকা দলি মাৰি পেলাই দিব পাৰি বা হৰুৱাবও পাৰি।

 তুমি সুধিবা কেনেকই?

 অৱশ্যে তাৰো কায়দা জানিব লাগে। টকা তিনি কুৰি উলিয়াই বাহিৰত পেলাই থলা, তাৰপৰা কোনোবাই বুটলি লৈ গল; ইয়াত হৰুৱাৰ অলপো কায়দা নাখাটিল।

 বা, তিনিকুৰি টকা জেপত জন-জনাই সভা-ভঠেলি বা হাট বজাৰক গলা। তাৰপৰা ফুটা ছোলাৰ জেপেৰে এটা এটা কৰি সৰি পৰি থাকিল, বা কোনোবাই মোনাত হাত সুমাই গোটাই কেইটা লৈ গল! তাতো কায়দা সম্পূৰ্ণ ৰূপে নাখাটিল।

( ২ )

 দস্তুৰ মাফিক কায়দা লগাই কেনেকই হৰুৱাব পাৰি, তাৰে এটা কথা কওঁ শুনা।

 মই এদিন ৰেলত ফুৰিছিলোঁ। এটা ষ্টেচনত টকা কৰি গণি-পিতি লৈ দহ-টকীয়া ছয় খন নোট বেছ কৰি জাপি জুপি এটা চামৰাৰ ডাঙৰ ‘মনিবেগৰ’ ভিতৰত খাপ খুৱাই সুন্দৰৰূপে সুমাই থলোঁ। [ ২৫ ] কিছু বেছি টকা আছে, আৰু ছোলাৰ জেপটোও গধুৰ গধুৰ লাগে; সেইদেখি ৰেলৰ টিকট, নোট আৰু টকা পয়চাৰে ভৰপূৰ বেগটো এটা সৰু হাতনি পেৰাত সুমাই থৈ তাৰ তলাটো বন্ধ কৰি ছাবিপাত উৰমালৰ এটা চুকত বান্ধি জেপত থৈ দিলোঁ।

 এই দৰে তিনি ঘণ্টামান আহাৰ পাছত মোৰ যি ষ্টেচনত নামিবৰ কথা, তাৰ ওচৰ পালোঁহি। ষ্টেচনত পেৰা খোলা, বেগ খোলা আহুকাল হব ভাবি, ষ্টেচন নৌপাওঁতেই পেৰাটো মেলিলোঁ; তাৰ পাচত বেগটো আনি তাকো মেলিলোঁ; আৰু ৰেলৰ টিকট আৰু কেই অনামান পইচা উৰমালত বান্ধি লৈ বেগটো আকৌ হাতনি পেৰত সুমাই থৈ ছাবি বন্ধ কৰিলোঁ।

 ষ্টেচনৰ পৰা ঘৰ পালোঁহি। খোৱা-বোৱা কৰাত দুই এক ঘন্টা সময় গল। পাছত মোৰ লগুৱাটোৱে কিবাৰ কাৰণে টকা লাগে বুলি কলে। ছাবিপাত লগৰপৰা এৰাই নাই। হাতনি পেৰাটো খুলিলোঁ; বেগটো মেলিলোঁ; আচৰিত। নগদ টকা কেইটা আছে, ভঙনীয়া পইছাখিনিও আছে। কিন্তু নাই—সেই দহটকীয়া ছয় খন নোটৰ টোপোলাটো।

(৩)

 এতিয়া নকবা নে যে নিয়মমতে টকা হৰুৱাবলৈ যথেষ্ট কায়দাৰ আৱশ্যক? [ ২৬ ] তুমি কি ভাবা কব নোৱাৰোঁ, কিন্তু টকা হৰোৱাৰ পাছতে যাকে যাকে এই কথা কলোঁ, সেয়ে কলে, ‘বাহাদুৰি আছে হলে হয়।’

 বিশেষকৈ, প্ৰথমতে মোৰ কথা যি কেইজন লোকে শুনিলে, তাৰ ভিতৰত ডেকা লৰা এজনে হলে মোক মস্ত এজন আহাম্মখ বুলি বীৰ বুলি পূজাকে কৰিবলৈ দিহা কৰা যেন লাগিল। তেওঁৰ বয়স ওঠৰ-উনৈশ বছৰ; দীঘল, বগা, ক্ষীণ, মুখত মিল-মিলীয়া দাৰি গোফ, নাকটো তিহ- তিহীয়া। কলেজত লজিক আৰু অঙ্ক লৈ পঢ়িছিল; সম্প্ৰতি নন্‌-কো-অপাৰেচন কৰি ঘূৰি মেলি ফুৰিছে। তেওঁ মোৰ সুধিলে, “ডাঙৰীয়া, এই কথা অসম্ভৱ যেন লাগিছে। ছাবিপাত সদায় আপোনাৰ হাতত আছিল নে?”

 হয়, এক চেকেণ্ডো মোৰ হাতৰপৰা আন ঠাইত থাকা নাই।”

 “ভাবি চাওকচোন বাৰু, আপুনি যি ষ্টেচনত টকা গণি ললে, তাতে কি জানি নোট খিনি এৰি আহিল?”

 “উহুঁ। মোৰ সুন্দৰকৈ মনত আছে নোট খিনি মই জাপি এই দৰে বেগটোত সুমাই থৈছোঁ।” (জাপি থোৱাৰ ভাও দি দেখুৱাই দিলোঁ।)

 তেওঁ অলপ পৰ ভাবি আকৌ সুধিলে, “আপুনি ঘৰ পোৱাৰ পাছতো হাতনি-পেৰাটো সদাই আপোনাৰ লগতে [ ২৭ ] আছে নে?”

 “হয়, মোৰ চকুৰ আগতে আছে। মুঠে ভাত খোৱা পৰ খিনিত হে নাই। তেতিয়াও কিন্তু মোৰ লগুৱাটো ইয়াতেই বহি আছে।”

 “আপুনি বিমোৰত পেলালে। ভাল; আপুনি যিখন গাড়ীত আহিছিল, তাত কোন কোন লোক আছিল কব পাৰে নে?”

 “হয়, খুব পাৰোঁ। কাৰণ মই আহা গাড়ীখানত মুঠে আমি দুজন মানুহ উঠিছিলোঁ; মই আৰু জিতেন বাবু⸺ পাৱলিক ৱাৰ্কচৰ ইঞ্জিনিয়াৰ।”

 “জিতেন বাবু যে বুলিছে তেওঁক আপুনি চিনি পায়?”

 “হয় পাওঁ। অনেকদিন একেলগে ফুৰা, দেখা, শুনা।”

 “বাৰু? আপুনি কেতিয়াবা হাতনি-পেৰাতো গাড়ীত এৰি বাহিৰত আছিল নে?

 “হয়, আছিলোঁ, প্ৰায় দহ মিনিট, ইঞ্জিনে পানী লওঁতে, বাহিৰত নামি আন এজন লোকেৰে সৈতে কথা পাতিছিলোঁ।”

 “তেতিয়া জিতেন বাবুএ কি কৰিছিল?”

 “ঠিক মনত নাই। কিন্তু বোধ কৰোঁ তেওঁ আগৰতো ষ্টেচনৰপৰাই খবৰৰ কাগজ চাওঁতে চাওঁতে টোপনিয়াই আহিছিল।”
[ ২৮ ]  “আ! ঠিক! ঠিক! মিলিছে। Another professor Mortiary দ্বিতীয় প্ৰফেচাৰ মৰ্তিয়াৰি। ডাঙৰীয়া, আপুনি নিশ্চিত থাকক, মই এঘণ্টাৰ ভিতৰতে টকা লৈ আহিম।”

 এই বুলি কৈ ঘপহ কৰি ডেকা জন ওলাই গল। তেওঁৰ শেষৰ কথাখিনিৰ অৰ্থ গ্ৰহণ কৰিবৰ আমাৰ সময়েই নহল।

(8)

 পাছত হে গম ধৰিব পাৰিলোঁ⸺ও, এওঁ চাৰলক হোমচ্‌ আৰু প্ৰফেচাৰ মৰ্তিয়াৰিৰ কথা কৈছে। এওঁ নিজে প্ৰসিদ্ধ ডিটেকটিভ হোম্‌চৰ চাউল মাৰিবলৈ কাৰবাৰ কৰিছে নে কি? হোমচ্‌ দোখোন কাল্পনিক। চাওঁএচোন বাৰু কি কৰে?

 এঘণ্টাৰ ঠাইত দুই চাৰি দিন গল। কিন্তু হোমচ্‌-যশঃ- স্পৰ্দ্ধী ডেকাৰ হলে খবৰেই নাই।

(৫)

 এদিন বাটত পুলিচৰ চুপাৰিণ্টেণ্ডেণ্ট্‌ জনাই লগ পাই সুধিলে, “হে হেৰি ডাঙৰীয়া, আপোনাৰ বোলে ৰেলত টকা তিনি কুৰি হৰাল।” [ ২৯ ]  মই আচৰিত হলোঁ, এওঁ জানিলে কেনেকৈ? ইয়াতে কৈ থোৱা ভাল যে পুলিচৰ চাহাব হলেও এওঁ দেশী মানুহ।

 মই সুধিলোঁ, “আপুনি জানিলে কেনেকৈ?”
 “কিয়? আপোনাৰ ডিটেকটিভ নতুন হোম্‌চৰ পৰা।
 “কি হৈছে কওকচোন, কওক”।

 “কি আৰু হব! বেচাৰিয়ে কনানডয়েলৰ গল্পবোৰ পঢ়ি পঢ়ি ভাবিছে যে analysis কৰি (ভাঙি পাতি বুজি) গলে সকলো কথাৰে সকলোএ গম ধৰিব পাৰে! আপোনাত সকলো কথা সুধি পুছি উঠি সেই ডেকাজনে পোনে পোনে জিতেন বাবুৰ বাহাক গল। জিতেন বাবু ভাগ্যক্ৰমে তেওঁৰ অফিচৰ কামৰাত অকলে বহি আছিল। এওঁ গৈয়ে তেওঁক চোৰ ধৰিলে। কলে বলে, ‘জিতেন বাবু’ এই ৰকম ভদ্ৰলোক বদমাইচ পৃথিবীত অনেক আছে; তাৰে আপুনিও এজন। মোৰ হাতত ধৰা পৰিল। ইকাটি সিকাটি নকৰি অমুকৰ হাতনি-পেৰাৰপৰা যে ৰেলত টকা তিনি কুৰি আনিলে এতিয়া দিয়ক।”

 “পাছে পাছে?”

 “পাছে জিতেন বাবু তো কথা শুনি অবাক। আগে ভাবিলে, বলিয়া বুলি। পাছত ডেকাজনে কোনো [ ৩০ ] নেৰেহে নেৰে। এই দৰে প্ৰায় এঘটা কাল উপায়ান্তৰ নেদেখি জিতেন বাবুৱে মোলৈ Slip (শ্লিপ) দি পঠালে বোলে, ‘তেওঁৰ বিপদ, তৎক্ষণাত আহি যাব লাগে।’ মই গৈ দেখোঁ এই কাণ্ড।

 “ডেকাজনক সুধি-পুছি মই সকলো কথা শুনিলোঁ। শুনি কলোঁ, ‘তুমি নিতান্ত মূৰ্খ। এই ভদ্ৰলোক জনক চোৰ ধৰাৰ আগেয়ে তোমাৰ এই বুদ্ধিটো নহল নে যে অমুকে হাতনি-পেৰাৰ পৰা বেগটো উলিয়াই ৰেলৰ টিকট বেলেগাই লওঁতে নোট কেইখনো ওলাই পৰিব পাৰে। আৰু নোটৰ ফালে অমুকৰ চকু নপৰিবও পাৰে।’ শুনি ডেকাজনে তেনেই মুচ-কচ যোৱাৰ নিচিনা হল। আৰু তৎক্ষণাৎ তাৰ পৰা উঠি লৰ দিলে।

 “জিতেন বাৰু আৰু মোৰ মস্ত হাঁহি। আপুনি তাৰ পাছত জিতেন বাবুক লগ নাই পোৱা হব পায়?”

 “নাই পোৱা।”

 “যি হক, টকা হৰুৱাই ভাল ডিটেকটিভি কাণ্ডটো কৰালে।”

(৬)

 এতিয়া বাৰু কোৱা, এই দৰে টকা হৰুৱাই বাহাদুৰি আছে নে নাই।

⸻⸻

১৭।৫।২১ [ ৩১ ]
 

মেষ আৰু ভেকুলি।

(১)

 বৰ খৰ; মাটি ফাটি ছিটাছিট হৈছে। খেতিয়কৰ ত্ৰাস।

 তাকে দেখি ভেকুলিএ কলে, “ককাই, ভয় কৰিছা কিয়? মেঘ মোৰ মিতা। মোৰ বিয়া পাতা, মই মেঘক বৰষুণ দিবলৈ কৈ দিম।”

 মহা মেলাৰ দিনা⸺ভেকুলি-বিয়া। দেশৰ লৰা-ছোৱালী মতা-মাইকী, ধুলীয়া-খুলীয়া, বামুণ-পুৰোহিত-আটাইৰে মহা সাজ-সজ্জা, আনন্দৰ তমৰোল।

 বিয়া হৈ গল, বৰ সমাৰোহ বৰ উৎসৱ; বৰষুণ নাই। [ ৩২ ]

(২)

 খেতিয়কে কলে, “ভেকুলি দেউতা, তোমাৰ বিয়া পাতিলোঁ, মেঘে দেখোন বৰষুণ নিদিয়ে?”

 ভেকুলিএ কলে, “ৰবা ককাই, মিতালৈ বাতৰিহে দিছোঁ। ডাঙৰ লোকৰ কথা হয়, কিছু গহীন-গম্ভীৰেহে।

 আৰু দিন গল; খেতিয়কে ভেকুলিত আৰু গোচৰ জনালে।

 ভেকুলিএ কলে, “ককাই, তুমি অবুজন। মোৰ মিতাৰ ঘৈণীয়েকৰ মূৰৰ কামোৰ। তেওঁ তোমালোকৰ কথালৈ এতিয়াও মন দিব পাৰা নাই। কোৱাচোন বাৰু, তেওঁৰ ঘৈণীয়েকৰ মূৰৰ কামোৰণিতকৈ নো তোমালোকৰ পেটৰ পোৰণি বেছি বুলি ভাবিব পাৰি নে?”

( ৩ )

 এই দৰে আৰু দিন গল। আকৌ খেতিয়কৰ গোচৰ আহিল।

 ভেকুলিএ সেইবাৰ কলে, “খেতিয়ক ককাই, তোমা- লাকে মোক বিয়া নিদিলা, বিহ হে দিলা। ইমানকৈ আমনি দিবা বুলি জনাহেতেন, মই তোমালোকৰ বাবে ইমান [ ৩৩ ] খাটোঁ কেলেই? মই বাৰু বাতৰি পঠাইছোঁ। তোমালোক মনে মনে বহি থাকা গৈ। মিছাতে দিগ নিদিবা।”

 এই দৰে আৰু দিন গল। খেতি-খালা শুকাই পথাৰত জুই লাগিল, গৰু-মানুহে পিয়াহত কল-বলাই ফুৰিব ধৰিলে।

( 8 )

 অৱশেষত আহিল বৰষুণ; গুৰু-গম্ভীৰ গৰ্জন কৰি মেঘে কেইটোপামান পানী পৃথিবীত পেলালে। শুকান মাটিত পৰি পানী শুহি গল। পৃথিবীৰ পিয়াহত মেলা মুখ মেলাই থাকিল।

 ভেকুলি তৰক্‌ তৰক্‌ কৰি জনাই দিলে, ‘নেদেখিছা, খেতিয়ক ককাই, মোৰ মহতালি। মই মেঘ মিতাক কোৱা মাত্ৰকে তোমালোকৰ কিমান উপকাৰ কৰিলে। বৰষুণ দিলে, পানী দিলে , আৰু কি লাগে। তেও তোমালোকে মোৰ শলাগ নোলোৱা।”

 খেতিয়কে ভাবিলে-“হয়, এওঁৰ কৃপাতেই যি অলপ আৰু জানোচা হয়।

(৫)

 এইদৰে আকৌ মহা সমাৰোহ, আৰু মহোৎসৱৰ মহাৰলা, ভেকুলিৰ আকৌ বিয়া। গোটাই দেশৰ তিৰি-মুনিহ, [ ৩৪ ] লৰা-ছোৱালী, তনহ-মনহ কৰি আহি মেঘৰ মিতা ভেকুলিৰ বিয়াত যোগ দিলে।

 সেই দিন ধৰি দেশত ভেকুলি-বিয়া প্ৰচলিত হল।

   *   *   *   *

 ফল? জানোতই জানে।

৯।১২। ২০

[ ৩৫ ]
 

বায়ন।

(১)

 ৰামে আক্ষেপ কৰি সীতাক কইছিল—“তে হি নো দিবসাঃ গতা”—যেতিয়া গুৰুজনসকলে আদৰ-মৰম কৰি আমাক লালন কৰিছিল, সীতা, সেই দিন আৰু আমাৰ নাই।

 আমাৰ মাজত অনেকেই সেই প্ৰাচীন আক্ষেপ কৰি কবলগীয়া হয়, “তে হি নো দিবসাঃ গতাঃ ”।

 বায়নৰো “তে হি দিবসাঃ গতাঃ।” যেতিয়া তেওঁৰ খোলৰ ঢা-টিক-ধিং-টিং ৰোল আৰু তেওঁৰ গলৰ সুহাই ৰাগ শুনিবলৈ হাজাৰ-বিজাৰ মানুহ সভাত গোট খাইছিল, আজি আৰু সেই দিন নাই। প্ৰাচীন খোল-কৰতালৰ ঠাই ডাইনা- বাৱা বেহেলা-হাৰমোনিয়মে অধিকাৰ কৰি বহিছে; প্ৰাচীন ভাওনাৰ ঠাইত যাত্ৰা-থিয়েটাৰৰ আবিৰ্ভাৱ হৈছে। প্ৰাচীন [ ৩৬ ] শ্ৰীকৃষ্ণ বলৰাম আৰু গোপবালকসকলৰ নাচনৰ ঠাইত মাইকীৰ সাজ পিন্ধা ‘ছোক্‌ৰা’ আৰু কলিকাতাৰ নটীৰ নাচৰ আমদানি হইছে; ভাওনাৰ ধৰ্ম আৰু আনন্দৰ ঠাই থিয়েটাৰৰ আমোদ আৰু অশ্লীলতাই অধিকাৰ কৰিছে!

 বায়নৰ তে হি দিবাসাঃ গতাঃ! সেই দেখি গাওৰ এক চুকত অনাদৃত হৈ বায়ন পৰি থাকে।

 কেতিয়াবা যাত্ৰাৰ কথা শুনি চাবলৈ যায়⸺আৰু তাত সাজ-পাৰৰ চাক-চিক্য, ৰাধা-কৃষ্ণৰ প্ৰেমাভিনয়ৰ অশ্লীলতা, দৰ্শকৰ মুখত পাণ-চুৰট মাজে-মধ্যে মদৰ দুৰ্গন্ধ, আৰু অন্তৰত অনুভূতি-বিহীন আমোদ উপভোগৰ বাঞ্ছা দেখি ব্যথিত হৃদয় খনি লই ফিৰি আহে। তেতিয়া মনত পৰে সেই দিনৰ কথা, যেতিয়া শ্ৰীকৃষ্ণ সাঁজিছিল কেৱল গোঁসাই-মহন্তৰ লৰাই হে; যেতিয়া ৰঙ্গভূমিত শ্ৰীকৃষ্ণৰ প্ৰবেশ হোৱা মাত্ৰে সমজ্যাৰ লোকৰ হৰি-ধ্বনিৰ ৰোলত আকাশ উপচি পৰিছিল, আৰু সেই মহা-মহিম চিৰন্তন শ্ৰীকৃষ্ণৰ প্ৰীতি-উদ্দেশে দিয়া ভক্তিৰ অঞ্জলি পাই ভাওনাৰ শ্ৰীকৃষ্ণও এক অপূৰ্ব গৌৰৱত উদ্ভাসিত হই উঠিছিল। তেনে গৌৰৱময় দিনৰ কথা, যেতিয়া খেৰৰ কালি-নাগে ভক্ত-দৰ্শকৰ প্ৰাণৰ স্পৰ্শ পাই হাজাৰ ফণা ধৰি প্ৰকৃত কালি-নাগ, হই ফোঁফাই উঠিছিল আৰু মূৰত শ্ৰীকৃষ্ণৰ অৰুণ পদ-কমল লই ব্ৰহ্মপুত্ৰত পৰি কৃষ্ণৰ সহিত অন্তৰ্ধান হইছিল।
[ ৩৭ ]  সেই প্ৰাণ-ৰসৰ দ্বাৰা উজ্জীৱিত ভাওনাৰো এক দিন, আৰু আজি সংসাৰ হেঁচা-ঠেলাৰ মাজত লালসাৰে তৈয়াৰী বিলাস কৃত্ৰিমতা আৰু অহঙ্কাৰ-পূৰ্ণ থিয়েটাৰৰো এক দিন!

 কণ্ব-শিষ্য শাঙ্গৰ্ৰব ঋষিয়ে আশ্ৰম আৰু দুষ্যন্তৰ নগৰ তুলনা কৰি কইছিলঃ⸺

“তথাপীদং শশ্বৎ পৰিচিতবিবিক্তেব মনসা
জনাকীৰ্ণং মন্য হুতবছপৰিতং গৃহমিব”।

 “যদিও দুষন্তই সকলো শাস্ত্ৰবিধি পালন কৰে, আৰু ভাল আচাৰত থাকে, তথাপিতো আশ্ৰমত থাকি থাকি জনাকীৰ্ণ ৰাজপুৰিখান মোৰ মনত জুই-লাগা ঘৰৰ দৰে লাগিছে।”

 আজিৰ যাত্ৰা আৰু থিয়েটাৰ দেখি এই শ্লোক বায়নৰ মনত পৰি যায়, আৰু কবিৰ লগত অনুভৱ কৰি মনতে ভাবে—এই যাত্ৰা আৰু থিয়েটাৰ “জনাকীৰ্ণং মন্যে হুতবহ- পৰিতং গৃহমিব”।

(২)

 গাওঁত মহোৎসৱৰ সময়⸺ৰাইজৰ সভা। কোনোৱে কলে বঙালী যাত্ৰা আনা যাক, কোনোৱে কলে থিয়েটাৰ [ ৩৮ ] পাতা যাক। বুঢ়া কবিৰত্নই কলে, বায়নৰ ভাওনা হক। কবিৰত্ন ধনী, মানী, সম্ভ্ৰমী লোক; তেওঁৰ ডাঙৰ লৰাটো নগৰত উকিল; তেওঁৰ কথা ৰজিল। ৰাইজৰ সভাত বায়নে যাত্ৰা কৰিব, ঠিক হল।

 সি কিমান যো-যা! মুখা সাজাই মুখা সাজিলে, পাগুৰি বান্ধাই পাগুৰি বান্ধিলে, খোলৰ যত ঘূণ এৰিছিল তাত ঘূণ আৰু যত ডন চিঙিছিল তাত ডন দিয়া হল।

 সভাৰ দিন আহিল, সভাৰ খোলাত যত ব্যুহ লাগে, যত ৰথ লাগে, যত যি লাগে সকলো ঠিক্‌-ঠাক্‌ কৰি সজোৱা হল।

(৩)

 ঢেৰ মানুহ-সভাৰ খোলাত ইমান মানুহ বোধ কৰোঁ অনেক বছৰ লগ খোৱা নাই।

 ৰাইজে বুঢ়া বায়নৰ নাম শুনিছে—আগৰ দিনত বুঢ়া বায়নৰ যাত্ৰা চাবলৈ কিমান মানুহ জমে, বুঢ়া বায়নে কোন সময়ত কি কথা কয়, বুঢ়া বায়নৰ কোনটো ৰাগ শুনি ৰাইজে কান্দে, আৰু কোনটো ৰাগৰ প্ৰাণ অবশ কৰা তানত গোটাই সভাই নিজম মাৰি ছোৱালীৰ কোলাৰ মেকুৰীটোৰ দৰে নিজকে পাহৰি যায়—বুঢ়া বায়নৰ এই যশ মানুহৰ মুখে মুখে, কথা-ফুটা লৰায়ো এইবিলাক কথা কব পাৰে।
[ ৩৯ ]  তাতে বুঢ়া কবিৰত্ন দেৱে গাৱেঁ গাৱেঁ খেলে খেলে, কাজে কামে, বুঢ়া বায়নে ডেকা বয়সত কেনেকৈ সভাক সুৰৰ মোহিনী মাৰিছিল আৰু আহা ৰাইজৰ সভাত কেনেকৈ তেওঁৰ আগৰ দিনৰ সকলো কীৰ্তি দেখুৱাব খুজিছে, এই- বিলাক কথা লাগাই নালাগাই শুনাই নুশুনাই কই ফুৰিছিল। গতিকে কোনোৱে আশা কৰি, কোনোৱে কৌতুহলী হই, কোনোৱে ৰং চাবলৈ, এইদৰে সভাত অনেক মানুহ গোট খালে।

 লাহে লাহে ৰাতি হল, ধুলীয়া পৰিল। হৰ-বোল হৰি বোল ধ্বনিত সভাৰ খোলা তল্‌মলাই উঠিল। এনেতে খোলৰ তা-তা-গিন্‌-গিন্‌-তা ৰোল বাজি উঠিল। নানা বিধ বৰ ধেমালী সৰু ধেমালী বাজোৱাৰ পাছত বাজানা শেষ হল। সকলো উদ্‌গ্ৰীৱ, বায়ন কেতিয়া আহে।

 মূৰত পাগুৰী, কাণত কৰিয়া, গাত দীঘল কলা চাপকান্ আৰু গলত সোণাৰ হাৰ পিন্ধি, আৰু হাতত ৰূপাৰ নাল-লগোৱা বগা চামৰ ঢুলাই বুঢ়া বায়ন ওলাই ৰাইজক আঠু লৈ সেৱা জনালে। আকৌ হৰিধ্বনিৰ বোলত সভাত খনক লাগিল। দেখিবলৈ বগা, দীঘল পাতল অথচ পুষ্ট দেহ, দাৰি-গোফ্‌ খুৰোৱা মুখ, উন্নত নাক আৰু বহল কপাল দেখি কোনে কব বায়ন বুঢ়াই নে ডেকাই!

 কবিৰত্ন দেৱে আনন্দত বিভোৰ হই কলে⸺ “চোৱা, চোৱা বায়নৰ নৱ-যৌৱন-সম্পন্ন শ্ৰী।” [ ৪০ ]  চোৱাঁৰ ঢুলাই, ভৰিৰ পাক আৰু হাতৰ মুদ্ৰা দি বায়নে গীত ধৰিলে⸺

প্ৰথমে প্ৰণামো ব্ৰহ্মাৰূপে সনাতন।
সৰ্ব অবতাৰৰ কাৰণ নাৰায়ণ।

 নিস্তব্ধ সভাই নিজম মাৰি শুনি থাকিল। গীত কেতিয়াবা চৰা সুৰত উঠিল, কেতিয়াবা ঢিলা সুৰত নামিল। গীতৰ আৰু নাচনৰ চেৱত গোটাই সভা যেন একবাৰ উঠিল, একবাৰ পৰিল, একবাৰ নাচিলে, একবাৰ হাঁহিলে, একবাৰ কান্দিলে। সৰোবৰৰ পদুম-ফুলবিলাক যিদৰে মৃদু বতাহে তোলা পানীৰ ঢৌৰ চেৱত হিন্দোল-দোলাই থাকে, গীতৰ আৰু নাচনৰ চেৱত যেন দৰ্শকৰ চিত্ত সেই দৰে ৰসৰ ঢৌত ঢুলি ঢুলি হালি জালি থাকিল। মঙ্গলাচৰণ গীত সমাপন কৰি বায়নে পাক আৰু নাচৰ লগতে খোলাৰ মূৰ পালে; হৰি বোল হৰি বোল বোলত আকৌ আকাশ ভৰি পৰিল। কি জানি বিদ্যাধৰী আৰু গন্ধৰ্ব সকলেও সেই বোল শুনি খোলত চাপৰ দি স্বৰ ছানি স্বৰ্গত দুনাই গীতৰ ৰাগিনী তুলি ধৰিলে।

 এই দৰে ৰূপে ৰসে গীতে গন্ধে এক বাৰ উঠি একবাৰ নামি যাত্ৰা শেষ হল। পুহ মাহৰ দীৰ্ঘ ৰজনীয়ে যাত্ৰাৰ জীৱনী ৰস পাই যেন নিজৰ কঠোৰ মূৰ্তিটিকো লাৱণী কৰি দিলে। থৰবৰীয়া নিঠুৰ বুঢ়া শীতেও যেন সেই ৰঙতে সঞ্জীৱিত হই বসন্তৰ যৌৱন শ্ৰী ধাৰণ কৰিলে। [ ৪১ ]

(8)

 সেই ৰাতিৰ আত্যন্তিক উত্তেজনা, বুঢ়া কালত ৰাতি উজাগৰে থাকা, বা পুহমহীয়া জাৰৰ প্ৰকোপ, হেতুকে সভাৰ পাছ দিনাৰপৰা বুঢ়া বায়নৰ জ্বৰ-কফ হল।

 তিনি দিনৰ দিনা কবিৰত্ন দেৱ বায়নৰ খবৰ কৰিবলৈ গল। “বায়ন তুমি ভাল হবা। ভয় নাই। আমাক আহা বছৰ আৰু গাই শুনাব লাগিব নহয়।”

 ভয় নাই দেৱ! ভালো হম। কিন্তু অহা বছৰ ইয়াতে গাই শুনাব লাগে নে আন কোনো লোকত, তাৰে হে ঠিক নাই।”

 “কিয়, তুমি চিন্তিত হইছা কিয়!”

 “সমূলি নাই হোৱা দেৱ। সেই দিনাৰ বিজয় যাত্ৰাৰ পাছত মৰণৰ বাবেহে চিন্তিত হইছোঁ⸺ কেনেবাকৈ সিদিনাৰ গৌৰৱ বিয়লি যায় সেয়েহে চিন্তা! সেই গৌৰৱত মৃত্যু হে মোৰ একান্ত বাঞ্ছাৰ বিষয়।”

 “আৰু তোমাৰ গীত শুনিম, বায়ন, তোমাৰ কোনো চিন্তা নাই।”

 “নিশ্চয় দেৱ, আপুনিও শুনিব, ময়ো শুনাম। কিন্তু এই লোকত আৰু নহয়।”

 বুঢ়া বায়নে বুঢ়া কবিৰত্নদেৱক সেৱা জনালে। বুঢ়া লোকৰ চকুৰ চুকত যদি পানীয়ে বিৰিঙে কি জানি এই দুই পুৰণি বন্ধুৰ চকুতো বিৰিঙিছিল, কোনে জানে। [ ৪২ ]

(৫)

 দুই দাঁৰ মান বেলিৰ পাছত কাষত বহি থাকা মানুহৰ আগত কবিৰত্নই হৰ্ষ-বিষাদিত হই কইছে, “বুঢ়া বায়নটো বৰ পূণ্যবান আছিল। ভীষ্মৰ দৰে উত্তৰায়ণকে বাট চাই আছিল, কালি উত্তৰায়ণ সংক্ৰান্তি গইছে মুঠে; আৰু দেখা, এটাও পুস্কৰ নাই।”

[ ৪৩ ] পিনাহৰ পানী।

পানী—পানী ঐ-পানী—ও মাই, পানী।” মাকৰ একেটি সন্তান। এই ৰাৰ দিন আৰ। গোয় ভাৰ পৰিল মোৰ মূৰত। মই মেডিকেল কলেজৰ পৰা ডাক্তৰি পাচ কৰি তাতেই ‘হাউস্থান ছিলো কলেজত মেডেল পাইছিলোঁ। তেতিয়া বিমী এটি হন হৈ ওলাই আহিছে। মই দেখিলে। এ ফয়ে ই , আছে। এখান এটা [ ৪৪ ]

 নৰীয়া সন্তানৰ পিয়াহত অণ্ঠ-কণ্ঠ শুকাই যায়, ক্ষীণ মাতেৰে কয়,—“পানী⸺ও মাই, এটোপ পানী।”

 সন্তানৰ দুখত মাকৰ অণ্ঠ-কণ্ঠ শুকাই যায়। মনৰ উচ-পিচনি সমস্ত শৰীৰত বাগৰি ফুৰে। কিন্তু ডাক্তৰৰ হাক!

 “বাছা⸺ও বাছা⸺ভাল হোৱা মইনা⸺পিয়াহ পলাই পানী দিম”—গিৰ গিৰকৈ চকু লো ওলাই মাকৰ মুখ ভিজে, নৰীয়াৰ শেতেলি ভিজে। মাকৰ কান্দন দেখি নৰীয়াই অলপ মান পৰ মনে মনে থাকে।

 আকৌ পিয়াহে অন্ত-ৰাত্মা শুকাই আনে। অতি কষ্টে বাগৰ সলাই অতি ক্ষীণ সুৰত মাতে—“ও মাই⸺ মুঠে এটোপ—এটোপ পানী।”

 কি পাপত ডাক্তাৰ কৰি স্ৰজিলা প্ৰভু।

 সকলোৰে শাস্ত্ৰত কয়, ডাক্তাৰ কবিৰাজে কিবা আয়ু দিব পাৰে নে? সম্ভৱতঃ নোৱাৰে। কিন্তু—আয়ু নিব নোৱাৰে নে?

(২)

 যাক, জানোতাই হে জানে।

 কেই বছৰ যে হল ঠিক হিচাব কৰিব নোৱাৰিম। আৰু কিমান ঠাই যে সলালোঁ তাৰো লেখ দিব নোৱাৰিম।
[ ৪৫ ]  এদিন পুৱা ন-মান বজাত আস্পাতালত আছোঁ। কেইজনমান ডেকা লৰাই এজনী অতি জীৰ্ণ অবস্থাৰ মাইকী মানুহক লৈ আহিছে। দেখিলেই বুজা যায়, বলিয়া। বাটৰ কাষত পৰি আছিল, প্ৰায় মৃত অৱস্থাত।

 “ও বাছা পানী খোৱা⸺মইনা পানী”⸺অতি ক্ষীণ মাতত তাই এই কথা কয়; আৰু গিৰ গিৰ কৈ চকু লো পৰি তাইৰ মুখ ভিজে, তাইৰ পিন্ধা ফটা কানি খন ভিজে আৰু তাই ঠিয় দিয়া তলৰ মাটিও ভিজি উঠে।

 চিনিবৰ বাকী নথাকিল। হায় বিধাতা, যাৰ সন্তানক মই ডাক্তাৰী বিদ্যাৰে হত্যা কৰিলোঁ, তাক এই দুৰ্দশাগ্ৰস্ত কৰি মোৰ হাতত পেলাই দি মোকেই শাস্তি দিছা নে কি?

 পতি-পাল কৰালোঁ। কিন্তু স্নেহৰ জীৱন্ত মূৰ্তি স্বৰূপ মাতৃৰ উপযুক্ত ঠাই পৃথিবীত নাই। এদিনো এটোপা পানী নাখাই পিয়াহত অণ্ঠ-কণ্ঠ শুকাই মাতৃয়ে মৰ্ত্য ভূমি এৰিলে।

(৩)

 আৰু এতিয়া⸺কু-বিজ্ঞানেৰে দুটি জীৱৰ হত্যা কৰি চেনেহৰ কোমল অঙ্কুৰ তীক্ষ্ণ জ্ঞান-বিষেৰে নষ্ট কৰি⸺ এতিয়া ডাক্তাৰি শাস্ত্ৰে কয়—টাইফয়েড হলে নৰীয়াই খাব খোজে মানে পানী দিবা! স্বভাৱক বাধা নিদি সহায় কৰিবা।

 ধিক্‌ বিজ্ঞান। ধিক তোৰ আত্মম্ভৰিতাৰ মহা মূৰ্খামি। [ ৪৬ ]
 

চিকাৰি আৰু হাঁহ।

(১)

 শৰৎ কাল, আকাশ নিৰ্মল; মাজে মাজে বগা মেঘ কিছুমানে ইনাই-বিনাই ভাহি ফুৰিছে। আকাশৰ মাজেৰে কল্‌ কল্‌ কাকলি কৰি বগা হাঁহৰ শাৰী উৰি গৈছে; দূৰৰ পৰা শুনি মধুৰ কল্লোলৰ দৰে; দেখি প্ৰকৃতি দেৱীৰ বিশাল নিতম্বত ওলমি পৰা মেখলাৰ দৰে।

 এটা মতা হাঁহে মাইকীক কৈছে, “আমি এই বাৰ গৈ বিলৰ নিজান চুকত ঘৰ পাতিব লাগে। যাতে কোনো শত্ৰুএ দেখা নাপায়। বিশেষকৈ বন্দুকৱালা মানুহৰ পৰা দূৰত থাকিবই লাগিব। ইফালে পোৱালী দুটাও হল ডাঙৰ। তাহাঁতকো শিকাব লগীয়া কথা বহুত আছে। আহা জহৰ দিন কেইটা মানস সৰোবৰত কটাবলৈ প্ৰথমে যি শিকনি [ ৪৭ ] দিব লাগে, তাক তুমিয়েহে দিব লাগিব। মই বাহিৰত পাহাৰা দি থাকিম। কোনো ভয় নাই।”

 মাইকী হাঁহে উদাৰ আকাশৰ সৌন্দৰ্যত, স্বামীৰ প্ৰেমত, পোৱালীৰ স্নেহত পমি গৈ কল্‌ কল্‌ কৰি আনন্দ ধ্বনি কৰি উঠিল।

(২)

 তলত অছিল চিকাৰি; হাতত বন্দুক, বন্দুকত চাৰা গুলিৱালা কাৰ্টুজ খাজা। ওপৰত হাহৰ কল্‌ কল্‌ শব্দ শুনি বন্দুকটো ডাঙি ধৰিলে; আৰু হাঁহলৈ টোৱাই আৱাজ কৰিলে⸺গুৰুম।

 দুটা হাঁহ ধৰ ফৰ কৰি মাটিত বাগৰি পৰিল—সেই মতা হাঁহটো, তাৰ সংসাৰ পাতাৰ অসীম আকাঙ্ক্ষাৰে সৈতে, আৰু তাৰ বৰ পোৱালিটো, যাৰ ওপৰত মতা-মাইকীৰ আছিল দুৰ্দিনৰ আশা আৰু যাৰ নতুন জীৱনে কোমল অঙ্কুৰৰ দৰে অসীমলৈ স্নিগ্ধ দৃষ্টিৰে চাবলৈ শিকিছিল মাখোন।

(৩)

 চিকাৰিৰ ঘৰত বৰ আনন্দৰ দিন। দুটা পাছি যেন হাঁহ, মঙহে তেলে থল-থলাই আছে। তাতে তেওঁৰ বৰ পুতেক আজি দূৰ দেশলৈ যাব, বিদ্যা আৰ্জিবৰ [ ৪৮ ] অৰ্থে, সুখৰ আহিলা গোটাবলৈ, ভবিষতত নিজৰ পিতৃ- মাতৃৰ ভাই-ভাগীৰ গৌৰৱ আৰু সুখ বৃদ্ধি কৰিবৰ উদ্দেশ্যে!

(৪)

 হায় মায়া-মুগ্ধ মানৱ, তোমাৰ জীৱন, তোমাৰ সুখ-দুখ, তোমাৰ জল্পনা-কল্পনা, তোমাৰো আশা-ভৰসা এনেকুৱাকৈ কোনো কাল মূহুৰ্তত লয় হৈ নাযায় নে? জানা জানো তোমাৰ চিকাৰি কোন?

[ ৪৯ ]
 

মানুহৰ সৃষ্টি।

(১)

 ব্ৰহ্মা সৃষ্টি কাৰ্যত মত্ত। কত সহস্ৰ প্ৰকাৰৰ জীৱ স্ৰজন কৰিলে তাৰ ইয়ত্তাই নাই।

 গছ-বৃক্ষ-প্ৰকাণ্ড প্ৰকাণ্ড একো ডাল; তাৰ পাত, ফল, ফুল, ছাল সকলো সুৰক্ষিত, গাত খোপ খোপ কাঁটা তাৰ আত্ম ৰক্ষাৰ অস্ত্ৰ।

 জীৱ-জন্তু⸺কাৰো আকৃতি পৰ্বতৰ শৃঙ্গৰ দৰে বিশাল আৰু মজবুত; কাৰো ছাল লোহাৰ পাতত কৰিও ডাঠ আৰু ঘন; কাৰো দাঁত-নখ সুতীক্ষ্ণ অস্ত্ৰত কৰিও চোকা আৰু তিহ্‌তিহীয়া; কাৰো লোমাবলী পছমৰ অত্যুৎকৃষ্ট বস্ত্ৰত কৰিও কোমল আৰু নৰম।

 পোক-পৰুৱা⸺কাৰো মুখত সুতীব্ৰ বিষ , কাৰো মুখত [ ৫০ ] সাক্ষাৎ হলাহল; কাৰো গঠন তাৰ আবাস ভূমিৰ লগত অভিন্ন; অৱস্থা বুজি কাৰো গাৰবৰণৰ পৰিবৰ্তন।

 পশু-পক্ষী⸺কোনো দৌৰত সপটু; কোনো আত্ম-ৰক্ষাত ধীৰ-খিৰ; কোনো উড়নত বায়ুৰ তুল্য; কোনো চিকাৰত, ঘ্ৰাণত, দৃষ্টিত, সৃষ্টিৰ মাজত অতুলনীয়।

 ব্ৰহ্মাদেৱে স্বৰ্গীয় বুদ্ধিৰ পৰাকাষ্ঠা দেখুৱাই নিজৰ ওপৰতে ভৰ দি চলিব পাৰা কৰি অসংখ্য অসংখ্য জীৱ সৃষ্টি কৰি তেওঁৰ কাৰখানা ভৰাই থলে। বিষ্ণুদেৱ আহিলে, আৰু তেওঁ ভাল বুলিলে সেইবিলাকক সংসাৰত মেলি দিব লাগে।

(২)

 ব্ৰহ্মাদেৱৰ আছিল এজনী জীয়েক—কথা ফুটিছে, চাৰিও ফালে দাউৰি-হাউৰি ফুৰে, আৰু আদৰৰ অত্যাচাৰ কৰি ব্ৰহ্মাদেৱক আৰু তেওঁৰ গৃহিনী সাবিত্ৰী দেবীক অস্থিৰ কৰি তোলে। কোনো দিন অমৃত খাব নাপাই কান্দন, কোনো দিনা অমৃত খাব পাই হাৱা-ৰাৱা; কোনো দিন তাৰা ফুলৰোৰ ফুটে দেখি গাউৰি, আৰু কোনো দিন নূফুটে দেখি হাহাকাৰ।

 ব্ৰহ্মাৰ জীয়েকৰো পিতৃ-দেৱতাক অনুকৰণ কৰি কিবা এটা সৃষ্টি কৰিবলৈ মন গল; সৰু লৰা-ছোৱালীৱে যি দৰে জেৰৰ বৰ-কইনা সাজে।

 
[ ৫১ ]  সৃষ্টি-পদাৰ্থৰ ছেৰা-ছোছোৰা যত যি পালে, ব্ৰহ্মাদেৱে

নাজানা কৰি আনি জীয়েকো সৃষ্টি কাৰ্যত লাগি গল। ফলত হল লেটু-পেটু লোপ-সোপ এটা মূৰ্তি, তাৰ ছাল হল সকলোতো কৰি পাতল, দাঁত হল ভোটা নিচেই চুটি, নখ নাই বুলিলেই হয়, জাৰ-তাপৰ পৰা ৰক্ষা পাবলৈ লোম-বিহীন, আটি বান্ধিব নোৱাৰাত গাটোৰ বান্ধন হল ঢিলা, দাঁত আৰু মুখ কোমল হোৱাত খাব নোৱাৰা হল সি একোকে।

 জীয়েকৰ কাণ্ড দেখি ব্ৰহ্মাদেৱৰ পকা-দৰীয়া সুমথিৰা টেঙাৰ দৰে ৰঙা আৰু নিতোল চাৰিও মুখৰ খিল খিল কৰি হাঁহি উঠিল। সাবিত্ৰীক মাত লগাই কলে, “হেৰা, হেৰা, চোৱাহি তোমাৰ আপীৰ কীৰ্তি!”

 মাক আৰু পিতাকৰ হাঁহি দেখি জীয়েক লাজতে জয় পৰি গল, আৰু ফেকুৰি ফেকুৰি কান্দিব ধৰিলে। কোনো প্ৰকাৰে সান্ত্বনা নাই।

 শেষত সাবিত্ৰী দেবীএ কলে, “নাকান্দিবি আই, নাকান্দিবি। তোৰ বিষ্ণু খুড়া আহক বাৰু, এই মূৰ্তিকে পিতাৰৰ সকলো মূৰ্তিৰ ওপৰত ৰাজা কৰিহে এৰিম।”

(৩)

সৃষ্টি কাৰ্য প্ৰায় শেষ হল। বিষ্ণুদেৱ পৰিদৰ্শনৰ কাৰণে উপস্থিত।

 
[ ৫২ ]  ব্ৰহ্মাদেৱে চামে চামে, থাকে থাকে, জাতে জাতে নানা

প্ৰকাৰ গছ-লতা, জীৱ-জন্তু, পশু-পক্ষী, কীট-পতঙ্গ দেখুৱালে। সিবিলাকৰ গঠন কৌশল আত্ম ৰক্ষাৰ উপায় সকলোকো ভাঙি-পাতি বিষ্ণু দেৱৰ আগত প্ৰকাশ কৰিলে। বিষ্ণুদেৱ ব্ৰহ্মাৰ সৃষ্টি কৌশল দেখি বৰ খুচি হল; আৰু ব্ৰহ্মাৰ বুদ্ধিক খুব তাৰিফ কৰিলে।

 কাম-কাজ হৈ যোৱাৰ পাছত ব্ৰহ্মাদেৱ আৰু বিষ্ণুদেৱ একেলগে খাবলৈ বহিল গৈ। থালত অমৃতৰ ভিন্‌ ভিন্‌ সহস্ৰ প্ৰকাৰ খাদ্য আৰু চাৰিও ফালে অমৃতৰসৰ পানীয়।

 এনেতে বিষ্ণুদেৱৰ কাণলৈ উচুপি উচুপি কান্দাৰ শব্দ গল যেন পালে। তেওঁৰ মনত পৰিল ব্ৰহ্মাৰ জীয়েকৰ কথা। বুৰা কালত হোৱা একেটি সন্তান; কিবা কথাত অনাদৰ যেন পায় তায়ে নিশ্চয় কান্দিছে। তেওঁ সুধিলে, “দাদা, আপোনাৰ মাইছান-জনী কত?”

 ব্ৰহ্মাৰ গম্ভীৰ মুখৰ হাঁহি, দাৰি আৰু গাম্ভীৰ্য ভেদ কৰিও বাহিৰ ওলাল; সাবিত্ৰীএ ভিতৰতে মুখ টিপি হাঁহিলে।

 ব্ৰহ্মাই কলে, “কি কবা তাইৰ কথা। তাই মোক সৃষ্টি কৰা দেখি, তাৰে কৰবাৰ পৰা কিবা এক সোপা গোটাই এটা কিম্ভুত-কিমাকাৰ সাজি থৈছে; না-আছে তাৰ গাৰ বান্ধ [ ৫৩ ] না-আছে তাৰ আত্ম-ৰক্ষাৰ উপায়, না-আছে তাৰ আহাৰ আহৰণৰ সম্বল। এতিয়া তাইক বোলে সেইটোকে সৃষ্টিৰ ৰাজা কৰি দিব লাগে। এইজনীৰ অত্যাচাৰত অতিষ্ঠ হৈ উঠিলোঁ।”

 জীয়েক আছিল ওচৰতে কৰবাত নেদেখাকৈ। তাই আধা হাঁহি আধা কালি কৈ উঠিল, “কিয়, খুড়া আহিলে মায়ে মই সাজা সোণটোকে ৰাজা পাতি দিব নুখুজিছিল নে? এতিয়া না আছে তাৰ গাৰ বান্ধ, না আছে তাৰ ই, না আছে তাৰ সি, এইখন চেলাইছে!”

 বিষ্ণুদেৱৰো উঠিল অলপ মান হাঁহি। তাকে দেখি তাইৰ আৰু খং উঠিল, “খুড়া, তুমিও সেই একে একে বুঢ়াৰ একে ভাই। তহঁতৰ লগ নহওঁ।”

(৪)

 ব্ৰহ্মা আৰু বিষ্ণু ভোজন শেষ হল; মূখ-শুনি কৰিলে। তেতিয়া বিষ্ণুদেৱে হাঁহি হাঁহি কলে, ‘বাৰু আই, যাচোন তোৰ সৃষ্টিৰ কীৰ্তিটো লৈ আহ।”

 ব্ৰহ্মাৰ জীয়াৰী তৎক্ষণাৎ হাজিৰ। বিষ্ণুদেৱে সুধিলে, ইয়াৰ নো নাম কি? ব্ৰহ্মাৰ জীয়েকে কলে, ইয়াৰ নাম মা-নৱ, নতুন মাই।”

 “বাৰু, এইটোকে ৰাজা কৰি দিব লাগে হল?”

 “লাগেতোন। তুমি দিবা বুলি মায়ে কৈ থৈছে নহয়।”

 
[ ৫৪ ]  “মায়ে যদি কৈ থৈছে, হবই লাগে। তোৰ মাৰা সাবিত্ৰী

দেৱী⸺জ্ঞানৰ অধিষ্ঠাত্ৰী। তেওঁৰ কথা অথলে যায়। বাৰু দাদা, তুমিতো এইবোৰ সৃষ্টি কৰিলা; ৰাজাও তো এজন লাগিব; তুমি নো কাক ৰাজা পাতিবা বুলি ভাবিছা?”

 ব্ৰহ্মাই কলে, “সেই কথা মই ভাবাই নাই। এতিয়া তোমাৰ লগত দিহা-পৰামৰ্শ কৰি এজনক পাতিলেই হব।”

 “কাক নো পাতিবা! তুমি দেখোন প্ৰত্যেককে একোটা বিশেষ শক্তি দিয়া। কোন ডাঙৰ কোন সৰু কেনেকৈ ঠিক কৰিবা। মই কওঁ ইয়াকে, মাইছানাৰ মানৱকে, ৰাজা পাঁতোচোন।”

 ব্ৰহ্মাদেৱৰ জীয়েকৰ আনন্দৰ সীমা নাই। “হয়, খুড়া হয়। পাতা। ই খুড়া ভাল ৰাজা হব।”

 ব্ৰহ্মাদেৱৰ হাঁহি উঠিল, “তোমাৰো কথা বিষ্ণু। তুমিয়েহে লৰা-ছোৱালীৰ লগত এইবোৰ ধেমালি কৰিব পাৰা।”

 “ধেমালি নহয়, দাদা, বৌদেৱে কোৱা কথা ৰাখিবই লাগিল। চাওঁ, আই, লৈ আহ তোৰ মানৱক।”

 ব্ৰহ্মাৰ জীয়েকে মূৰ্তিটি বিষ্ণুৰ ওচৰলৈ নিলে। বিষ্ণুয়ে আতি সন্তৰ্পণে মানৱৰ মুখত অমৃতৰ কণা এটি সুমাই দিছে।

 ব্ৰহ্মা আচৰিত হৈ কৈ উঠিল, “কি কৰিলা বিষ্ণু। ই যে অমৃত! [ ৫৫ ]  ‘হয় দাদা, অমৃতেই। ই অমৃতৰ এই কণা পাই অমৰ হব। আৰু ৰবা।”

 এই বুলি বিষ্ণুদেৱে থুহ্‌ কৰি নিজৰ আঙুলিটো ফুটাই তাৰ পৰা দুগ্ধ ফেণৰ দৰে শুভ্ৰ আৰু কোমল তেজৰ বিন্দু এটা মানৱৰ শৰীৰত ভৰাই দিলে।

 ব্ৰহ্মাদেৱে উচাপ খাই উঠিল। “বিষ্ণু, বিষ্ণু, কি কৰিলা; ই যে বিষ্ণু-তেজ!”

 “হয় দাদা, ই বিষ্ণু-তেজ। এই তেজৰ বলতে ই সৃষ্টিৰ ৰাজা হব। এই তেজ-কণা তাহাঁতৰ গাত মন আত্মা বুদ্ধি চিত্ত আদি নানা নামত জনাজাত হব।”

(৫)

 তেতিয়া বিষ্ণু-দেৱে ব্ৰহ্মাৰ জীয়েকৰ ফালে চাই কলে, “আই, তোৰ মানৱক মই অমৃতৰ এক কণা আৰু মোৰ তেজৰ এক বিন্দু দিলোঁ। ইয়াৰ প্ৰভাৱত তাৰ জীৱন ক্ষন্তেকীয়া হোৱাতো সি দেৱ-বাঞ্ছিত আমৰত্ব পাব; তাৰ শৰীৰ সকলোতো কৰি ৰক্ষা-শূন্য আৰু দুৰ্বল হোৱাতো সি সমস্তকে বশ কৰি সকলো সৃষ্টিৰ ৰাজা হব। তই ইয়াক ধেমালি কৰিবলৈ সৃষ্টি কৰিছিলি; ইয়াৰ ক্ৰিয়া কলাপো তোৰ ধেমালিৰ লগত একে হব। তোৰ মাতৃ-দেবী সাবিত্ৰী দেৱী জ্ঞানৰ অধিষ্ঠাত্ৰী; তেওঁৰ কথা মতে ইয়াক ৰাজা পাতিলোঁ; ই জ্ঞানৰ

গৰাকী হব। নি আই, এতিয়া আৰু নাকান্দিবি, ৰং কৰ।” [ ৫৬ ]
 

পুজাৰী।

(১)

 ঘৰত বাল-গোপালৰ বিগ্ৰহ⸺কিমান পুৰুষৰপৰা চলি আহিছে তেওঁৰ পূজা-সেৱা, তাৰ হিচাব নাই।

 পূজাৰী আৰু তেওঁ ঘৈণী। পুজাৰীএ ফুল তোলে, পূজা কৰে; ঘৈণী এ নৈবেদ্য সজায় আৰু ভোগ বান্ধে।

 ৰজাৰ দিয়া ভোগধনি মাটি; ভোগৰ অপ্ৰতুল নাই। সেই ভোগৰেই দুয়ো প্ৰসাদ লয়; আয়-অতিথি মা-মগনীয়া- লৈকো এমুঠি হয়।

 মূৰ্তি গোপাল সাক্ষাৎ গোপাল। তেওঁৰ নামত কল- গোপাল-ভোগ সলে হৰোৱা গৰু পায়, নৰিয়া মৃতকৰপৰা ফিৰি আহে।

 পূজাৰী-পূজাৰিণীৰ এনেকৈ দিন যায়। একোৰে অভাৱ নাই; একোৰে দুখ নাই।

 
[ ৫৭ ]  নিৰ্মল শান্তিত বাল-গোপালৰ থান বৈকুণ্ঠ-পুৰৰপৰা উভালি আনা এটা খণ্ডৰ দৰে শোভা পাই থাকে।

(২)

 এই দৰে দিন যায়। কিন্তু অশান্তিৰ কাম-ছায়া দেখা নেদেখাকৈ হঠাৎ পৰে⸺ঘৈণীৰ অত দিনে কোনো সন্তান নাই; পূজাৰীৰ পাচত সাতাম পুৰুষীয়া বিগ্ৰহৰ পূজা বন্ধ হয় নে কি।

 পতি পত্নীৰ মনত দুখ। দিনে দিনে পূজাৰ সময়ত, গধূলি গধূলি আৰতিৰ পৰত, স্বামী-স্ত্ৰী নীৰৱে দেৱতাত প্ৰাৰ্থনা জনায়⸺‘গোপাল এটি তোমাৰ সেৱক, তোমাৰ দাসানুদাস দান কৰা। মূৰ্তি গোপালৰ মুখ যেন হাঁহিত দীপ্তি পাই উঠে।’

 দৰ্শনাৰ্থী যাত্ৰী, কল-গোপাল-ভোগ আনা লোক সকলোএ নিজে আশীৰ্বাদ লোৱাৰ পাছত গোপালক খাটনি ধৰে, “প্ৰভু গোপাল, কৃপা কৰা, তোমাৰ সেৱা যত্ন চলি থাকাৰ এটা বিধান কৰা।”

 মূৰ্তি গোপালৰ মুখ যেন কিবা ৰহস্যত প্ৰকাশিত হৈ উঠে।

(৩)

 ক্ষীণ আলোক ৰেখাই ৰাতি-পুৱাৰ আগজাননী দি গল। [ ৫৮ ]  পূজাৰী চক্‌মক্‌ খাই সাৰি পাই উঠি গোপাল বিষ্ণু ৰাম স্মৰণ কৰি কলে, “শুনিছা, ইমান দিনৰ মূৰত গোপালৰ দয়া হল কি জানি। মই এতিয়াই সপোনত দেখিলোঁ, বাল-গোপালে ৰহস্যময় হাঁহি মাৰি মোৰ গলত্‌ সাবট মাৰি ধৰিছে।”

 পূজাৰিণীএ স্বামীৰ ভৰিত পৰি সেৱা কৰি কলে, “প্ৰভুৰ কৃপা; ময়ো ঠিক এই সপোনটোকে দেখি সাৰ পালোঁ।”

 সেই দিনা বাল-গোপালৰ পূজাত আনন্দ আৰু আকাঙক্ষাৰ নতুন কিৰণ এছাটিএ খেলি গল। স্বৰ্ণ-কমলৰ দৰে মূৰ্তিৰ বদন-কমল মৃদু-হাস্যেৰে উদ্ভাসিত হৈ উঠিল।

(8)

 বাল-গোপালৰ থানত নন্দনৰ আনন্দ ধ্বনি ফুটিল। শিশুৰ হাঁহি-কান্দন নাচন-বাগনত থানত যেন প্ৰকৃত গোপালৰ আবিৰ্ভাব হল।

 পূজাৰী পূজাত বহে—কিন্তু মনটো থাকে, মূৰ্তি গোপালত নহয়, সেই জীৱন্ত গোপালত, যাৰ হাঁহি, যাৰ কান্দন, যাৰ আধা ফুটা মাতে পূজাৰী-পূজাৰিণী আৰু থানৰ যাত্ৰী- বিলাকৰ অন্তৰ-আত্মাত আনন্দৰ হিল্লোল তুলি দিয়ে। আসন পাতি ধ্যান কৰিবলৈ বিচাৰে, বাল-গোপালৰ মূৰ্তি; ধ্যানৰ সংযমন হই আহি এই জীৱন্ত গোপালত। [ ৫৯ ] সবিতৃ-মণ্ডল-মধ্যবৰ্তী নাৰায়ণৰ ধ্যান কৰোঁতে, ধ্যান-চকুত ফুটি উঠে, ধূলা-ধূসৰিত নিপোটল সুকুমাৰ সুকোমল শৰীৰৰ এই চলন্ত আনন্দ মূৰ্তি।

 পূজাৰীৰ গা শিঁয়ৰি উঠে—অতকালৰ বিগ্ৰহ; পূজাত ক্ৰুটী হলে জানোচা শিশুৰ অমঙ্গল হয়।

 পূজাৰিণীএ পূজাৰ পাছত, আৰতিৰ অন্তত, সভক্তি সেৱা জনাই, সকলো বাসনা গোপালত সঁপি দিবলৈ ইচ্ছা কৰে; কিন্তু সেৱাৰ ভিতৰত মনশ্চক্ষুৰে দেখে এই গোপালক, যাৰ প্ৰাণময় হৰ্ষৰ খেলাত, মলয়ৰ বা-ত বসন্ত-ফুলনিৰ দৰে, সমস্ত অস্তিত্ব নাচি থাকে। পূজাৰিণীৰ গা কঁপি উঠে⸺ বাছাৰ বা কি অশুভ হয়।

(৫)

 এই দৰে দিন যায়।

 * * *

 হঠাৎ আৰ্তৰাৱ শুনি পূজাৰী পূজাৰিণীএ ওলাই চায়⸺ স্নেহেৰে গঠিত আকাঙ্ক্ষাৰে পালিত সুকুমাৰ শৰীৰত সৰ্পৰ দংশন।

 * * *

 আকাশ কলা পৰি গল। শান্তিৰ আশ্ৰম শোকৰ গভীৰ ছাঁই ঢাকি পেলালে।

 
[ ৬০ ]  এই শ শ বছৰৰ ভিতৰত বাল-গোপালৰ পূজাত সেই দিনা কি জানি অলপ খুত ৰল।

 * * *

 এই দৰে দিন যায়। সহস্ৰ মধুৰ স্মৃতিয়ে শোক উদগাই দিয়ে; সহস্ৰ সহস্ৰ অনাদৰ আৰু উপেক্ষাৰ নিকৰুণ সুৰে প্ৰাণৰ অন্তস্তলত শোকৰ ৰাগিনী তোলে।

 পূজাৰিণীএ কান্দে⸺ সমস্ত শৰীৰ আৰু মনৰ সেই কান্দন, তাত অশ্ৰু নাই, বিলাপৰ হাহাকাৰ নাই।

 পূজাৰীএ সান্তনা দিয়ে— “শোক নকৰিবা। প্ৰভু গোপালে শৰীৰ ধৰি যি কেইদিন আমাৰ লগত দুখ খাই গল, সেয়ে যথেষ্ট কৃপা নহয় নে?”

[ ৬১ ]
 

দৰ্শন

(১)

 কলিকাতাৰ কলেজত পঢ়োঁ, মেচত থাকোঁ। আমাৰ ঘৰটো দোতালা, তাৰ গাতে লাগা তেতালা ঘৰ এটা। ইয়াতে এঘৰ বঙালী মানুহ থাকে।

  ঘৰত কোন আছে নাই কব নোৱাৰোঁ। কিন্তু তেতালাৰ ছাদত দেখোঁ কেইটামান ছলি ভাঠি পৰত ৰং-ধেমালি কৰি থাকে।

 সেই দিনা কলেজৰপৰা আহি পানীৰ কলৰ কাষত থিয় হৈ মুখ ধুইছোঁ। কলটো দুয়োটা ঘৰৰ যিখন সাধাৰণ দেৱাল তাতে লাগা।

 হঠাৎ এটা বিকট চিৎকাৰ শুনি চাওঁ, ওপৰৰ পৰা গিৰিপ কৰি ছলি এটা আহি মোৰ ওপৰতে পৰে। [ ৬২ ]  তেতিয়া কেনেকৈ এই কামটো কৰিছিলোঁ, কব নোৱাৰোঁ। বোধ কৰোঁ শৰীৰ যন্ত্ৰই এই দৰে আকস্মিক বিপদৰ প্ৰতিকাৰ কৰে।

 কিন্তু এই ঘটনাৰ আকস্মিকতা অলপ কম পৰাত দেখিলোঁ যে মোক আমাৰ মেছৰ লৰাবিলাকে আৰু বঙালী ঘৰৰ মানুহ কেইজনমানে বৰ বাহবা দিছে— মই ওপৰৰপৰা ছলিটোক আলাঙতে ধৰিলোঁ, আৰু এই দৰে তাইক অৱশ্যম্ভাৱী মৃত্যুৰপৰা ৰক্ষা কৰিলোঁ।

 তাই আঠ-ন বছৰ মানৰ ছোৱালী এজনী।

(২)

 কোৱা বাহুল্য যে বঙালী ঘৰৰ লগত মোৰ চিনাকি হল।

 এই ঘটনাকে সূত্ৰ কৰি তেওঁলোকে আমাৰ মেছৰ সকলোটিকে এদিন বৰ ডাঙৰ ভোজ পাতি খুৱালে; মোক ছোৱালী জনীৰ দাদা পতাই দিলে।

 তাৰ পাছত প্ৰায় দুদিনে তিনদিনে মোৰ নিমন্ত্ৰণ আছেই। আজি কাৰ্তিক পূজা, কালি গোপাষ্টমী ব্ৰত, পৰহি জীব তত্ত্ব আৰু এদিন বোৱাৰীৰ তত্ত্ব— এইদৰে নিতৌ নহলেও, প্ৰায় সদাই, সন্দেশ, ৰসগোল্লা আৰু কিবাকিবি পিঠাৰে [ ৬৩ ] মোৰ আপৰাহ্নিক ভোজনটি তাহাঁতৰ ঘৰতে সমাধা হবলৈ ধৰিলে। আগৰ চিনাকিও গহন হল।

 দুৰ্ভাগ্যক্ৰমে আন ছাত্ৰই বিশ্ব-বিদ্যালয়-দৌৰৰ যি জপনা- বিলাক চাৰি বছৰত পাৰ হয়, তাত যে সাত বছৰ লাগিল।

 এই সাতো বছৰ অৱশ্যে মই আগৰ ঘৰটোৰ মেছতে থাকা নাছিলোঁ। কিন্তু পৰিচয় হোৱাৰ পাছত এই সাতো বছৰে বঙালী ঘৰৰ লগত আহা-যোৱা, জলপান খোৱা চলি আছিল।

 বঙালী গৃহস্থজনৰ নাম সুশীল বাবু। তেওঁ সদাগৰী অফিচত ছ শ মান টকাত কাম কৰে।

 সুশীল বাবুৰ যি জনী ছোৱালীৰ জীৱন এনে অসম্ভাবিত ৰূপে ৰক্ষা কৰি মই বীৰ নাম পাইছিলো, তাইৰ নাম লতিকা।

 আগৰ ডোখৰত তাই কথা কোৱা নাই; কিন্তু মোৰ এই নাওমান কথাটি তাইক লৈহে।

 যেতিয়া লতিকাৰ বয়স বাৰ তেৰ বছৰ হৈ আহিল, তেতিয়া তাই মোৰ লগত আগৰ দৰে ধেমালি-ধুমুলা কৰিবলৈ সঙ্কোচ বোধ কৰিব ধৰিলে; আমাৰ আগৰ ঘনিষ্ঠ সদ্ভাৱ কোলাত লোৱা, ফুৰিবলৈ যোৱা, ইত্যাদি-বিলাক নাই [ ৬৪ ] মাৰ গৈ কেৱল কথা-বাৰ্তা, জলপান দিয়া, বঙালী কিতাপ কাকতৰ কথা ইত্যাদি অৰ্থহীন আলাপত ৰল গৈ।

 অৰ্থহীন হয়, কিন্তু এই অৰ্থহীন আলাপো এদিনলৈকো ৰসহীন হোৱা নাছিল। ময়ো তাইৰ লগতে বাৰে ভচহু কথা পাতি বৰ ভাল পাওঁ, আৰু তায়ো মোৰ মনেৰে মোৰ লগত কথা পাতি বৰ ভাল পায়। দুদিন তিনদিনলৈকে তাইক দেখা নাপালে মোৰ মনতো বেয়া লাগে, আৰু সাক্ষাতৰ ব্যবধান কিছু দীঘল হলে তায়ো কিছু ঘনাই যাবলৈ মোক অনুৰোধ কৰে, বা নোযোৱা কথাটোত অভিমান জনায়।

 আপোনালোকে তৎক্ষণাৎ সিদ্ধান্ত কৰিব পাৰে যে আমি পৰস্পৰৰ প্ৰেমত আৱদ্ধ হলোঁ। কিন্তু মুঠেই তেনে নহয়। আমাৰ বিয়া যে হব নোৱাৰে এই কথা তায়ো জানিছিল, ময়ো জানিছিলোঁ। আৰু এনেয়ে সেই বয়স-সুলত প্ৰণয়ৰ ভাৱ অলপমানো মোৰ মনত সোমোৱা নাছিল; আৰু মোৰ বিশ্বাস তাৰ মনটোও সেইদৰে শুভ্ৰ হৈ আছিল।

 তথাপিতো দুয়োৰো ভিতৰত যে এনে এটা স্নেহৰ মধুৰ সম্বন্ধ ঘটিছিল, সি মনত পৰিলেই আজিও মোৰ মন হৰ্ষিত হৈ উঠে।

 বোধ কৰোঁ সৌন্দৰ্যৰ প্ৰতি আকৃষ্ট হোৱা মনৰ স্বভাৱ। ধুনীয়া ফুলটিক যিদৰে ভাল পাওঁ, প্ৰকৃতিৰ কোনো সুন্দৰ [ ৬৫ ] দৃশ্যত যিদৰে মন মুগ্ধ হয়, সেইদৰে সুন্দৰী ছোৱালীৰ ৰূপ দেখি, তাক চাই থাকিবলৈ যি হেপাহ হয়, সিও নিস্কলুষ হৈ থাকিব পাৰে। অনেকৰ মনত থাকেও। মোৰো তেনেকুৱা হৈছিল। আন্ধাৰ ঘৰৰ চাকিৰ দৰে, পুহ মাহৰ নিশাৰ জুইৰ দৰে, লতিকাই মোৰ মনত, মোৰ সমস্ত প্ৰাণত এক অবৰ্ণ্য পোহৰ আৰু প্ৰীতিৰ ভাৱ উদ্ৰেক কৰিছিল।

 দীঘলীয়া সাত বছৰৰ পাছত যেতিয়া মই অসমলৈ ঘূৰি আহিলোঁ, আমাৰ বিদাযৰ দৃশ্যৰ যি কৰুণতা, সি আজিও মোৰ চকুলৈ পানী নিগৰি আনে। কান্দা-কাতা কিবা হৈছিল জানো? নহয়। দুয়ো দুইকো নীৰৱ নিশ্চল ভাৱে চোৱা, আৰু অন্তৰৰ অন্তৰত এক দীৰ্ঘ নিৰাশ আৰু উদাস ভাৱ। দুয়ো দুয়োৰো কথা বুজি পাইছিলোঁ⸺ মনে মনক সমস্ত কাৰুণ্য জনাইছিল; আৰু দুয়ো বুজিছিলোঁ কি জানি এই জন্মৰ কাৰণে এয়ে শেষ দেখা।

(8)

 ইয়াৰ পাছত বহুত দিন গল। আগৰ কালৰ সুখ-দুখৰ স্মৃতিৰ ওপৰত এটা বিস্মৃতিৰ পাতল তৰপ পৰিল। বহু পুৰণি চিত্ৰই সময়ৰ স্নিগ্ধতা গোটাই যি এক প্ৰকাৰ মৃদু সৌন্দৰ্য ধাৰণ কৰে, মোৰো লৰা আৰু ডেকা কালৰ স্মৃতিৰ ওপৰেদি কালৰ সোঁত বৈ যোৱাত, সেই কালৰ দুখ-সুখৰ অনুভূতিৰ তেনে মৃদু ভাৱ হল। লতিকাৰ কথা [ ৬৬ ] দিন মনত পৰে⸺ মনত পৰে তাইৰ শেষ দিনাৰ বিদায়ৰ দৃশ্য, সেই অন্তৰৰ উদাস ভাৱ। আৰু জানিবৰ মন যায লতিকাৰ কি হল, কাৰ লগত বিয়া হল, তাইৰ পিতাক সুনীল বাবু আৰু মাক জীয়াই আছে নে চাগৈ। কিন্তু জানিবৰ একো উপায় নাই।

 কেইবা বছৰৰ পাছত সংসাৰৰ কাৰ্যৰ থেলাত এবাৰ কলিকাতা পালোঁ গৈ। কাম-কাজ শেষ হল। লতিকাৰ কথা আহিবৰ পৰা মনত আছিল। এইবাৰ তেওঁলোক থাকা ঘৰটোলৈ গলোঁ। গৈ যে দেখোঁ আগৰ ঘৰৰ, আমাৰ মেছৰ, একো চিন-চাব নাই। Calcutta Improvement Trust (“কলিকাতা উন্নতি কৰা সমাজৰ”) ৰ কৃপাত সেই ঠাইত প্ৰকাণ্ড ৰাজ-আলি। মানুহক সুধিলোঁ, কোনেও একো কব নোৱাৰে।

 অন্তৰৰ কৌতুহল তাতেই লীন হল।

(৫)

 এদিন ৰেল ষ্টেচনৰ ফালে ফুৰিবলৈ গৈছোঁ। কলিকাতাৰ ফালৰ ডাক-গাড়ী যোৱাৰ প্ৰথম ঘণ্টাটো দিলে। এনেতে এজন চাহাবী পোচাক পিন্ধা বঙালী বাবু আৰু এগৰাকী তিৰোতা আহি প্ৰথম শ্ৰেণীৰ খালি কামৰাটোত উঠিল। লগত বোধ কৰোঁ দুই তিন জন লৰা-ছোৱালীও আছিল। তেতিয়া মন কৰাৰ বিশেষ কাৰণ নাছিল।

 
[ ৬৭ ]  অলপ পাছতে দ্বিতীয় ঘণ্টা পৰিল। গাড়ী খন হুপ্‌ হুপ্‌ কৰি লাহেকৈ লৰিল।

 চকুৱে চকুৱে পৰিল। এই জনী প্ৰথম শ্ৰেণীৰ কামৰাত এই বাবুৱনী জনী— এওঁ লতিকা নহয় নে? তবধ লাগি চাই ৰলোঁ। ৰেল প্ৰায়-প্লেট্‌ ফৰম্‌ পাৰ হল।

 এনেতে চাহাব-বেশী বাবুজনে হেট্‌টোৰে মোৰ ফালে চাই বৰকৈ বাৱ দি মাতা দেখিলোঁ। মই লৰ দিলোঁ, খিৰকিৰ মুখত লতিকা বুলি যাক ভাবিছিলোঁ, তেওঁক ওলাই থাকা দেখিলোঁ। কিন্তু ৰেলৰ বেগ চৰিল। তেওঁ বিলাকে হাত ডাঙিলে; ময়ো কলিকাতাৰ ডাক-গাড়ী দৌৰি ধৰা অসম্ভৱ কামৰ পৰা ক্ষান্ত হলোঁ।

 পিয় হৈ পাছ ফালে দেখোঁ, বঙালী এজনেও মোৰ দৰে দৌৰিছে, আৰু থিয় হৈ হেফাই-ফেপাই কৈছে—“নাঃ, আৰ পাৰা গেল না।”

[ ৬৮ ]
 

সামান্য প্ৰাণী।

(১)

 পৰ্বতৰ নখত তাহাঁতৰ উমি উমি চিকুণ ঘৰটিৰ পাছৰ ফালে ওখ আকাশ-লংঘী শিলৰ স্তুপ, মেঘেৰে সৈতে কোলাকুলি কৰি আছে। সমুখত সেউজীয়া গছ আৰু বন; যিমানলৈ চকু যায় তিমানলৈ এই স্নিগ্ধ ৰসাল সৌন্দৰ্য।

 আৰু তাহাঁতৰ অকণমানি ঘৰটোৰ দাঁতিৰে এটি নিজৰা নাচি-বাগি যে কৰপৰা আহি কলৈ গৈছে কোনোৱে কব নোৱাৰে; কেৱল তাইৰ চিৰন্তন নাচন-বাগন, কুল কুল কৰা হাঁহিৰ, নে হাঁহিতে কন্দা কান্দনৰ, সঙ্গীততকৈও সুমধুৰ ধ্বনি। এয়ে এটা ধুনীয়া ছবি আঁকি তাহাঁতক চিৰকাল এক অবৰ্ণনীয় আনন্দত ডুবাই ৰাখি আহিছে।

 ঘৰত মতা-মাইকী এহাল আৰু শিশু সন্তান দুটি। খাৱন-দাৱন শেষ কৰি দুপৰীয়া দুয়ো নিজৰাৰ পাৰত জিৰায়; [ ৬৯ ] আৰু সন্তান দুটিএ দৌৰা-দৌৰি কৰি ইফালে জাপ মাৰি সিফালে বাগৰি পৰি ৰং-ধেমালি কৰে। আৰু অকলশৰীয়া নিজৰায়ো এই কেইটা উদাৰ জীৱ লগ পাই বেছি ৰঙেৰে নাচি নাচি পৰ্বতৰপৰা নামি আহে; আৰু বেছি মধুৰ সুৰেৰে কুলু কুলু কৰি গীত গায়।

 এনে নিৰ্মল নিৰাবিল তাহঁতৰ জীৱন-যাত্ৰা। কতো অলপো আজাহ নাই; খোৱা-লোৱাৰ একো চিন্তা নাই; শৰৎ কালৰ মেঘৰ দৰে, কেতিয়াবা মনত অলপ দুশ্চিন্তা আহে⸺ দূৰত বাঘৰ হাওৰনি শুনিলে, বা কৰবাৰ কেনেবাকৈ বন্দুকৰ বা তেনে কোনো আকস্মিক শব্দ শুনিলে।

 মোৰ এই ক্ষুদ্ৰ কথা জংঘলৰ এক হৰিণ পৰিয়ালৰ।

(২)

 সেই দিন দুপৰীয়া বৰ ৰোদ। হঠাতে আকাশত মেঘ ওলাল, আকাশখন কলা পৰিল; বিজুলিৰ চক্‌মকনি দুটামান দেখা গল। তাৰ পাছতে দক্ষিণ পশ্চিম ফালৰ পৰা বতাহ মেলিলে; বৰষুণ আহিল। আৰু এঘণ্টামানৰ পাছতে আকৌ আকাশ মুকলি হল, আকৌ ৰোদ ওলাল। মুঠে বৰষুণৰ টোপাবোৰ বনৰ ওপৰত লাগি থাকি, আৰু ৰোদত চিক্ মিকাই, গোটাই জংঘল খনকে এক নতুন শ্ৰীৰে বিভূষিত কৰি তুলিলে— যেন প্ৰকাণ্ড এখন সেউজীয়া দলিছাত মূণি মুক্তাৰ ফুল। [ ৭০ ]  বহাগ মাহত এনেকুৱা বতৰ মাজে সময়ে হয়।

 হৰিণ-হৰিণী নিজৰাৰ পাৰত শুই আছিল। হৰিণে কলে— “হৰিণী, ঘাঁহবোৰৰ কোমল আগ ওলাল। আজি বৰষুণ পৰি কোমল হৈছে। বলা, আজি অলপ দূৰৰপৰা চৰি আহোঁহঁক।”

 হৰিণীয়ে কলে— “এৰা, যাব পাৰিলে ভাল আছিলতোন। ইয়াত আজি অত দিনে শুই শুই গাটোও মেৰমেৰিয়া লাগিছে। পাছে, আজি যোৱাটো ভাল নহব। অথনি দুটা হাতীত আঠ-দহজন মানুহ এই ফালেদি যোৱা দেখা নাই জানো? তাতে আজি কেইদিন মানৰপৰা মোৰ সোঁ চকুটোও খৰ খৰ কৰি লৰি আছে। আন এদিন যাম বাৰু; আজিলৈ থাওক।”

 হৰিণে উত্তৰ দিলে— “তোমাৰ কথাবোৰ সদাই এনেকুৱাই। মই যেই দিনাই কিবা এটা কৰিব খুজিম, তুমি কিবা নে কিবা এটা উলিয়াবাই। আজি নো কি হল বাৰু, আজিয়েই যাওঁহঁক বলাচোন।”

 হৰিণীএ কলে— “মোৰ কথাত নো এতিয়া সোৱাদ লাগিব কেনেকৈ? কোমল ঘাঁহ খাবলৈ যাব লাগে নে, সেই দলনিৰ ওচৰৰ ভেৰটোলৈ যাব লাগে, তাকে কওক। মই দেখিছোঁ, তাত থকা সৌ চেঙেৰী হৰিণী-জনীৰে বিলৰ কানত ফুচ্‌-ফুচাই কথা পাতি থাকা। [ ৭১ ]  কথাটো হলে সঁচা হয়। বিলৰ পাৰৰ ইকৰাৰ ভেৰত আচলকৈ ধুনীয়া গাভৰু জনী থাকে; আৰু সুন্দৰ দেখিলে জীয়াত চকুৱে কেতিয়াবা নোচোৱা কৰি থাকিব পাৰে জানো? হৰিণে চায়। কিন্তু চায় হে; ছলিয়ে আকাশৰ জোন নাচায় জানো, ফুলে ফুলৰ ফালে চাই নাথাকে যে, আকাশে জানো শৰৎ কালৰ তন্বী নদীলৈ চাই থাকি মোহ নাযায়! সেই চোৱা।

 কিন্তু-প্ৰগাঢ় প্ৰণয়-পদুম-ফুলটিৰ কাঁইটো আছে; সি ঈৰ্ষা।

 হৰিণৰ মনত বৰ অভিমান হল। সি কাহানিৰ কথা, প্ৰায় মনতে নপৰে। তাৰ মাক-বাপেকৰ কি হল সি নাজানে, আৰু তায়ো নাজানে তাইৰ মাক-বাপেকৰ কি হল। অহু- কাণে পহু-কাণে শুনিছিল মুঠে, যে ওচৰৰে কোনোবা বৰ ডাঙৰীয়াৰ ঘৰত সকাম হৈছিল, কোন কাহানিবাই; আৰু বহুত মানুহে জাল, বন্দুক, হাতী লৈ জাৰনিত সোমাইছিল। সেই দিনা হৰিণৰ বংশত মৰক লাগিছিল। কোনেও দেখা নাছিল যে তাহাঁতৰ মাক-বাপেকক কোনোবাই মাৰি নিলে। কিন্তু আটাইৰে অনুমান সেইটোহে।

 তাৰ পাছত দুয়ো অকলে অকলে কেটামান দিন অনাই-বনাই অকলশৰীয়া হৈ ফুৰি ফুৰিছিল। এদিন এই নিজৰাৰ পাৰতে দেখা-দেখি। [ ৭২ ]  তেতিয়া জংঘলৰ গছে গছে নতুন কোমল পাত, লতাই লতাই কুসুম-পুলক; ঘাঁহবোৰৰ কোমল সেউজীয়া বৰণ; বতাহ কঁপি কপি আহে আৰু যায়; আৰু নিজৰাৰো নতুন প্ৰাণ, নাচি নাচি শীতল পানীৰে, সুললিত সুৰেৰে, বননি জুৰ পেলাই, আকুল কৰাই, কৰবালৈ গতি কৰে। তেতিয়া বেলি ডুব যায় যায়, এনে পৰ। গছৰ পাতৰ মাজেদি সূৰ্যৰ কিৰণবিলাকে মণি-মুক্তাৰ মালাৰ দৰে সমস্ত বননিতে এক অপৰূপ জেউতি চৰাই দিছিল। দুয়ো দুই ফালৰপৰা আহিল, পানী খাবলৈ, পিয়াহ পলুৱাবলৈ। বিধিৰ বিধান; তাতে দুয়ো দুয়োৰো অন্তৰৰ পিয়াহ বুজি পালে; আৰু স্বৰ্গৰ ঋষিৰ দৰে দুয়ো দুইতো সন্তোষ পাই, তৃপ্তি পাই, প্ৰথম মিলন তীৰ্থক্ষেত্ৰতে থাকিবলৈ ললে।

 কোন কাহানিৰ কথা সি, মনত নপৰে। সেই দিনাৰ পৰা হৰিণৰ আন চিন্তা নাই— হৰিণীৰ চিন্তা আৰু সন্তান দুটিৰ ভাৱনা। তথাপিতো, ইমানতো, অবিশ্বাস। তাৰ মনত বৰ অভিমান হল।

 সি বেছি একো নকলে— “বাৰু তোমাৰ খুছি”, এই বুলি সি ঘৰৰ পৰা ওলাই আহিল।

(৩)

 ওলাই আহিল হয়; কিন্তু যায় কেনেকৈ? যিমানে সি কোমল ঘাঁহ দেখে, যিমানে আকাশৰ স্নিগ্ধ কোমল [ ৭৩ ] জীপাল সৌন্দৰ্যই তাৰ প্ৰাণটোক উদাৰ কৰি তোলে, যিমানে আকাশে বননিয়ে নতুন ৰূপ ধৰি তাৰ অন্তৰতম আত্মালৈকে পুলক তুলিব খোজে, তিমান তাৰ মনত পৰে হৰিণীলৈ। আজি তায়ো লগত থাকা হলে, কিমান সন্তোষৰ কথা হলহেতেন।

 সেই দেখি বিলৰ পাৰৰ ভেৰলৈ যোৱা নহল। কিন্তু ইমান অভিমান কৰি আহি নো ঘৰলৈ ফিৰে কেনেকৈ? সি ঘৰৰপৰা অলপ আঁতৰলৈ আহি অলপ হাবি থাকা ঠাইত আগৰ ঘুলি এটা বিচাৰি উলিয়ালে। ৰোদৰ পাছত বৰষুণ পৰি শুকান মাটিৰ সুগন্ধই আকাশ ছানি ধৰিছে। সি তাতে নিঃপয় দি শুলে; কিন্তু মূৰটো ডাঙি চাই থাকিল তাৰ ঘৰৰ ফাললৈ। তাৰ ঘৰ তাৰপৰা দেখি।

 তাৰ মনত কিমান সুখ-দুখৰ কল্পনা। তিৰী জাতি অতি নিষ্ঠুৰ, নিকৰুণ, একো নুবুজে! তাৰ মনৰ কথাতো হৰিণীএ ইমান দিনে বুজিব পাৰা নাই নে? আৰু সি ইমান খং কৰি ঘৰৰপৰা ওলাই আহিল, সিজনীএ নো এবাৰ ফিৰিও চাব নাপায় নে?

 এই দৰে সি নানান কথা ভাবি, অভিমান, খঙত আৰু মৰমত কি-কৰোঁ কি-নকৰোঁ হৈ আছে; আৰু ডিঙি মেলি তাৰ ঘৰৰ ফালে চাই আছে; তাহাঁতে নো কি কৰে। [ ৭৪ ]  হৰিণীৰো মনত বৰ বেয়া লাগিল। তাই বুজিলে যে অনাহকত হে তাই গিৰীয়েকক কটু-কাটব্য কৰিছে। সেই দেখি তায়ো কিছু পৰ উছ-পিছ কৰি থাকি সন্তান দুটিক কলে, “তহঁত বাৰু ইয়াতেই থাক : দুষ্টালি কৰি আন ফালে নাযাবি। হাতী দুটাৰে আজি মানুহ হাবিত সোমাইছে; সিটোৰ বা কি হয়!”

 এই বুলি কৈয়েই হৰিণীৰ অন্তৰটো কঁপি উঠিল! তাইৰ মুখৰপৰা দেখোন হঠাৎ অমঙ্গলীয়া কথাতো ওলাই পৰিল। যি ঈশ্বৰ, স্বৰ্গ আৰু পৃথিবী, মানুহ আৰু পশু, সকলোৰে সমানে বুজ লওঁতা, তেওঁ নো তাহঁতৰ এই নিৰ্জু নিৰীহ পৰিয়ালটোলৈ পাহৰিব নে?

 তাই গিৰীয়েকক বিচাৰি কোন ফালে যাব তাকে চাবৰ মনেৰে দীঘল কোমল চকু দুটাৰে ডিঙিটো মেলি চঞ্চল চকু দুটা ইফালে সিফালে ঘূৰাবলৈ ধৰিলে।

 হৰিণে দেখিলে যে হৰিণী ইফাল সিফাল চাইছে; কি জানি তাকেই বিচাৰি আহিব। বিচাৰি বাৰু অলপ দিগ্‌ পাওক, এই বুলি সি তলকা মাৰি যত আছিল তাতে শুই পৰিল। তাৰ কাণ থাকিল, হৰিণীৰ অহা শব্দ নো কেতিয়া পায়।

(8)

 এনেতে গুৰুম গুৰুম কৰি দুটাও শব্দ হল। চক খাই হৰিণে চাই দেখে তাৰ দুই ফালে দুটা হাতী; ওপৰত [ ৭৫ ] চাৰি-পাঁচোটাকৈ মানুহ। তাৰে দুটা মানুহক যেন দেৱে ধৰিছে, তাহাতৰ গাৰ ঠৰকা-চুতি নাই, চকু ৰঙা আৰু উজ্জ্বল; হাতত বন্দুক লৈ কঁপিছে।

 কাৰ বন্দুক কাৰ গাত লাগিল সি কবই নোৱাৰি “হৰিণী ঔ” বুলি চিঞৰ মাৰি ঘৰৰ ফালে এটা কি দুটা লাফ মাৰিলে।

 এনেতে তাৰ মনত পৰিল, তাৰ সন্তান দুটিৰ কথা, মৰমত পমি যোৱা হৰিণীৰ কথা, আৰু নন্দনৰ কুঞ্জৰ সদৃশ, তাৰ থাকা ঘৰটোৰ কথা। সি যদি ঘৰৰ ফালে যায়, তেন্তে এই ৰাক্ষস কেইটাই ছলি-পলি সমন্বিতে ঘৰখনকে টলাস্তি নকৰিব নে?

 সি ফিৰিল। বিদ্যুৎ সঞ্চাৰে ঘৰৰপৰা ওভোটা ফালে লৰ মাৰিলে। তেতিয়া দেখিলে গুলি তাৰ গাতেই লাগিছে; তাৰ গলধানাৰ পৰা চৌ-চৌকে তেজ ওলাইছে। সি ভয়, আশা, নিৰাশা, বেজাৰত উধাতু খাই আৰু লৰ দিলে।

 লৰি গৈ বিলৰ পাৰৰ ভেৰৰ ওচৰত বাগৰি পৰিল; শক্তিয়ে আৰু নুকুলায়। ভাবিলে কি জানি ৰাক্ষসহঁতে ইমান খিনি খেদি আহি নাপাব; আৰু প্ৰাণ যায় যদিও কি জানি ভেৰৰ সেই গাভৰু জনী, তাই আহি অন্তিম সময়ত তাক অলপ পতি কৰিব পাৰেই। [ ৭৬ ]  কিন্তু হতভাগ্য হৰিণ! তাৰ তেজে যে সি পলাই আহা বাটৰ চিন কৰি থৈ আহিছে, তাৰ তো সেই ভাৱ নহল। হাতীয়ে-মানুহে খেদি আহি তাক তাতেই লগ পালে।

 অলপ দূৰৰ পৰা গুলি কৰিব ধৰিছে যেন অনুমান কৰি, হৰিণে প্ৰাণ টাকি আৰু এটা লৰ মাৰিলে। কিন্তু সেই দেহাই যে আৰু নসয়। তিনি-চাৰি নল গৈ সি ঢেৰ-মেৰ দি বাগৰি পৰিল। মানুহবিলাকে সেইখিনি পালে; হাতীৰপৰা জাপ মাৰি তিনি-চাৰিজন মানুহ নামিল; তাৰে এজনে তাৰ মূৰতে দাৰে কোব মাৰি দিলে। প্ৰাণৰ কাতৰত, মনৰ দুখত, হৰিণে চিঞৰ মাৰি দিলে। মুহুৰ্ততে মৰণৰ যন্ত্ৰণাত তাৰ চকু জাপ খাই আহিল।

 সেই সময়ত সি যেন দেখিলে, দুৰত তাৰ হৰিণী আৰু বিলৰ পাৰৰ ভেৰৰ গাভৰু— দুয়োৰে দীঘল নোমেৰে আবৰা চকুৰ পৰা গিৰ্‌ গিৰকৈ চকু-লো ওলাইছে। তাৰ কিন্তু সুস্থিৰ জ্ঞান নাছিল; সেই দৃশ্য দেখা-নেদেখাতে তাৰ প্ৰাণ, ওলাই গল।

(৫)

 হৰিণীএ ডিঙি মেলি চাওঁতে গুৰম্‌ গুৰম্‌ শব্দ শুনি, তাইৰ গোটাই গাটো কঁপিবলৈ ধৰিলে। পাই মুহূৰ্ততে দেখিলে হৰিণ সিহঁতৰ ফালে লৰি আহিছে; কিন্তু ক্ষন্তেকতে দি তাৰ বাট ফিৰালে। [ ৭৭ ]  হৰিণীএ তৎক্ষণাৎ বুজিলে কি হল। দেহাত জীউ নোহোৱা হৈ তাই সি শুই থাকা ঠাইলৈ দৌৰি আহিল। তাৰ গাৰ তাপত তেতিয়াও ঠাই খিনি তপত হৈ আছে; আৰু তাৰ গাৰ গন্ধত মোল-মোলাই আছে। তাই চালে, তাত তেজ নাই; মনতে ভাবিলে “গোঁসায়ে কিজানি না ইবাৰলৈ ৰক্ষা কৰিছেই।”

 তথাপিতো তাই হৰিণ যোৱা বাটেৰে লৰি গল। অলপ গৈয়ে দেখে, তেজ! চুলিৰ আগেৰে তাইৰ জীউ উৰি যোৱা যেন হল। হায় কি কুক্ষণত আজি তাই এনে অশ্ৰাব্য কটু কথাটো কৈছিল। তাইৰ জ্ঞান নোহোৱা হল; চুৰ্তি হৰাল।

 “আজি ময়ো তোৰ লগতে মৰোঁ” বুলি হৰিণীএ হৰিণৰ পাছে পাছে লৰ দিলে। লৰি লৰি বিলৰ পাৰৰ ভেৰৰ ওচৰ পালে। তাত গৈ দেখে ভেৰৰ গাভৰুএও হৰিণৰ ফাললৈ চাই কি-কৰোঁ কি-নকৰো, কি -হৈছে কি-নহৈছে বুলি তথা লাগি চাই আছে।

 গাভৰুক দেখি হৰিণীৰ শোক উথলি উঠিল। তাই এই জনীকো অন্যায় কৰা নাই নে। দুয়ো লগ লাগিল; কথা হবৰ আৱশ্যক নহল। দুয়ে দ্বিতীয় বাৰ লৰি হৰিণ যি ফালে গৈছিল, সেই ফাললৈ লৰ দিলে।

 এনেতে হৰিণৰ মূৰত সেই ভীম টকোনৰ প্ৰহাৰ। তাৰ আৰ্তনাদে আকাশ ভেদি গল; আৰু তাহাঁতৰ বুকত যেন [ ৭৮ ] হানিলে। তাহাঁত দুখ-বেজাৰত মৰাৰ দৰে ঠিয় হৈ ৰল; চকুৰে গিৰ্‌ গিৰ্‌কৈ লো বব ধৰিলে।

 পাছ মুহূৰ্ততে সেই ৰাক্ষসহঁতে হৰিণক হাতীৰ ওপৰত তুলি বান্ধি লৈ গল। ইফালে গধূলি হৈছে।

 হৰিণী আৰু গাভৰু সেই ঠাইলৈ আহিল। আহি দেখিলে হৰিণৰ তেজেৰে গোটাইখন থল ৰঙা পৰিছে। আৰু হাতী, মানুহ আৰু হৰিণৰ টনা-আজোৰাত তেজেৰে মাটি পৰিমিত বোকা হৈ গৈছে।

 দুয়ো মূৰ্চিত হৈ পৰিল।

(৬)

 ইফালে ৰাতি দেৰপৰমান হোৱাত চিকাৰিহঁত ঘৰ পালেহি। তাহাঁতৰ লৰা তিৰোতা, পো-পৰিয়াল সকলোৱে বাট চাই আছিল, চিকাৰ চাবলৈ।

 লুষ্টু-পুষ্টু প্ৰকাণ্ড হৰিণ এটি দেখি তাহাঁতৰ জিভাৰ পানী পৰিব ধৰিলে; আৰু তেতিয়াই খোৱা-কামোৰা খিকিন্দালি কৰি হৰিণক কাটি-বাটি খাবৰ যো-যা কৰিলে।

⸻⸻

[ ৭৯ ]
 

বেণ্টু মণি।

 তাৰ নামটো আছিল যেনে অদ্ভুত আন দৰৰ, মানুহ টোও আছিল তেনেকুৱা অদ্ভুত, সকলোৱে উপলুঙা কৰা।

 কাৰ ঘৰত কোন গাওঁত আৰু কিমান চনৰ কিমান তাৰিখে সি জন্ম গ্ৰহণ কৰিলে— এইবিলাক কথা ডাঙৰ লোকৰ ভাগ্যবান পুত্ৰৰ বেলিকা হিচাবত থাকে; বেণ্টু-মণিৰ বেলিকা, হুঁঃ।

 কিবা প্ৰকাৰে সি ডাঙৰ হল। গাখীৰ বা বাৰ্লি নাইবা বিধে বিধে নতুন নতুন খাদ্যৰ কথা সি নালাগে তাৰ সাতাম পুৰুষেও নাজানে। কি খাই যে সি বৰ্তিল আৰু ডাঙৰ হল, তাক ঈশ্বৰেহে আনে।

 যি গাওঁত তাৰ জন্ম, সি পানীত তল যোৱা বাঁহৰ মাজৰ হেঁচুক গাওঁ। তাতে মেলেৰিয়াত মানুহ মৰে [ ৮০ ] কলেৰাত ভেটি উচন হয়; আইত ঘৰে ঘৰে সৰ্বনাশ হয়; আৰু পচা পানী, সেমেকা হীৰা, গীয়া জঙ্ঘলীয়া দেৱে অনেকক সি পুৰীৰ ট্ৰেন গাৰীত তুলি দিয়ে। তথাপিতো ‘বেল্টু-মণি’ নমৰিল, ডাঙৰ হল, অৰ্থাৎ দহ বছৰ মান বয়স হল।

 সেই সময়ত কিবা এটা হাপাহ লাগিছিল, ছলি ধৰাৰ। ৰেলৰ আলি বন্ধাবলৈ কোম্পানীয়ে লাখে লাখে টকা খৰচ কৰে। বেকী, পাগলাদিয়া বান্ধি ৰাখিব নোৱাৰে। সেই দেখি বোলে কোম্পানীয়ে ন টা লৰা বলি দিব খুজিছে। ছলি ধৰিবৰ কাৰণে মুৰত পাগুৰি বান্ধা, ঠেঙত ঠেঙা আলোৱা, মুখত দাৰি-গোফে ভবঃকাৰ, দীঘল ডাঙৰ বহুত পঞ্জাবী মানুহ চাৰিও ফালে ঘূৰি ফুৰে।

 সকলোৱে ছলি-পলিক আন্ধাৰ নৌহওঁতেই ঘৰত সুমাই থয়; আন ফালে যাব নালাগে, চকুৰ আঁৰ হবকে নিদিয়ে। কিন্তু বেল্টু-মণিক চায় কোনে? সি দপ্‌ দপ্‌ কৰি চাৰিও- ফালে ঘূৰি ফুৰে।

 এদিনাক পতি বেল্টু-মণি সেই গাওঁত নোহোৱা হল। যি যি বাটে সি যায়, যাৰ ঘৰত লৰাক জোকোয়, যত যত বহি থাকিলে এৰা-ৰোৱা ভাত এমুঠি পায়, সেই বোৰ ঠাইত এদিন নহয়, দুদিন নহয় বেল্টু-মণিক দেখিবলৈকে নোহোৱা হল। সকলোৱে ভাবিলে— তাক ছলি-ধৰাই নিলে; আৰু কি জানি কোনোবা নদীৰ দলং বান্ধিবলৈ [ ৮১ ] বলিও দিলে। সকলোৱে নিজৰ লৰা-ছোৱালীক আৰু ভালকৈ অৱৰক্ষণ কৰাৰ দিহা কৰিলে; কিন্তু বেল্টু-মণিৰ খবৰ কেৱে নললে বা নাপালে।

 মাক-বাপেকে তাক কোনো নাম দিয়া নাছিল বা দিছিল যদিও তাক কোনোৱে কব নোৱাৰে। কোনোবা এদিন কোনোবা এজনে কিবা কাৰণত খং কৰি মাতিলে বেল্টু-মণি বুলি। সেই দিনাৰ পৰা তাৰ নাম হল বেল্টু-মণি।

 যি দৰে অনাদৰ কৰি তাক গাওঁৰ মানুহে এনেকুৱা অশ্ৰদ্ধাৰ নাম দিছিল, সেই অশ্ৰদ্ধাৰ বা এলাহৰ কাৰণেই গাওঁৰ মানুহে তাৰ আৰু বিচাৰ নকৰিলে।

( ২ )

 কেনেকৈ যে বেল্টুমণি আহি সেইখিনি পালে নোৱাৰি। কিন্তু তাৰ গাঁৱৰপৰা বহুত মাইল দূৰত বেল আলি নতুনকৈ হব ধৰিছে, এনে এখন ঠাইত কিবা প্ৰকাৰে সি ওলাল গৈ। কুলি-মালি, ঠিকাদাৰ-দোকানী, এই বিলাক অনেক মানুহ। সকলোৰে কাষে কাষ সি হাত পাতি ফুৰে, আৰু সকলোৱে তাক অলপ-অচৰপ খাবলৈ দিয়ে।

 এনেকৈ থাকোঁতে এদিন ৰেলৰ বৰ ঠিকাদাৰ জন আহিল। তেওঁক সকলোৱে শেঠ বুলি কয়। সোণৰ গুণাৰ কাম কৰা পাগুৰি, সেই দৰৰ ছোলা, জোতা, পায়জামা। লগত [ ৮২ ] অসংখ্য লোক-লস্কৰ-তাম্বু ইত্যাদি। শেঠৰ লগত ঘৈণীয়েক আৰু সৰু লৰা এটাও আছিল। ৰেল বান্ধা আড্ডাত ৰাজা আহাৰ দৰে ধুম-ধাম।

 এদিন লৰাটোৱে তাম্বুৰ বাহিৰত খেলা কৰি আছিল। এনেতে পাগলা কুকুৰ এটাই কৰবাৰ পৰা তাক কামুৰিবলৈ খেদি আহিল।

 বেল্টু-মণি আছিল ওচৰতে। সি “খালে ঐ, খালে ঐ” বুলি চিঞৰি লৰাটোক কোলাত তুলি ললে। কুকুৰটো 'আহি বেণ্টুমণিৰ ভৰিত এটা কামোৰ মাৰিলে। এনেতে অসংখ্য মানুহ লৰি আহিল। সকলোৱে ধৰি কুকুৰটোক মাৰিলে।

 শেঠৰ ঘৈণীয়েকে লৰাটিক সুস্থ অৱস্থাতে পাই স্বৰ্গ ঢুকি পোৱা যেন হল।

 বেল্টুমণিক কুকুৰে কামুৰিলে; তাক চিকিৎসা কৰিব লাগে। তাৰ মাক-বাপেকৰ খবৰ কৰিলে, কোন গাওঁৰ খবৰ কৰিলে, কোনোৱে নাজানে। সেই দেখি শেঠে ঠিক কৰিলে, তেৱেঁই তাক চিকিৎসা কৰিবৰ কাৰণে কচৌলিলৈ লৈ যাব। তেতিয়া ছিলঙত পগলা কুকুৰে খোৱা চিকিৎসাৰ হস্পিতাল হোৱা নাই।

 তাৰ পিচদিনাই শেঠ ঘৰলৈ গল। লগত বেল্টু-মণিকো

লৈ গল। [ ৮৩ ]

( ৩ )

 এই দৰে শেঠৰ লগত তাৰ বহু দিন গল। সি চিকিৎসাত ভাল হল। যি লৰাটোক সি কুকুৰৰ হাতৰপৰা বচাইছিল, তাৰে দহ বাৰ বছৰ বয়স হল।

 এনেতে লাগিল মহা যুদ্ধ। পঞ্জাবত সৈন্য হৈ যোৱা মানুহ বহুতো ওলাল। এদিন কাৰবাৰ লগত আহি বেল্টু- মণিও সৈন্য দলত ভৰ্তি হল আৰু লাহোৰ পালে গৈ। তাত তাৰ দীঘল বহল ওজন জুখিলে, চকু চালে, বুকত ৰবৰৰ নলি লগোৱা কিবা এটাৰে বুকু খন চালে। সি সৈন্যৰ উপযুক্ত হল। সি দস্তুৰ মতে চিপাহী হল; আৰু তিনি চাৰি মাহৰ ভিতৰত বহুত চিপাহীৰে সৈতে জাহাজ এখনত সাগৰৰ মাজেদি কৰবালৈ গুচি গল।

 কেইবা দিনো গৈ এখন দেশত জাহাজ লাগিল। মানুহে কলে, এইখন দেশ ফ্ৰান্স; আৰু ইয়াতেই যুদ্ধ লাগিছে।

 তাহাঁত তাতে নামিল। সেই দেশৰ সকলো মানুহ চাহাব বা মেম। আৰু এই চাহাব-মেমবোৰে বেল্টু- মণিক আৰু আন আন চিপাহীবোৰক মৰম কৰি কিবা কিৰি খাব দিলে। কিন্তু বেল্টুমণিয়ে জাত যাবৰ ভয়ত সেইবোৰ একো নাখালে। চৰকাৰৰ পৰা আটা, ঘিউ আৰু দালি যি দিছিল তাৰেই টিকিৰা তৈয়াৰ কৰি খালে। [ ৮৪ ]  অলপ পাছতে ৰেল আহিল। সকলোবোৰ গিৰ-গিৰকৈ গৈ ৰেলত উঠিল। ৰাতি ৰাতিটো ৰেল গল। পুৱা এখন ঠাইত ৰেল থামিল আৰু তাহাঁতকো নমাই দিলে। তাতে কোনোবাই অলপ চাহ ৰুটি খাবলৈ দিলে। চিপাহী- বিলাকে খালে।

 খোৱা হোৱা মাত্ৰকে হুকুম দিলে ‘মাৰ্চ” ‘মাৰ্চ’- ‘মাৰ্চ-‘মাৰ্চ। নিচিনা নজনা ঠাই। গাওঁবিলাক চাফ-চিকন; বাটবিলাকো ভাল। কিন্তু মানুহ কম। আধামান ঘৰ শূন্য। কিন্তু যতে যি মানুহ আছে সকলোৱে সিহঁতক চাবলৈ আহে। অবুজা ভাষাৰে কিবা কথা কয়; আৰু মাইকীবিলাকে মৰম কৰে।

 এনেকৈ দিনটো গৈ সিহঁতে এখন ঠাই পালে। তাত ঘৰ-দুৱাৰ বন-জংঘল একো নাই। সেই ঠাইৰ এটা ডাঙৰ দীঘল গড় খাৱৈত তাহাঁতক সুমাই দি কলে, এয়ে যুদ্ধ। যুদ্ধ কৰিব লাগিব। হুকুম পালেই গুলি কৰিবি।

(৪)

 গুৰুম্‌ গুৰুম্‌ কৰি কাণ-ফালা আৱাজ হল। আৰু আৱাজৰ উপৰি আৱাজ। শ শ, বজ্ৰ একেলগে পৰিলে যেনে ভয়ঙ্কৰ শব্দ হয় তেনে। তাৰ লগতে চাৰিও ফালৰ [ ৮৫ ] পৰা ভাঙা শিল, কাচ, লোহা ছিটিকি ছিটিকি আহে, আঙঠাৰ দৰে ৰঙা; আৰু চপৰা-চপৰে মাটি ছিটিকি যায়।

 চিপাহীবিলাকে মনে মনে গড়খাৱৈৰ তলত পেট পেলাই বহি আছে। কিছু পৰৰ মূৰত এই আৱাজ কিছু কম পৰিল। তেতিয়া হুকুম হল—“গুলি কৰ।”

 গুলি-গুলি-গুলি—কেৱল গুলি। বৰ খৰকৈ টিনৰ ঘৰত শিল পৰিলে যেনে খত খত খত শব্দ হয়, তেনে শব্দ। গুলি-গুলি⸺সকলোৱে যিমান পাৰে, যিমান খৰকৈ পাৰে গুলিকে কৰিছে।

 বেণ্টুমণিয়েও গুলিকে কৰি আছে। কেতিয়া যে তাৰ ওচৰৰ আটাইবিলাক মানুহ মৰি গল, আৰু বিপক্ষৰ সেনাই আহি তাহাঁত থাকা গড়খাৱৈৰ ওচৰ পালে সি কবই নোৱাৰে। সি গুলি কৰিব লাগে গুলি কৰিয়েই আছে।

 এনেতে এটা গুলি আহি তাৰ হাতত লাগিল; তাকো সি কব নোৱাৰে; আৰু এটা আহি তাৰ পেটত পৰি পেট ফুটিল, তেতিয়াও তাৰ তত নাই। সি গুলি কৰিয়েই আছে। তাৰ পাচত আৰু এটা আহি তাৰ চকু এটাত পৰিল; তাৰ চকু ওলাই গল। এখন হাতেৰে চকু মোহাৰি ইটো চকুৰে চায় যে তেজ! তাৰ ধাতু উৰি গল! এক মুহূৰ্তৰ কাৰণে তাৰ চুৰ্তি হল যে সি যুদ্ধ কৰিছে, গুলি কৰিছে, তাৰ পাচত মূৰ্চা। [ ৮৬ ]

(৫)

 বহু দিন গল। এদিন সি বহুদিনীয়া ঘুমটিৰ পাচত সাৰ পোৱাদি সাৰ পালে। ওচৰতে মেম এজনীয়ে তাক কিবা অতি সোৱাদ ফলৰ ৰস খুৱাই আছিল। যুদ্ধৰ কোলাহল তাত নাই। বিছনা-পত্ৰ ৰাজাৰ দৰে। তাক চকু মেলা দেশি মেমজনীয়ে হিন্দুস্থানীৰে কলে, “ডৰ কৰো মত! তু আচ্ছা হ্যায়! তুম ভাৰি বীৰ হ্যায়!” মেমৰ চকুত আনন্দ।

 সকলোৱে ভাবিছিল ইবাৰ সি নাথাকিব। কিন্তু ডাক্তৰৰ সুচিকিৎসাত সি বাচি উঠিল। বাচি উঠাত সকলোৰে মহা আনন্দ।

 যি জন চাহাবৰ লগত সি জাহাজত উঠি গৈছিল, তেওঁ এদিন আহি কলে যে বেণ্টুমণিয়ে গুলি চলাই থকাৰ কাৰণেহে জাৰ্মানে আজি সেই গড়খাৱৈটো অধিকাৰ কৰিব নোৱাৰিলে। সি মুৰ্চা যোৱাৰ অলপ পাছতে আমাৰ ফালৰ সৈন্যই জাৰ্মানক খেদি দিলে। সেই গড়খাৱৈটো সেই দিনা লব পাৰা হলে, জাৰ্মানৰ জয় অনিবাৰ্য। এতেকে প্ৰধান সেনাপতিৰ কথা অনুসৰি সম্ৰাটে বেণ্টুমণিক

ভিক্টোৰিয়া ক্ৰচ্‌ (Victoria Cross) দি সন্মান কৰিছে। [ ৮৭ ]
 

পান্থ।

(১)

 দিন নাই, ৰাতি নাই, ৰোদ নাই, বৰষুণ নাই, পান্থই ঘূৰি ফুৰে। কত দেশ, কত নদী-নালা, কত পাহাৰ- পৰ্বত পাৰ হল, কত বন-জংঘল জন্তু-জনোৱাৰ দেখিলে, কত নগৰ কত গাওঁ চেৰাই আহিল, কতো বিশ্ৰাম নাই।

 কোন সুদূৰ অতীতত যে এই যাত্ৰা আৰম্ভণ, তাক মনে ঢুকি নাপায়। একোবাৰ মুঠে ছায়া-মায়াকৈ স্মৰণ পথত উদিত হয়, কোনোবা অতীতত এই বিৰাম-বিহীন যাত্ৰাৰ আৰম্ভ হল; সেই ক্ষণৰ পৰা আৰু বিশ্ৰাম নাই, কেৱল

 কেৱল ঘূৰণ।

 এই দৰে পান্থই ঘূৰি ফুৰে, আৰু যাকে দেখে তাকে সোধে বিশ্ৰামৰ ঠাই কত।

 
[ ৮৮ ]

 সকলোএ একোটা দিশ দেখুৱাই দিয়ে; কোনেও হাতেৰে আঙুলিয়াই পৰ্যন্ত দেখুৱায় বিশ্ৰামৰ ঠাই আৰু ভৱন। পান্থই অনেক কষ্ট কৰে; ঘামি-জামি লালকাল হয়; কাঁইট কাননৰ আছোৰত গা ছিৰা-ছিৰ হয়; আলিৰ শিলৰ খোছনি খাই ভৰি ফালি-ছিৰি যায়; দেখুৱাই দিয়া ঠাইত উপস্থিত হৈ পান্থই দেখে তাতো বিশ্ৰাম নাই। আৰু হতাশ্বাস হৈ আন ফালে গতি কৰে। কেতিয়াবা এনে নিদাৰুণ দুৰাশাই মনত দুৰ্বাৰ বল দিয়ে, আৰু কেতিয়াবা বা দুৰ্ঘোৰ দুৰ্বলতা আনি জীৱনী শক্তিকে অসাৰ কৰি তোলে।

 যিমান দিনৰ কথা মনত পৰে, স্মৃতি-চিন্তাই যিমান অতীত কথা ঢুকি পায়, তাৰ চমু বুৰঞ্জী এই। পান্থৰ বিৰাম নাই, বিশ্ৰাম নাই।

(২)

 কোনো অতীত যুগত, একোবাৰ মনত পৰে, একো জন সাধু-সন্ন্যাসীএ বিশ্ৰামৰ বাট দেখুৱাই দিছিল; আৰু সেই বাটেৰে গৈ এই সীমাহীন ঘূৰণৰপৰা বিৰাম পাবৰ আশা হৈছিল। এনেতে বাটত আৰু পণ্ডিত লোকক লগ পায়; সিবিলাকে নানা তৰ্ক-যুক্তিৰে দেখুৱাই দিয়ে যে সাধু-সন্ন্যাসীবিলাক পাগল, তেওঁলোকে দেশৰ হাৱা চিনি নাপায়, বাটৰ একো ভু-ভতং নাজানে। পান্থই তেওঁলোকৰ মতে চলিলে কেৱল নৈৰাশ্য দুখ দৈন্য হাহাকাৰৰ মাজলৈহে যাব পাৰিব; শান্তি নাপায়, বিশ্ৰাম নাপায়। [ ৮৯ ]  এইসকল পণ্ডিত লোকৰ অকাট্য যুক্তিৰ কথা শুনি পান্থ আগৰ বাটৰপৰ ফিৰি আহে; আন বাট লয়। কোনোটোৰে অৰ্থৰ বিলাস-ভবন পায়, কোনোটোৰে যশস্যাৰ কীৰ্তি-মন্দিৰ সোমায়, কোনোটোৰে ভোগৰ সুখলায়ত প্ৰবেশ কৰে; কিন্তু পান্থই ইমান সুদূৰ অতীতৰ পৰা বিচাৰি ফুৰা বিশ্ৰামৰ চিন কতো নেদেখে।

 যিমান দিনৰ কথা মনত পৰে, স্মৃতি-চিন্তাই যিমান অতীত কথা ঢুকি পায়, তাৰ চমু বুৰঞ্জী এই। পান্থৰ বিৰাম নাই, বিশ্ৰাম নাই।

(৩)

 মৰুভূমিত মৰীচিকা-লুব্ধ হৰিণাৰ দৰে পান্থই দিশ-বিদিশ হৰুৱাই হাহাকাৰ কৰি ফুৰিছে—বিশ্ৰাম কত, বিৰাম কত, এই দুখময় পথৰ অন্ত কত! যদি কোনোবা আছা কোৱা, বিৰাম কত, বিশ্ৰাম কত! যদি কোনোবাই জানা কোৱা, এই দুখময় পথৰ অন্ত কত!

 এনেতে জোনাকৰ দৰে শুভ্ৰ স্নিগ্ধ মূৰ্তি এজনাৰ আবিৰ্ভাৱ হল। মূৰ্তিয়ে কলে-“ভয় নাই, ভয় নাই, বিৰাম আছে, বিশ্ৰাম আছে। চোৱা, তুমি যতে আছা তাতে। ইয়াতে থাকা, এয়ে তোমাৰ বিশ্ৰাম-ভৱন, ইয়াতে জিৰণিৰ অনন্ত

শান্তি পাবা, পথৰ অশেষ ক্লেশৰ অন্ত হব। [ ৯০ ]
 

 সুধা-ৰসত পান্থৰ শৰীৰ ডুবি গল। অন্তৰ-আত্মাৰে সৈতে শৰীৰ শান্তিৰ আনন্দত হৰ্ষিত হৈ উঠিল। পান্থই সুধিলে— “প্ৰভু, তুমি কোন? তুমিও বা ইবিলাকৰ দৰে ফাকি দিছা?”

 গম্ভীৰ উত্তৰ ওলাল “ভয় নাই ভয় নাই, মই তুমি। মোৰ বচনত আস্থা স্থাপন কৰা। যতে আছা ততে বিশ্ৰাম ততে শান্তি।”

 এনেতে স্বৰ্গ-মৰ্ত্য-আকাশ বিকসিত কৰি বচন ওলাল, পান্থই গম্ভীৰ বচন শুনিলে,—

যৎ কৰোষি যদশ্নাসি যজ্জুহোষি দদাসি যৎ।
যত্তপস্যসি কৌন্তেয় তৎ কুৰুষ মদৰ্পণম্‌।
শুভাশুভফলৈৰেবং মোক্ষ্যসে কৰ্মবন্ধনৈঃ।
সন্ন্যাস-যোগ-যুক্তাত্মা বিমুক্তো মামুপৈষ্যসি”।


গীতা-৯-২৭। ২৮

 

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২০ চনত ১ জানুৱাৰী ১৯৬০ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )