পৃষ্ঠা:বাজিকৰ আৰু আন আন গল্প.djvu/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৭২ ]

হানিলে। তাহাঁত দুখ-বেজাৰত মৰাৰ দৰে ঠিয় হৈ ৰল; চকুৰে গিৰ্‌ গিৰ্‌কৈ লো বব ধৰিলে।

 পাছ মুহূৰ্ততে সেই ৰাক্ষসহঁতে হৰিণক হাতীৰ ওপৰত তুলি বান্ধি লৈ গল। ইফালে গধূলি হৈছে।

 হৰিণী আৰু গাভৰু সেই ঠাইলৈ আহিল। আহি দেখিলে হৰিণৰ তেজেৰে গোটাইখন থল ৰঙা পৰিছে। আৰু হাতী, মানুহ আৰু হৰিণৰ টনা-আজোৰাত তেজেৰে মাটি পৰিমিত বোকা হৈ গৈছে।

 দুয়ো মূৰ্চিত হৈ পৰিল।

(৬)

 ইফালে ৰাতি দেৰপৰমান হোৱাত চিকাৰিহঁত ঘৰ পালেহি। তাহাঁতৰ লৰা তিৰোতা, পো-পৰিয়াল সকলোৱে বাট চাই আছিল, চিকাৰ চাবলৈ।

 লুষ্টু-পুষ্টু প্ৰকাণ্ড হৰিণ এটি দেখি তাহাঁতৰ জিভাৰ পানী পৰিব ধৰিলে; আৰু তেতিয়াই খোৱা-কামোৰা খিকিন্দালি কৰি হৰিণক কাটি-বাটি খাবৰ যো-যা কৰিলে।

⸻⸻