পৃষ্ঠা:বাজিকৰ আৰু আন আন গল্প.djvu/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

সামান্য প্ৰাণী।

(১)

 পৰ্বতৰ নখত তাহাঁতৰ উমি উমি চিকুণ ঘৰটিৰ পাছৰ ফালে ওখ আকাশ-লংঘী শিলৰ স্তুপ, মেঘেৰে সৈতে কোলাকুলি কৰি আছে। সমুখত সেউজীয়া গছ আৰু বন; যিমানলৈ চকু যায় তিমানলৈ এই স্নিগ্ধ ৰসাল সৌন্দৰ্য।

 আৰু তাহাঁতৰ অকণমানি ঘৰটোৰ দাঁতিৰে এটি নিজৰা নাচি-বাগি যে কৰপৰা আহি কলৈ গৈছে কোনোৱে কব নোৱাৰে; কেৱল তাইৰ চিৰন্তন নাচন-বাগন, কুল কুল কৰা হাঁহিৰ, নে হাঁহিতে কন্দা কান্দনৰ, সঙ্গীততকৈও সুমধুৰ ধ্বনি। এয়ে এটা ধুনীয়া ছবি আঁকি তাহাঁতক চিৰকাল এক অবৰ্ণনীয় আনন্দত ডুবাই ৰাখি আহিছে।

 ঘৰত মতা-মাইকী এহাল আৰু শিশু সন্তান দুটি। খাৱন-দাৱন শেষ কৰি দুপৰীয়া দুয়ো নিজৰাৰ পাৰত জিৰায়;