এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৫৭ ]
মোৰ আপৰাহ্নিক ভোজনটি তাহাঁতৰ ঘৰতে সমাধা হবলৈ ধৰিলে। আগৰ চিনাকিও গহন হল।
দুৰ্ভাগ্যক্ৰমে আন ছাত্ৰই বিশ্ব-বিদ্যালয়-দৌৰৰ যি জপনা- বিলাক চাৰি বছৰত পাৰ হয়, তাত যে সাত বছৰ লাগিল।
এই সাতো বছৰ অৱশ্যে মই আগৰ ঘৰটোৰ মেছতে থাকা নাছিলোঁ। কিন্তু পৰিচয় হোৱাৰ পাছত এই সাতো বছৰে বঙালী ঘৰৰ লগত আহা-যোৱা, জলপান খোৱা চলি আছিল।
বঙালী গৃহস্থজনৰ নাম সুশীল বাবু। তেওঁ সদাগৰী অফিচত ছ শ মান টকাত কাম কৰে।
সুশীল বাবুৰ যি জনী ছোৱালীৰ জীৱন এনে অসম্ভাবিত ৰূপে ৰক্ষা কৰি মই বীৰ নাম পাইছিলো, তাইৰ নাম লতিকা।
আগৰ ডোখৰত তাই কথা কোৱা নাই; কিন্তু মোৰ এই নাওমান কথাটি তাইক লৈহে।
যেতিয়া লতিকাৰ বয়স বাৰ তেৰ বছৰ হৈ আহিল, তেতিয়া তাই মোৰ লগত আগৰ দৰে ধেমালি-ধুমুলা কৰিবলৈ সঙ্কোচ বোধ কৰিব ধৰিলে; আমাৰ আগৰ ঘনিষ্ঠ সদ্ভাৱ কোলাত লোৱা, ফুৰিবলৈ যোৱা, ইত্যাদি-বিলাক নাই