পৃষ্ঠা:বাজিকৰ আৰু আন আন গল্প.djvu/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

দৰ্শন

(১)

 কলিকাতাৰ কলেজত পঢ়োঁ, মেচত থাকোঁ। আমাৰ ঘৰটো দোতালা, তাৰ গাতে লাগা তেতালা ঘৰ এটা। ইয়াতে এঘৰ বঙালী মানুহ থাকে।

  ঘৰত কোন আছে নাই কব নোৱাৰোঁ। কিন্তু তেতালাৰ ছাদত দেখোঁ কেইটামান ছলি ভাঠি পৰত ৰং-ধেমালি কৰি থাকে।

 সেই দিনা কলেজৰপৰা আহি পানীৰ কলৰ কাষত থিয় হৈ মুখ ধুইছোঁ। কলটো দুয়োটা ঘৰৰ যিখন সাধাৰণ দেৱাল তাতে লাগা।

 হঠাৎ এটা বিকট চিৎকাৰ শুনি চাওঁ, ওপৰৰ পৰা গিৰিপ কৰি ছলি এটা আহি মোৰ ওপৰতে পৰে।