পৃষ্ঠা:বাজিকৰ আৰু আন আন গল্প.djvu/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৫৯ ]

দৃশ্যত যিদৰে মন মুগ্ধ হয়, সেইদৰে সুন্দৰী ছোৱালীৰ ৰূপ দেখি, তাক চাই থাকিবলৈ যি হেপাহ হয়, সিও নিস্কলুষ হৈ থাকিব পাৰে। অনেকৰ মনত থাকেও। মোৰো তেনেকুৱা হৈছিল। আন্ধাৰ ঘৰৰ চাকিৰ দৰে, পুহ মাহৰ নিশাৰ জুইৰ দৰে, লতিকাই মোৰ মনত, মোৰ সমস্ত প্ৰাণত এক অবৰ্ণ্য পোহৰ আৰু প্ৰীতিৰ ভাৱ উদ্ৰেক কৰিছিল।

 দীঘলীয়া সাত বছৰৰ পাছত যেতিয়া মই অসমলৈ ঘূৰি আহিলোঁ, আমাৰ বিদাযৰ দৃশ্যৰ যি কৰুণতা, সি আজিও মোৰ চকুলৈ পানী নিগৰি আনে। কান্দা-কাতা কিবা হৈছিল জানো? নহয়। দুয়ো দুইকো নীৰৱ নিশ্চল ভাৱে চোৱা, আৰু অন্তৰৰ অন্তৰত এক দীৰ্ঘ নিৰাশ আৰু উদাস ভাৱ। দুয়ো দুয়োৰো কথা বুজি পাইছিলোঁ⸺ মনে মনক সমস্ত কাৰুণ্য জনাইছিল; আৰু দুয়ো বুজিছিলোঁ কি জানি এই জন্মৰ কাৰণে এয়ে শেষ দেখা।

(8)

 ইয়াৰ পাছত বহুত দিন গল। আগৰ কালৰ সুখ-দুখৰ স্মৃতিৰ ওপৰত এটা বিস্মৃতিৰ পাতল তৰপ পৰিল। বহু পুৰণি চিত্ৰই সময়ৰ স্নিগ্ধতা গোটাই যি এক প্ৰকাৰ মৃদু সৌন্দৰ্য ধাৰণ কৰে, মোৰো লৰা আৰু ডেকা কালৰ স্মৃতিৰ ওপৰেদি কালৰ সোঁত বৈ যোৱাত, সেই কালৰ দুখ-সুখৰ অনুভূতিৰ তেনে মৃদু ভাৱ হল। লতিকাৰ কথা