বাজিকৰ আৰু আন আন গল্প/পূজাৰী

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
[ ৫০ ]
 

পুজাৰী।

(১)

 ঘৰত বাল-গোপালৰ বিগ্ৰহ⸺কিমান পুৰুষৰপৰা চলি আহিছে তেওঁৰ পূজা-সেৱা, তাৰ হিচাব নাই।

 পূজাৰী আৰু তেওঁ ঘৈণী। পুজাৰীএ ফুল তোলে, পূজা কৰে; ঘৈণী এ নৈবেদ্য সজায় আৰু ভোগ বান্ধে।

 ৰজাৰ দিয়া ভোগধনি মাটি; ভোগৰ অপ্ৰতুল নাই। সেই ভোগৰেই দুয়ো প্ৰসাদ লয়; আয়-অতিথি মা-মগনীয়া- লৈকো এমুঠি হয়।

 মূৰ্তি গোপাল সাক্ষাৎ গোপাল। তেওঁৰ নামত কল- গোপাল-ভোগ সলে হৰোৱা গৰু পায়, নৰিয়া মৃতকৰপৰা ফিৰি আহে।

 পূজাৰী-পূজাৰিণীৰ এনেকৈ দিন যায়। একোৰে অভাৱ নাই; একোৰে দুখ নাই।

 
[ ৫১ ]  নিৰ্মল শান্তিত বাল-গোপালৰ থান বৈকুণ্ঠ-পুৰৰপৰা উভালি আনা এটা খণ্ডৰ দৰে শোভা পাই থাকে।

(২)

 এই দৰে দিন যায়। কিন্তু অশান্তিৰ কাম-ছায়া দেখা নেদেখাকৈ হঠাৎ পৰে⸺ঘৈণীৰ অত দিনে কোনো সন্তান নাই; পূজাৰীৰ পাচত সাতাম পুৰুষীয়া বিগ্ৰহৰ পূজা বন্ধ হয় নে কি।

 পতি পত্নীৰ মনত দুখ। দিনে দিনে পূজাৰ সময়ত, গধূলি গধূলি আৰতিৰ পৰত, স্বামী-স্ত্ৰী নীৰৱে দেৱতাত প্ৰাৰ্থনা জনায়⸺‘গোপাল এটি তোমাৰ সেৱক, তোমাৰ দাসানুদাস দান কৰা। মূৰ্তি গোপালৰ মুখ যেন হাঁহিত দীপ্তি পাই উঠে।’

 দৰ্শনাৰ্থী যাত্ৰী, কল-গোপাল-ভোগ আনা লোক সকলোএ নিজে আশীৰ্বাদ লোৱাৰ পাছত গোপালক খাটনি ধৰে, “প্ৰভু গোপাল, কৃপা কৰা, তোমাৰ সেৱা যত্ন চলি থাকাৰ এটা বিধান কৰা।”

 মূৰ্তি গোপালৰ মুখ যেন কিবা ৰহস্যত প্ৰকাশিত হৈ উঠে।

(৩)

 ক্ষীণ আলোক ৰেখাই ৰাতি-পুৱাৰ আগজাননী দি গল। [ ৫২ ]  পূজাৰী চক্‌মক্‌ খাই সাৰি পাই উঠি গোপাল বিষ্ণু ৰাম স্মৰণ কৰি কলে, “শুনিছা, ইমান দিনৰ মূৰত গোপালৰ দয়া হল কি জানি। মই এতিয়াই সপোনত দেখিলোঁ, বাল-গোপালে ৰহস্যময় হাঁহি মাৰি মোৰ গলত্‌ সাবট মাৰি ধৰিছে।”

 পূজাৰিণীএ স্বামীৰ ভৰিত পৰি সেৱা কৰি কলে, “প্ৰভুৰ কৃপা; ময়ো ঠিক এই সপোনটোকে দেখি সাৰ পালোঁ।”

 সেই দিনা বাল-গোপালৰ পূজাত আনন্দ আৰু আকাঙক্ষাৰ নতুন কিৰণ এছাটিএ খেলি গল। স্বৰ্ণ-কমলৰ দৰে মূৰ্তিৰ বদন-কমল মৃদু-হাস্যেৰে উদ্ভাসিত হৈ উঠিল।

(8)

 বাল-গোপালৰ থানত নন্দনৰ আনন্দ ধ্বনি ফুটিল। শিশুৰ হাঁহি-কান্দন নাচন-বাগনত থানত যেন প্ৰকৃত গোপালৰ আবিৰ্ভাব হল।

 পূজাৰী পূজাত বহে—কিন্তু মনটো থাকে, মূৰ্তি গোপালত নহয়, সেই জীৱন্ত গোপালত, যাৰ হাঁহি, যাৰ কান্দন, যাৰ আধা ফুটা মাতে পূজাৰী-পূজাৰিণী আৰু থানৰ যাত্ৰী- বিলাকৰ অন্তৰ-আত্মাত আনন্দৰ হিল্লোল তুলি দিয়ে। আসন পাতি ধ্যান কৰিবলৈ বিচাৰে, বাল-গোপালৰ মূৰ্তি; ধ্যানৰ সংযমন হই আহি এই জীৱন্ত গোপালত। [ ৫৩ ] সবিতৃ-মণ্ডল-মধ্যবৰ্তী নাৰায়ণৰ ধ্যান কৰোঁতে, ধ্যান-চকুত ফুটি উঠে, ধূলা-ধূসৰিত নিপোটল সুকুমাৰ সুকোমল শৰীৰৰ এই চলন্ত আনন্দ মূৰ্তি।

 পূজাৰীৰ গা শিঁয়ৰি উঠে—অতকালৰ বিগ্ৰহ; পূজাত ক্ৰুটী হলে জানোচা শিশুৰ অমঙ্গল হয়।

 পূজাৰিণীএ পূজাৰ পাছত, আৰতিৰ অন্তত, সভক্তি সেৱা জনাই, সকলো বাসনা গোপালত সঁপি দিবলৈ ইচ্ছা কৰে; কিন্তু সেৱাৰ ভিতৰত মনশ্চক্ষুৰে দেখে এই গোপালক, যাৰ প্ৰাণময় হৰ্ষৰ খেলাত, মলয়ৰ বা-ত বসন্ত-ফুলনিৰ দৰে, সমস্ত অস্তিত্ব নাচি থাকে। পূজাৰিণীৰ গা কঁপি উঠে⸺ বাছাৰ বা কি অশুভ হয়।

(৫)

 এই দৰে দিন যায়।

 * * *

 হঠাৎ আৰ্তৰাৱ শুনি পূজাৰী পূজাৰিণীএ ওলাই চায়⸺ স্নেহেৰে গঠিত আকাঙ্ক্ষাৰে পালিত সুকুমাৰ শৰীৰত সৰ্পৰ দংশন।

 * * *

 আকাশ কলা পৰি গল। শান্তিৰ আশ্ৰম শোকৰ গভীৰ ছাঁই ঢাকি পেলালে।

 
[ ৫৪ ]  এই শ শ বছৰৰ ভিতৰত বাল-গোপালৰ পূজাত সেই দিনা কি জানি অলপ খুত ৰল।

 * * *

 এই দৰে দিন যায়। সহস্ৰ মধুৰ স্মৃতিয়ে শোক উদগাই দিয়ে; সহস্ৰ সহস্ৰ অনাদৰ আৰু উপেক্ষাৰ নিকৰুণ সুৰে প্ৰাণৰ অন্তস্তলত শোকৰ ৰাগিনী তোলে।

 পূজাৰিণীএ কান্দে⸺ সমস্ত শৰীৰ আৰু মনৰ সেই কান্দন, তাত অশ্ৰু নাই, বিলাপৰ হাহাকাৰ নাই।

 পূজাৰীএ সান্তনা দিয়ে— “শোক নকৰিবা। প্ৰভু গোপালে শৰীৰ ধৰি যি কেইদিন আমাৰ লগত দুখ খাই গল, সেয়ে যথেষ্ট কৃপা নহয় নে?”

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২১ চনত ১ জানুৱাৰী ১৯৬১ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )