পৃষ্ঠা:বাজিকৰ আৰু আন আন গল্প.djvu/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৫৬ ]

 তেতিয়া কেনেকৈ এই কামটো কৰিছিলোঁ, কব নোৱাৰোঁ। বোধ কৰোঁ শৰীৰ যন্ত্ৰই এই দৰে আকস্মিক বিপদৰ প্ৰতিকাৰ কৰে।

 কিন্তু এই ঘটনাৰ আকস্মিকতা অলপ কম পৰাত দেখিলোঁ যে মোক আমাৰ মেছৰ লৰাবিলাকে আৰু বঙালী ঘৰৰ মানুহ কেইজনমানে বৰ বাহবা দিছে— মই ওপৰৰপৰা ছলিটোক আলাঙতে ধৰিলোঁ, আৰু এই দৰে তাইক অৱশ্যম্ভাৱী মৃত্যুৰপৰা ৰক্ষা কৰিলোঁ।

 তাই আঠ-ন বছৰ মানৰ ছোৱালী এজনী।

(২)

 কোৱা বাহুল্য যে বঙালী ঘৰৰ লগত মোৰ চিনাকি হল।

 এই ঘটনাকে সূত্ৰ কৰি তেওঁলোকে আমাৰ মেছৰ সকলোটিকে এদিন বৰ ডাঙৰ ভোজ পাতি খুৱালে; মোক ছোৱালী জনীৰ দাদা পতাই দিলে।

 তাৰ পাছত প্ৰায় দুদিনে তিনদিনে মোৰ নিমন্ত্ৰণ আছেই। আজি কাৰ্তিক পূজা, কালি গোপাষ্টমী ব্ৰত, পৰহি জীব তত্ত্ব আৰু এদিন বোৱাৰীৰ তত্ত্ব— এইদৰে নিতৌ নহলেও, প্ৰায় সদাই, সন্দেশ, ৰসগোল্লা আৰু কিবাকিবি পিঠাৰে