সমললৈ যাওক

পৃষ্ঠা:বাজিকৰ আৰু আন আন গল্প.djvu/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দিন মনত পৰে⸺ মনত পৰে তাইৰ শেষ দিনাৰ বিদায়ৰ দৃশ্য, সেই অন্তৰৰ উদাস ভাৱ। আৰু জানিবৰ মন যায লতিকাৰ কি হল, কাৰ লগত বিয়া হল, তাইৰ পিতাক সুনীল বাবু আৰু মাক জীয়াই আছে নে চাগৈ। কিন্তু জানিবৰ একো উপায় নাই।

 কেইবা বছৰৰ পাছত সংসাৰৰ কাৰ্যৰ থেলাত এবাৰ কলিকাতা পালোঁ গৈ। কাম-কাজ শেষ হল। লতিকাৰ কথা আহিবৰ পৰা মনত আছিল। এইবাৰ তেওঁলোক থাকা ঘৰটোলৈ গলোঁ। গৈ যে দেখোঁ আগৰ ঘৰৰ, আমাৰ মেছৰ, একো চিন-চাব নাই। Calcutta Improvement Trust (“কলিকাতা উন্নতি কৰা সমাজৰ”) ৰ কৃপাত সেই ঠাইত প্ৰকাণ্ড ৰাজ-আলি। মানুহক সুধিলোঁ, কোনেও একো কব নোৱাৰে।

 অন্তৰৰ কৌতুহল তাতেই লীন হল।

(৫)

 এদিন ৰেল ষ্টেচনৰ ফালে ফুৰিবলৈ গৈছোঁ। কলিকাতাৰ ফালৰ ডাক-গাড়ী যোৱাৰ প্ৰথম ঘণ্টাটো দিলে। এনেতে এজন চাহাবী পোচাক পিন্ধা বঙালী বাবু আৰু এগৰাকী তিৰোতা আহি প্ৰথম শ্ৰেণীৰ খালি কামৰাটোত উঠিল। লগত বোধ কৰোঁ দুই তিন জন লৰা-ছোৱালীও আছিল। তেতিয়া মন কৰাৰ বিশেষ কাৰণ নাছিল।