বাজিকৰ আৰু আন আন গল্প/মেঘ আৰু ভেকুলি

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
[ ২৫ ]
 

মেষ আৰু ভেকুলি।

(১)

 বৰ খৰ; মাটি ফাটি ছিটাছিট হৈছে। খেতিয়কৰ ত্ৰাস।

 তাকে দেখি ভেকুলিএ কলে, “ককাই, ভয় কৰিছা কিয়? মেঘ মোৰ মিতা। মোৰ বিয়া পাতা, মই মেঘক বৰষুণ দিবলৈ কৈ দিম।”

 মহা মেলাৰ দিনা⸺ভেকুলি-বিয়া। দেশৰ লৰা-ছোৱালী মতা-মাইকী, ধুলীয়া-খুলীয়া, বামুণ-পুৰোহিত-আটাইৰে মহা সাজ-সজ্জা, আনন্দৰ তমৰোল।

 বিয়া হৈ গল, বৰ সমাৰোহ বৰ উৎসৱ; বৰষুণ নাই। [ ২৬ ]

(২)

 খেতিয়কে কলে, “ভেকুলি দেউতা, তোমাৰ বিয়া পাতিলোঁ, মেঘে দেখোন বৰষুণ নিদিয়ে?”

 ভেকুলিএ কলে, “ৰবা ককাই, মিতালৈ বাতৰিহে দিছোঁ। ডাঙৰ লোকৰ কথা হয়, কিছু গহীন-গম্ভীৰেহে।

 আৰু দিন গল; খেতিয়কে ভেকুলিত আৰু গোচৰ জনালে।

 ভেকুলিএ কলে, “ককাই, তুমি অবুজন। মোৰ মিতাৰ ঘৈণীয়েকৰ মূৰৰ কামোৰ। তেওঁ তোমালোকৰ কথালৈ এতিয়াও মন দিব পাৰা নাই। কোৱাচোন বাৰু, তেওঁৰ ঘৈণীয়েকৰ মূৰৰ কামোৰণিতকৈ নো তোমালোকৰ পেটৰ পোৰণি বেছি বুলি ভাবিব পাৰি নে?”

( ৩ )

 এই দৰে আৰু দিন গল। আকৌ খেতিয়কৰ গোচৰ আহিল।

 ভেকুলিএ সেইবাৰ কলে, “খেতিয়ক ককাই, তোমা- লাকে মোক বিয়া নিদিলা, বিহ হে দিলা। ইমানকৈ আমনি দিবা বুলি জনাহেতেন, মই তোমালোকৰ বাবে ইমান [ ২৭ ] খাটোঁ কেলেই? মই বাৰু বাতৰি পঠাইছোঁ। তোমালোক মনে মনে বহি থাকা গৈ। মিছাতে দিগ নিদিবা।”

 এই দৰে আৰু দিন গল। খেতি-খালা শুকাই পথাৰত জুই লাগিল, গৰু-মানুহে পিয়াহত কল-বলাই ফুৰিব ধৰিলে।

( 8 )

 অৱশেষত আহিল বৰষুণ; গুৰু-গম্ভীৰ গৰ্জন কৰি মেঘে কেইটোপামান পানী পৃথিবীত পেলালে। শুকান মাটিত পৰি পানী শুহি গল। পৃথিবীৰ পিয়াহত মেলা মুখ মেলাই থাকিল।

 ভেকুলি তৰক্‌ তৰক্‌ কৰি জনাই দিলে, ‘নেদেখিছা, খেতিয়ক ককাই, মোৰ মহতালি। মই মেঘ মিতাক কোৱা মাত্ৰকে তোমালোকৰ কিমান উপকাৰ কৰিলে। বৰষুণ দিলে, পানী দিলে , আৰু কি লাগে। তেও তোমালোকে মোৰ শলাগ নোলোৱা।”

 খেতিয়কে ভাবিলে-“হয়, এওঁৰ কৃপাতেই যি অলপ আৰু জানোচা হয়।

(৫)

 এইদৰে আকৌ মহা সমাৰোহ, আৰু মহোৎসৱৰ মহাৰলা, ভেকুলিৰ আকৌ বিয়া। গোটাই দেশৰ তিৰি-মুনিহ, [ ২৮ ] লৰা-ছোৱালী, তনহ-মনহ কৰি আহি মেঘৰ মিতা ভেকুলিৰ বিয়াত যোগ দিলে।

 সেই দিন ধৰি দেশত ভেকুলি-বিয়া প্ৰচলিত হল।

   *   *   *   *

 ফল? জানোতই জানে।

৯।১২। ২০

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২১ চনত ১ জানুৱাৰী ১৯৬১ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )