বাজিকৰ আৰু আন আন গল্প/মানুহৰ সৃষ্টি
মানুহৰ সৃষ্টি।
(১)
ব্ৰহ্মা সৃষ্টি কাৰ্যত মত্ত। কত সহস্ৰ প্ৰকাৰৰ জীৱ স্ৰজন কৰিলে তাৰ ইয়ত্তাই নাই।
গছ-বৃক্ষ-প্ৰকাণ্ড প্ৰকাণ্ড একো ডাল; তাৰ পাত, ফল, ফুল, ছাল সকলো সুৰক্ষিত, গাত খোপ খোপ কাঁটা তাৰ আত্ম ৰক্ষাৰ অস্ত্ৰ।
জীৱ-জন্তু⸺কাৰো আকৃতি পৰ্বতৰ শৃঙ্গৰ দৰে বিশাল আৰু মজবুত; কাৰো ছাল লোহাৰ পাতত কৰিও ডাঠ আৰু ঘন; কাৰো দাঁত-নখ সুতীক্ষ্ণ অস্ত্ৰত কৰিও চোকা আৰু তিহ্তিহীয়া; কাৰো লোমাবলী পছমৰ অত্যুৎকৃষ্ট বস্ত্ৰত কৰিও কোমল আৰু নৰম।
পোক-পৰুৱা⸺কাৰো মুখত সুতীব্ৰ বিষ , কাৰো মুখত [ ৪৪ ] সাক্ষাৎ হলাহল; কাৰো গঠন তাৰ আবাস ভূমিৰ লগত অভিন্ন; অৱস্থা বুজি কাৰো গাৰবৰণৰ পৰিবৰ্তন।
পশু-পক্ষী⸺কোনো দৌৰত সপটু; কোনো আত্ম-ৰক্ষাত ধীৰ-খিৰ; কোনো উড়নত বায়ুৰ তুল্য; কোনো চিকাৰত, ঘ্ৰাণত, দৃষ্টিত, সৃষ্টিৰ মাজত অতুলনীয়।
ব্ৰহ্মাদেৱে স্বৰ্গীয় বুদ্ধিৰ পৰাকাষ্ঠা দেখুৱাই নিজৰ ওপৰতে ভৰ দি চলিব পাৰা কৰি অসংখ্য অসংখ্য জীৱ সৃষ্টি কৰি তেওঁৰ কাৰখানা ভৰাই থলে। বিষ্ণুদেৱ আহিলে, আৰু তেওঁ ভাল বুলিলে সেইবিলাকক সংসাৰত মেলি দিব লাগে।
(২)
ব্ৰহ্মাদেৱৰ আছিল এজনী জীয়েক—কথা ফুটিছে, চাৰিও ফালে দাউৰি-হাউৰি ফুৰে, আৰু আদৰৰ অত্যাচাৰ কৰি ব্ৰহ্মাদেৱক আৰু তেওঁৰ গৃহিনী সাবিত্ৰী দেবীক অস্থিৰ কৰি তোলে। কোনো দিন অমৃত খাব নাপাই কান্দন, কোনো দিনা অমৃত খাব পাই হাৱা-ৰাৱা; কোনো দিন তাৰা ফুলৰোৰ ফুটে দেখি গাউৰি, আৰু কোনো দিন নূফুটে দেখি হাহাকাৰ।
ব্ৰহ্মাৰ জীয়েকৰো পিতৃ-দেৱতাক অনুকৰণ কৰি কিবা এটা
সৃষ্টি কৰিবলৈ মন গল; সৰু লৰা-ছোৱালীৱে যি দৰে
জেৰৰ বৰ-কইনা সাজে।
নাজানা কৰি আনি জীয়েকো সৃষ্টি কাৰ্যত লাগি গল। ফলত হল লেটু-পেটু লোপ-সোপ এটা মূৰ্তি, তাৰ ছাল হল সকলোতো কৰি পাতল, দাঁত হল ভোটা নিচেই চুটি, নখ নাই বুলিলেই হয়, জাৰ-তাপৰ পৰা ৰক্ষা পাবলৈ লোম-বিহীন, আটি বান্ধিব নোৱাৰাত গাটোৰ বান্ধন হল ঢিলা, দাঁত আৰু মুখ কোমল হোৱাত খাব নোৱাৰা হল সি একোকে।
জীয়েকৰ কাণ্ড দেখি ব্ৰহ্মাদেৱৰ পকা-দৰীয়া সুমথিৰা টেঙাৰ দৰে ৰঙা আৰু নিতোল চাৰিও মুখৰ খিল খিল কৰি হাঁহি উঠিল। সাবিত্ৰীক মাত লগাই কলে, “হেৰা, হেৰা, চোৱাহি তোমাৰ আপীৰ কীৰ্তি!”
মাক আৰু পিতাকৰ হাঁহি দেখি জীয়েক লাজতে জয় পৰি গল, আৰু ফেকুৰি ফেকুৰি কান্দিব ধৰিলে। কোনো প্ৰকাৰে সান্ত্বনা নাই।
শেষত সাবিত্ৰী দেবীএ কলে, “নাকান্দিবি আই, নাকান্দিবি। তোৰ বিষ্ণু খুড়া আহক বাৰু, এই মূৰ্তিকে পিতাৰৰ সকলো মূৰ্তিৰ ওপৰত ৰাজা কৰিহে এৰিম।”
(৩)
সৃষ্টি কাৰ্য প্ৰায় শেষ হল। বিষ্ণুদেৱ পৰিদৰ্শনৰ কাৰণে
উপস্থিত।
প্ৰকাৰ গছ-লতা, জীৱ-জন্তু, পশু-পক্ষী, কীট-পতঙ্গ দেখুৱালে। সিবিলাকৰ গঠন কৌশল আত্ম ৰক্ষাৰ উপায় সকলোকো ভাঙি-পাতি বিষ্ণু দেৱৰ আগত প্ৰকাশ কৰিলে। বিষ্ণুদেৱ ব্ৰহ্মাৰ সৃষ্টি কৌশল দেখি বৰ খুচি হল; আৰু ব্ৰহ্মাৰ বুদ্ধিক খুব তাৰিফ কৰিলে।
কাম-কাজ হৈ যোৱাৰ পাছত ব্ৰহ্মাদেৱ আৰু বিষ্ণুদেৱ একেলগে খাবলৈ বহিল গৈ। থালত অমৃতৰ ভিন্ ভিন্ সহস্ৰ প্ৰকাৰ খাদ্য আৰু চাৰিও ফালে অমৃতৰসৰ পানীয়।
এনেতে বিষ্ণুদেৱৰ কাণলৈ উচুপি উচুপি কান্দাৰ শব্দ গল যেন পালে। তেওঁৰ মনত পৰিল ব্ৰহ্মাৰ জীয়েকৰ কথা। বুৰা কালত হোৱা একেটি সন্তান; কিবা কথাত অনাদৰ যেন পায় তায়ে নিশ্চয় কান্দিছে। তেওঁ সুধিলে, “দাদা, আপোনাৰ মাইছান-জনী কত?”
ব্ৰহ্মাৰ গম্ভীৰ মুখৰ হাঁহি, দাৰি আৰু গাম্ভীৰ্য ভেদ কৰিও বাহিৰ ওলাল; সাবিত্ৰীএ ভিতৰতে মুখ টিপি হাঁহিলে।
ব্ৰহ্মাই কলে, “কি কবা তাইৰ কথা। তাই মোক সৃষ্টি কৰা দেখি, তাৰে কৰবাৰ পৰা কিবা এক সোপা গোটাই এটা কিম্ভুত-কিমাকাৰ সাজি থৈছে; না-আছে তাৰ গাৰ বান্ধ [ ৪৭ ] না-আছে তাৰ আত্ম-ৰক্ষাৰ উপায়, না-আছে তাৰ আহাৰ আহৰণৰ সম্বল। এতিয়া তাইক বোলে সেইটোকে সৃষ্টিৰ ৰাজা কৰি দিব লাগে। এইজনীৰ অত্যাচাৰত অতিষ্ঠ হৈ উঠিলোঁ।”
জীয়েক আছিল ওচৰতে কৰবাত নেদেখাকৈ। তাই আধা হাঁহি আধা কালি কৈ উঠিল, “কিয়, খুড়া আহিলে মায়ে মই সাজা সোণটোকে ৰাজা পাতি দিব নুখুজিছিল নে? এতিয়া না আছে তাৰ গাৰ বান্ধ, না আছে তাৰ ই, না আছে তাৰ সি, এইখন চেলাইছে!”
বিষ্ণুদেৱৰো উঠিল অলপ মান হাঁহি। তাকে দেখি তাইৰ আৰু খং উঠিল, “খুড়া, তুমিও সেই একে একে বুঢ়াৰ একে ভাই। তহঁতৰ লগ নহওঁ।”
(৪)
ব্ৰহ্মা আৰু বিষ্ণু ভোজন শেষ হল; মূখ-শুনি কৰিলে। তেতিয়া বিষ্ণুদেৱে হাঁহি হাঁহি কলে, ‘বাৰু আই, যাচোন তোৰ সৃষ্টিৰ কীৰ্তিটো লৈ আহ।”
ব্ৰহ্মাৰ জীয়াৰী তৎক্ষণাৎ হাজিৰ। বিষ্ণুদেৱে সুধিলে, ইয়াৰ নো নাম কি? ব্ৰহ্মাৰ জীয়েকে কলে, ইয়াৰ নাম মা-নৱ, নতুন মাই।”
“বাৰু, এইটোকে ৰাজা কৰি দিব লাগে হল?”
“লাগেতোন। তুমি দিবা বুলি মায়ে কৈ থৈছে নহয়।”
দেৱী⸺জ্ঞানৰ অধিষ্ঠাত্ৰী। তেওঁৰ কথা অথলে যায়। বাৰু দাদা, তুমিতো এইবোৰ সৃষ্টি কৰিলা; ৰাজাও তো এজন লাগিব; তুমি নো কাক ৰাজা পাতিবা বুলি ভাবিছা?”
ব্ৰহ্মাই কলে, “সেই কথা মই ভাবাই নাই। এতিয়া তোমাৰ লগত দিহা-পৰামৰ্শ কৰি এজনক পাতিলেই হব।”
“কাক নো পাতিবা! তুমি দেখোন প্ৰত্যেককে একোটা বিশেষ শক্তি দিয়া। কোন ডাঙৰ কোন সৰু কেনেকৈ ঠিক কৰিবা। মই কওঁ ইয়াকে, মাইছানাৰ মানৱকে, ৰাজা পাঁতোচোন।”
ব্ৰহ্মাদেৱৰ জীয়েকৰ আনন্দৰ সীমা নাই। “হয়, খুড়া হয়। পাতা। ই খুড়া ভাল ৰাজা হব।”
ব্ৰহ্মাদেৱৰ হাঁহি উঠিল, “তোমাৰো কথা বিষ্ণু। তুমিয়েহে লৰা-ছোৱালীৰ লগত এইবোৰ ধেমালি কৰিব পাৰা।”
“ধেমালি নহয়, দাদা, বৌদেৱে কোৱা কথা ৰাখিবই লাগিল। চাওঁ, আই, লৈ আহ তোৰ মানৱক।”
ব্ৰহ্মাৰ জীয়েকে মূৰ্তিটি বিষ্ণুৰ ওচৰলৈ নিলে। বিষ্ণুয়ে আতি সন্তৰ্পণে মানৱৰ মুখত অমৃতৰ কণা এটি সুমাই দিছে।
ব্ৰহ্মা আচৰিত হৈ কৈ উঠিল, “কি কৰিলা বিষ্ণু। ই যে অমৃত! [ ৪৯ ] ‘হয় দাদা, অমৃতেই। ই অমৃতৰ এই কণা পাই অমৰ হব। আৰু ৰবা।”
এই বুলি বিষ্ণুদেৱে থুহ্ কৰি নিজৰ আঙুলিটো ফুটাই তাৰ পৰা দুগ্ধ ফেণৰ দৰে শুভ্ৰ আৰু কোমল তেজৰ বিন্দু এটা মানৱৰ শৰীৰত ভৰাই দিলে।
ব্ৰহ্মাদেৱে উচাপ খাই উঠিল। “বিষ্ণু, বিষ্ণু, কি কৰিলা; ই যে বিষ্ণু-তেজ!”
“হয় দাদা, ই বিষ্ণু-তেজ। এই তেজৰ বলতে ই সৃষ্টিৰ ৰাজা হব। এই তেজ-কণা তাহাঁতৰ গাত মন আত্মা বুদ্ধি চিত্ত আদি নানা নামত জনাজাত হব।”
(৫)
তেতিয়া বিষ্ণু-দেৱে ব্ৰহ্মাৰ জীয়েকৰ ফালে চাই কলে, “আই, তোৰ মানৱক মই অমৃতৰ এক কণা আৰু মোৰ তেজৰ এক বিন্দু দিলোঁ। ইয়াৰ প্ৰভাৱত তাৰ জীৱন ক্ষন্তেকীয়া হোৱাতো সি দেৱ-বাঞ্ছিত আমৰত্ব পাব; তাৰ শৰীৰ সকলোতো কৰি ৰক্ষা-শূন্য আৰু দুৰ্বল হোৱাতো সি সমস্তকে বশ কৰি সকলো সৃষ্টিৰ ৰাজা হব। তই ইয়াক ধেমালি কৰিবলৈ সৃষ্টি কৰিছিলি; ইয়াৰ ক্ৰিয়া কলাপো তোৰ ধেমালিৰ লগত একে হব। তোৰ মাতৃ-দেবী সাবিত্ৰী দেৱী জ্ঞানৰ অধিষ্ঠাত্ৰী; তেওঁৰ কথা মতে ইয়াক ৰাজা পাতিলোঁ; ই জ্ঞানৰ গৰাকী হব। নি আই, এতিয়া আৰু নাকান্দিবি, ৰং কৰ।”
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )