বাজিকৰ আৰু আন আন গল্প/অন্তৰ আবৰণ

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
[  ]
 

অন্তৰ আবৰণ।

(১)

 আকাশে দি হৰ পাৰ্বতী যায়। তলত দেখে এখন হাবিৰ মাজে মাজে মানুহ-মুনিহ-তিৰোতা লৰা-বুৰা বেলেগে বেলেগে একোটা একোটা হৈ আমন লিমন কৰি বহি আছে। মানুহৰ বসতিৰ ফালে চকু দিয়াত পাৰ্বতীএ দেখিলে, তাত মানুহ পাতলিল; মাজে মাজে হে ঘৰ-বাৰী কৰি একো পৰিয়াল থাকা দেখা গল।

 পাৰ্বতীএ হৰত সুধিলে “প্ৰভু আজি নো ই কি দেখোঁ! মানুহ দেখোন ঘৰ-বাৰী এৰি বনৰ মাজ সোমালহি! আৰু হাবিতো দেখোন সিহঁত লগ বান্ধি নাথাকি এটা এটা হৈ হে থাকিছে।”

 হৰে উত্তৰ দিলে “পৰ্বত জীয়াৰী, মানুহৰ অতৰ্ক মায়াৰ কথা কি কম তোমাক! তাহাঁতৰ আজি কিবা নতুন দুখ [  ] উপস্থিত। সিহঁতৰ এইবোৰ আমনি শুনি থাকিব নোৱাৰি। আহাহঁক, কৈলাসলৈ যাওঁ; মোৰ আবেলিৰ ভাঙ চিলিম দেৰি হবগৈ, নহলে।”

 দেৱতা হলেও পাৰ্বতী মাইকী মানুহ হে। তেওঁৰ কৌতুহল কমক ছাৰি বাঢ়িল হে। তেওঁ কলে, “প্ৰভু ভাঙ- চিলিমৰ কাৰণে অলপ ক্ষমা দিব লাগে। আজি মই নিজ হাতে গাখীৰ চেনি আৰু বাৰ মছলা মিহলাই সিদ্ধি ঘুটি দিম। দাসীএ মানুহৰ দুখ দেখি সহি থাকিব নোৱাৰে। অনুগ্ৰহ কৰি ইয়াত এখন্তক বৃষভটোক ৰাখক।”

 হৰে কি কৰিলে নকলেও হলহেতেন। বনৰ এচুকত গছ এজোপাৰ তলতে নামি তেওঁ বৃষভটোক ধৰি থাকিল। আৰু পাৰ্বতীএ মগনিয়াৰ ভেশ ধৰি মানুহৰ ওচৰ চাপিল।

(২)

 তেওঁ গৈ প্ৰথমতে এজন ডেকা লৰা দেখা পালে; দীপ-লিপ তাৰ চেহেৰা, উজ্জ্বল গৌৰ কান্তি। কিন্তু কি দুখত ক্ষীণাই-শুকাই গৈছে। ঘনে ঘনে দীঘল হুমুনিয়াহু, আৰু আকাশৰ ফাললৈ চোৱা উদাস-দৃষ্টি।

 পাৰ্বতীএ তেওঁক সুধিলে,⸺“ভদ্ৰমুখ, মই এজনী নিঃকিন মগনীয়া। তোমাৰ দুখ দেখি মোৰ অন্তৰ পৰিমিত শুকাই [  ] গৈছে। কোৱাচোন তুমি নো কি দুখত মানুহৰ বসতি এৰি এই দৰে বনে-জংঘলে ফুৰিছা।”

 ডেকাই উত্তৰ দিলে, ‘‘আই, তোমাৰ মাইকীৰ গঢ় দেখি তোমাক বিশ্বাস কৰিবৰ মন যোৱা নাই। মুখত এনে মধু কথা, অন্তৰত বা তোমাৰ কি আছে! তেও শুনা। যি হবলগীয়া হৈছেই, এতিয়া কলে বা নকলে একে হানি বা লাভ নাই। মই বন্তিৰ দৰে লাবণ্যময়ী এগৰাকী ছোৱালীক মোৰ সমস্ত প্ৰাণ-কণাৰে ভাল পাইছিলোঁ। কিন্তু কিমান সাধ্য সাধনা কৰিও তেওঁৰ মন নাপালোঁ। মুখৰ আবৰণে তেওঁৰ অন্তৰৰ ভাৱ ঢাকি থৈছে। সেই অন্তৰত মোৰ প্ৰতি মৰমেই আছে, নে সি অপৰিমেয় উপেক্ষাৰে ভৰি পৰিছে, আজি পৰ্যন্ত কব নোৱাৰিলোঁ। এয়ে মোৰ দুখ”।

 পাৰ্বতীএ ডেকাক এৰি হাবিৰ মাজে মাজে আৰু কিছু দূৰ গৈ এজনী গাভৰু ছোৱালী দেখিলে। দেখিলেই বুজি যে তেওঁৰ আকৃতি কুন্দত-কাটা আছিল। এতিয়াও সোণৰ দৰে গাৰ বৰণ, সৰি পৰিব খোজা শেফালিৰ দৰে দেহাৰ সৌন্দৰ্য, আৰু শুক-তাৰাৰ দৰে চকু দুটিৰ ফালে চালে বেথা আৰু মৰমত হৃদয় পমি যায়। তেওঁ তলমূৰকৈ সৰসৰকৈ চকু-লো পেলাই আছে; কলা চুলিতাৰে আউলি-বাউলি হৈ শৰীৰৰ ফুটি ওলাব খোজা ৰূপ আধা ঢাকি ধৰিছে। পাৰ্বতীএ [  ] সুধিলে, “আই, তোক দেখি মোৰ প্ৰাণ গলি যায়। ক, ক, তোৰ কিহৰ দুখ।

 ছোৱালীজনীয়ে কলে, “আই, তোমাৰ মাইকীৰ গঢ় দেখিছোঁ। পুৰুষ জাতিতকৈ তেও তোক বিশ্বাস কৰিব পাৰি। মোৰ নো দুখৰ কথা কি শুনিবা। মই মোৰ সমস্ত হৃদয়ৰ দয়া মৰম প্ৰীতি বেথাৰে এখনি নৈবদ্য সাজি এজনা ডেকাক উপহাৰ দিলোঁ। তেওঁ তাক গ্ৰহণ কৰিলে নে অৱজ্ঞাৰে অতদিন এচুকত পেলাই থৈ দিলে, তাক কোনো ক্ৰমে বুজিব নোৱাৰোঁ। কেতিয়াবা তেওঁ মৰমতে মোৰ সমগ্ৰ আত্মাক অমৃত ৰসত ডুবাই ৰাখে; আৰু কেতিয়াবা পৰ্বত প্ৰমাণ অৱজ্ঞা আৰু অবিশ্বাসৰ ভৰত মোৰ প্ৰাণ ৰস চেপি চেপি উলিয়ায়। আজি পৰিমিত মই তেওঁৰ মনৰ তত্ত্ব নাপালোঁ। এই মোৰ মৰ্ম-ক্ৰটন খেদ।”

 পাৰ্বতীএ ছোৱালীজনীক এৰি গৈ দেখে, অলপ দূৰতে লৰা-ছোৱালী এহাল মহা বিষাদত মগ্ন হৈ বহি আছে। তেওঁ সুধিলে, “বাছাহঁত, তহঁত কোন? ইয়াত নো জংঘলৰ মাজত এইদৰে বহি আছ কিয়? ভয় ডৰ নাই নে তহঁতৰ?”

 সিহঁতে কলে, “আই, ভয় কিহৰ? আই-বোপাইত কৈ বনৰ জন্তুক বেছি ভয় কৰিব নালাগে। আমি দুয়ো ভাই-ভনী। আমাৰ আই-বোপাইৰ উৎপাতত ঘৰত ৰব [  ] নোৱাৰি হাবিৰ মাজ পাইছোঁহি। সিহঁতে আমাক কেতিয়াবা মাৰে, কেতিয়াবা খুৱায়, কেতিয়াবা মৰম কৰে, কেতিয়াবা গালি পাৰে, কেতিয়াবা লঘোণে থয়। খাব খোজা বাহানি- খন খাব নিদিয়ে, যাব খোজা ঠাইলৈ যাব নিদিয়ে, এই উৎপাত। তেনে আই বোপাইৰ ঘৰতকৈ এই হাবি- জংঘলেই ভাল।”

 পাৰ্বতীএ সিহঁতকো এৰি আৰু অলপ আগ বাঢ়ি গৈ দেখে, বুৰা-বুৰী এহাল ইটোৰ মুখলৈ সিটোই চোৱা-চুই কৰি বহি আছে। কান্দোতে কান্দোতে তেওঁলোকৰ চকু উখহি গৈছে। পাৰ্বতীয়ে সুধিলে, “ভকত-ভকতনী, আপোনা- লোক কোন, কি দুখত বা ইয়াত এইদৰে বহি আছে?”

 পাৰ্বতীৰ কথা শুনি বুৰাই চকু দুটা পোন্দাই তেওঁৰ ফালে চাই ৰল। বুৰীয়ে মাত লগালে, “আই, তই যেয়ে নহৱ, তোৰ মাত এষাৰি তেওঁ আমাৰ বোৱাৰীৰ মাততকৈ মিঠা! ই আমাৰ কপাল আই। বেটা-বৰী সকলো আছে। বন কৰি খুৱাব নোৱাৰোঁ; বোৱাৰীয়ে দেখিব নোৱাৰে; মাতৰ টেঙাত ভাত খাম চাৰি চকু-লোৰে মাটিৰো চাৰি আঙুল তিতে। পো বোৱাৰীৰ ফাল। তাই যি কয়, সেই হয়। আমি জনম দিলোঁ, পতি-পাল কৰিলোঁ, পোহ-পাল দি ডাঙৰ দীঘল কৰিলোঁ, সকলো মিছা হল। কৰবাৰপৰা ধৰি আনা ছোৱালীজনী হল আপোন; আৰু মাক-বাপেক হল [ ১০ ] পৰ! এই দুখতে বনবাস খপিছোঁ, আই, ইয়াতে নাখাই মৰোঁ।”

( ৩ )

 ইফালে বেলিও পৰি আহিল। হৰৰ খং উঠিব বুলি ভয় কৰি পাৰ্বতী বৃষভটি যত আছে তালৈকে ফিৰি আহিল। হৰে পাৰ্বতীক বৃষভৰ আগৰ ফালে তুলি লৈ কৈলাসলৈ ছুটি মেলিলে।

 বাটত হৰে সুধিলে, “গনেশৰ মাক, নৰলোকত কি দেখিলা!”

 পাৰ্বতীয়ে কলে, “কি দেখিম, প্ৰভু! নৰলোকৰ আচলতে বৰ দুখ। আপুনি ব্ৰহ্মা আৰু বিষ্ণুৰে লগ হৈ কি যে অভেদ্য আবৰণেৰে তাহঁতৰ হৃদয় ঢাকি থলে! কাৰো অন্তৰৰ কথা কোনোৱে বুজি নাপায়। ইটোই সিটোই বিশ্বাস নাই। মৰমক ভাবে উপেক্ষা বুলি, শাসনক লয় নিষ্ঠুৰতা ৰূপে। নৰলোকৰ দুখৰ পাৰ-কুল নাই প্ৰভু! ইয়াৰ এটা উপায় কৰক।”

 হৰে কলে, “কি কৰিব লাগে কোৱাচোন বাৰু। তোমাৰ কথা মই জানো কেতিয়াবা পেলাওঁ।” [ ১১ ] পাৰ্বতীয়ে উত্তৰ দিলে,” বাৰু, দাসীয়ে সময়ত নিবেদন জনাব।”

(8)

 কৈলাস পাওঁতে অলপ নিশা হল। দেৰি হোৱা দেখি নন্দীয়ে পদুলি ওলাই বাট চাই আছে। ঘৰৰ দুৱাৰ মুখ পোৱা মাত্ৰকতে চাৰিও ফালৰপৰা সহচৰ সকল আহি বৃষভক তাৰ গোহালিলৈ লৈ গল। আৰু গোঁসাই-গোঁসানীকো জিৰণি লবৰ সুবিধা কৰি দিলে।

 হৰে বাঘৰ ছালত দীঘল দি পৰি কলে, “নন্দী, আজি বৰ ভাগৰ লাগিল। ভাঙ চিলিম বৰ ডবল কৰি দিবিহঁক। আৰু গণপতিৰ মাক, শুনিছা নে; মই হলে পাহৰা নাই। বাৰ মছলাৰে ঘুটা সিদ্ধি নাপালে, আজি আমাৰ আৰু নিশাৰ ভোজন নহয়।”

 হৰৰ কথা শুনি, পাৰ্বতীএ মিচিক কৰি হাঁহি সিদ্ধি ঘোঁটাত লাগিল। আৰু কিছু পৰৰ মূৰত প্ৰকাণ্ড এটা কাঠৰ চৰিয়াতকৈ এক চৰিয়া মহা সুগন্ধময় সিদ্ধি আনি গোঁসাইৰ আগত হাজিৰ কৰিলে। সিদ্ধিৰ পাত্ৰ দেখি আৰু গন্ধ পাই, গোঁসাইৰ তিনিওটি চকু আনন্দত নাচি উঠিল, আৰু চিপ-চিপকৈ সেই সুধা সদৃশ সিদ্ধি পান কৰিবলৈ ধৰিলে।
[ ১২ ]  ছেগ চাই পাৰ্বতীএ কলে, “প্ৰভু, দাসীৰ নিবেদন এতিয়া জনাব খোজোঁ।”

 হৰে বুলিলে, “কি নিবেদন হে, তোমাৰ! ভাঙ খুৱাই বলিয়া কৰি যিহকে খুচি তাকে কৰাই লোৱা। বৰ দুষ্ট।”

 পাৰ্বতীএ লাহেকৈ মাত লগালে, “দাসীৰ প্ৰাৰ্থনা শুনিব খুজিছিল দেখিহে আকৌ কবলৈ সাহ হৈছে।”

 “অঁ, বাৰু বুজিছোঁ, কোৱা। নৰ-লোকৰ কি কৰিব লাগে কোৱা।”

 “প্ৰভু, নৰলোকৰ এই দুখ গুচাই দিব লাগে। তাহাঁতৰ অন্তৰ-আবৰণ খনি তেনেই টানি তুলি দিব লাগে। প্ৰত্যেকে যেন প্ৰত্যেকক দেখা মাত্ৰেই মনৰ সকলো ভাৱ, মন্দাকিনীৰ ধাৰাৰ উপল-খণ্ডৰ দৰে, ফটফটিয়াকৈ জানিব পাৰে। ইয়াকে কৰিব লাগে, প্ৰভু।”

 হৰে কলে, “জানোচা তাকে কৰিলে তুমি আকৌ বেছি দুখকে হে পোৱা।”

 “নাপাওঁ, প্ৰভু, তাকে কৰি দিয়ক।”

 হৰে ঘৰ-সংসাৰ কৰি অত দিনে বুজিছে, পাৰ্বতীৰ লগত তৰ্কৰ বা যুক্তিৰ একো ফল নাই। ইফালে সিদ্ধিৰ ৰাগিত [ ১৩ ] চকু দুটিও ঢুল-ঢুল। হৰে কলে, “তথাস্তু”।

(৫)

 অলপ পাছতে, ভয়ঙ্কৰ কোঢ়াল! নৰ-লোকৰপৰা আকাশ ভেদি কৈলাসতো খলক লাগি গল। পাৰ্বতীএ আথেবেথে সুধিলে, “প্ৰভু, ই কি! নৰলোকৰপৰা ই কিহৰ বিষম কোঢ়াল?”

 “যিহৰে নহক, মেনকাৰ কন্যা, মনে মনে থাকা। মোৰ টোপনি ধৰিছে।”

 এই বুলি ঘোৰ্ঘোৰ কৰি নাক ডকাই গোঁসাইৰ দোৰ্ঘোৰ টোপনি আহিল। ইফালে নৰলোকৰ হাহাকাৰৰ খলকনিএ পাৰ্বতীৰ কাণত শেল বিন্ধা দিব ধৰিলে; তেওঁ কি কৰিব কি নকৰিব একো উপায় নাপাই, থাকিল উচ্‌পিচ্‌ কৰি।

(৬)

 পাছ দিন ফুটিল পুৱাতে পাৰ্বতী উঠি হৰক ভাং এক চিলিম ভাল কৰি সজাই দি কলে, “প্ৰভু ই কথাই কথা নহয়। নৰ-লোকৰ কি হৈছে চাব লাগিল। তাহাঁতৰ হাহা- কাৰত মোৰ চাৰা ৰাতি টোপনিয়ে আহা নাই [ ১৪ ]  অগত্যা মহাদেৱ বৃষভৰ নাকিত ধৰি উঠি বহিল। পাৰ্বতীও বৃষভৰ ওপৰত নিজৰ ঠাই ললে; বৃষভে উৰা মাৰি দিলে। খন্তেকতে তেওঁলোেক নৰলোকৰ ওপৰৰ আকাশ পালেগৈ।

 তাত দেখে যে, আচনক কাণ্ড! মানুহৰ সৰহ ভাগে ঘৰ-দুৱাৰ এৰি হাবি-বন-পাহাৰ-পৰ্বতৰ ফালে লৰ ধৰিছে। মানুহ দেখিলে ভয়তে লৰি বাঘ, ভালুক, সিংহ, হাতী যিহকে পাই তাৰ পেটৰ তলত সুমাই আশ্ৰয় বিচাৰিছে। মানুহে মানুহৰ ভয়ত বিতত হৈ কাল সৰ্পকো সাবটি ধৰিছেগৈ। মুঠে মাজে মাজে দুই চাৰিজনে এই অদ্ভুত বিপদ দেখি মানুহক তাৰপৰা ৰক্ষা কৰিবলৈ চিঞৰি-বাখৰি ফুৰিছে।

 সকলো দেখি শুনি পাৰ্বতী স্তম্ভিত হল। হৰত সুধিলে, “প্ৰভু, আজি আৰু ই কি ভীষণ দৃশ্য দেখিছোঁ। আজি দেখোন মানৱ-সমাজ তেনেই ধবংস হল!”

 হৰে উত্তৰ দিলে, “প্ৰিয়া, দেখিবা আৰু কি! কালি তুমি যি উপায়েৰে তাঁহাতৰ সুখৰ বিধান কৰিব খুজিছিলা, তাৰ ফল এই।”

 পাৰ্বতীয়ে আচৰিত হৈ কলে, “কেনেকই। মানুহে মানুহৰ অন্তৰ বুজিহে এই দৰে মানুহৰ সঙ্গ ত্যাগ কৰি বনৰীয়া জন্তুৰো সঙ্গ বিচাৰিছে নে?”
[ ১৫ ]  হৰে মাত লগালে, “নহলে আৰু কি বুলি ভাবিছা।”

 পাৰ্বতীয়ে সুধিলে, “তেনেহলে এই দুই চাৰি জন, যিবিলাকে মানুহক এই ধ্বংসৰ মুখৰপৰা ৰক্ষা কৰিবলৈ বিতত হৈ ঘূৰি ফুৰিছে, এওঁলোক কোন?”

 হৰে কলে, “এওঁলোক প্ৰকৃত সজ মনৰ মানুহ। এওঁ- লোকৰ হৃদয় পবিত্ৰ আকাশৰ দৰে উদাৰ আৰু নিৰ্মল। প্ৰকৃততে এওঁলোকৰ ভাৱ-ধাৰাই হে মানৱ-সমাজ ৰক্ষা কৰি আছে।”

 পাৰ্বতীয়ে সুধিলে, “ইবিলাক মানুহে তেনেহলে কেনেকই ঘৰ-গৃহস্থি কৰি, সংসাৰ পাতি, সমাজ বান্ধি, ইমান দিনে সুখত বাস কৰি আছিল?”

 হৰে কলে, “পৰ্বত জিয়াৰী, যেতিয়ালৈকে মানুহে মানুহৰ অন্তৰ দেখা নাছিল, তেতিয়ালৈকে বাহিৰৰ কাৰ্যকে অন্তৰৰ ভাৱ বুলি ভাবি মানুহে একেলগে বসবাস কৰি আছিল। যেতিয়ালৈকে মুখৰ কথাই অন্তৰৰ ভাৱ গোপন কৰি ৰাখিব পাৰিছিল, নেদেখা উদ্দেশ্যবোৰ দেখা কামৰ আঁৰত লুকাই আছিল, তেতিয়ালৈকে মানুহে বিশ্বাস-অবিশ্বাস দয়া-নিৰ্দয়তা মৰম-ঘৃণাৰ মাজত এক ৰকমে দিন কটাব পাৰিছিল। তোমাৰ বৰৰ-প্ৰভাৱত মানুহৰ হৃদয়-পট মুকলি হল, মানব-মনৰ স্বাৰ্থ-বিজড়িত হিতৈষণাৰ ভিতৰ ওলাই পৰিল, ক্ৰুৰতা [ ১৬ ] প্ৰণোদিত দয়াৰ অন্তস্থল দেখা গল! তেতিয়া মানুহে দেখিলে অবস্থা বুজি মানুহ বাঘতকৈও ভয়ঙ্কৰ, ভালুকতকৈও নিষ্ঠুৰ আৰু সৰ্পতকৈও ক্ৰুৰ। সেই দেখি আজি মানব-সমাজৰ এই দশা দেখিছা।”

 পাৰ্বতীয়ে আথে-বেথে কলে, “প্ৰভু, মানুহৰ আৰু এই দশা সহি থাকিব নোৱাৰি। কালি মোৰ খাটনিত যি অন্তৰ আবৰণ খনি টানি পেলাই দিছিল, আজি আকৌ সেই খনি ঢাকি দিয়ক, প্ৰভু।”

 “তথাস্তু” বুলি গোঁসায়ে বৃষভক কৈলাস মুৱা কৰি চুটি মেলি দিলে।

 বাটত যাওঁতে পাৰ্বতীক কলে, “প্ৰিয়া, তুমি কৈলাস অধিষ্ঠাত্ৰী হলেও, মাইকী মানুহ হে। এইবোৰ কথাত হাত নিদিয়াই ভাল।”

৭।৯।২১

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২১ চনত ১ জানুৱাৰী ১৯৬১ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )