বাজিকৰ আৰু আন আন গল্প/পান্থ

ৱিকিউৎসৰ পৰা
[ ৮১ ]
 

পান্থ।

(১)

 দিন নাই, ৰাতি নাই, ৰোদ নাই, বৰষুণ নাই, পান্থই ঘূৰি ফুৰে। কত দেশ, কত নদী-নালা, কত পাহাৰ- পৰ্বত পাৰ হল, কত বন-জংঘল জন্তু-জনোৱাৰ দেখিলে, কত নগৰ কত গাওঁ চেৰাই আহিল, কতো বিশ্ৰাম নাই।

 কোন সুদূৰ অতীতত যে এই যাত্ৰা আৰম্ভণ, তাক মনে ঢুকি নাপায়। একোবাৰ মুঠে ছায়া-মায়াকৈ স্মৰণ পথত উদিত হয়, কোনোবা অতীতত এই বিৰাম-বিহীন যাত্ৰাৰ আৰম্ভ হল; সেই ক্ষণৰ পৰা আৰু বিশ্ৰাম নাই, কেৱল

 কেৱল ঘূৰণ।

 এই দৰে পান্থই ঘূৰি ফুৰে, আৰু যাকে দেখে তাকে সোধে বিশ্ৰামৰ ঠাই কত।

 
[ ৮২ ]

 সকলোএ একোটা দিশ দেখুৱাই দিয়ে; কোনেও হাতেৰে আঙুলিয়াই পৰ্যন্ত দেখুৱায় বিশ্ৰামৰ ঠাই আৰু ভৱন। পান্থই অনেক কষ্ট কৰে; ঘামি-জামি লালকাল হয়; কাঁইট কাননৰ আছোৰত গা ছিৰা-ছিৰ হয়; আলিৰ শিলৰ খোছনি খাই ভৰি ফালি-ছিৰি যায়; দেখুৱাই দিয়া ঠাইত উপস্থিত হৈ পান্থই দেখে তাতো বিশ্ৰাম নাই। আৰু হতাশ্বাস হৈ আন ফালে গতি কৰে। কেতিয়াবা এনে নিদাৰুণ দুৰাশাই মনত দুৰ্বাৰ বল দিয়ে, আৰু কেতিয়াবা বা দুৰ্ঘোৰ দুৰ্বলতা আনি জীৱনী শক্তিকে অসাৰ কৰি তোলে।

 যিমান দিনৰ কথা মনত পৰে, স্মৃতি-চিন্তাই যিমান অতীত কথা ঢুকি পায়, তাৰ চমু বুৰঞ্জী এই। পান্থৰ বিৰাম নাই, বিশ্ৰাম নাই।

(২)

 কোনো অতীত যুগত, একোবাৰ মনত পৰে, একো জন সাধু-সন্ন্যাসীএ বিশ্ৰামৰ বাট দেখুৱাই দিছিল; আৰু সেই বাটেৰে গৈ এই সীমাহীন ঘূৰণৰপৰা বিৰাম পাবৰ আশা হৈছিল। এনেতে বাটত আৰু পণ্ডিত লোকক লগ পায়; সিবিলাকে নানা তৰ্ক-যুক্তিৰে দেখুৱাই দিয়ে যে সাধু-সন্ন্যাসীবিলাক পাগল, তেওঁলোকে দেশৰ হাৱা চিনি নাপায়, বাটৰ একো ভু-ভতং নাজানে। পান্থই তেওঁলোকৰ মতে চলিলে কেৱল নৈৰাশ্য দুখ দৈন্য হাহাকাৰৰ মাজলৈহে যাব পাৰিব; শান্তি নাপায়, বিশ্ৰাম নাপায়। [ ৮৩ ]  এইসকল পণ্ডিত লোকৰ অকাট্য যুক্তিৰ কথা শুনি পান্থ আগৰ বাটৰপৰ ফিৰি আহে; আন বাট লয়। কোনোটোৰে অৰ্থৰ বিলাস-ভবন পায়, কোনোটোৰে যশস্যাৰ কীৰ্তি-মন্দিৰ সোমায়, কোনোটোৰে ভোগৰ সুখলায়ত প্ৰবেশ কৰে; কিন্তু পান্থই ইমান সুদূৰ অতীতৰ পৰা বিচাৰি ফুৰা বিশ্ৰামৰ চিন কতো নেদেখে।

 যিমান দিনৰ কথা মনত পৰে, স্মৃতি-চিন্তাই যিমান অতীত কথা ঢুকি পায়, তাৰ চমু বুৰঞ্জী এই। পান্থৰ বিৰাম নাই, বিশ্ৰাম নাই।

(৩)

 মৰুভূমিত মৰীচিকা-লুব্ধ হৰিণাৰ দৰে পান্থই দিশ-বিদিশ হৰুৱাই হাহাকাৰ কৰি ফুৰিছে—বিশ্ৰাম কত, বিৰাম কত, এই দুখময় পথৰ অন্ত কত! যদি কোনোবা আছা কোৱা, বিৰাম কত, বিশ্ৰাম কত! যদি কোনোবাই জানা কোৱা, এই দুখময় পথৰ অন্ত কত!

 এনেতে জোনাকৰ দৰে শুভ্ৰ স্নিগ্ধ মূৰ্তি এজনাৰ আবিৰ্ভাৱ হল। মূৰ্তিয়ে কলে-“ভয় নাই, ভয় নাই, বিৰাম আছে, বিশ্ৰাম আছে। চোৱা, তুমি যতে আছা তাতে। ইয়াতে থাকা, এয়ে তোমাৰ বিশ্ৰাম-ভৱন, ইয়াতে জিৰণিৰ অনন্ত

শান্তি পাবা, পথৰ অশেষ ক্লেশৰ অন্ত হব। [ ৮৪ ]
 

 সুধা-ৰসত পান্থৰ শৰীৰ ডুবি গল। অন্তৰ-আত্মাৰে সৈতে শৰীৰ শান্তিৰ আনন্দত হৰ্ষিত হৈ উঠিল। পান্থই সুধিলে— “প্ৰভু, তুমি কোন? তুমিও বা ইবিলাকৰ দৰে ফাকি দিছা?”

 গম্ভীৰ উত্তৰ ওলাল “ভয় নাই ভয় নাই, মই তুমি। মোৰ বচনত আস্থা স্থাপন কৰা। যতে আছা ততে বিশ্ৰাম ততে শান্তি।”

 এনেতে স্বৰ্গ-মৰ্ত্য-আকাশ বিকসিত কৰি বচন ওলাল, পান্থই গম্ভীৰ বচন শুনিলে,—

যৎ কৰোষি যদশ্নাসি যজ্জুহোষি দদাসি যৎ।
যত্তপস্যসি কৌন্তেয় তৎ কুৰুষ মদৰ্পণম্‌।
শুভাশুভফলৈৰেবং মোক্ষ্যসে কৰ্মবন্ধনৈঃ।
সন্ন্যাস-যোগ-যুক্তাত্মা বিমুক্তো মামুপৈষ্যসি”।


গীতা-৯-২৭। ২৮

 

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )