সমললৈ যাওক

পৰিদৰ্শন/বটু বাপুৰ বৰ বেপাৰ

ৱিকিউৎসৰ পৰা
 

বটু বাপুৰ বৰ বেপাৰ

 

(১)

 যিদিনা নিম্ন প্ৰাইমাৰী বৃত্তিৰ খবৰ পানী-বিল, বন-জংঘল ভেদি গৈ বামুনগাওঁ ওলাল, সেইদিনা সেই গাৱঁত যি হূলস্থূল লাগিছিল তাৰ তুলনা কিহৰ লগত দিলে যে মিলি যাব তাক আজি পৰ্য্যন্ত ভাবি ঠিক কৰিব পৰা নাই। নতুন বৰচাহাব আহিলে নগৰত যি হূলস্থুল লাগে, গাৱঁত বিয়া হলে গাভৰু ছোৱালীৰ গাত যি উখল-মাখল উঠে, বৰ বৰ পৰীক্ষাৰ খবৰ ওলাবলৈ হলে ডেকা ল’ৰাবিলাকৰ মাজত যি উঠপ-ঠপ লাগে, — বামুণগাৱঁৰ সেইদিনাৰ উখল-মাখল তাতকৈ কোনো অংশে কম নহৈছিল। ইয়াৰ মূল কাৰণ সেই গাৱঁৰ নিতান্ত নিঃকিন আৰু দুখীয়া পেটুৱা বামুণৰ প্ৰথম আৰু একমাত্ৰ বংশৰক্ষাকৰ্ত্তা শ্ৰীমান বটু বাপুৱে সেইবাৰৰ নিম্ন প্ৰাইমাৰী মহলাত বৃত্তি লাভ কৰিলে। ন্যায় বিচাৰে যে দেশৰ অতি অন্তস্তম প্ৰদেশো ভেদিছে গৈ তাৰনো ইয়াতকৈ কি ডাঙৰ দৃষ্টান্ত হব পাৰে?

 পেটুৱা বাপুৰ ঘৰত বৰ উৎসৱ। গাৱঁৰ বাপ-ভাই সকলোৱে ৰং পোৱাকে দেখা গ’ল; কাৰণ, পেটু বাপু ইমান গৰীৱ আৰু বটু বাপু ইমান খৰ্ব্বাকৃতি যে তেওঁৰ পুত্ৰ বটু বাপুৱে যে কেতিয়াবা ডাঙৰ-দীঘল হৈ বৰ মানুহ হব আৰু লিখা-পঢ়া শিকি গাৱঁৰ আন কোনো মানুহতকৈ ডাঙৰ বোলাব, এইটো কাৰো মনত নোসোমাইছিল। নাম-সবাহ, পূজা-স্বস্ত্যয়ন দুখীয়াৰ মতেই হৈ গল। বটু জননীৰ গাত তত নাই। তাহানি বাপেকৰ ঘৰত দেখা সকামৰ পাচত আজি অতদিনে বটু জননীয়ে ইমান কাৰবাৰ কৰি এনে পূজা-সেৱা কৰা আৰু তেওঁৰ ভাগ্যত হোৱা নাই; তাতে তেওঁৰ পুতেকে বৃত্তি পাইছে। সকলোৱে বটু বুদ্ধিক প্ৰশংসা কৰা নাইনে? কিয়, সেইদিনাই আবেলি অধ্যাপকদেৱে তেওঁৰ ল’ৰা শ্ৰীমান নিৰ্ম্মলচন্দ্ৰ ভট্টাচাৰ্য্যতকৈ বটুৰ বুদ্ধি যে ভাল তাক পাকে-প্ৰকাৰে স্বীকাৰ কৰা নাইনে? আৰু স্কুলৰ পণ্ডিতক বটু জননীয়ে নিজে উপযাচি কাণৰ কৰিয়া বক্‌চিচ দিয়া নাইনে? পুত্ৰৰ গৌৰৱতকৈ মাকৰ আৰু কি আনন্দৰ বস্তু থাকিব পাৰে!

 

(২)

 বামুণগাৱঁৰ শ্ৰীযুক্ত সোণেশ্বৰ বৰপূজাৰী লাংটিং বাগিচাৰ বৰকেৰাণী। তেওঁৰ অপাৰ সম্পত্তি। ল’ৰাটিয়ে নগৰত হাইস্কুলত পঢ়ে— কোনোবা এটা শ্ৰেণীত ৩ বছৰো থাকিল। বুদ্ধিৰ অভাৱত নহয়, নিজে ভাত-পানী ৰান্ধি খাব লাগে— এই দুখত। নগৰত ভাত ৰান্ধি খাইনো ইংৰাজী পঢ়া কৰিবৰ সময় থাকিব পাৰেনে? ইফালে বোৰ্ডিঙতো থব নোৱাৰি, বিদ্যাতকৈ সাতামপুৰুষীয়া জাতটো কিমান বেছি মূল্যবান! জাত এৰি ইংৰাজী পঢ়ি যাৰে-তাৰে লগত খাই-ফুৰা ডেকাবিলাকে তাৰ কি বুজিব। ৰান্ধনি এটাও দিয়া টান; চাকৰ-ৰান্ধনি ইত্যাদিৰ খৰচ জানো কম! এই আটাইবিলাক ভাবি-চিন্তি চাই— শ্ৰীযুক্ত বৰকেৰাণী ডাঙৰীয়াই এদিন পুৱাই লাংটিং বাগিচাৰ চাহাবক এটা দীঘল কৰি চালাম দিলে আৰু গধূলিকৈ এটা ঘোৰাত উঠি নিজৰ ঘৰ ওলালহি; আৰু ঘৰত হাত-ভৰি ধুই নিজৰ পকা বঙলাৰ ছিৰিৰে নামিগৈ পেটু বাপুৰ পঁজা ঘৰৰ আগচালিত উপস্থিত হল।

 পেটু, পেটুগৃহিণী আৰু বটু সকলো আচৰিত। এনে ঘটনাতো সিহঁতৰ সংক্ষেপ বুৰঞ্জীত আগেয়ে ঘটা নাই। অলপ অলপ গৰ্ব্বও অনুভৱ কৰিলে। বহুদিনীয়া পুৰণি পাটীঢাৰিখন আটালৰ পৰা উলিয়াই আনি কেৰাণী ডাঙৰীয়াক বহিবলৈ দিলে আৰু আথে-বেথে তামোল-ধপাত দিয়াত লাগিল।

 বৰকেৰাণী— হয়নে হে পেটু বোপা, তুমি ঘৰটোনো এইদৰে ৰাখিব পোৱানে? চালৰ দেখোন ফুটা দেখাই পায়, বাৰিষানো কেনেকৈ থাকিবা পিচে?

 পেটু— কিনো কৰিব দেউতা, কোনোমতে কঁপিজৰি আছোঁ ইয়াতে পৰি।

 বৰকেৰাণী— সি কোন কথা! তুমি মোৰ ভতিজা হোৱা; তোমাৰ মাৰাৰ মোমায়েকৰ খুড়াকৰ পিতেকেৰ ছোৱালী জানো আমাৰ বৌটি নহয়! টান-মস্কিল, সুখ-দুখৰ কথা আমাত জনালে বেয়া জানো?

 পেটু গৃহিণী— (মনে মনে আচৰিত হৈ বেৰৰ আঁৰৰ পৰা) কবলৈহে ভয় লাগে, পাচে হাকিম আমাৰ সম্বন্ধত ভিনীহি নহয় জানো। হাকিমৰ যিজনী আনিলে তেওঁ আমাৰ মাহীদেৱৰ জাৰ জীয়েক নহয় জানো। আমি দুখীয়া দেখি সেইবোৰ সম্বন্ধ বিচাৰিলেনো কি হব।

 বৰকেৰাণী— কেলেই নহব আইটি, হওঁতে মই জানো নাজানো। আমাৰ বাগিচাত থাকোঁতেই যায়। ঘৰলৈনো কেতিয়া আহিব পাৰো। যেতিয়া এদিনৰ আজৰি পাওঁ তেতিয়াও আকৌ মাটি-বাৰী, মানুহ-দুনুহৰ লেঠা ভাঙোতে যায়। ইফাল-সিফাল কৰিবলৈ সময়ে নহয়। সেই দেখি আজি বোলে আন মানুহে খবৰ নৌ পাওঁতেই তোমালোকৰেই খবৰটো লৈ আহো। বৰ ভাল হৈছে আইটি, বটু বাপাটিয়ে বৃত্তি পোৱা অতি উত্তম হৈছে। সি আমাৰ মুখ উজ্জ্বল কৰিব।

 বটু জননী— জানো, আপোনালোকৰ আশীৰ্ব্বাদ কি হয়। তাকে চাইটো এইদৰে এসাজ খাই এসাজ নাখাই আছোঁ।

 বৰকেৰাণী— ভাল হব, ভাল হব, একো চিন্তা নকৰিব। তাক এতিয়া পঢ়োৱাৰ দিহা কৰা কি? ইংৰাজী পঢ়োৱা দেখোন বৰ খৰচ!
 বটু জননী— আমিনো নগৰত থৈ ইংৰাজী পঢ়াম কেনেকৈ দেউতা। সিদিনা দেখোন পণ্ডিতে কৈছিল বোলে মাজগাৱঁৰ কি এখন ইস্কুলত ছাতৰবিতি নে কি— এনেই পঢ়িব পাৰিব; আৰু তাত পঢ়ি আকৌ এইদৰে টকা পাব, নহলে পণ্ডিতকেই হব পাৰিব, সেইবোৰকে কিবা এটা কৰিব লাগিব।

 বৰকেৰাণী— হওঁতে সেইটো ভাল কথা। পাচে বঙলা পঢ়ালেনো কি হব? ইংৰাজী জানিলে অনেক আছে— চাহবাগিচাৰ কেৰাণী-মহৰি আৰু কপাল থাকিলে হাকিম-উকীল অনেক হব পাৰি। মই হলে কওঁ, আইটি, ল’ৰাটিৰ বুধি যেনে চোকা তাক ইংৰাজী স্কুলত দিলে সি খোপক খোপে উঠি যাব পাৰিব। আমাৰ ল’ৰাটিও আছে নহয়!

 বটু জননী— আছেতোন! আমিনো আকৌ ৰজাৰ লগত হাল লগ কৰোঁ কেনেকৈ। ভিনীহিদেৱে ইচ্ছা কৰিলে অলপ সহায়-সামৰথ কৰি ল’ৰাটোক পঢ়াব পাৰে। বাপাচানাৰ (কেৰাণীৰ লৰাক সূচাই) লগত গলে তাৰ চাউল দুটাও লাগিলে সিজাই দিব।

 বৰকেৰাণী— (মনতে বৰ আনন্দ পাই) ওঁ, কথাটো হওঁতে সজ, সিও তাত অকলে থাকে। ঘৰৰ দুটা ল’ৰা হলে লগে-ভাগে থাকি দুটা ভাত খাব পাৰেতোন। কিন্তু চহৰৰ খৰচ বৰ বেছি। বাৰু মই চাওঁচোন।

 বটু জননী— ভাত চাইটা দিলে বাকী খৰচ তাৰ জলপানীৰ টকাৰেই চলাব পাৰিব লাগে। তাকে কৰিলে আৰু জনম দুখুনী উধাৰ হয় দেউতা।

 বৰকেৰাণী— বাৰু দেখোচোন, তেন্তে, (সমুখত বটুক দেখা পাই) এই ফালে আহা বাপাটি। আমি বৰ ভাল পাইছোঁ। তুমি এতিয়া বৰ মনোযোগেৰে পঢ়িব লাগে। তামোল খোৱানে? (বটুই নামাতি থাকে) বুজিছা আইটি, বাপাটিক তামোল খাবলৈ নিদিবা। তামোল খালে জিভা গেধেমা হয়। তেতিয়া আৰু ইংৰাজী পঢ়িব নোৱাৰি। তামোল আমাৰ চহা মানুহৰ বস্তু। চাহাব লোকে তামোল নাখায় নহয়; খালে সিহঁতে কথাকে কব নোৱাৰিব। মই কেতিয়াও চাহাবৰ আগলৈ তামোল খাই নাযাওঁ নহয়— গলে বৰ খং কৰে। এদিন তামোলেৰে মুখ ৰাঙলী হৈ আছিল, এনেতে চাহাবে মাতি পঠালে বোলে বৰ জৰুৰী। মই আকৌ যেনে আছিলোঁ তেনেই ওলালোঁগৈ। তাৰ আগ-পাচত দেখোন সি মোৰ মুখৰ ফালে নমতাকৈ গোৰোঙাটো দি এইদৰে চাই আছিল; পাচত কলে, ‘বাবু তুমি এতিয়াই মুখ ধুই আহিব লাগে।’ তেতিয়াহে মোৰ গাত চেতন আহিল। লৰালৰিকৈ ওলাই গৈ মুখ ধুলোঁ। তেতিয়া আহিলত চাহাবেনো কি কয় বোলে তামোলৰ চোবাবোৰৰ দৰে তামোল খোৱা মানুহৰ মূৰৰ ঘিবোৰ গোবৰ হৈ যায়। তামোল-পাণ ঘাঁহ আছে, গছৰ পাত আছে; ঘাঁহ, গছৰ পাত গৰু আৰু ছাগলীয়েহে খায়। সেইদিনাৰ পৰা মই আৰু কেতিয়াও তামোল খাই অফিচলৈ নাযাওঁ নহয়! আইটি, বাপাটিক তামোল খাবলৈ নিদিবা। পাৰিলে চাহাবলোকে খোৱা বোম্বাই চুৰট খোৱা ভাল। ইয়াত তাক ক’ত পাবা! আমাৰ সোণটিয়ে সেইবোৰ শিকিছে। সি বোম্বাই চুৰট একোটা যি দৰে খাব, দেখিলে তুমি ভাবিবা অপাৰ চাহাবটি! তাৰ লগত থাকি বাপাটিয়েও অলপ শিকিব পাৰিব।

 পেটু বাপু— দেউতা চুৰট যদি লগত আনিছে দুটামান আমাকো দিবচোন। ভাল বস্তু আমিও খাব পাওঁ।

 বৰকেৰাণী— কেলেই নাই অনা? হোৱাঁ (জেপৰ পৰা চুৰট থোৱা টেমাটো উলিয়াই তাৰে এটা দিয়ে) আকৌ যাবা, মোৰ ঘৰত আছে।

 পেটু বাপু— যাম দেউতা।

 বৰকেৰাণী— এতিয়া যাওঁ, আইটি। তেনেহলে সেইটোৱেই ঠিক হ’ল। ময়ে তাক চহৰত থৈ আহিম গৈ। ঘৰটো বেয়া হৈ আছে; মই বঙালী এটা পঠাই দিম, তাকে দেখুৱাই-শুনাই ভাল কৰি লবাচোন।

 

(৩)

 জানুৱাৰী মাহৰ ২ তাৰিখ। নগৰৰ চৰকাৰী স্কুলৰ দুৱাৰ মুখৰ আলিত নধৰবপু সোণেশ্বৰ বৰকেৰাণীয়ে ব্ৰীচ, পটীবন্ধা কোট, নেকটাই আৰু বাবুটুপীৰে সজ্জিত হৈ ইফালে-সিফালে তহলি আছে। পাচে পাচে বঙালী এটাই ঘোৰাটোৰ লাগামত ধৰি বৰকেৰাণীৰ পশ্চাদনুসৰণ কৰি বৰকেৰাণীৰ নবৰত্ব বজাই ৰাখিছে। আবেলি ৩ মান বাজিছে। হেড্‌মাষ্টাৰ মহোদয় স্কুলত নাই, বৰ চাহাবক দেখা কৰিবলৈ গৈছে এইদৰে কিছুপৰ তহলি থকাৰ পাচত হেড্‌মাষ্টাৰ মহোদয় আনফালৰ পৰা দুৱাৰ মুখ পালেহি। দুৱাৰ মুখৰ এই সজোৱা পুতলা সদৃশ দীঘলে প্ৰায় সমান পুৰুষটোক তেওঁ আগৰে পৰা ৰেখ কৰি আহিছিল। দুৱাৰ মুখ পায়েই কিন্তু নেদেখাৰ ভাও কৰি স্কুলৰ কম্পাউণ্ডৰ ভিতৰলৈ সোমাব খোজোঁতেই বৰকেৰাণী ডাঙৰীয়াই “Good morning, Sir” বুলি হেড্‌মাষ্টাৰ মহোদয়ৰ বাট আগচি ধৰিলে আৰু মঙহেৰে লোদোৰ-পোদোৰ হৈ থকা হাতখন আগ বঢ়াই দিলে। হেডমাষ্টাৰে নিজৰ হাতখন কোঁচাই নিলে আৰু সুধিলে— Well, who are you?

 বৰকেৰাণী— I am Sir, Barkerani of Langting Tea Estate. My name Srijut Soneswar Barpuzari, Esqr.

 হেড্‌মাষ্টাৰ— What do you want?

 বৰকেৰাণী— I have come to admission Sir.

 হেড্‌মাষ্টাৰ— What do you mean? You can’t be admitted.
 বৰকেৰাণী— No Sir. My guardian, my boy, my khul-salis boy Sir. Lower Primary scholarship.

 হেড্‌মাষ্টাৰে কথাটো কথমপি বুজিলে। তেওঁ তেতিয়া কলে বোলে তেওঁৰ “ৱাৰ্ড” টোৱে সেই সময়ত ভৰ্ত্তি হোৱাৰ অৰ্থে পৰীক্ষা দিব লাগে। তাক পেঞ্চিল আৰু কাকত দি লৈ আহিব লাগে, তেহে ভৰ্ত্তি হব পাৰে। কোৱা বাহুল্য যে বৰকেৰাণী ডাঙৰীয়াই যি প্ৰকাৰে হওক এই সংবাদ যোগাৰ কৰি বটু বাপুক কাকত-পেঞ্চিলেৰে সুশোভিত কৰি স্কুলৰ বাৰাণ্ডাত হাজিৰ ৰাখিছিল আৰু পৰীক্ষাও দিয়াইছিল। তেওঁ তাকে কলে, আৰু হেড্‌মাষ্টাৰে তেওঁক “Come in then” বুলি ভিতৰলৈ লৈ গ’ল।

 স্কুলৰ যিটো হল বা ডাঙৰ খোটালী তাতেই ভৰ্ত্তি লোৱাৰ কাৰবাৰ হৈছিল। দুজন ডেকা মাষ্টাৰে— মুখৰ ডাঢ়ি-গোঁফ চাই আৰু বুকু খোলা কোটলৈ চাই বুজিব পাৰি যে দুয়ো কলেজৰ পৰা নতুনকৈ ওলাই অহা গ্ৰেজুৱেট— ভৰ্ত্তি কৰিছে। এজনে নাম-ধাম আদি লিখিছে। ইজনে টকা লৈছে। হেড্‌মাষ্টাৰ মহোদয়ৰ প্ৰবেশ হোৱা মাত্ৰকতে আটাইবিলাক গিৰিসাই উঠিল। তেখেতৰ উপবেশন হোৱাত আটাইবিলাক বহিল। শ্ৰীযুক্ত সোণেশ্বৰ বৰপূজাৰী এছকোৱাৰেও সেই ছেগতে চেয়াৰ এখন লৈ বহিল। আন আন কিছুমান গাৰ্জেন থিয় দি আছিল; ভৰ্ত্তিও প্ৰায় শেষ হৈ গৈছে। সোণশ্বৰক বহা দেখি হেড্‌মাষ্টাৰ মহোদয়ৰ খং চুলিৰ আগ পালে প্ৰায়। তেওঁ কলে— Well, other guardians are standing, why did you occupy a chair, Garden-Babu?”

 সোণশ্বৰ— Sir, Sir, I— I—

 হেড্‌মাষ্টাৰ— Don’t mind. But you Garden-Babus ought to learn manners. You are so many brutes.

 সোণেশ্বৰ উঠিবলৈ খোজাত হেড্‌মাষ্টাৰে আকৌ তেওঁক বহিবলৈ কলে। ইবিলাক ল’ৰা ভৰ্ত্তি হোৱাৰ লগতে বটু বাপুও ভৰ্ত্তি হ’ল। সোণেশ্বৰ আৰু হেড্‌মাষ্টাৰ মহোদয় আটাইবিলাক যাবলৈ ওলাল। হলৰ বাৰাণ্ডা পোৱাত সোণেশ্বৰে কি বুলিনো হেড্‌মাষ্টাৰক খাতিৰ কৰিব একো ধৰিব নোৱাৰি, জেপৰ পৰা চুৰটৰ টেমাটো উলিয়াই তাকে তেওঁলৈ আগবঢ়াই কৈছে— “Wish a cigarette, Sir.” হেড্‌মাষ্টাৰে উত্তৰ দিলে,— “No”. সোণেশ্বৰ— “Very good cigarette, Sir. The Europeans smoke. American and London make cigarette, Sir. Not Japanese, or German make.

 হেড্‌মাষ্টাৰ— Damn your Japan and German, I don’t smoke, man.
 সোণেশ্বৰে আৰু এবাৰ এইদৰে বাধা পাই কি কৰিব একো বুজিব নোৱাৰি নিজৰ মুখতেই চুৰটটো দি দিয়াচলাইৰ কাঠী এটা মাৰিবলৈ সাজু হৈছে মাথোন, হেড্‌মাষ্টাৰে বজ্ৰগম্ভীৰ স্বৰেৰে কলে, “Don't smoke man. Don't you know this is a school and not a Tea Garden Kal Ghar?” আৰু অলপ নমা সুৰত “I have no patience with these foolish Cockscombs— these Dangariyas”— ওচৰেৰে যোৱা এজন শিক্ষকৰ কাণত।

 লাংটিং বাগিচাৰ বৰকেৰাণীয়ে— যাৰ নিজৰ বাগিচাত আৰু নিজৰ গাৱঁত— এনে অখণ্ড প্ৰতাপ— এনে লটি-ঘটি সহি বৰ মনস্তাপেৰে স্কুলৰ কম্পাউণ্ডৰ বাহিৰলৈ আহিল আৰু “Goodbye Sir” বুলি চেলাম এটা দি ভোঁ ভোঁ কৰি গুচি গ’ল। হেড্‌মাষ্টাৰ মহোদয়ে manners নজনা মানুহটোৰ চেলামটোও গ্ৰহণ নকৰিলে।

 

(৪)

 ইয়াৰ দুবছৰমানৰ পাচত। স্কুলৰ গৰমৰ বন্ধৰ দিন ওচৰ চাপিছে। সকলো ছাত্ৰই সপ্তাহ গণনা শেষ কৰি দিন গণনাত ধৰিছে। বৰকেৰাণীৰ বৰমইনাই কাগজ এখনত মাৰ্চ্চ মাহৰ আদিৰে পৰা বন্ধৰ আৰম্ভলৈ দিনবোৰ এটা এটাকৈ লিখি শোৱ চাঙৰ দাঁতিতে আঁৰি থৈছিল আৰু নিতৌ গধূলি শুবৰ সময়ত এটা এটাকৈ কাটি কাটি গৈছিল,— জানোবা এইদৰে অপমান কৰিলে বাকী দিনকেইটা কিছু সোনকালেই গুচি যায়। তেওঁৰ সেই কাকতত আৰু ৫/৭ টামান কাটিবলৈহে বাকী।

 এনেতে এটি আকস্মিক ঘটনাত বটু বাপুৰ অনেক দূৰ উন্নতি হৈ পৰিল। ইন্সপেক্টৰ চাহাবৰ অনুগ্ৰহত এটা খালি থকা অস্থায়ী মাষ্টাৰী কামত নতুনকৈ এজন বঙালী বি. এ. ভৰ্ত্তি হৈ বন্ধৰ ঠিক আগতে হাজিৰ হবৰ আদেশ পাইছে, যাতে তেখেতৰ বন্ধৰ তলবখিনি ইমান কষ্ট কৰি বা অনুগ্ৰহ কৰি অসমীয়াক শিক্ষা দিবলৈ অহাৰ পুৰস্কাৰ হয়। ইন্সপেক্টৰ আৰু হেড্‌মাষ্টাৰ চাৰিওফালে সেই মাষ্টাৰজনৰ প্ৰশংসা ৰতি ফুৰিছে যে তেওঁ এজন Ideal Teacher, ‘আদৰ্শ শিক্ষক’। গতিকে ‘আদৰ্শ শিক্ষকে’ Direct Methodৰ আদৰ্শ দিবলৈ বুলি আৰু শ্ৰেণীলৈ গৈ বটু বাপুৰ শ্ৰেণীত সেইদিনা হাজিৰা কৰিবলগীয়া হ’ল। বঙালী সভ্য মানুহ স্বভাৱতে অসভ্য অসমীয়া নাম তেওঁৰ মুখত নাহে— ‘ৰাতিৰামক ৰন্তিৰৌ’, ‘ভদ্ৰেশ্বৰক বদেৰচৰ’, ‘খগেন্দ্ৰক কগেন্দৰ’ ইত্যাদিকৈ ডাকি শেষত বটুকান্ত শৰ্ম্মাৰ নামটোক মাতিলে ‘বটকৃষ্ণ শৰ্ম্মা’। ছাঁত কৰে এই লেতেৰা পুৰণা নামটোৰ বদলি এনে সুন্দৰ বঙালী সভ্য-ভব্য নামটো হোৱাত বটু বাপুৰ আনন্দৰ সীমা নোহাৱা হ’ল। তেওঁ তেতিয়াই স্থিৰ কৰিলে যে তেওঁ বটকৃষ্ণ শৰ্ম্মাহে লিখিব। কোৱা অনাৱশ্যক যে তাৰ পাচৰ পৰা বটু বাপু বটকৃষ্ণ বাবু নামে প্ৰখ্যাত হৈ পৰিল। তেওঁৰ নিজ গাৱঁতো এই কথা ৰজনজনা হৈ গ’ল যে মাষ্টাৰসকলে পঢ়াত বিশেষ ভাল পাই বটু বাপুৰ আগৰকলীয়া কুন্ধচ নামটো গুচাই চাহাবৰ হতুৱাই তেওঁক এই নতুন বিতোপন নামটো দিছে। পঞ্জিকাত এই নামটো অৱশ্যে অনেকেই ছপা হোৱা দেখিছিল, অনেকে ভাবিলে বটু বাপুৰ নাম পঞ্জিকাতো ছপা হয়, অৱশ্যে সি কালত এটা পুৰুষ হব।

 

(৫)

 এইদৰে আৰু বছৰ দুই গ’ল। আহিল ইং ১৯২১ চন। তেতিয়া বটু বাপু আৰু বৰকেৰাণীৰ বাপু দুয়ো অষ্টম মান শ্ৰেণীত পঢ়ে। গান্ধী ৰাজাৰ আৰ্ত্তৰাৱে দেশ বিয়পি পৰিছে। উকীল-মোক্তাবে কাছাৰী নকৰে। ছাত্ৰই স্কুলত নপঢ়ে। চৰকাৰী বিষয়াই বিষয় নাখায়। দোকানীয়ে দোকান নিদিয়ে। চাৰিওফালে অহিংস অসহযোগ। পালে পালে মানুহ ফাটকত যায়। বাটে বাটে গান্ধী মহাৰাজাৰ জয় দি চেঙেৰা ছলিবিলাকে সমদল কৰে। পুলিচে ধৰি ধৰি কোবায়। গা ফাটি তেজ ওলায়। গান্ধীৰ জয় গোৱা আৰু বেছি হয়।

 বটু বাপুৰ স্কুলত Strike। গান্ধী ৰাজা নগৰক আহিছে। আজি পুৱা হাজাৰ হাজাৰ মানুহে তেওঁক ষ্টেশ্যনৰ পৰা বৰি আনিছে। দুপৰীয়া বাৰ বজাৰ পৰা মিটিং। হেড্‌মাষ্টাৰে ওপৰৰ পৰা হুকুম পাইছে, কোনো ছাত্ৰ বা মাষ্টাৰ মিটিঙক যাব নোৱাৰে। গতিকে ছাত্ৰবিলাকে মুঠ বান্ধি স্কুলক নগৈ মিটিং চাবলৈ গ’ল। তাৰ ভিতৰত বটু বাপু আৰু বৰকেৰাণীৰ ল’ৰাও।

 মিটিঙত চাৰিওফালে বৰ উত্তেজনা। ইফালে মানুহ সিফালে মানুহ। গান্ধী ৰাজা ঠিক এক বজাত মিটিঙলৈ আহিব। ৰাইজৰ মাজত এটা উৎসাহ, আনন্দ, উত্তেজনা আৰু ভয়ৰ অপূৰ্ব্ব মিহলি ভাব। ৰাইজ উগুল-থুগুল্। এনেতে পাৰিষদবৰ্গেৰে সৈতে গান্ধী ৰাজাক মিটিঙৰ থলৰ মূৰত দেখা গ’ল। বান্ধি থোৱা পখি গিৰিপ কৰি বান্ধ ভাঙি বিম্বাশবদে ওলাই পৰিল; ডাৱৰে গুম কৰি থোকা আকাশৰ পৰা ধুম-ধুম কৰি বৰষুণ পৰিল; নিশ্চল হৈ থকা প্ৰকৃতিত ধুমুহাৰ প্ৰচণ্ড ঢৌ উঠিল। মানুহৰ মাজতো তেনে হ’ল।

 কিছুমান চেঙেলীয়া ডেকাই মুৰত গান্ধী টুপী, গাত খদ্দৰৰ কুৰ্ত্তা পিন্ধি চাৰিওফালে লৰি ফুৰিছে। কাৰো একো কাম নাই। অথচ গাত চুৰ্ত্তিও নাই। পুলিচ কেইজনমান অলপ দূৰত আছিল। লৰি ফুৰোঁতে কিছুমান ল’ৰা গৈ তাহাঁতৰ মাজ সোমাল। কাৰবাৰ গাত পৰিল।...

 আৰু ক’ত ৰক্ষা! পুলিচে ল’ৰাহঁতক ধৰিলে। ধৰি থানালৈ লৈ গ’ল।
 তাৰ ভিতৰত বটু বাপু আৰু বৰকেৰাণীৰ পুত্ৰ।

* * * *

 গান্ধী ৰাজা আহিল, গ’ল। অহিংস অসহযোগ ঢিলা হ’ল। উকীল-মোক্তাৰে কাছাৰী ধৰিলে। বিষয়াই দুগুণ উৎসাহেৰে চৰকাৰী কাম কৰিলে। দোকানীয়ে আগতো কৰি ডাঙৰ কৰি দোকান দিলে। ওপৰৰ পৰা হকুম আহিল। যিবিলাক ছাত্ৰই স্কুল-কলেজ এৰিলে সিহঁতে “অনুতাপ কৰিলে”, আকৌ স্কুল-কলেজক আহিল।

 বৰকেৰাণীৰ ল’ৰাই বাপেকৰ বাগিচাতে তলৰ ফালৰ মহৰি হ’ল। কিন্তু বটু বাপুৰ স্কুললৈকো অহা নহল, পঢ়াও নহল আৰু কোনো কামো কপালত নিমিলিল।

 

(৬)

 এতেকে বটু বাপুয়ে বটকৃষ্ণ নামটোকে সাৰোগত কৰি ব্যৱসায় কৰিবলৈ মন মেলিলে।

 ব্যৱসায়ত লেঠা। মূলধন লাগে। ব্যৱসায়ৰ যে কিবা শিকিবলগীয়া আছে এনে কথা নহয়। বস্তুখিনি কিনি তাতে লাভ ধৰি তাকে বেচা অতি সাধাৰণ বুদ্ধিৰ কাম। কিন্তু মূলধন আহে ক’ৰ পৰা? এই চিন্তাই বটু বাপুক ব্যাকুল কৰিলে।
 এই সময়ত দেশী কাৰবাৰ কৰা, সূতা কটা, খদ্দৰৰ কাপোৰ বেচা, এনেবোৰ ব্যাপাৰৰ মহাধুম। বঙালী কাকতবোৰত নানা ৰকম বিজ্ঞাপন ছপা হয়। কোনোটো কাৰবাৰত ঘৰত বহি মাহেকত ডেৰ শ টকা আৰ্জিব পাৰি। কোনোটোত অলপ ইফাল-সিফাল কৰিলেই হাজাৰ টকা লাভ হয়। কোনোটোত এশ টকা খটালে অলপ দিনৰ ভিতৰতে লক্ষপতি হব পাৰি, ইত্যাদি।

 বটকৃষ্ণৰো এনে এটি কাৰবাৰত যোগ দিবৰ মন গ’ল। এখন বঙালী কাকতত এটা বিজ্ঞাপন ডাঙৰ ডাঙৰ আখেৰেৰে সদায় ওলায়। বটু বাপুয়ে ভাবে এই কাৰবাৰ কৰিলে ভাল লাভ হব পাৰে। শেষত কিবা প্ৰকাৰে মাকে সাঁচি থোৱা টকা দহোটা আনি তেওঁ সেই কাৰবাৰ কৰিবৰ মন কৰিলে।

 বিজ্ঞাপনটো এইঃ—

 মজাৰ কথা। বিশ্বাস কৰিবেন না। লাভবান না হইলেও খুশি হইবেন। যদি অল্প ব্যয়ে মজা লুটিতে চান তবে পত্ৰ লিখুন।

স্বদেশী প্ৰচাৰ
একশ দেশী চাদৰ
পাঁচ টাকা মাত্ৰ
ভিঃ পিঃ তে পাঠান হইবে।

 বটু বাপুৱে, বটকৃষ্ণ ভট্টাচাৰ্য্য, C. E. (Student Class Eight), বিজ্ঞাপনত দিয়া ঠিকনালৈ চিঠি দিলে যেন অৰ্ডাৰ পোৱা মাত্ৰে বিজ্ঞাপনত লেখা মতে মাল ভিঃ পিঃ ডাকত সৰবৰাহ কৰা হয়।

 চিঠি লেখি বটু বাপুৱে বেপাৰৰ হিচাপতে লাগিল। এক শ চাদৰ যদি খনত আঠ অনাকৈয়ে বেচে তেন্তে তেওঁৰ পঞ্চাশ টকা হব। খৰচ-পত্ৰ বাদে অন্ততঃ ৩৫৲ টকা লাভ হব। তেতিয়া তাৰে আৰু পাঁচ-ছয় শ চাদৰ আনি ওচৰতে থকা কেঁঞাৰ গোলাত দিলে তেওৰ দুই আঢ়ৈ শ টকাতো লাভ হব। তেতিয়া আৰু আন Business ৰ কথা ভাবিব পাৰি।

 কোন দিনা পাৰ্চেল আহে বটুৱে দিন গণে। এনেকৈ এদিনত এক সপ্তাহ কৰি আঠ দিনমান গ’ল। তাৰ পাচত এদিন ডাক ঘৰৰ পৰা পিয়নে খবৰ দিলে যে বটু বাপুৰ নামত এটা V.P. মাল আহিছে। খৰচ সকলো ৫৷৵০ অনা।

 শুনি বটু বাপুৰ উৎকণ্ঠাৰ শেষ নাই। এশ চাদৰৰ পাৰ্চেল ডাকত আনিব নোৱাৰি। ৰেলৰ ৰচিদখনহে ভিঃ পিঃ হৈ আহিল হবলা।

 বটু বাপুৱে টকা লৈ ডাক ঘৰলৈ গ’ল। তাৰ পৰা V.P. খামটো ললে। খামটোৰ ভিতৰত খহ খহ কৰে এইবোৰ কি? ডাকঘৰৰ পৰা বাহিৰলৈ আহিল। তাৰ পৰা ওলাল সুন্দৰকৈ ছপোৱা কাগজ এখন। তাত লেখা আছে—
 — “অৱশ্যে ঠকিলেন। কিন্তু নিশ্চয় সস্তাই অনেক আমোদ পাইলেন।”

 — আৰু কাগজৰ পৰা ওলাল কেইটামান চাহৰ দানা।

 বটু বাপুৱে প্ৰথমতে বিশ্বাসকে কৰিব নোৱাৰিছিল— কি হ’ল।

 বহুত পৰৰ পাচত তম্ভি উঠি— বিজ্ঞাপনৰ আচল অৰ্থ বুজিলে। গণি চাই দেখে— ঠিক এশটা চাহপাতৰ দানা পাঁচ টকাত V.P. হৈ আহিছে।

 
——সমাপ্ত ——