পৃষ্ঠা:পৰিদৰ্শন.djvu/১১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পৰিদৰ্শন
 

পটীবন্ধা কোট, নেকটাই আৰু বাবুটুপীৰে সজ্জিত হৈ ইফালে-সিফালে তহলি আছে। পাচে পাচে বঙালী এটাই ঘোৰাটোৰ লাগামত ধৰি বৰকেৰাণীৰ পশ্চাদনুসৰণ কৰি বৰকেৰাণীৰ নবৰত্ব বজাই ৰাখিছে। আবেলি ৩ মান বাজিছে। হেড্‌মাষ্টাৰ মহোদয় স্কুলত নাই, বৰ চাহাবক দেখা কৰিবলৈ গৈছে এইদৰে কিছুপৰ তহলি থকাৰ পাচত হেড্‌মাষ্টাৰ মহোদয় আনফালৰ পৰা দুৱাৰ মুখ পালেহি। দুৱাৰ মুখৰ এই সজোৱা পুতলা সদৃশ দীঘলে প্ৰায় সমান পুৰুষটোক তেওঁ আগৰে পৰা ৰেখ কৰি আহিছিল। দুৱাৰ মুখ পায়েই কিন্তু নেদেখাৰ ভাও কৰি স্কুলৰ কম্পাউণ্ডৰ ভিতৰলৈ সোমাব খোজোঁতেই বৰকেৰাণী ডাঙৰীয়াই “Good morning, Sir” বুলি হেড্‌মাষ্টাৰ মহোদয়ৰ বাট আগচি ধৰিলে আৰু মঙহেৰে লোদোৰ-পোদোৰ হৈ থকা হাতখন আগ বঢ়াই দিলে। হেডমাষ্টাৰে নিজৰ হাতখন কোঁচাই নিলে আৰু সুধিলে— Well, who are you?

 বৰকেৰাণী— I am Sir, Barkerani of Langting Tea Estate. My name Srijut Soneswar Barpuzari, Esqr.

 হেড্‌মাষ্টাৰ— What do you want?

 বৰকেৰাণী— I have come to admission Sir.

 হেড্‌মাষ্টাৰ— What do you mean? You can’t be admitted.


[১১২]