পৃষ্ঠা:পৰিদৰ্শন.djvu/১২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পৰিদৰ্শন

 এই সময়ত দেশী কাৰবাৰ কৰা, সূতা কটা, খদ্দৰৰ কাপোৰ বেচা, এনেবোৰ ব্যাপাৰৰ মহাধুম। বঙালী কাকতবোৰত নানা ৰকম বিজ্ঞাপন ছপা হয়। কোনোটো কাৰবাৰত ঘৰত বহি মাহেকত ডেৰ শ টকা আৰ্জিব পাৰি। কোনোটোত অলপ ইফাল-সিফাল কৰিলেই হাজাৰ টকা লাভ হয়। কোনোটোত এশ টকা খটালে অলপ দিনৰ ভিতৰতে লক্ষপতি হব পাৰি, ইত্যাদি।

 বটকৃষ্ণৰো এনে এটি কাৰবাৰত যোগ দিবৰ মন গ’ল। এখন বঙালী কাকতত এটা বিজ্ঞাপন ডাঙৰ ডাঙৰ আখেৰেৰে সদায় ওলায়। বটু বাপুয়ে ভাবে এই কাৰবাৰ কৰিলে ভাল লাভ হব পাৰে। শেষত কিবা প্ৰকাৰে মাকে সাঁচি থোৱা টকা দহোটা আনি তেওঁ সেই কাৰবাৰ কৰিবৰ মন কৰিলে।

 বিজ্ঞাপনটো এইঃ—

 মজাৰ কথা। বিশ্বাস কৰিবেন না। লাভবান না হইলেও খুশি হইবেন। যদি অল্প ব্যয়ে মজা লুটিতে চান তবে পত্ৰ লিখুন।

স্বদেশী প্ৰচাৰ
একশ দেশী চাদৰ
পাঁচ টাকা মাত্ৰ
ভিঃ পিঃ তে পাঠান হইবে।

 বটু বাপুৱে, বটকৃষ্ণ ভট্টাচাৰ্য্য, C. E. (Student Class

[১২০]