সমললৈ যাওক

পৃষ্ঠা:পৰিদৰ্শন.djvu/১২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পৰিদৰ্শন
 

সময়ত এটা এটাকৈ কাটি কাটি গৈছিল,— জানোবা এইদৰে অপমান কৰিলে বাকী দিনকেইটা কিছু সোনকালেই গুচি যায়। তেওঁৰ সেই কাকতত আৰু ৫/৭ টামান কাটিবলৈহে বাকী।

 এনেতে এটি আকস্মিক ঘটনাত বটু বাপুৰ অনেক দূৰ উন্নতি হৈ পৰিল। ইন্সপেক্টৰ চাহাবৰ অনুগ্ৰহত এটা খালি থকা অস্থায়ী মাষ্টাৰী কামত নতুনকৈ এজন বঙালী বি. এ. ভৰ্ত্তি হৈ বন্ধৰ ঠিক আগতে হাজিৰ হবৰ আদেশ পাইছে, যাতে তেখেতৰ বন্ধৰ তলবখিনি ইমান কষ্ট কৰি বা অনুগ্ৰহ কৰি অসমীয়াক শিক্ষা দিবলৈ অহাৰ পুৰস্কাৰ হয়। ইন্সপেক্টৰ আৰু হেড্‌মাষ্টাৰ চাৰিওফালে সেই মাষ্টাৰজনৰ প্ৰশংসা ৰতি ফুৰিছে যে তেওঁ এজন Ideal Teacher, ‘আদৰ্শ শিক্ষক’। গতিকে ‘আদৰ্শ শিক্ষকে’ Direct Methodৰ আদৰ্শ দিবলৈ বুলি আৰু শ্ৰেণীলৈ গৈ বটু বাপুৰ শ্ৰেণীত সেইদিনা হাজিৰা কৰিবলগীয়া হ’ল। বঙালী সভ্য মানুহ স্বভাৱতে অসভ্য অসমীয়া নাম তেওঁৰ মুখত নাহে— ‘ৰাতিৰামক ৰন্তিৰৌ’, ‘ভদ্ৰেশ্বৰক বদেৰচৰ’, ‘খগেন্দ্ৰক কগেন্দৰ’ ইত্যাদিকৈ ডাকি শেষত বটুকান্ত শৰ্ম্মাৰ নামটোক মাতিলে ‘বটকৃষ্ণ শৰ্ম্মা’। ছাঁত কৰে এই লেতেৰা পুৰণা নামটোৰ বদলি এনে সুন্দৰ বঙালী সভ্য-ভব্য নামটো হোৱাত বটু বাপুৰ আনন্দৰ সীমা

নোহাৱা হ’ল। তেওঁ তেতিয়াই স্থিৰ কৰিলে যে তেওঁ বটকৃষ্ণ

[১১৬]