পৃষ্ঠা:পৰিদৰ্শন.djvu/১১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পৰিদৰ্শন

বহিল। আন আন কিছুমান গাৰ্জেন থিয় দি আছিল; ভৰ্ত্তিও প্ৰায় শেষ হৈ গৈছে। সোণশ্বৰক বহা দেখি হেড্‌মাষ্টাৰ মহোদয়ৰ খং চুলিৰ আগ পালে প্ৰায়। তেওঁ কলে— Well, other guardians are standing, why did you occupy a chair, Garden-Babu?”

 সোণশ্বৰ— Sir, Sir, I— I—

 হেড্‌মাষ্টাৰ— Don’t mind. But you Garden-Babus ought to learn manners. You are so many brutes.

 সোণেশ্বৰ উঠিবলৈ খোজাত হেড্‌মাষ্টাৰে আকৌ তেওঁক বহিবলৈ কলে। ইবিলাক ল’ৰা ভৰ্ত্তি হোৱাৰ লগতে বটু বাপুও ভৰ্ত্তি হ’ল। সোণেশ্বৰ আৰু হেড্‌মাষ্টাৰ মহোদয় আটাইবিলাক যাবলৈ ওলাল। হলৰ বাৰাণ্ডা পোৱাত সোণেশ্বৰে কি বুলিনো হেড্‌মাষ্টাৰক খাতিৰ কৰিব একো ধৰিব নোৱাৰি, জেপৰ পৰা চুৰটৰ টেমাটো উলিয়াই তাকে তেওঁলৈ আগবঢ়াই কৈছে— “Wish a cigarette, Sir.” হেড্‌মাষ্টাৰে উত্তৰ দিলে,— “No”. সোণেশ্বৰ— “Very good cigarette, Sir. The Europeans smoke. American and London make cigarette, Sir. Not Japanese, or German make.

 হেড্‌মাষ্টাৰ— Damn your Japan and German, I don’t smoke, man.


[১১৪]