পৃষ্ঠা:পৰিদৰ্শন.djvu/১১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বটু বাপুৰ বৰ বেপাৰ
 

 সোণেশ্বৰে আৰু এবাৰ এইদৰে বাধা পাই কি কৰিব একো বুজিব নোৱাৰি নিজৰ মুখতেই চুৰটটো দি দিয়াচলাইৰ কাঠী এটা মাৰিবলৈ সাজু হৈছে মাথোন, হেড্‌মাষ্টাৰে বজ্ৰগম্ভীৰ স্বৰেৰে কলে, “Don't smoke man. Don't you know this is a school and not a Tea Garden Kal Ghar?” আৰু অলপ নমা সুৰত “I have no patience with these foolish Cockscombs— these Dangariyas”— ওচৰেৰে যোৱা এজন শিক্ষকৰ কাণত।

 লাংটিং বাগিচাৰ বৰকেৰাণীয়ে— যাৰ নিজৰ বাগিচাত আৰু নিজৰ গাৱঁত— এনে অখণ্ড প্ৰতাপ— এনে লটি-ঘটি সহি বৰ মনস্তাপেৰে স্কুলৰ কম্পাউণ্ডৰ বাহিৰলৈ আহিল আৰু “Goodbye Sir” বুলি চেলাম এটা দি ভোঁ ভোঁ কৰি গুচি গ’ল। হেড্‌মাষ্টাৰ মহোদয়ে manners নজনা মানুহটোৰ চেলামটোও গ্ৰহণ নকৰিলে।

 

(৪)

 ইয়াৰ দুবছৰমানৰ পাচত। স্কুলৰ গৰমৰ বন্ধৰ দিন ওচৰ চাপিছে। সকলো ছাত্ৰই সপ্তাহ গণনা শেষ কৰি দিন গণনাত ধৰিছে। বৰকেৰাণীৰ বৰমইনাই কাগজ এখনত মাৰ্চ্চ মাহৰ আদিৰে পৰা বন্ধৰ আৰম্ভলৈ দিনবোৰ এটা এটাকৈ লিখি

শোৱ চাঙৰ দাঁতিতে আঁৰি থৈছিল আৰু নিতৌ গধূলি শুবৰ

[১১৫]